পৃষ্ঠা:দেউৰী পাৰা ভাৰি গান.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ডুম-ডুমনিৰ বিলত মাছ মৰা আৰু বিলত মাছ মৰাৰ বাবদ খাজনা উঠোৱা চৰকাৰী বিষয় ববীয়া সকলক ভাওঁনাত প্ৰদৰ্শন কৰোৱাইছে।

 ভাৰি গানত দিশা আৰু পদবোৰ গাই গাই গীত-নৃত্য আগবঢ়াই লৈ যোৱা হয়। পদবোৰত মুখা প্ৰদৰ্শন কৰাবলগীয়া হলে আৰু সংলাপবোৰ শুনাব লগীয়া হলে মূল (ওজা) জনে গানৰ স্বৰা টানি শুনায়। যেনে—

ৰাৱণ বলে শুন কেতু আমাৰ বচন।
শীঘ্ৰে কৰি সাজাই আন ৰত্ন সিংহাসন॥

এনেদৰে দিশা-পদ বোৰৰ যোগেদি আগবঢ়াই নিয়া হয়।

সীতাপুৰী নাটকৰ জন্ম কাহিনী

 দেউৰী পাৰা ভাৰি গানৰ কথা কলে মোৰ বিজনী ৰাণী অভয়েশ্বৰীৰ জীৱনৰ কথা মনলৈ আহে। সীতা আৰু ৰাম চন্দ্ৰকলৈ যেনেকৈ ৰামায়ণ ৰচনা কৰিলে; এই ৰামায়ণৰ কাহিনী নাটত চিন্তাশীল শিল্পী গৰাকীয়ে ভাৰি গানৰ ভাওঁনাত ৰাণী অভয়েশ্বৰীৰ জীৱনৰ লগত মিল খোৱা গীত ৰচনা কৰিব নেপাহৰিলে। ৰাণী অভয়েশ্বৰীৰ জীৱনী উল্লেখ কৰিলে লিখনী দিঘলীয়া হ'ব বুলিয়ে ইয়াত উল্লেখ কৰিব কৰিব পৰা নগল যদিও পুথিখনৰ শেষত সন্নিবিষ্ট কৰি দিয়া হ'ল৷ ৰাণী অভয়েশ্বৰী ৰাভা সম্প্ৰদায়ৰ লোক আছিল। ৰজা কুমুদ নাৰায়ণ অভয়েশ্বৰীক বিয়া কৰোৱাকে আদি কৰি ৰজা কুমুদ নাৰায়ণৰ মৃত্যুৰ পিছত যি লুটি লাঞ্চনাত ভগি মৃত্যু বৰণ কৰিব লগীয়া হ'ল-সেই ঘটনাৰাজিয়ে সীতা দেৱীৰ লেখিয়া। ৰাণী হৈ সুখৰ সংসাৰ ভোগ কৰিব নোৱাৰীলে। কেতুৱাৰ গীতত বৰ বাঙালাৰ কথা উল্লেখ আছে। বৰ বাঙালাই প্ৰসাদকে বুজাইছে। তামোলৰ ডাব আৰু নাৰিকলৰ ডাব গছৰ

দেউৰীপাৰা ভাৰি গান-( ১১ )