গণ-বিপ্লৱ

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[ বেটুপাত ]

গণ-বিপ্লৱ
(বুৰঞ্জীমূলক উপন্যাস)

 

দণ্ডিনাথ কলিতা-ৰচিত।
তেজপুৰ।

 

১৮৭০ শক
(ইং ১৯৪৮)

 

মূল্য ১৷৶৹ অনা।

[ প্ৰকাশন ]

 

প্ৰকাশক -
শ্ৰীদণ্ডিনাথ কলিতা।
হিৰণ্যৰঞ্জন গ্ৰন্থকুটী
লম্বোদৰ বৰা ৰোড,
তেজপুৰ!

 

৬৩ নং বিডন ষ্ট্ৰীট,
এলেম প্ৰেছত
শ্ৰীদেৱপ্ৰসাদ মিত্ৰৰ দ্বাৰা
ছপা হ'ল।

[ উছৰ্গা ]

উচৰ্গা।
৺হিৰণ্যৰঞ্জন কলিতাৰ স্মৃতিত।

বাপু,

 তই অকল মোৰ পুত্ৰই নাছিলি; তই আছিলি মোৰ ভাব- চিন্তা, আশা-আকাঙ্ক্ষা কল্পনা কি আদৰ্শৰ মূৰ্ত্ত বিকাশ, বয়সৰ বাহিৰে আন সকলো বিষয়তে মোৰেই প্ৰতিচ্ছবি। মোৰ অপূৰ্ণ আয়োজন সম্পূৰ্ণ কৰি নতুন দেশ, নতুন সমাজ গঠনৰ সঙ্কল্প লৈ তই দৃঢ় কণ্ঠে ঘোষণা কৰিছিলি :—

“আমি
ভেদৰ প্ৰাচীৰ ভাঙি,
সভ্যতাৰ মথিম সাগৰ,
অমৃতেৰে ঢৌৱাম জগৎ।”
“অবিচাৰ, অত্যাচাৰ মোহাৰি পেলাই
ৰচিম সুন্দৰ আমি নতুন সমাজ।
আমি
নিৰক্ষৰ হাজাৰ প্ৰাণত
ঢালি দিম শিক্ষাৰ পোহৰ।”
“সমাজৰ নিম্নতম স্তৰত বাগৰি
পশুনে মানুহ তাৰ চিন হেৰুৱাই
কটায় যিবোৰে কাল,
হওঁ আমি সিহঁতৰ লগৰীয়া।

[ উছৰ্গা ]

শিক্ষাৰ পোহৰ
এছাটি পেলাই দিওঁ
সিহঁতৰ আন্ধাৰ হিয়াত;
শিক্ষা দিওঁ সিহঁতো মানুহ।”

 কিন্তু তোৰ সঙ্কল্প সঙ্কল্পতেই ৰ’ল। “আসাম ট্ৰেন্চ্পোৰ্টৰ” যমদূতে তোক বিজুলী-সঞ্চাৰে লৈ গ’ল; মোৰ আদৰ্শৰ সমাধি ঘটিল।

 আজি তই ক’ত আছ ক’ব নোৱাৰোঁ। ইয়াকে মাত্ৰ জানো যে তোৰ দৰে সদানন্দ, সত্যনিষ্ঠ, পবিত্ৰ আত্মাৰ ঠাই নিশ্চয় কোনোবা আনন্দ-লোকত, য’ত অহৰহ শান্তিৰ মলয়া বয়। স্পনদন- বিহীন প্ৰাণত মোৰ ইমানেই মাত্ৰ সান্ত্বনা।

 এদিন মোৰ জীৱনৰ অভিজ্ঞতা, আদৰ্শকে আদি কৰি যথাসৰ্ব্বস্ব তোৰ হাতত অৰ্পণ কৰিছিলোঁ। আজি তোক দিব পৰা বস্তু মোৰ একো নাই। এই “গণ-বিপ্লৱ” ৰচনা কৰিবলৈ পুৰণি কাকত-পত্ৰ, বুৰঞ্জী, বংশাৱলী আদি সংগ্ৰহ কৰি সকলো তথ্য তয়ে জুকিয়াই দিছিলি। সেই স্মৃতিকে মনত লৈ আজি এই উপন্যাসখন চকু-লোৰে ধুই তোৰ তৃপ্তিৰ অৰ্থে উচৰ্গা কৰিলোঁ।


তেজপুৰ।
২৪ চ’ত ১৮৬৯ শক।
তোৰ হৃতসৰ্ব্বস্ব
দেউতাৰ।

[ পাতনি ]

পাতনি।

 “গণ-বিপ্লৱ” যদিও বুৰঞ্জীৰ ভেটিত প্ৰতিষ্ঠিত, তথাপি ই বুৰঞ্জী নহয়, উপন্যাস হে। বুৰঞ্জীৰ অন্তৰ্নিহিত সংঘৰ্ষৰ প্ৰকৃত স্বৰূপ প্ৰকাশ কৰিবলৈ ইয়াত চেষ্টা কৰা হৈছে।

 এই পুথিৰ লাগতিয়াল সঁজুলি মিঃ গেইটৰ “হিষ্টৰি অৱ আসাম,” ৺পদ্মনাথ গোহাঞি বৰুৱাৰ “অসমৰ বুৰঞ্জী” আৰু “শ্ৰীশ্ৰীঅনিৰুদ্ধ- দেৱৰ চৰিত্ৰ আৰু মায়ামৰা সত্ৰৰ গোঁসাই সকলৰ বংশাৱলীৰ” পৰা গোটোৱা হৈছে। এইবোৰৰ বাহিৰেও মাজে মাজে কাকতে পত্ৰই ওলোৱা কোনো কোনো লেখকৰ প্ৰবন্ধৰ পৰাও দুই এটা কথা সংগ্ৰহ কৰা হৈছে। সেই বাবে সেই সকলোলৈকে শলাগৰ শৰাই আগবঢ়ালোঁ।

 এই পুথিত গণ-বিপ্লৱৰ যি পৰিণাম দেখা গৈছে তাতেই ঘটনাৰ অন্ত হোৱা নাই। ইয়াৰ পিচতেই নতুন বিপ্লৱৰ সূচনা আৰু তাৰ বিপৰীত পৰিণতি। সেই সম্পৰ্কে লাগতিয়াল সঁজুলি গোটাবলৈ সময় আৰু সুবিধা পালে ইয়াৰ পৰিশিষ্টস্বৰূপে আৰু এখন উপন্যাস প্ৰকাশ কৰিবৰ মন আছে। অৱশ্যে সি ভবিষ্যতৰ গৰ্ভত।


তেজপুৰ।
১৯ কাতি, ১৮৬৯ শক।
বিনীত—
গ্ৰন্থকাৰ।

[  ]

গণ-বিপ্লৱ।
প্ৰথম অধ্যায়।
আগ কথা।

 চুকাফাই সৌমাৰ অধিকাৰ কৰাৰ কিছু কালৰ পিচতে বঙ্গদেশৰ শান্তিপুৰৰ পৰা কেইজনমান ডেকা আৰু আদহীয়া বামুণ পৰশুৰাম- কুণ্ড দৰ্শন কৰিবলৈ আহিছিল। তেতিয়াৰ দিনত ৰেল-জাহাজৰ কথাই নাই, ভাল বাট-পথো নাছিল। তথাপি তেওঁলোকে মৰসাহ কৰি বাটকুৰি বাই আহিবলৈ ধৰিলে, আৰু গধূলিৰ অতিথি সাক্ষাৎ দামোদৰ বুলি নিজে নাখায়ো অতিথিক খুওৱা অসমীয়াৰ সহৃদয়তাৰ সাহায্য লৈ বহুত দিনৰ মূৰত অভীষ্ট ঠাইত উপস্থিত হল। কুণ্ডত স্নান কৰি তেওঁলোক আকৌ আগৰ দৰেই য’তে ৰাতি হয় ত'তে আলহী থাকি উলটিবলৈ ধৰিলে। এনেকৈ কিছুদিন অহাৰ পাচত তেওঁলোক এখন ঠাইত উপস্থিত হ'ল। সেই ঠাইত আগেয়ে বামুণ নাছিল; সেই দেখি তাৰ অধিবাসীসকলে তেওঁলোকক তাতে থাকিবলৈ অনুৰোধ জনালে আৰু ঘৰ-দুৱাৰ আদি সাজি দিবলৈকো গাত ল'লে। তীৰ্থযাত্ৰী বাপুসকল ইমান দিন বাটকুৰি বাই ভাগৰি পৰিছিল। অসমৰ অৱস্থা, মাটি-পানী, খোৱা বস্তুৰ প্ৰাচুৰ্য্য আৰু অসমীয়াৰ আদৰ-সাদৰে এফালে তেওঁলোকক অসমলৈ টানিছিল আৰু আন ফালে দুৰ্গম বাটে দি নিজ দেশলৈ উলটি যোৱাৰ কষ্টৰ ভাবনাই ভয়ো খুৱাইছিল। এতিয়া সকলো ফালৰ পৰা সুবিধা [  ] দেখি তেওঁলোকে তাতে বসতি কৰাৰেই সিদ্ধান্ত কৰিলে। সেই মতেই তেওঁলোক তাতে ৰ'ল আৰু তাতেই তেওঁলোকৰ বিয়া-বাৰুও হ'ল। তেওঁলোকে যদিও ৰীতিমতে বামুণীয়া আচাৰ-ব্যৱহাৰ মানি চলিছিল, তথাপি বিভিন্ন জাতিৰ লগত বৈবাহিক সম্বন্ধ ঘটাত আৰু কিছুমান নিয়ম-প্ৰণালী অসমীয়া বামুণৰ লগত নিমিলাত অসমীয়া বামুণে তেওঁলোকক নীহ বুলি ভাবিছিল।

 এই বাপুসকলৰ বংশধৰ সকল মাতে-কথাই অসমীয়া হৈ পৰিল, কিন্তু তেওঁলোকৰ পিতৃপুৰুষ সকলৰ অনুষ্ঠিত ধৰ্ম্ম-কৰ্ম্মৰ প্ৰভাব বঙ্গলুৱা সাঁচেৰেই ৰৈ গ'ল। তেওঁলোকে বঙ্গদেশত প্ৰচলিত পূজা-পাটল আদি তেওঁলোকৰ অঞ্চলত যিমান পাৰে চলাবলৈ চেষ্টা কৰিবলৈ ধৰিলে। যদিও তেওঁলোক দেখাত অসমীয়া হৈ পৰিল, তথাপি “হা বঙ্গ” “হা বঙ্গ” কৈ হুমুনিয়াহ কাঢ়িবলৈ নেৰিলে। তাৰ পৰাই সেই ঠাইডোখৰৰ নাম হাবং হৈ পিচত হাবং হয় আৰু তাৰ লোকসকলে হাবুঙীয়া নাম পায়।

 ইয়াত থিতাপি হোৱাৰ পাচত কোনো কোনো সময়ত তেওঁলোকৰ দুই-এজন বঙ্গদেশলৈকো গৈছিল আৰু তেওঁলোকৰ সম্বন্ধীয়া লোকৰ আচাৰ-ব্যৱহাৰৰ লগত যোগাযোেগ ৰক্ষা কৰিছিল।

 এনেকৈয়ে বহুত বছৰ পাৰ হ’ল। এতিয়া তেওঁলোকৰ পৰিয়াল আৰু লোকসংখ্যাও বহুত বাঢ়িল। এনেতে ত্যাওখাম্‌থি স্বৰ্গদেৱৰ এগৰাকী নিৰ্ব্বাসিতা সগৰ্ভা কুঁৱৰীয়ে এওঁলোকৰে এঘৰত আশ্ৰয় ল'ব লগাত পৰে। বামুণৰ ঘৰতে কুৱঁৰীৰ এটি পুত্ৰ-সন্তান জন্মিল আৰু বামুণেই তেওঁক লালন-পালন কৰিবলৈ ধৰিলে।

 ইফালে স্বৰ্গদেৱৰ মৃত্যুত আহোম-ৰাজ-সিংহাসন শূন্য হয়; [  ] পাটত বহিবলৈ ৰাজ-বংশত উপযুক্ত কোৱঁৰ নথকাত বিষয়াসকলেই ৰাজ্য চলাব লগাত পৰে। ইয়াৰ ভিতৰতে ডাঙৰীয়া আৰু বিষয়াসকলে সেই সগৰ্ভা কুৱঁৰী কলৈ গ'ল তাৰ সম্ভেদ বিচাৰিবলৈ ধৰিলে। বহুত দিন বিচৰাৰ পাচত এজন চোৰাং-চোৱাই মাক- পুতেক দুয়োকে বামুণৰ ঘৰত দেখা পালে আৰু সকলো কথা ভাঙি-পাতি কৈ তেওঁলোকক ৰাজধানীলৈ আনিব খুজিলে। তেওঁলোক কিন্তু বামুণৰ ঘৰৰ পৰা আহিবলৈ সম্মত নহ’ল। কোৱঁৰৰ বয়স তেতিয়া নিচেই কম; তেওঁক ৰাজপাটৰ লোভে বামুণৰ লগ এৰুৱাব নোৱাৰিলে। আন উপায় নেদেখি বিষয়াসকলে পৰামৰ্শ কৰি মাক-পুতেকৰ লগতে বামুণকো সপৰিয়ালে ৰজাৰ হাউলীলৈ তুলি অনাৰ সিদ্ধান্ত কৰিলে। সেই মতেই কাম হ'ল আৰু কোৱঁৰক সিংহাসনত বহুওৱা হ'ল। এই কোৱঁৰেই আহোম স্বৰ্গদেৱ চুডাংফা বা বামুণী কোৱঁৰ।

 এতিয়ালৈকে আহোম ৰজাসকলৰ মাজত তেওঁলোকৰ নিজ ধৰ্ম্ম চলি আছিল আৰু দেওধাই, বাইলুঙৰ কথা মতে সকলো ধৰ্ম্ম কাৰ্য্য হৈছিল। চুডাংফা ৰজা হোৱাৰ পৰা তাৰ পৰিবৰ্ত্তন ঘটিল। বামুণৰ ঘৰত থাকি ৰাজমাও বামুণীয়া নীতি-নিয়মমতে পূৰাকৈ চলিছিল; তাতে আকৌ বামুণেই হ’ল ৰজাৰ অভিভাবক! আৰু কোনে পায়! ৰজাৰ টোলৰ ভিতৰতে বামুণীয়া নীতিৰে পূজা-পাটল চলিবলৈ ধৰিলে। মুঠতে তেতিয়াৰে পৰা আহোম ৰজাসকলৰ ধৰ্ম্ম কাৰ্য্য আহোম আৰু হিন্দু দুয়োমতে চলা হ'ল।

 তেতিয়াৰে পৰা সেই বামুণৰ বংশধৰসকলে পুৰুষানুক্ৰমে তেওঁলোকৰ পূজা-সেৱাৰ প্ৰতি স্বৰ্গদেৱসকলৰ আসক্তি বঢ়াবলৈ [  ] আহোপুৰুষাৰ্থ কৰিবলৈ ধৰিলে তাৰু বহুপৰিমাণে কৃতকাৰ্য্যও হ'ল। তাৰ ফলতেই নানা ঠাইত দৌল-দেৱালয় হ’বলৈ ধৰিলে আৰু বহুতো বামুণে বহ্মোত্তৰ নিষ্পিখেৰাজ আদি জমিদাৰী লাভ কৰিলে।

 বাপুসকলে তেওঁলোকৰ স্বাৰ্থসিদ্ধিৰ নানা উপায় উদ্ভাবন কৰি যাবলৈ ধৰিলে আৰু সেই মতেই ৰজাঘৰীয়া অনুগ্ৰহো ক্ৰমশঃ বাঢ়ি গ'ল। কিন্তু তেওঁলোকৰ এই চেষ্টাত বাধা জন্মালে মহাপুৰুষ শঙ্কৰদেৱৰ আবিৰ্ভাবে। মহাপুৰুষে পূজা-পাটল বাদ দি অকল হৰিনামকে মাথোন সাৰোগত কৰি ঈশ্বৰ উপাসনাৰ পদ্ধতি উলিওৱাত তাৰু ব্ৰাহ্মণ-শূদ্ৰ-নিৰ্ব্বিশেষে সকলো এক শৰণ ধৰ্ম্মলৈ ঢাল লোৱাত ওপৰত কোৱা বাপুসকলৰ চকুত টোপনি নোহোৱা হ'ল। তেওঁলোকে বহুতো বামুণক ফুচুলাই তেওঁলোকৰ দললৈ নি শঙ্কৰদেৱৰ বিৰুদ্ধে চুচেন্‌ফা স্বৰ্গদেৱৰ ওচৰত গোচৰ দিলে। কিন্তু তেওঁলোকৰ উদ্দেশ্য সফল নহ’ল, বিচাৰত শঙ্কৰদেৱৰ জয় হ'ল।

 এই বাপুসকল অকল ধৰ্ম্মমতৰ কাৰণে শঙ্কৰদেৱৰ বিৰুদ্ধে লগা নাছিল। তেওঁলোকৰ আচল লক্ষ্য আছিল ধৰ্ম্মৰ নামত জমিদাৰী কৰা। শঙ্কৰদেৱৰ ধৰ্ম্ম চলি গ'লে যে তেওঁলোকৰ জীবিকাত হাত পৰিব আৰু শূদ্ৰক আগৰ দৰে গোলামৰ নিচিনাকৈ চলাব নোৱাৰিব এয়ে আছিল তেওঁলোকৰ অচল ভয়। সেই কাৰণে বিচাৰত হাৰিও তেওঁলোকে আওপকীয়া চেষ্টা এৰা নাছিল।

 চুখাম্‌ফা স্বৰ্গদেৱৰ দিনত তেওঁৰ ভায়েক চুগাম কোৱঁৰ কোচবেহাৰত আহোম ৰজাৰ প্ৰতিভূ স্বৰূপে থাকিব লগা হৈছিল। তেওঁ তাত থাকোঁতে দুৰ্গাপূজা দেখা পাইছিল আৰু লগৰীয়া আমোদ[  ] উৎসৱবিলাক দেখি মুগ্ধ হৈছিল। তেওঁ ঘূৰি অহাৰ পাচত সেই উৎসৱৰ কথা ৰজাক জনালে। উৎসৱৰ লোভনীয় বৰ্ণনা শুনি গড়- গাৱঁতো তেনে উৎসৱ পাতিবলৈ ৰজাই মন মেলিলে।

 উৎসৱ পালিত হল। আয়োজনৰ ভাৰ ওপৰত কোৱা বাপু সকলৰ ওপৰতেই পৰিল। ৰাজকীয় খৰচত তেওঁলোকে বঙ্গদেশৰ পৰা কাৰিকৰ, পুৰোহিত আদি আনি বৰ জাকজমককৈ উৎসৱ সমাধা কৰিলে।

 দুৰ্গোৎসৱ যদিও পতা হ'ল, তথাপি সি উৎসৱতেই ৰ'ল; ধৰ্ম্মৰ লগত তাৰ কোনো সম্পৰ্ক নাছিল। বাপুসকলে তাক ৰাজধৰ্ম্মত পৰিণত কৰিবলৈ উঠি-পৰি লাগিছিল, কিন্তু নোৱাৰিলে। ৰজা সম্মত নহ'ল। তথাপি তেওঁলোকে পুৰুষানুক্ৰমে তেওঁলোকৰ চেষ্টা চলাই থাকিল৷

 যেতিয়া লৰা ৰজাৰ ভয়ত ভেশ ছন কৰি গদাধৰ সিংহ পলাই ফুৰিছিল, তেতিয়া ৰাজদ্ৰোহী বুলি কোনো গোসাঁই-মহন্তই তেওঁক আশ্ৰয় নিদিছিল, বৰং পালে ধৰি দিবলৈহে শিচ-ভকতসকলক আদেশ দিছিল। একমাত্ৰ জখলাবন্ধাৰ গোসায়ে তেনে কৰা নাছিল। সেইবাবে গোসাঁই-মহন্ত সকলৰ ওপৰত গদাধৰৰ পেটে পেটে খং আছিল আৰু সুবিধা পালে তাৰ পোটক তুলিবলৈ মনতে পাঙি থৈছিল। গদাধৰ ৰজা হোৱাৰ পাচত তেওঁৰ মনৰ ভাবৰ গম পাই বাপুসকলে মহন্তসকলৰ বিৰুদ্ধে নানা কথা লগাবলৈ ধৰিলে। গোসাঁই-মহন্তসকলৰ শিষ্যৰ ওপৰত কেনে অপৰিসীম ক্ষমতা, তেওঁলোক লগ লাগিলে কেনেকৈ ৰাজশক্তিকো নগণ্য কৰি তুলিব পাৰে তাক ৰজাৰ মনত লাগি যোৱাকৈ তেওঁলোকে বৰ্ণনা কৰিলে। [  ] লগতে ইয়াকো দেখুৱালে যে এই গুৰুসকলে মদ-মাংস এৰিবলৈ বাধ্য কৰি মানুহবিলাকক নিশকতীয়া কৰি পেলাইছে। এনেকৈ চলি থাকিবৰ হ'লে বিদেশী শত্ৰুৰ লগত যুঁজ কৰিব পৰা মানুহ দেশত নোহোৱা হ'ব। বৈষ্ণৱ ধৰ্ম্ম অকামিলা মানুহৰ ধৰ্ম্ম, তাক গুচাই দেবীপূজা প্ৰবৰ্ত্তন কৰা উচিত। সেয়ে হলে মানুহৰো বল- শক্তি বাঢ়িব আৰু ৰণুৱাৰো অভাব নহয়। গদাধৰ বলী পুৰুষ, মদ- মাংস তেওঁৰ প্ৰধান আহাৰ, সেই কাৰণে বাপুসকলৰ কথা যে ঠিক তাত তেওঁৰ সন্দেহ নাথাকিল। আগৰ খঙৰ লগতে এতিয়া এইটো কাৰণো লগ লগাত তেওঁ তেতিয়াই বৈষ্ণৱ-নিৰ্য্যাতন আৰম্ভ কৰিলে। প্ৰথমতে কিছুমান মহন্তক টোকোলাই; চেউনীবছা আদি ঠাইলৈ আনি কামত লগালে, কিছুমানক নামৰূপলৈ নিৰ্বাসিত কৰি তাতে বধ কৰিলে। আউনি-আটীৰ বাপু কেশৱদেৱ পলাই গৈ চিংফৌ পৰ্ব্বতত সোমাল; দক্ষিণপটীয়া ৰাম বাপুক ধৰি আনি নাক কাটিলে আৰু চকু কাঢ়িলে। ভকতসকলকে শুদাই নেৰিলে; —কিছুমানৰ কাণ, কিছুমানৰ নাক আৰু কিছুমানৰ হাত-ভৰি কাটিলে; কিছুমানক জীয়াই জীয়াই তেলত ভাজিলে; কিছুমানৰ ওভোতাই ছাল চেলি য়ালে। যিসকলক জীয়াই ৰাখিলে তেওঁলোকক কুকুৰা, গাহৰি আৰু গৰুৰ মঙহ কটিয়াই খুৱালে। এই অত্যাচাৰৰ পৰা ৰক্ষা পালে একমাত্ৰ জখলাবন্ধাৰ গোসাঁই আৰু তেওঁৰ ভকতসকলে। এনেকৈ বৈষ্ণব-নিৰ্য্যাতনৰ লগে লগে ব্ৰাহ্মণসকলৰ উপদেশমতে শাক্ত- ধৰ্ম প্ৰচাৰৰ নিমিত্তেও গদাধৰে কিছু পৰিমাণে শক্তি নিয়োগ কৰিছিল আৰু কোনো কোনো ব্ৰাহ্মণক দেৱোত্তৰ মাটিও দান কৰিছিল। ৰজাৰ এইবোৰ কাৰ্য্যত বৈষ্ণববিদ্বেষী ব্ৰাহ্মণসকলৰ হিয়া আনন্দেৰে [  ] উপচি পৰিছিল। কিন্তু তেওঁলোকৰ বাহিৰে আন সকলো ম্ৰিয়মাণ হৈছিল।

 গদাধৰসিংহৰ তিৰোধানৰ পিচত ৰজা হ’ল ৰুদ্ৰসিংহ। এজন সৰ্ব্বগুণী ৰজা আছিল। পিতৃৰ অন্যায় কাৰ্য্য সুৱঁৰি এওঁ বৰ দুখিত হ'ল আৰু অনাই-বনাই ফুৰা মহন্তসকলক নিৰ্ভয় দি পুনৰায় পূৰ্ব্বৱতে স্থাপন কৰিলে। অকল সেয়ে নহয়, তেওঁ নিজে আউনিআটীৰ অধিকাৰত শৰণ ল’লে। ব্ৰাহ্মণসকলে কোনোমতে ইয়াত াধা দিব নোৱাৰিলে, কিন্তু তেওঁলোকৰ অনুৰোধত ৰুদ্ৰসিংহই এটা নিয়ম কৰিলে যে কোনো বামুণে শূদ্ৰ গুৰুক সেৱা কৰিব নোৱাৰে। এই আদেশ পাই বহুতো বামুণ দোৱাশৰণীয়া হ'বলৈ বাধ্য হ'ল।

 বাপুসকলে আকৌ এটা নতুন ফন্দি উলিয়ালে। তেওঁলোকে জাক বুজাবলৈ ধৰিলে যে গুৰুৱেই হওক বা ভকতেই হওক, অসমত াস কৰা সকলোৱেই স্বৰ্গদেৱৰ প্ৰজা। ৰজা হৈ প্ৰজাৰ ওচৰত ৰণ ল'লে মান নাথাকে। সেই কাৰণে স্বৰ্গদেৱে অসমৰ বাহিৰৰ পৰা উপযুক্ত গুৰু আনি শৰণ লোৱা উচিত; তেতিয়াহে তেওঁৰ মান- ৰ্য্যাদা ৰক্ষা পৰিব। স্বৰ্গদেৱে প্ৰথমতে তেওঁলোকৰ কথাত কাণ নদিছিল, কিন্তু এওঁলোকৰ চেষ্টাত যেতিয়া আন আন বামুণৰ পৰাও সই আপত্তি উঠিল, তেতিয়া তেওঁ বাপুসকলৰ প্ৰস্তাবত সম্মত হ'ল ৰু তেওঁলোককেই এজন উপযুক্ত গুৰু বিচাৰি আনিবলৈ ভাৰ দলে

 ওপৰত কোৱা হৈছে যে অসমত থকা এই বঙালী বামুণৰ বংশধৰসকল মাজে-সময়ে তেওঁলোকৰ উপৰি পুৰুষৰ ঠাই শান্তিপুৰলৈ অহা-যাৱা কৰি আছিল। এতিয়াও তেওঁলোক গুৰু বিচাৰি শান্তি[  ] পুৰলৈকে গ'ল আৰু কৃষ্ণৰাম ভট্টাচাৰ্য নামে এজন শক্তি-সাধকক লৈ আহিল।

 সাধক আহি ৰংপুৰ পালে। কিন্তু ইয়াৰ ভিতৰতে স্বৰ্গদেৱৰ মতৰ পৰিবৰ্ত্তন ঘটিল; তেওঁ আগৰ গুৰু এৰি নতুন গুৰু ল'বলৈ অনিচ্ছা প্ৰকাশ কৰিনে। বাপুসকলে নানাপ্ৰকাৰে বুজায়ো তেওঁৰ মত লৰাব নোৱাৰিলে। ৰজাই ভট্টাচাৰ্যক অনাহকতে কষ্ট দিয়াৰ বাবে দুখ প্ৰকাশ কৰি তেওঁক তুষ্ট কৰিবলৈ যথেষ্ট ধন ৰত্ন উপহাৰ দিলে আৰু নিৰ্ব্বিঘ্নে থৈ আহিবলৈ লোক-লস্কৰ লগত দিলে। ভট্টাচাৰ্য্য উলটি গ'ল।

 ভট্টাচাৰ্য্য উলটি যোৱাৰ দুই এদিন পিচতেই অসমত এটা ডাঙৰ ভূমিকম্প হয়। আগে-পিচে ইমান ডাঙৰ ভূইকঁপ হোৱাৰ কথা কোনেও ক'ব নোৱাৰে। ৰজাই ইয়াৰ কাৰণ বুজিবলৈ দৈবজ্ঞক মাতিলে। কোৱা বাহুল্য যে বাপুসকলৰ দলত কেইজনমান প্ৰসিদ্ধ দৈবজ্ঞৰো ভিতৰি যোগ আছিল। তেওঁলোকে ৰজাৰ ওচৰলৈ অহাৰ আগতে বাপুসকলৰ লগত পৰামৰ্শ কৰি কি ব্যাখ্যা দিব তাক স্থিৰ কৰি লৈছিল।

 দৈবজ্ঞ আহিল আৰু ৰজাৰ আদেশমতে গণনা কৰিবলৈ ধৰিলে। নানাভাবে বহুত বেলি গণনা কৰি দৈবজ্ঞই ক'লে,—“স্বৰ্গদেৱ! শান্তিপুৰীয়া ভট্টাচাৰ্যক গুৰু ল'ম বুলি মতাই নি কথা নৰখাত তেওঁ কুপিত হৈছে আৰু সেই বাবেই এই অমঙ্গল ঘটিছে। ইমানতে তেওঁক সন্তুষ্ট নকৰিলে দেশ উছন যোৱাৰ ভয় আছে।”

 দৈবজ্ঞৰ কথাত ৰজাই ভয় খালে আৰু তেতিয়াই ভট্টাচাৰ্য্যক ওলোটাই আনিবলৈ মানুহ পঠিয়ালে।

[  ]  ভট্টাচাৰ্য্য উলটি আহিল। স্বৰ্গদেৱে ক'লে,—“যদিও মই নিজে শৰ নলওঁ, তথাপি মোৰ আৰু ডাঙৰীয়াসকলৰ লৰাহঁতে শৰণ ল’ব পাৰে।”

 ৰজাৰ আদেশ পাই ৰাজকুমাৰ শিৱসিংহ, প্ৰমত্তসিংহ আৰু ৰাজেশ্বৰে কৃষ্ণৰামক গুৰু ল'লে; বহুতো বিষয়াৰ লৰায়ো তেওঁ- লোকক অনুসৰণ কৰিলে। কৃষ্ণৰামৰ আগমনৰ পৰাই শ্ৰীশঙ্কৰদেৱৰ একশৰণ ধৰ্ম্মত ব্যভিচাৰ সোমাই আহিবলৈ ধৰিলে। যদিও কৃষ্ণৰামৰ নিজৰ কোনো দুৰভিসন্ধি নাছিল আৰু তেওঁৰ ধৰ্ম্মত বিশ্বাস থকা মানুহক হে ধৰ্ম্ম দিব খুজিছিল তথাপি বাপুসকলৰ ষড়যন্ত্ৰত সি ৰাজ- নৈতিক আন্দোলনত পৰিণত হৈ পৰিল। তেওঁলোকে সম্পূৰ্ণৰূপে নোৱাৰিলেও ৰুদ্ৰ সিংহক বাৰুকৈয়ে হাত কৰি লৈছিল আৰু বামুণৰ নিমত্তে বিস্তৰ সুবিধা আদায় কৰিছিল। এই কৃষ্ণৰামৰ প্ৰতিষ্ঠাই অসমত শাক্ত আৰু বৈষ্ণৱৰ ধৰ্মযুদ্ধৰ সূচনা।

⸻০⸻

[ ১০ ]
 

দ্বিতীয় অধ্যায়।
ফুলেশ্বৰী কুৱঁৰী।

 ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ চাৰি গৰাকী কুৱঁৰীৰ পৰা পাঁচজন পুত্ৰৰ জন্ম হয়। জ্যেষ্ঠানুক্ৰমে তেওঁলোক শিৱসিংহ, প্ৰমত্তসিংহ, মোহন- মালা, ৰাজেশ্বৰসিংহ আৰু লক্ষ্মীসিংহ। তেওঁলোকৰ ভিতৰত লক্ষ্মী সিংহক স্বৰ্গদেৱে নিজৰ পুত্ৰ বুলি স্বীকাৰ নকৰিছিল।

 শিৱসিংহ জ্যেষ্ঠপুত্ৰ হোৱাত স্বৰ্গদেৱ ৰুদ্ৰসিংহই তেওঁকেই যুৱৰাজ পাতিলে। শিৱসিংহ সৰুৰে পৰা বৰ বিলাস-প্ৰিয় আহিল; 'ৰাজ কাৰ্য্য়ত মনোযোগ দিয়াতকৈ আমোদ-প্ৰমোদত দিন কটাবলৈ তেওঁৰ বেচি ধাউতি আছিল।

 সেই সময়ত কালুগাৱঁৰ চিনাতলীত ফুলমতী নামে এজনী নাচনী নটৰ ছোৱালী আছিল। তেওঁৰ নাচ যেয়ে দেখিছিল সেয়ে মুগ্ধ হৈছিল। অকল নাচ-গানতেইহে যে তেঁও পাকৈত আছিল এনে নহয়, ৰূপতো সফলো ছোৱালীকে চেৰ পেলাইছিল। এওঁৰ খ্যাতি আগতে উল্লেখ কৰা বাপুসকলৰ কাণত পৰিল আৰু তেওঁলোকে নিজে চাই-চিতি চকু-কাণৰ খৰিয়াল ভাঙিলে। তেওঁ- লোকৰ ধাৰণা হ’ল, যদি এই ফুলমতীক হাত কৰি ল'ব পৰা যায়, তেন্তে বিলাসী যুৱৰাজ শিৱসিংহক জালত পেলাবলৈ সুযোগ মিলিব [ ১১ ] আৰু ৰুদ্ৰসিংহ স্বৰ্গী হ'লে এওঁৰ যোগে দিয়েই শিৱসিংহৰ হতুৱাই তেওঁলোকৰ অভীষ্ট সিদ্ধি কৰাব পাৰিব। সেই মতেই তেওঁলোক ফুলমতীৰ ওচৰ চাপিল আৰু নানা প্ৰলোভন দেখুৱাই হাত কৰি ল'লে।

 এদিন শিৱসিংহক লগত লৈ বাপুসকলৰ মুখিয়াল বিশ্বদেৱ কালুগাৱঁৰ দেৱালয়লৈ গ'ল। তাত পূজা-সেৱা কৰি নাচ চোৱাৰ ব্যৱস্থা কৰিলে। আয়োজন হ'ল; নাচনী ফুলমতী। ফুলমতী সুন্দৰী, গোটেই দেহত লাবণ্য ফুটি উঠিছে। মুখৰ গঢ়, চকুৰ চাৱন, ওঠৰ হাঁহি, খোজৰ ভঙ্গী সকলোতে সৌন্দৰ্য্যৰ সমাবেশ। বিচিত্ৰ সাজ-পাৰেৰে সুসজ্জিতা হৈ তেওঁ নাচ-গান আৰম্ভ কৰিলে। কি মধুৰ তেওঁৰ কণ্ঠস্বৰ! কি বিতোপন তেওঁৰ গ্ৰীবা-ভঙ্গী! গীতৰ তালে তালে নৃত্যৰ কি মধুৰ সমাবেশ! কৰ-চৰণৰ কি লীলায়িত গতি! বিক্ষিপ্ত কুন্তলৰ কি মনোহৰ তৰঙ্গ! বিবিধ অঙ্গ-সঞ্চালনত কি মধুৰ মাদকতা! শিৱসিংহ তন্ময় হ'ল; নিজৰ অস্তিত্ব, পদমৰ্য্যাদা সকলো পাহৰি গ'ল। তেতিয়াই ফুলমতীক তেওঁৰ সঙ্গিনী কৰিবলৈ উন্মাদৰ দৰে হ'ল। কিন্তু পত্নীৰূপে সঙ্গিনী কৰা সহজ কথা নহয়, স্বৰ্গদেৱে এনে বিবাহ কেতিয়াও সমৰ্থন নকৰে। অৱশ্যে লিগিৰী কৰি অনাত কোনো বাধা নাই। বিশ্বদেৱে ভবিষ্যতত ৰাণী হোৱাৰ আশা দেখুৱাই ফুলমতীৰ পিতাকক এই বিষয়ে আগতে সম্মত কৰাইছিল। সেই মতেই ফুলমতীক শিৱসিংহৰ হাত-ধৰী লিগিৰীৰূপে কাৰেঙলৈ অনা হ’ল। শিৱসিংহ ফুলমতীৰ ৰূপ আৰু নাচত এনেকৈ মজি গৈছিল যে তেওঁক নেদেখাকৈ এক্ষন্তেকো থাকিব নোৱৰা হৈছিল।

 নিজ দেশত সম্পূৰ্ণৰূপে শান্ত তাক শৃঙ্খলা প্ৰবৰ্ত্তন কৰি স্বৰ্গদেৱ [ ১২ ] ৰুদ্ৰসিংহই এই সময়তে বঙ্গদেশ অধিকাৰ কৰিবলৈ মন মেলিলে। কৰতোয়া নেলৈকে সীমা বঢ়াই প্ৰাচীন কামৰূপ গোটেইখন তেওঁৰ শাসনৰ তললৈ নাই তেওঁৰ অভিপ্ৰায় আছিল। তেওঁ বিপুল আয়োজন কৰি নিজৰ নেতৃত্বত এটা বিৰাট বাহিনী লৈ ৰংপুৰৰ পৰা যাত্ৰা কৰিলে। শিৱসিংহও লগত যাব লগা হৈ হৈছিল। তেওঁ ফুলমতীক এৰি যাব নোৱাৰি লগতে লৈ গৈছিল।

 অভিযান গৈ গুৱাহাটী পাওঁতেই স্বৰ্গদেৱ ৰুদ্ৰসিংহ নৰিয়া পৰিল। তেতিয়া তেওঁ তাতে চাউনি পাতি ৰ'ল : চিকিৎসাও নিয়মমতে চলিবলৈ ধৰিলে। কিন্তু একোৱেই গুণ নিদিলে; কিছু দিন নৰিয়া পাটীত পৰি থাকি তেওঁ চিৰদিনৰ নিমিত্তে চকু মুদিলে। বঙ্গ অধিকাৰৰ সপোন সপোন হৈয়েই থাকিল।

 স্বৰ্গদেৱৰ লোকান্তৰৰ পাচত অভিযান আগ নবঢ়াই ওলোটাই অনাটোকে পাত্ৰ-মন্ত্ৰীসকলে স্থিৰ কৰিলে। আৰু সেই মতেই যাত্ৰাৰ ক্ষণ স্থিৰ কৰি সকলো উলটিবলৈ সাজু হ'ল। এনেতে জনা গ'ল যে ফুলমতীৰ গা ভাল নহয়, তেওঁ যাত্ৰা কৰিবলৈ অক্ষম। ফুলমতীক এৰি আহিবলৈ শিৱসিংহ সম্মত নহ'ল। বিষয়াসকলে শিৱসিংহক জনালে যে ৰাজ্য বেচি দিন অৰাজক কৰি ৰখা উচিত নহয়, তেওঁ অবিলম্বে ৰাজধানীলৈ গৈ ৰাজ্যভাৰ গ্ৰহণ কৰিব লাগে। ফুলমতীৰ চিকিৎসাৰ সুব্যৱস্থা কৰি তেওঁ এতিয়া ওলাওক, নৰিয়া ভাল হ'লেই তেওঁক নিয়াৰ ব্যৱস্থা কৰা হ'ব। কিন্তু কোনো যুক্তিয়েই শিৱসিংহক ফুলমতীৰ ওচৰৰ পৰা লৰাব নোৱাৰিলে। অগত্যা ফুলমতীৰ বিয়া ভাল নোহোৱালৈকে সকলোৱেই গুৱাহাটীতে অপেক্ষা কৰিব লগাত পৰিল। [ ১৩ ]  কেইদিনমানৰ পাচত ফুলমতী ভাল হ’ল আৰু শিৱসিংহও ৰংপুৰলৈ উলটিল। তাৰ পাচত অভিষেকৰ যথাযোগ্য আয়োজন কৰি শুভক্ষণত তেওঁ সিংহাসন আৰোহণ কৰিলে।

 ৰজা হৈয়েই শিৱসিংহই ফুলমতী লিগিৰীক মহাসমাৰোহেৰে বিয়া কৰাই পাটৰাণী পাতিলে। যদিও ডাঙৰীয়া আৰু বিষয়াসকলৰ সৰহ ভাগেই এই বিয়াত সন্তোষ পোৱা নাছিল, তথাপি বিশ্বদেৱ আদি বাপুসকলৰ মুখত হাঁহি বিৰিঙিল।

 এই ফুলমতী নাচনীয়েই বৰঞ্জী বিখ্যাত ফলেশ্বৰী কৱঁৰী[ ১৪ ]
 

তৃতীয় অধ্যায়।
ছত্ৰভঙ্গ যোগ।

 স্বৰ্গদেৱ শিৱসিংহ কৃষ্ণৰামৰ শিষ্য আছিল। তেওঁ গুৰুক বৰকৈ ভক্তি কৰিছিল আৰু তেওঁক সন্তুষ্ট কৰিবলৈ সদায় চেষ্টা কৰিছিল। সেই বাবেই উজনি-নামনি দুয়ো ঠাইতে তেওঁক বিস্তৰ মাটি আৰু কামাখ্যা পৰ্ব্বত থাকিবলৈ ঘৰ-দুৱাৰ সাজি দিছিল। এই সূত্ৰতে তেওঁৰ নাম হ'ল পৰ্ব্বতীয়া গোসাঁই।

 পৰ্ব্বতীয়া গোসাঁই অহাৰে পৰা অসমৰ আভ্যন্তৰীণ নীতি-নিয়মৰ বহুত পৰিবৰ্ত্তন ঘটিল। ৰজাৰ আৰ্হি লৈ নাইবা ৰজাক ভালাৰ বোলাবলৈ বহুতো বামুণ আৰু বিষয়াই আগৰ বৈষ্ণৱ গুৰু এৰি পৰ্ব্বতীয়া গোসাইত শৰণ লৈ শক্তিপূজাত ধৰিলে আৰু তাৰ বাবে বিস্তৰ ৰাজ অনুগ্ৰহো লাভ কৰিলে। আন কি, কোনো কোনো বামুণীয়া বৈষ্ণৱ সত্ৰতো বৈষ্ণৱ ধৰ্ম্মৰ লগতে শক্তি মন্থৰ দীক্ষা মিহলাই এক মিশ্ৰ ধৰ্ম্মৰ সৃষ্টি কৰা হ'ল। তেতিয়াও শূদ্ৰ মহন্তসকল অবিচলিত আছিল; তেওঁলোকে নিজৰ ধৰ্ম্মত ব্যাভিচাৰ সুমাব নুখুজিলে।

 বৈষ্ণৱবিদ্বেষী ব্ৰাহ্মণসকলৰ নেতা বিশ্বদেৱক শিৱসিংহই শ্ৰদ্ধা কৰিছিল; কিয়নো তেওঁ চেষ্টা নকৰা হ'লে তেওঁ ফুলেশ্বৰীক লাভ কৰিব নোৱাৰিলেহেতেন। সেই কাৰণেই ৰজা আৰু ৰাণীৰ ওচৰলৈ [ ১৫ ] তেওঁৰ গতি অবাধ আছিল। তেওঁৰ উপদেশমতেই এতিয়া স্বৰ্গদেৱে ঘোষণা কৰিলে যে যিবিলাক সত্ৰত মূৰ্ত্তি ৰাখি বামুণৰ হতুৱাই পূজা- সেৱা চলাব, সেইবোৰ সত্ৰক যথেষ্ট পৰিমাণে নিষ্পিখেৰাজ মাটি দিয়া হ’ব আৰু সেই সত্ৰৰ গৰাকী সকলৰ মানো বঢ়োৱা হ'ব।

 ধন-মানৰ লোভ বৰ ডাঙৰ লোভ। এই লোভ এৰিব পৰা লোকৰ সংখ্যা বিৰল। এই ঘোষণাৰ ফলত বহুতো মহন্তই নিজ নিজ সত্ৰৰ মণিকুটত একোটা বিগ্ৰহ ৰাখি একোজন পূজাৰী বাপুৰ ভৰণ-পোষণৰ ভাৰ ল'লে আৰু নিজেও ৰজাৰ অনুগ্ৰহ লাভ কৰিলে। দুখীয়া মহন্তসকলেও ডাঙৰক দেখি নিজৰ সত্ৰত মূৰ্ত্তিৰ ব্যৱস্থা কৰিলে; কিন্তু তেওঁলোকৰ জাত হে গ'ল, পেট নভৰিল; তেওঁলোকৰ ভাগ্য়ত ৰজাৰ অনুগ্ৰহ নিমিলিল। এইবোৰ প্ৰলোভনে টলাব নোৱাৰিলে একমাত্ৰ মায়ামৰীয়া মহন্ত চতুৰ্ভুজক।

 যদিও এনেকৈয়ে সত্ৰবিলাকত মূৰ্ত্তি সোমাল, তথাপি বিষ্ণুৰ বাহিৰে আন দেৱতাৰ মূৰ্ত্তিয়ে তাত ঠাই নাপালে। সেই কাৰণে মহন্তসকলৰ ধৰ্ম্মমত আগতে যেনে আছিল প্ৰায় তেনেই থাকিল। অৱশ্যে বামুণীয়া প্ৰভাবত পৰি নিয়ম-কাৰণ বহুতো লৰিল। আগেয়ে গুৰুসকল আছিল ধৰ্ম্মৰ ধৰণী, শিষ্যৰ লগত সম্পৰ্ক আছিল পিতা-পুত্ৰৰ, সকলো ভকত আছিল সমান। এতিয়া বামুণৰ প্ৰাধান্য ৰক্ষা কৰিব লগা হোৱাত, আন ভকতৰো জাত-বিচাৰ কৰি সৰু-বৰ কৰিব লগা হ’ল; গুৰু-শিষ্যৰ সম্পৰ্কও ৰজা-প্ৰজাৰ সম্পৰ্কলৈ পৰিবৰ্ত্তিত হ'ল। এই সময়ৰ পৰাই কোনো কোনো ব্ৰাহ্মণ গুৰুৱে তেওঁলোকৰ একশৰণ বৈষ্ণৱ ধৰ্ম্মত নানা দেৱ-দেবীৰ পূজালৈ ঠাই , উলিয়াই হোজা শিষ্য-সকলক ভুৱা দিবলৈ ধৰিলে। কোনো [ ১৬ ] কোনোৱে মহাপুৰুষৰ ধৰ্ম্মমতৰ বিকৃত ব্যাখ্যাও উলিয়ালে। মুঠতে মহাপুৰুষ শঙ্কৰদেৱৰ সাম্যবাদত বৈষম্যৰ বীজাণু এই কালতেই প্ৰবেশ কৰিলে।

 এইবোৰ ব্যৱস্থাৰ উপৰিও শিৱসিংহই বামুণৰ প্ৰবৰ্ত্তনৰ নিমিত্তে নানা ঠাইত দেৱালয় স্থাপন কৰিলে, দেৱোত্তৰ আৰু ব্ৰহ্মোত্তৰ মাটি দান কৰিলে; পূজা পাটল চলাবলৈ পাৰ্য্য়মানে যত্ন কৰিলে। কিন্তু বিশ্বদেৱ আৰু তেওঁৰ দল ইমানতো সন্তুষ্ট নহ'ল। তেওঁলোকে গোটেই দেশত শক্তিৰ উপাসনা চলাবলৈ ৰজাক নানা প্ৰকাৰে, বুজাবলৈ ধৰিলে, কিন্তু বাধ্যতামূলক ভাবে তেনে কৰিবলৈ শিৱসিংহ সম্মত নহ'ল। তেনে কৰিলে যে ৰাজ্যত বিপ্লৱ উপস্থিত হ'ব তাক তেওঁ বুজিছিল।

 বিশ্বদেৱ আৰু তেওঁৰ দলৰ লোকসকলে নানা উপায় অৱলম্বন কৰিও, আন কি ফুলেশ্বৰৰ হতুৱাই কোৱায়ো শিৱসিংহক দেখ- দেখিকৈ বৈষ্ণৱ-পীড়নত লগাব নোৱাৰিলে। তেওঁলোক কিন্তু হতাশ নহ'ল, নতুন কৌশল উদ্ভাৱন কৰিবৰ মনেৰে দৈবজ্ঞৰ ওচৰ চাপিল।

 ইয়াৰ কিছুদিনৰ পাচত বিশ্বদেৱৰ উপদেশমতে শিৱসিংহই তেওঁৰ দশাটো চোৱাব খুজিলে। সেই মতেই বঙ্গদেশৰ পৰা অলপ দিনৰ আগতে অহা তান্ত্ৰিক জ্যোতিষী আগমানন্দ জ্যোতিৰ্ভূষণক নিমন্ত্ৰণ কৰা হল। ৰজাৰ আহ্বানত জ্যোতিৰ্ভূষণ ৰাজ চ’ৰাত উপস্থিত হ'ল। ৰজাই কলে, — “তোমাৰ গণনাৰ সুখ্যাতি বাপু- সকলৰ মুখত শুনিছোঁ; সেই দেখি ময়ো তোমাৰ হতুৱাই মোৰ দশাটো চোৱাব খুজিছোঁ। ঠিকমতে চাব পৰিবা নহয়?”

 জ্যোতিৰ্ভষণে ক'লে—স্বৰ্গদেৱ, মই বৰ কথা নকওঁ; তথাপি [ ১৭ ] এইটো ক'ব পাৰোঁ যে মা কালীৰ কৃপাত আজিলৈকে মোৰ গণনাত কেতিয়াও ভুল হোৱা নাই। জ্যোতিষ শাস্ত্ৰতকৈ ডাঙৰ শাস্ত্ৰ নাই। ই যি ক'ব, সি কেতিয়াও মিছা হ'ব নোৱাৰে।

 শিৱ। —ময়ো বাপুসকলৰ মুখে তেনেকৈয়ে শুনিছোঁ; সেইহে তোমাক মতাইছোঁ। বাৰু, এতিয়া গণনা আৰম্ভ কৰাঁ।

 জ্যোতিৰ্ভূষণে ৰজাৰ সোৱঁৰণীখন চাই গণিবলৈ ধৰিলে। ফলি এখন লৈ তাত বহুতো আঁকবাক কৰি বিবিধ শ্লোক মাতিলে। ৰজাৰ হাতখন চাই বাং-বিংকৈ কিবাকিবি গালে। তাৰ পাচত মুখখন বিকটাই পেলালে।

 ৰজাই সুধিলে—“পিছে কেনে দেখিলা?”

 জ্যোতি।—স্বৰ্গদেৱ, এটা কথা কওঁ। মানুহৰ কপালত ভালো থাকে, বেয়াও থাকে। ভালটো নাজানিলেও হানি নহয়, কিন্তু বেয়াটো জনাৰ পৰা লাভ আছে। কিয়নো তেতিয়া আগলৈ সাৱধান হ’ব পাৰি, আৰু কিবা প্ৰতীকাৰ থাকিলে তাকো কৰিব পাৰি। কিন্তু কিছুমান মানুহ আছে তেওঁলোকে এই কথা গমি নাচায়; বেয়াটো শুনিলেই ধৈৰ্য্য় হেৰুৱায়, আৰু গণকৰ ওপৰত অসন্তুষ্ট হয়।

 শিৱ।—তুমি ভয় নকৰিবা, গণনাত যি পাইছা তাকে হুবহু কৈ যোৱাঁ।

 জ্যোতি।—মুঠতে স্বৰ্গদেৱৰ সকলো ভাল। মুঠেই—।

 শিৱ।— মই বুজিছোঁ কিবা এটা ডাঙৰ বেয়া আছে। তাকে কবলৈ তুমি শঙ্কা কৰিছা। [ ১৮ ]  জ্যোতি।—হয় স্বৰ্গদেৱ। স্বৰ্গদেৱে অভয় নিদিলে তেনে কথা কবলৈ সাহ নজন্মে।

 শিৱ।—সঙ্কোচ নকৰিবা; মই অভয় দিছোঁ।

 জ্যোতি।—স্বৰ্গদেৱে যেতিয়া দোষ নধৰোঁ বুলিছে, কওঁ। মই গণনাত পালোঁ স্বৰ্গদেৱৰ গুৰু ভাল নহয়, তাতে আকৌ শনিৰ দৃষ্টি পৰিছে। এইবাৰ স্বৰ্গদেৱৰ ছত্ৰভঙ্গ যোগ।

 শিৱ।– তাৰ পৰা কি হয়?

 জ্যোতি।—স্বৰ্গদেৱ ৰজা ভাগিব লাগে।

 জ্যোতিৰ্ভূষণৰ কথা শুনি ৰজা বিমৰ্ষ হ’ল; জ্যোতিষীক কলে,—“আকৌ এবাৰ ভালকৈ গণি চোৱাঁচোন।”

 জ্যোতিৰ্ভূষণে আকৌ পূৰ্ব্বৰ দৰেই গণনা কৰিলে। পাচত আকৌ এবাৰ চালে। তাৰ পাচত ক'লে,—“স্বৰ্গদেৱ, গণনাত ভুল হোৱা নাই। মোৰ গণনাত ভুল হ'ব নোৱাৰে। আগেয়ে যি কৈছোঁ সেয়ে হ’ব।”

 শিৱ।—তাক খণ্ডাবৰ উপায় নাই নে?

 জ্যোতি।—নাই। আপোনাৰ ছত্ৰভঙ্গ হবই। অৱশ্যে তাৰ আনুষঙ্গিক বিপদৰ হাত সাৰিবৰ উপায় আছে।

 শিৱ।—কি উপায়?

 জ্যোতি।—দেৱতা আৰু ব্ৰাহ্মণৰ সন্তোষতে দেশৰ মঙ্গল'- মঙ্গল নিৰ্ভৰ কৰে। স্বৰ্গদেৱে দেৱালয়বিলাকত পূজা-পাটল দিয়াওক, ষোড়শোপচাৰে নবগ্ৰহৰ পূজা কৰাওক, বামুণক মাটি-বৃত্তি ধন সোণ দান কৰক। তেনে কৰিলেই অন্যান্য

অমঙ্গল আঁতৰ হ’ব কিন্তু ছত্ৰভঙ্গৰ প্ৰতীকাৰ নহয়।

[ ১৯ ]  শিৱ।—তেন্তে সিংহাসন ৰাখিবৰ উপায় নাই?

 জ্যোতি।—পোনপটিয়ে নাই; আওপাকে দি আছে।

 শিৱ।—মই বুজা নাই।

 জ্যোতি।– আপুনি সিংহাসনত থাকিলে তাৰ পৰা নামিবই লাগিব। তেতিয়া কোন তাৰ গৰাকী হয় ঠিক নাই। এতিয়া আপুনি যদি সেই সময়লৈ বাট নাচাই আগতে নিজে সিংহাসন এৰি আপোনাৰ কোনোবা অতি আপোন জনক বহুৱায়, তেন্তে জ্যোতিষৰ বচনো সত্য হ’ব, ৰাজ্যও প্ৰকাৰান্তৰে আপোনাৰেই থাকিব।

 শিৱ।–তেনে আপোন জন কোন হব! যাক সিংহাসন দিওঁ তেৱেঁই যদি আপোন গুচি পৰ হয়?

 অলপ ভাবি দৈৱজ্ঞই ক'লে—“যি কেতিয়াও পৰ হ'ব নোৱাৰে তেনে জনক বহুৱাওক।”

 শিৱ।—তেনে জন যে ওলাব মোৰ বিশ্বাস নহয়।

 জ্যোতি।—ওলাব। স্বৰ্গদেৱে আঁতৰলৈ চকু দিছে, ওচৰলৈ মনকে কৰা নাই।

 শিৱ।—তাৰ মানে?

 জ্যোতি।–তাৰ মানে –আপুনি যদি আই-কুৱঁৰীক পাটত বহুৱায়, তেন্তে তেওঁ কেতিয়াও পৰ নহয়। তেতিয়াও আপোনাৰ সিংহাসন আপোনাৰেই থাকিব।

 দৈবজ্ঞৰ কথা ৰজাৰ মনোমত হ'ল আৰু তেওঁক আশাতীত ৰূপে পাৰিতোষিক দি বিদায় দিলে। তাৰ পাচত ৰজাই পাত্ৰ[ ২০ ] মন্ত্ৰীসকলৰ লগত পৰামৰ্শ কৰি সোনকালে সিংহাসন এৰাৰ সিদ্ধান্ত কৰিলে।

 দৈবজ্ঞৰ হতুৱাই ভাল দিন-বাৰ চোৱাই শিৱসিংহই ফুলেশ্বৰীক সিংহাসন এৰি দিলে। মহান উৎসৱ পাতি ফুলেশ্বৰী পাটত বহিল। পাটত বহি ফুলেশ্বৰী হ'ল বৰ ৰজা আৰু সিংহাসন এৰি শিৱসিংহ হ'ল ভিতৰ-শুৱনি সৰু ৰজা বা বহি ৰজা।

[ ২১ ]

চতুৰ্থ অধ্যায়।
পূজাৰ আয়োজন।

 ৰজা হৈও শিৱসিংহই আগৰ দৰেই আমোদ-প্ৰমোদতে কাল কটাইছিল; ৰাজ্য চলোৱাৰ দায়িত্ব আছিল পাত্ৰ মন্ত্ৰীসকলৰ ওপৰত। সেই কাৰণে এই নতুন ব্যৱস্থাক তেওঁ দুৰ্ভাগ্য বুলি নাভাবি সৌভাগ্য বুলিয়েই বিবেচনা কৰিলে। এই ব্যৱস্থাত ৰজাৰ সুখ-সুবিধা, আমোদ-প্ৰমোদ, ভোগ- বিলাস ষোল অনাই তেওঁৰ থাকিল, অথচ ৰাজ্য চলোৱাৰ নিচিনা গধুৰ বোজ এটা তেওঁৰ কান্ধৰ পৰা নামিল।

 বৰ ৰজা হৈ ফুলেশ্বৰীয়ে শাসন-কাৰ্য্যলৈ চকু দিলে, আৰু ৰাজ্যৰ মঙ্গলজনক কোনো কোনো কামত শক্তি নিয়োগ কৰিবলৈ আগ বাঢ়িল। আৰম্ভণতে তেওঁৰ ওপৰত ৰাইজৰ আস্থা জন্মিছিল, কিন্তু সি বেচি দিন নিটিকিল।

 বিশ্বদেৱ, জ্যোতিৰ্ভূষণকে আদি কৰি যিসকলৰ চক্ৰান্তত ফুলেশ্বৰীয়ে সিংহাসন লাভ কৰিলে, এতিয়া তেওঁলোকেই হ’ল সকলো বিষয়তে কুঁৱৰীৰ উপদেষ্টা। যি কাম তেওঁলোকে শিৱসিংহৰ হতুৱাই কৰাব নোৱাৰিলে, তাক কৰাবলৈকে তেওঁলোকৰ এই নতুন আয়োজন।

 সিংহাসন আৰোহণ কৰাৰ কেইমাহমান পাচত এদিন বিশ্বদেৱে ফুলেশ্বৰীক ক'লে,—“আজিলৈকে অসমদেশত ধৰ্ম্মৰ [ ২২ ] বেমেজালি নুগুচিল। এতিয়াও সৰহ ভাগ প্ৰজাই দুৰ্গা, কালী আদিক নামানে। যি ধৰ্ম্ম ভাল, যাক স্বয়ং ৰজাই গ্ৰহণ কৰিছে, তেনে ধৰ্ম্মক অবজ্ঞা কৰা মানে ৰজাক অবজ্ঞা কৰা নহয় জানো? সিহঁত বোলে বৈষ্ণব! বৈষ্ণৱ হয় কোন? খাবলৈ নোপোৱা ভিকহু। যাৰ ধন-বস্তু নাই, সি নাম গাই মাহ-চাউল চোবোৱাৰ বাহিৰে আৰু কি কৰিব! যি দেশত এনেকুৱা বৈষ্ণৱৰ সংখ্যা বেচি তেনে দেশক সকলোৱে ভিকহুৰ দেশ বুলি ভাবে। আন ফালে ভাল পুষ্টিকৰ বস্তু খাবলৈ নোপোৱাত মানুহবোৰো দুৰ্ব্বল হৈ যায়। সেই কাৰণে ৰজাৰ গৌৰৱ বঢ়াবলৈ, প্ৰজাৰ শক্তি বৃদ্ধি কৰিবলৈ শক্তি পূজাৰ বহুল প্ৰচাৰ হোৱাৰ প্ৰয়োজন। মই কওঁ এই বাৰ বৰ ডাঙৰকৈ এখন ৰজাঘৰীয়া দুৰ্গাপূজা পতা যাওক, সকলোকে তাত যোগ দিবলৈ আদেশ শুনাই দিয়ক। ব্ৰাহ্মণ-শূদ্ৰনিৰ্ব্বিশেষে সকলো মহন্তকে নিমন্ত্ৰণ কৰা হওক। যদি কোনোবা নাহে তেনে লোকক ধৰি আনি গোসাঁনী সেৱা কৰিবলৈ আৰু প্ৰসাদ লবলৈ বাধ্য কৰা হওক। মহন্তসকলক আমাৰ ধৰ্ম্ম লোৱাব পাৰিলে আন মানুহ এনেয়ে আমাৰ দললৈ আহিব।

 ফুলে।—সেইটো মোৰো মত। কিন্তু তাত এটা ভয়ৰ কাৰণ আছে। যদি বেচি ভাগ মহন্তই আপত্তি কৰে, কিবা এট হুলস্থূল লাগিব পাৰে। জানোচা ৰাজ্যত কিবা অশান্তি হয়!

 বিশ্ব।—অশান্তি সৃষ্টি কৰিব কোনে! মহন্তবিলাকৰ মুখ খনৰ বাহিৰে আৰু জানো কিবা অস্ত্ৰ আছে! স্বৰ্গদেৱ গদাধৰ সিংহৰ দিনতে সেইটো প্ৰমাণ হৈ গৈছে। তথাপি ধৰব [ ২৩ ] যেনিবা ভয়ৰ কাৰণেই আছে, তথাপি ৰজা হৈ প্ৰজালৈ ভয় কৰিব লাগিলে ৰজাৰ মৰ্য্য়াদা থাকিব ক’ত! ৰজাৰ ধৰ্ম্ম মানি- বলৈ সকলো প্ৰজা বাধা, যি নামানে তাক শাস্তি দিয়াটোও ৰজাৰ ধৰ্ম্ম। মোৰ বিশ্বাস কোনেও আপত্তি নকৰে। এতিয়া কোনোবাই মৌখিক আপত্তি দৰ্শাব পাৰে, কিন্তু যেতিয়া পূজাৰ আড়ম্বৰ দেখিব, আমোদ-প্ৰমোদত যোগ দিবলৈ পাব, ভোজ- ভাতৰ বিপুল আয়োজন দেখা পাব, তেতিয়া সকলোৰে আপত্তি উৰি যাব; সকলোৱে পূজাৰ মূল্য বুজিব। আনফালে আপোনাৰ গুণ-যশস্যাই আগৰ ৰজাসকলৰ যশস্যাকো তল পেলাব। তেতিয়া অতি সহজে ৰজাৰ ধৰ্ম্মই ৰাষ্ট্ৰ ধৰ্ম্ম হ’ব, আৰু ৰাজ ক্ষমতাও বহুত গুণে বাঢ়িব।

 ফুলেশ্বৰী সৰুৰে পৰা দেৱালয়ৰ নাচনী। তেতিয়াৰে পৰা পূজাপাটললৈ তেওঁৰ ধাউতি। তাতে আকৌ শিৱসিংহৰ লগ লোৱাৰো আগৰে পৰা সম্পূৰ্ণৰূপে বিশ্বদেৱৰ হাতত। সেই কাৰণে বিশ্বদেৱে তেওঁৰ প্ৰস্তাৱত ফুলেশ্বৰীক সম্মত কৰাওঁতে বেচি সময় নালাগিল। বিৰাট আয়োজনেৰে দুৰ্গাপূজা পাতি বলৈ ফুলেশ্বৰী সম্মত হ’ল।

 তেতিয়াও পূজালৈ তিনি-চাৰি মাহ বাকী। ইয়াৰ ভিতৰতে বিশ্বদেৱ আদিয়ে বঙ্গদেশৰ পৰা নতুন কাৰিকৰ, দুৰ্গাপূজাৰ বিশেষজ্ঞ লোক, নাচ, গান, কীৰ্ত্তনৱালী আদি অনাৰ ব্যৱস্থা কৰিলে।

 বৰ ৰজাৰ আদেশত কৰ্মচাৰীসকলো আন কাম এৰি পূজাৰ আয়োজনত লাগি গ'ল।

[ ২৪ ]
 

পঞ্চম অধ্যায়।
মায়ামৰীয়া মহন্ত।

 নাৰায়ণপুৰৰ বিষ্ণুবালিকুচিত গোণ্ডা নামে এজন ভূঞা আছিল। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰৰ খুৰাকৰ জীয়েক আজলীক তেওঁ বিয়া কৰাইছিল। মায়ামৰীয়া সত্ৰ-সংস্থাপক শ্ৰী অনিৰুদ্ধ দেৱ এওঁলোকৰে পুত্ৰ।

 অনিৰুদ্ধ সৰুৰে পৰা বৰ বুদ্ধিমান আৰু মেধাবী আছিল; বয়সত নানা শাস্ত্ৰত পাৰদৰ্শী হৈ উঠিছিল। ভাগৱত পাঠ কৰি ভাগৱতী ধৰ্ম্মৰ প্ৰতি তেওঁ বিশেষৰূপে আকৃষ্ট হয় আৰু পঞ্চম স্কন্ধ ভাগৱতৰ অনুবাদ কৰে। তাৰ বাহিৰেও বহুতে গীত-পদ, ভটিমা, টোটয় আৰু চতুৰ্থ স্কন্ধৰ একাংশৰ পদো তেওঁ ৰচনা কৰিছিল।

 ভাগৱতী ধৰ্ম্মৰ প্ৰতি তেওঁৰ প্ৰগাঢ় অনুৰাগ জন্মাত তেওঁ সেই ধৰ্ম্ম গ্ৰহণ কৰিবৰ নিমিত্তি গুৰু বিচাৰি ওলায়, আৰু ভবানীপুৰীয়া গোপাল আতাক কালজাৰ সত্ৰত লগ ধৰে। গোপাল আতাই অনিৰুদ্ধদেৱৰ বিদ্যা, বুদ্ধি আৰু ভাগৱত- জ্ঞানৰ পৰিচয় পাই পৰম সন্তোষ পালে আৰু ধৰ্ম্মোপদেশ দি তেওঁক উজনীত ধৰ্ম্ম প্ৰচাৰ কৰিবলৈ আদেশ কৰিলে। গুৰুৰ উপদেশ সাৰোগত কৰি অনিৰুদ্ধ নিজৰ ঠাইলৈ উলটি আহিল, আৰু সত্ৰ পাতি শিচ ভজাবলৈ ধৰিলে। যদিও তেওঁৰ শিষ্যৰ [ ২৫ ] ভিতৰত সকলো জাতৰ মানুহ আছিল, তথাপি মৰাণ আৰু মটকৰ সংখ্যাই আটাইতকৈ বেচি আছিল।

 লাহে লাহে অনিৰুদ্ধৰ গুণ, জ্ঞান আৰু অলৌকিক ক্ষমতাৰ কথা চাৰিওফালে বিয়পি পৰিল; আন কি স্বৰ্গদেৱ চুখাম্‌ফাৰ কাণতো পৰিল। বহুতে তেওঁক ভণ্ড বুলি ৰজাৰ ওচৰত গোচৰ দিলে। স্বৰ্গদেৱে তেতিয়া পৰীক্ষা কৰিবৰ মনেৰে অনিৰুদ্ধক মতাই আনিলে। প্ৰবাদ আছে যে অনিৰুদ্ধ উপস্থিত হ’লত ৰজাই তেওঁৰ আগলৈ এটা কলহ অনালে। কলহটোত কিছুমান ফটাকানি ভৰাই মুখ বান্ধি থোৱা আছিল। কলহটো দেখুৱাই ৰজাই অনিৰুদ্ধক ক’লে,—“তুমি বোলে সৰবজান, সেই দেখি তোমাক মতাইছোঁ। এই কলহটোত কি আছে ক’ব পাৰিলে বুজিম তুমি ধাৰ্ম্মিক, নোৱাৰিলে বুজা যাব তুমি ভণ্ড। তেতিয়া সেইমতে তোমাৰ শাস্তি হ’ব।”

 অনিৰুদ্ধই ক’লে,—“কলহটোত এটা ফেঁটী সাপ আছে।”

 অনিৰুদ্ধৰ কথাত ৰজাই হাঁহিলে, আৰু কলহটোৰ মুখ মেলিবলৈ লিগিৰাক আদেশ কৰিলে। আচৰিত কথা! লিগিৰাই ঢাকোন এৰুওৱা মাত্ৰেই এটা ফেঁটী সাপে ফোঁচ-ফোঁচাই ফেঁট তুলি উঠিল, যেন—

“সত্য কষিবাক লাগি নিজ ভক্ত বাণী।
‘কুম্ভতে’ উদ্ভব ভৈলা প্ৰভু চক্ৰপাণি।

 ঘটনাতো দেখি সকলোৱে বিস্ময় মানিলে; ৰজাও অবাক হ’ল। তেওঁ অনিৰুদ্ধক মায়া সাপটো মাৰিবলৈ ক’লে। তেতিয়া অনিৰুদ্ধই কলহৰ মুখলৈ হাতখন নিলতে সাপটো [ ২৬ ] নোহোৱা হ’ল। এনেকৈ মায়া মৰাত ৰজাই তেওঁক “মুআ-মৰা” বুলিলে। “মু আ” আহোম ভাষাৰ শব্দ, তাৰ অৰ্থ মায়া।[১]তেতিয়াৰে পৰা অনিৰুদ্ধই প্ৰতিষ্ঠা কৰা সম্প্ৰদায়টোৰ নাম হ’ল “মু আ-মৰীয়া” বা মোৱামৰীয়া অৰ্থাৎ মায়ামৰীয়া, এই আলৌকিক ঘটনাটোৰ সত্যতাৰ সম্বন্ধে বহুতে সন্দেহ কৰে। তেওঁলোকৰ এদলে কয় যে অনিৰুদ্ধদেৱৰ ধৰ্ম্মই ভক্তসকলক মায়াৰ প্ৰভাৱৰ পৰা মুক্ত কৰে বুলিহে এই নাম পাইছিল। আন এদলে আকৌ ভোগত দিবলৈ মোৱা মাছ মৰাৰ পৰা মোৱামৰীয়া নাম পাইছিল বুলি কয়। সি যি কি নহওক, মোৱামৰীয়া নামটোৰেই বুৰঞ্জী আদিত এই সম্প্ৰদায়টো অভিহিত হৈ আহিছে। বোধ কৰোঁ ওপৰত কোৱামতে মোৱামৰীয়া আৰু মায়ামৰীয়া দুয়োটা একে অৰ্থ বাচক বুলি ধৰি লোৱাই সমীচীন।

 অনিৰুদ্ধৰ শিষ্যৰ ভিতৰত মৰাণ আৰু মটকৰ সংখ্যাই আটাইতকৈ বেচি আছিল বুলি ওপৰত উনুকিয়াই অহা হৈছে। সেই কাৰণে সময়ৰ লগে লগে এই দুটা শব্দও মোৱামৰীয়া অৰ্থত ব্যৱহাৰ হবলৈ ধৰিলে। তাৰ ফলত এক জন মানুহেই কেতিয়াবা মটক আৰু কেতিয়াবা মৰাণ হ’ব লগাত পৰিল।

 মায়ামৰীয়া মহন্ত আৰু তেওঁৰ শিষ্যসকল উগ্ৰ বৈষ্ণৱ। তওঁলোকৰ হনুমন্তী কাষ্ঠা। তেওঁলোকে বিষ্ণু-ভিন্ন আন কাৰো ওচৰত মূৰ নোদোঁৱায়। আন কি, মূৰ চপৰাব লাগে বুলি ঘৰৰ পানীপোতাই দুৱাৰ নাৰাখি মূধেহে ৰাখে।

  1. আহোম-ভাষাবিদ, স্বৰ্গীয় ৰায় চাহাব গোলাপচন্দ্ৰ বৰুৱাৰ মত।
[ ২৭ ]
 

 যেতিয়া ফুলেশ্বৰী কুৱঁৰী বৰ ৰজা হয় তেতিয়া মায়ামৰীয়া মহন্ত আছিল চতুৰ্ভুজদেৱ। এওঁ অনিৰুদ্ধৰ পৰা কেইবা পুৰুষো পাচৰ।

 ফুলেশ্বৰীয়ে দুৰ্গাপূজা পাতি ব্ৰাহ্মণ-শূদ্ৰ সকলো মহন্তকে নিমন্ত্ৰণ কৰিলে; চতুৰ্ভুজো নিমন্ত্ৰিত হ’ল। নিমন্ত্ৰণৰ লগতে বৰ ৰজাই এইটোও জনাই দিলে যে যদি কোনো মহন্তই নিমন্ত্ৰণ ৰক্ষা নকৰে, তেন্তে চাওদাং লগাই ধৰাই অনা হ’ব, আৰু আদেশ অমান্য কৰাৰ বাবে কঠোৰ শাস্তিৰ বিধান কৰা হ’ব

 ৰজাৰ আদেশ পাই চতুৰ্ভুজ চিন্তিত হ’ল। তেওঁ কি কৰিব! যাব নে নাযায়। গলেও তেওঁ পূজাত যোগ দিব নোৱাৰিব, আকৌ নগলেও জানো ৰজাই শুদাই এৰিব। বহুত ভাবি-চিন্তি তেওঁ যোৱাৰেই সিদ্ধান্ত কৰিলে। মনতে ভাবিলে তেওঁ নিজৰ ধৰ্ম্মমতৰ কথা ভালকৈ বুজাই দিলে ৰজাই নিশ্চয় বুজিব আৰু তেওঁক অব্যাহতি দিব। কিন্তু নগলে যদি ৰজাৰ খং উঠে তেন্তে কথা বিষম হ’ব পাৰে।

 আগ-গুৰি সকলো ভাবি চাই চতুৰ্ভুজ জনচেৰেক ভকত লগত লৈ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈকে স্থিৰ কৰিলে।

[ ২৮ ]

ষষ্ঠ অধ্যায়।

মহাষ্টমী পূজা।

 ৰংপুৰ নগৰখন দিখৌ নৈৰ পাৰত। ই দীঘলে প্ৰায় তিনি মাইল, পথালিয়ে প্ৰায় এমাইল। এই নগৰত ৰুদ্ৰসিংহ স্বৰ্গদেৱে ৰাজধানী পাতছিল, আগতে গড়গাৱঁহে ৰাজধানী আছিল।

 ৰংপুৰ অতি মনোৰম নগৰ। ইয়াৰ পূব ফালে নগৰ- বাসীক পানীৰ যোগান ধৰি দিখৌ নৈ বৈ গৈছে। নগৰৰ ভিতৰত নানা কাৰু কাৰ্য্যেৰে বিতোপনকৈ সজা ঘৰবিলাক, তাৰ সম্মুখত চালে চকু ৰোৱা ফুলনি। নগৰৰ মুখতে আলিৰ দাঁতিত মুচলমান তিৰুতাবিলাকৰ ৰীহা-মেখেলা, কেৰু-মণি আদিৰ দোকানবিলাক। নগৰবাসীসকলৰ ঘৰৰ কাষত তামোল-পাণ, আম কঠাল আৰু শাক-পাচলিৰ বাৰী আছিল; সেই কাৰণে সেইবোৰ বস্তুৰ কোনো দোকান নাছিল।

 নগৰৰ পূৰ্ব্বাংশত প্ৰায় এমাইলমান জোৰাকৈ ইটাৰ গড় মৰা। এই ডোখৰেই হৈছে আচল ৰজাৰ নগৰ। ইয়াৰ দক্ষিণ, পূব আৰু পশ্চিম ফালে ক্ৰমান্বয়ে বৰ দুৱাৰ, পানী দুৱাৰ আৰু ন দুৱাৰ নামে তিনিখন দুৱাৰ আছে। বৰ দুৱাৰে দি সোমাই গলে প্ৰথমেই দুৱৰী, প্ৰহৰী আদি থকা ঘৰবোৰ পায়। তাৰ পৰা ক্ৰমশঃ আগ বাঢ়ি গৈ থাকিলে এটা বাট [ ২৯ ] চ’ৰা দেখা যায়। বাট চ’ৰা এৰি গ’লেই ৰজাৰ বৰ চ’ৰা পোৱা যায়। ই দীঘলে ১২০ হাত, আৰু পথালিয়ে চল্লিশ হাত। ই এটা অতি বিতোপন ঘৰ। বৰ চ’ৰাৰ চাৰিও ফালে খলা অৰ্থাৎ মুকলি ঠাই। তাৰ দাঁতিয়ে দাঁতিয়ে ফুকন, বৰুৱা আদি প্ৰয়োজন মতে ৰাতি থাকিবলৈ পালি ঘৰ, আৰু বৰ চ’ৰালৈ যোৱা বিষয়াসকলৰ হাত-ভৰি ধুবৰ নিমিত্তে পানী-ছোৱা ঘৰ।

 বৰ চ’ৰাৰ পৰা কিছু দূৰতে ৰজাৰ টোল। ইয়াৰ চাৰিও ফালে ইটাৰে বন্ধোৱা ওখ গড়। গড়ৰ ভিতৰলৈ সোমাবলৈ ডঁৰিকা দুৱাৰ, কালুগঞা দুৱাৰ আৰু গোসাইঘৰীয়া দুৱাৰ নামে তিনিখন দুৱাৰ আছে। প্ৰত্যেক দুৱাৰৰ কাযত অস্ত্ৰ- ধাৰী প্ৰহৰী থাকে। ডঁৰিকা দুৱাৰেই ৰজাঘৰলৈ সোমোৱাৰ বাই বাট। বাকী দুখনৰ এখনে দি কুৱঁৰী টোললৈ, আৰু আনখনে দি গোসাঁইঘৰলৈ যাব পাৰি। এইবোৰ ঘৰ ৰজাৰ ঘৰৰ ওচৰাউচৰি। ৰজাৰ নিজৰ খোৱা ঘৰ, শোৱনি ঘৰ, ৰংঘৰ, মেলঘৰ, মৰংঘৰ, বেজ ঘৰ, বৰ ভঁৰাল আদি সকলো বিলাকেই চাং ঘৰ; চাংমাই শাল আদি হে তলত। ইয়াৰ বাহিৰেও লগুৱা, লিগিৰী, চাওদাং, চাংমাই, কুকুৰা চোৱা বৰুৱা, দোলাকাষৰীয়া বৰুৱা আদিও এই টোলতে থাকে। কেতিয়াবা কেতিয়াবা চাংমাই, বেজ, জৰা ধৰা, মৰংচোৱা আদি টোলৰ বাহিৰতো থাকে।

 বৰ চ’ৰা আৰু ৰজাৰ টোলৰ মাজত থকা খলাখনতে পূজাৰ- আয়োজন কৰা হৈছে। এখন অতি প্ৰকাণ্ড ৰভাই সেই ঠাই [ ৩০ ] জুৰিছে। ৰভাখনৰ ওপৰত চিত্ৰ বিচিত্ৰ চন্দ্ৰাতপ, খুটাবিলাকত চকু ৰৈ যোৱা সাজ-সজ্জা; ঠায়ে ঠায়ে প্ৰদীপৰ ব্যৱস্থা। বাট চৰাৰে পৰা বাটৰ দুয়ো কাষে কল পুলি পোতা আৰু তাত নানা প্ৰকাৰৰ বিচিত্ৰ ছবি, ফুল পাত আদি অঁৰা। মাজে মাজে মঙ্গল-ঘট স্থাপন কৰা। ৰভাৰ উত্তৰাংশত এটা অতি বিতোপন ঘৰ। তাৰ চন্দ্ৰাতপখন সোণোৱালী, মাজে মাজে হীৰা-বাখৰ পতোৱা; খুটাবিলাকতো মণি-মাণিক্য। তাৰ বাহিৰেও কিমান যে কলাবিদ্যাৰ নমুনা তাত আছে তাক কৈ অন্ত কৰিব নোৱাৰি। সকলোৰে দীপ্তি মিলি তাত এনে এটা উজ্জ্বল আলোকৰ সৃষ্টি কৰিছে যে অলপ সময় তালৈ চাই থাকিলেই চকু জলক-তবক লাগে।

 মন্দিৰৰ ভিতৰত এখনি প্ৰতিমা। প্ৰতিমাখন বৰ ডাঙৰ,—সোঁ মাজতে সিংহবাহিনী দশভুজা, দুয়ো কাষে ধন- জ্ঞান-প্ৰদায়িনী লক্ষ্মী-সৰস্বতী, দাঁতি দুটাত ময়ূৰবাহন আৰু গজানন। দেবীৰ পদতলত ছিন্নগ্ৰীব মহিষ আৰু তাৰ পৰা উদ্ভুত মহিষাসুৰৰ বিকট মূৰ্ত্তি। দেবীয়ে দশ প্ৰহৰণ লৈ মহিষাসুৰক আক্ৰমণ কৰিছে। প্ৰতিমাৰ সাজ পাৰ বহু মূলীয়া, অলঙ্কাৰ-পাতি মণি-মুকুতাৰ। সেইবোৰৰ আলোকত প্ৰতিমাৰ মুখত এক অপূৰ্ব্ব আভাই বিৰাজ কৰিছে; পুৰোহিত আদিৰ গাল-মুখত তাৰ ঢৌ উঠি তিৰবিৰাব লাগিছে।

 পূজাৰ আড়ম্বৰ বিৰাট। দিনে-ৰাতিয়ে ঢুলীয়া-খুলীয়া কালীয়া আদিৰ কোঢ়ালত নগৰ তল-ওপৰ। ৰাতিৰ নিমিত্তে যাত্ৰা-ভাওনা, নাচ-গান আদিৰ বিপুল বন্দবস্ত। এইবোৰ [ ৩১ ] আয়োজনত, ঘাইকৈ বঙালী যাত্ৰা আৰু নাচ-গান অনাত হাজাৰ হাজাৰ টকা খৰচ হৈছে। হাজো, ডেৰগাওঁ আৰু মণিপুৰৰ পৰা ও নাচনী অনা হৈছে। পাইকবিলাকে দিনে ৰাতিয়ে খাটিব লাগিছে। ভোজ-ভাতৰ আয়োজন জোখত, কৈও চৰা, শ শ বামুণ ভোগ প্ৰস্তুত কৰাত ব্যস্ত। চাওদাং- বিলাকে পহৰা দি চাৰিওফালে ঘূৰি ফুৰিছে।

 আজি মহাষ্টমী। দেবীৰ পূজা ষোড়শোপচাৰে হ’ব লাগিছে। পুৰোহিত আৰু তেওঁৰ লগৰীয়া কেইবাজনো; সকলোৱেই বঙালী। পূজাৰ নিমিত্তেই তেওঁলোকক বঙ্গদেশৰ পৰা অনা হৈছে। নৈবেদ্য স্তূপাকাৰ। সম্মুখৰ ঠালখন প্ৰতিমা সেৱা কৰা মানুহৰ দক্ষিণাৰে উপচি পৰিছে। দেবীৰ আগত ছাগলী আৰু ম’হৰ মূৰ পৰ্ব্বতাকাৰে দ’মাই থোৱা হৈছে। এইবোৰ জন্তু বধ কৰিবলৈ পঞ্চাশখনমান বলি-শাল পতা হৈছিল আৰু কটা জন্তুৰ তেজ বৈ যাবলৈ দিখৌলৈকে এটা জান খানি দিয়া হৈছিল।

 পূজা ঘৰ লোকাৰণ্য। কোনো কোনো বামুণ আৰু পৰ্ব্বতীয়া গোসাঁইৰ শিষ্যসকলে ধন, যশ আৰু পুত্ৰ লাভৰ আশাত ভক্তি-ভাবত আপ্লত হৈ দেবীক সেৱা কৰি প্ৰসাদ আৰু নিৰ্ম্মালি গ্ৰহণ কৰিছে। আনবিলাকে ৰজাৰ ডঁৰিলৈ ভয় কৰিয়েই তেনে কৰিছে। কিছুমানে আমোদ-প্ৰমোদ ভোজ-ভাতৰ লোভতেই পূজাত যোগ দিছে; পূজা-সেৱা খায় নে কাণত পিন্ধে তাৰ খবৰেই নাই।

 ফুলেশ্বৰীয়ে বিশ্বদেৱ তাৰু আন বিষয়াসকলেৰে সৈতে [ ৩২ ] নিজেই পূজাৰ তত্ত্বাৱধান লৈছে। তেওঁৰ প্ৰধান উদ্দেশ্য হৈছে সকলো গোসাঁই-মহন্ত আহিছে নে নাই তাক লক্ষ্য কৰা। গোসাঁই-মহন্তকলৰ তালিকা প্ৰস্তুত কৰি সেই মতে নিমন্ত্ৰণ কৰা হৈছিল আৰু এতিয়া অহাসকলৰ নামত চিন দি ৰখা হৈছিল। তালিকা চাই তেওঁলোকে দেখিলে মায়ামৰীয়া মহন্ত চতুৰ্ভুজৰ বাহিৰে আন সকলোৱে নিমন্ত্ৰণ ৰক্ষা কৰিলে আৰু প্ৰথমতে আপত্তি কৰিছিল যদিও পিচত কুৱঁৰীৰ আদেশ মানি গোসাঁনী সেৱা কৰি প্ৰসাদ ল’লে। এতিয়া চতুৰ্ভুজ আহে নে নাহে তালৈকে তেওঁলোক তাপেক্ষা কৰি থাকিল আৰু যদি নিতান্ত নাহে তেন্তে ধৰাই অনাৰ দিহাও কৰি ৰাখিলে।

 অলপ পাচতে জনচেৰেক ভকত লগত লৈ চতুৰ্ভুজ আহিল আৰু বাট চ’ৰা পাৰ হৈয়েই থকা খাই ৰ’ল। চাওদাংহঁতে তেওঁক প্ৰতিমাৰ ওচৰলৈ নিব খুজিলত তেওঁ ক’লে,—“আগতে মই আই কুৱঁৰীৰ লগত সাক্ষাৎ কৰিব খোজোঁ৷”

 চাওদাংহঁতে তেওঁৰ কথালৈ কাণ নি দি গালি-শপনি পাৰি বলেৰে নিব খুজিলে। চতুৰ্ভুজে কিন্তু কোনোমতেই লৰচৰ নকৰিলে। উপায় নাপাই চাওদাংহঁতে কথাটো ফুলেশ্বৰীৰ কাণত পেলালে। ফুলেশ্বৰীয়ে অনিৰুদ্ধক বৰচৰালৈ নাতি পঠালে।

 তেতিয়া চতুৰ্ভুজ আগ বাঢ়িল আৰু ফুলেশ্বৰীৰ আগত উপস্থিত হ’ল। ফুলেশ্বৰীয়ে সুধিলে,—“কি হৈছে? লাগে কি?”

 চতুৰ্ভুজ।—মোৰ একো হোৱা নাই; একো নালাগেও।

আই কুৱঁৰীৰ আদেশ পালন কৰি দেখা কৰিবলৈ আহিলোঁ।

[ ৩৩ ]  ফুলে।—আহিলা ভাল কৰিলা। এতিয়া যোৱাঁ, গোসাঁনী সেৱা কৰি প্ৰসাদ লোৱাঁগৈ।

 চতুৰ্ভুজ।—মই তেনে কৰিব নোৱাৰিম। সেই দেখিহে সাক্ষাৎ বিচাৰিছিলোঁ৷

 ফুলে।—নোৱাৰিবা কিয়?

 চতুৰ্ভুজ।—আপুনি জানে আমি বৈষ্ণব মহন্ত। আমাৰ ধৰ্ম্ম হৈছে – “এক দেউ, এক সেউ, একত বাজে নাই কেউ”। আমি বিষ্ণুৰ বাহিৰে আন দেৱ-দেবীক সেৱা কৰিব নোৱাৰোঁ॥ আমাৰ ধৰ্ম্মই কৈছে,—

“অন্য দেবী-দেউ নকৰিবা সেউ,
 গৃহক ন যাইবা তাৰ;
মূৰ্ত্তিক ন চাইবা, প্ৰসাদ ন খাইবা,
 ভক্তি হইবে ব্যভিচাৰ।”

 তেনে স্থলত আমি ভক্তিত ব্যভিচাৰ ঘটাব নোৱাৰোঁ। তাৰ উপৰি আমাৰ ভক্তি নিষ্কাম; আমি ধন, যশ, পুত্ৰ আদিৰ আশাত ভক্তি নকৰোঁ। ভগৱন্তৰ নাম-কীৰ্ত্তনেৰে উপাসনা কৰাৰ বাহিৰে আন পদ্ধতি আমাৰ ধৰ্ম্মত নাই।

 ফুলেশ্বৰী।— তোমাৰ নাথাকিব পাৰে, মোৰ আছে। মই ৰজা, মোৰ আদেশ মানিবলৈ তুমি বাধ্য। মই আদেশ দিছোঁ, তুমি গোসাঁনী সেৱা কৰি ভগৱতীৰ প্ৰসাদ লৈ ঘৰলৈ যোৱাঁ৷

 চতুৰ্ভুজ।—দয়া কৰি তেনে আদেশ নিদিব; আমাৰ ধৰ্ম্ম নষ্ট নকৰিব। তেনে আদেশ পালন কৰিব নোৱাৰিম।

[ ৩৪ ]  ফুলেশ্বৰী।—নোৱাৰিবা।! মোৰ আদেশ পালন কৰিব নোৱাৰিবা।

 চতুৰ্ভজ।—নোৱাৰোঁ।

 ফুলেশ্বৰী।-পাৰিবা। পাৰিবই লাগিব।

 চতুৰ্ভুজ।—প্ৰাণ থাকোতে নোৱাৰোঁ।

 ফুলেশ্বৰী।—কি? ইমান স্পৰ্ধা! এটা সামান্য প্ৰজা হৈ ৰজাৰ আদেশ অমান্য কৰিবলৈ সাহ! তোৰ উপযুক্ত শাস্তি প্ৰাণদণ্ড।

 চতুৰ্ভুজ।—সজ কথা। ধৰ্ম্ম এৰাতকৈ প্ৰাণ এৰা অতি সহজ।

 ফুলেশ্বৰী।—নহয়, আজি তোৰ প্ৰাণদণ্ড নহয়। তেতিয়া হ'লে তোৰ অহঙ্কাৰ চূৰ্ণ নহ’ব। চাওদাং! ইহঁতক ধৰি গোসাঁনীৰ আগলৈ লৈ ব’ল।

 ততালিকে গুৰু-ভকত আটাইকেইজনকে তিনি-চাৰিটাকৈ চাওদাঙে ধৰি টানি নলে। ফুলেশ্বৰীও লগে লগে গ’ল।

 গোসানী আৰু তেওঁৰ আগত কটা মূৰৰ দ’ম দেখি চতুৰ্ভুজৰ গাৰ নোম শিয়ঁৰি উঠিল, চৈতন্য-বিলোপ হওঁ হওঁ হ’ল। তেওঁ চকু মুদিলে আৰু বিষ্ণু বিষ্ণু স্মৰণ কৰিবলৈ ধৰিলে।

 চতুৰ্ভুজ বা ভকত কেইজনে কোনো মতেই গোসানীক সেৱা কৰিবলৈ সম্মত নোহোৱাত ফুলেশ্বৰীয়ে গাৰ বলেৰে সেৱা কৰাবলৈ চাওদাঙক আদেশ দিলে। আদেশ পাই চাওদাংহঁতে আটাইকেইজনকে গোসাঁনীৰ আগত দীঘলকৈ [ ৩৫ ] পেলালে। সকলোৰে কপালত তেজৰ ফোঁট দিয়া হ’ল। তাৰ পাচত কুৱঁৰীয়ে তেওঁলোকক প্ৰসাদ ল’বলৈ ক’লে, কিন্তু কোনেও হাত নাপাতিলে। তেতিয়া গাৰ বলেৰে মুখ মেলি প্ৰসাদ কটিয়াই দিয়া হ’ল। সকলো কাম শেষ হ’লত ফুলেশ্বৰীয়ে ক’লে,—“সেৱা কৰিব নোৱাৰ! এতিয়া পাৰিলি দেখোন! তহঁতৰ মোৱামৰীয়াহঁতক ভালকৈ এশিকনি দিব লাগিব। তহঁত বিদ্ৰোহী। আজি তহঁতৰ আটাইকেইটাৰ মূৰ কাটি গোসাঁনীৰ আগত দিয়া উচিত আছিল। পিচে আজিলৈ থাওক, শুভ কাৰ্য্যত বিঘিনি নঘটাওঁ। ইয়াৰ বিচাৰ পিচত কৰিম।”

 চতুৰ্ভুজে একো নামাতিলে; ধীৰে ধীৰে সেই ঠাই এৰি ঘৰলৈ খোজ ল’লে।


———

[ ৩৬ ]


সপ্তম অধ্যায়

অভিশাপ।

 সত্ৰলৈ উলটি আহি চতুৰ্ভুজে অনিচ্ছাকৃত দোষৰ বাবে সাত দিন লঘোন দি নাম-কীৰ্ত্তন কৰি কটালে। এই কেই দিন তেওঁ ঈশ্বৰ চিন্তাৰ বাহিৰে আন একোতে মন কাণ দিয়া . নাছিল।

 ফুলেশ্বৰী কুঁৱৰীয়ে চতুভুৰ্জক অপমান কৰাৰ কথা জানিবলৈ পাই শিষ্যবৰ্গৰ মনত দাৰুণ আঘাত লাগিল। তাৰ প্ৰতীকাৰৰ উপায় উলিয়াবলৈ নানা ঠাইৰ পৰা বহুতো মুখিয়াল শিষ্য গুৰুৰ ওচৰ চাপিল। তেওঁলোকে ক’লে,—“প্ৰভু, বৰ ৰজাৰ অতপালি ইমানকৈ বাঢ়িছে যে আমি আৰু চাই থকা উচিত নহয়। আপুনি আদেশ দিয়ক, আমি যুদ্ধ কৰিম; আন নহলেও ধৰ্ম্মৰ নিমিত্তে প্ৰাণ দিম।”

 চতুৰ্ভুজ।—যুদ্ধ বুলিলেই যুদ্ধ নহয়। যুদ্ধ কৰিবলৈ আমাৰ কি আছে! ৰজাৰ কাঁড়ী, হিলৈদাৰী, ঘোৰা-চোৱাৰী আদিৰ লগত আমি জনচেৰেক যুদ্ধ কৰিবলৈ ওলোৱা মানে মৰিবলৈ ওলোৱা। তাৰ পৰা লাভ নহয়।

 শিষ্য।—তথাপি আমাৰ ধৰ্ম্ম ৰক্ষা পৰিব।

 চতুৰ্ভুজ। —মৰা কেইজনৰ বাৰু ধৰ্ম্ম ৰক্ষা হ’ল, জীয়াই থকাবাৰৰ কি গতি হ’ব? [ ৩৭ ]  শিষ্য। প্ৰভুৱে তেন্তে কি কৰিবলৈ কয়?

 চতুৰ্ভুজ।—শুনা, আমি বৈষ্ণৱ; দয়া, ক্ষমা, পৰোপকাৰ আমাৰ ধৰ্ম্ম। যুদ্ধ বিগ্ৰহ আমাৰ ধৰ্ম্মৰ বাহিৰত। তথাপি যদি যুদ্ধ কৰিবলৈ বাধ্য হ’ব লগাত পৰে, তেন্তে এনে ভাবে সাজু হ’ব লাগিব যাতে আমি জিকিব পাৰোঁ, নাইবা সকলোটিয়েই একেলগে প্ৰাণ দিব পাৰোঁ। সেই কাৰ্য্য ততালিকে হ’ব নোৱাৰে। তোমালোকে তাৰ বাবে ৰাইজক সাজু কৰাঁগৈ। যেতিয়ালৈকে আমাৰ আয়োজন সম্পূৰ্ণ নহয়, তেতিয়ালৈকে হাজাৰ লাঞ্ছনা অত্যাচাৰ হলেও যেন সকলোৱে সহি থাকে, মোৰ আদেশ নোপোৱালৈকে যেন কোনেও ৰাজ শক্তিৰ বিৰুদ্ধে অস্ত্ৰ নলয়।

 গুৰুৰ কথাত শিষ্যসকল নিজ নিজ ঠাইলৈ উলটি গ’ল আৰু তলে তলে বিদ্ৰোহৰ আয়োজনত লাগিল।

 ইফালে ফুলেশ্বৰীয়ে চতুৰ্ভুজৰ ব্যৱহাৰৰ কথা পাহৰা নাই। তেওঁ ৰাজধৰ্ম্মৰ বিৰোধী সকলোকে শাস্তি দিবলৈ সক্ষম কৰিলে আৰু অকল মায়া-মৰীয়াকেই নহয়, আন মহাপুৰুষীয়া লোককো হোৱাই-নোহোৱাই উৎপীড়ন কৰিবলৈ ধৰিলে আৰু বহুতৰ প্ৰাণ ল’লে। ইমানতো ৰাণীৰ মনত সন্তোষ নুপজিল। শেইত তেওঁ বৈষ্ণৱ মহন্তসকলক শাস্তি দিবৰ নিমিত্তে আন এটা ফন্দী উলিয়ালে।

 ৰাণী সগৰ্ভা আছিল। দুৰ্গাপূজাৰ কিছু দিনৰ পাচত তেওঁৰ আক্ৰোশ থকা মহন্ত সকলক মতাই আনি ক’লে,— “তোমালোকে ধাৰ্ম্মিক বুলি অহঙ্কাৰ কৰা, আনৰ ধৰ্ম্ম [ ৩৮ ] তোমালোকে নামানা। সচাকৈয়ে যদি তোমালোক ধাৰ্ম্মিক, তোমালোকে ভূত-ভবিষ্যং সকলো জানা। সেই দেখি তোমালোকক মাতিছোঁ। তোমালোকে গাই পতি ক’ব লাগিব মোৰ সন্তানটো কি আৰু কেনেকুৱা হ’ব। যদি তোমালোকৰে, কথা মিলে বুজিম তোমালোক সচাকৈয়ে ধাৰ্ম্মিক; আৰু যদি নিমিলে, তেতিয়া বুজিম তোমালোক ভণ্ড। তেতিয়া হয় তোমালোকে তোমালোকৰ ধৰ্ম্ম এৰিব লাগিব, নহয় প্ৰাণদণ্ড গ্ৰহণ কৰিব লাগিব।”

 কুৱঁৰীৰ কথাত মহন্তসকল বিচুৰ্ত্তি হ’ল, কিন্তু নক’লেও অগত্যা নিজৰ অনুমান মতে কোনোৱে লৰা আৰু কোনোৱে ছোৱালী হ’ব বুলি ক’লে। কেনেকুৱা হ’ব সেই বিষয়েও যাৰ যেনে বিশ্বাস তেনে ভাবেই অভিমত প্ৰকাশ কৰিলে। নামাতিলে মাথোন চতুৰ্ভুজে।

 চতুৰ্ভুজে নমতাৰ কাৰণ আছিল। তেওঁ বাক্‌সিদ্ধ পুৰুষ। তেওঁৰ মূখত যি ওলাব সি হব’ই। ফুলেশ্বৰী প্ৰতি তেওঁৰ সদ্ভাব নাছিল; সেই কাৰণে তেওঁ মুখ মেলিলে অভিশাপ ওলোৱাৰেই সম্ভাবনা। ইয়াকে ভাবি তেওঁ একো ক’ব নুখুজিলে। ফুলেশ্বৰীয়ে ভাবিলে শাস্তিৰ ভয়তহে চতুভুজে তেনেকৈ গা সৰুৱাৰ খুজিছে। সেই কাৰণে তেওঁ নানা কটূক্তি কৰি চতুভুৰ্জক ক’বলৈ বাধ্য কৰিলে। তেতিয়া চতুৰ্ভুজে ক’লে,—“সময়ত নিজে জনাটোৱেই ভাল আছিল; আগ ধৰি জনাৰ পৰা লাভ নহ’ব। তথাপি যেতিয়া নক’লে নেৰে,কওঁ শুনক,—আপোনাৰ সন্তান লৰা বা ছোৱালী একো [ ৩৯ ] নহয়; কোমোৰাৰ দৰে এক মাংসপিণ্ড হ’ব। তাকো প্ৰসৱ কৰিব নোৱাৰি বহুত দিন নিকাৰ ভুঞ্জাৰ পাচত আপোনাৰ ধাতু যাব।”

 ফুলেশ্বৰীৰ মনত ভয় সোমাল; মুখ ক’লা পৰিল; চতুৰ্ভুজক বধ কৰিবলৈ চাওদাঙৰ হাতত দিলে।

 ৰাজ গুৰু কৃষ্ণৰাম ভট্টাচাৰ্য্য তাত উপস্থিত আছিল। ৰাণীৰ কাৰ্য্যত বাধা দি তেওঁ ক’লে,—আপুনি আগতে প্ৰতিশ্ৰুতি দিছে যে কথা নিমিলিলে হে প্ৰাণদণ্ড দিব, এতিয়া তেওঁৰ কথাৰ প্ৰমাণ নোচোৱাকৈ শাস্তি দিলে আপোনাৰ কথাৰ কোনো মূল্য নাথাকে। সেই কাৰণে সম্প্ৰতি তেওঁক এৰি দিয়ক। শাস্তি দিয়াৰ প্ৰয়োজন হলে পিচতো দিব পাৰিব।”

 গুৰুৰ আদেশ অমান্য কৰিব নোৱাৰি শেহত ফুলেশ্বৰীয়ে চতুৰ্ভুজক মুক্তি দিলে, কিন্তু তেওঁৰ প্ৰতি শক্ৰতা আগতকৈও বাঢ়িল।

[ ৪০ ]

অষ্টম অধ্যায়

বৰ ভেটি।

 ফুলেশ্বৰীয়ে অতি নিষ্ঠুৰভাবে মায়ামৰীয়া মহন্তৰ বহুতো শিষ্য বধ কৰিলে। যদিও সকলো মায়ামৰীয়াই ৰজাৰ অত্যাচাৰৰ বিৰুদ্ধে প্ৰকাশ্যে থিয় দিবলৈ সঙ্কল্প কৰিছিল, তথাপি আয়োজন সম্পূৰ্ণ হৈ নুঠাত গুৰুৱে অনুমতি নিধিলে। চতুৰ্ভুজে ক’লে,—“এতিয়াও ৰজাৰ লগত যুঁজিবৰ জোখাই আমাৰ আয়োজন হৈ উঠা নাই; সেই কাৰণে ভগৱন্তৰ বিচাৰৰ ওপৰত নিৰ্ভৰ কৰি মনে মনে থকাই ভাল।”

 গুৰুৰ কথা মতে মায়ামৰীয়াই বাধ নিদিলে; কিন্তু ফুলেশ্বৰীৰ অত্যাচাৰে বেচি দিন চলিব নোৱাৰিলে। কেই মাহমানৰ তেওঁৰ প্ৰসৱ বেদনা উপস্থিত হ’ল। যন্ত্ৰণাত তেওঁৰ তৎ নোহোৱা হ’ল; চিঞৰত গগন ফালিলে; গোটেই নগৰত হুলস্থুল লাগিল। বেজবৰুৱাই ঔষধ দিলে; বেজে জৰা-ফুৰা কৰিলে; বামুণে পূজা পাটল, হোম-যজ্ঞ কৰিলে; দৈবজ্ঞই নবগ্ৰহৰ পূজা পাতিলে; দেৱালয় বিলাকত ভোগ দিয়া হ’ল। কিন্তু একোৱেই গুণ নিদিলে। দিনে দিনে যন্ত্ৰণা বাঢ়িবলৈ ধৰিলে; দেহৰ শক্তি লোপ পালে; প্ৰাণ কণ্ঠাগত হ’ল। এনেকৈয়ে ফুলেশ্বৰী কুঁৱৰীয়ে দহ-বাৰ দিন যমৰ যাতনা ভোগ কৰিলে। শেহত নিজৰ কৃতকৰ্ম্মৰ বাবে [ ৪১ ] অনুতাপ কৰি ভগৱন্তৰ চৰণত কাকূতি কৰাত ধাতু গ’ল। চতুৰ্ভুজৰ কথা আখৰে আখৰে ফলিয়ালে।

 ফুলেশ্বৰীৰ মৃত্যুৰ পিচত শিৱসিংহই সলাল গোহাঁইৰ ভাৰ্য্যা অম্বিকাদেবীক আনি বৰকুৱঁৰী পাতি সিংহাসনত বহুৱালে আৰু তেওঁৰ মৃত্যুৰ কালু-গঞা বৰপাতৰৰ ভাৰ্য্যাক আনি শূন্য ঠাই পূৰ্ণ কৰিলে। এওঁলোকৰ দিনত বৈষ্ণৱৰ ওপৰত কোনো অত্যাচাৰ হোৱা নাছিল। ফুলেশ্বৰীৰ দুৰ্গতি দেখি- শুনি তেওঁলোকৰ মনত যি ভয় সোমাইছিল, ব্ৰাহ্মণ দৈবজ্ঞৰ পৰামৰ্শই তাক আঁতৰাব নোৱাৰিলে।

 শিৱসিংহৰ মৃত্যুৰ পাচত ৰজা হ’ল তেওঁৰ ভায়েক প্ৰমত্ত সিংহ। এওঁৰ দিনতো মহন্তৰ ওপৰত কোনো নিৰ্য্যাতন হোৱা নাছিল।

 প্ৰমত্তসিংহৰ দিনতেই চতুৰ্ভুজৰ লোকান্তৰ ঘটে আৰু তেওঁৰ পুত্ৰ অষ্টভুজ মায়ামৰা সত্ৰৰ অধিকাৰ হয়। পিতাকৰ দৰেই এৱোঁ এজন জ্ঞানী আৰু ধৰ্ম্মনিষ্ঠ সন্ত আছিল।

 মায়ামৰীয়াৰ আয়োজন সম্পূৰ্ণ নৌ হওঁতেই ফুলেশ্বৰীৰ লোকান্তৰ হোৱাত আৰু তাৰ পাচৰে পৰা অত্যাচাৰ বন্ধ হোৱাত, মায়ামৰীয়াবিলাকেও তেওঁলোকৰ উদ্যম ঢিলাই দিলে; কিন্তু তেওঁলোকৰ যি সংগঠন হ'ল সি স্থায়ীভাবে ৰৈ গ’ল।

 প্ৰমত্তসিংহ স্বৰ্গী হ’লত কোন ৰজা হ’ব এই বিষয়ে এটা সমস্যা উপস্থিত হ’ল। স্বৰ্গদেৱ ৰুদ্ৰসিংহই মৃত্যুকালত এই মৰ্ম্মে ইচ্ছা প্ৰকাশ কৰিছিল যেন তেওঁৰ পুত্ৰসকলৰ ভিতৰত [ ৪২ ] প্ৰত্যেকেই জ্যেষ্ঠানুক্ৰমে সিংহাসনত বহে। সেই মতে প্ৰমত্তসিংহৰ পাচত ৰজা হ’ব লাগিছিল মোহনমালা। কিন্তু তেওঁ পৰ্ব্বতীয়া গোসাঁইক গুৰু লোৱা নাছিল। সেই বাবে শাক্ত বিষয়া আৰু ব্ৰাহ্মণসকলে কেনেকৈ তেওঁক সিংহাসনৰ অযোগ্য কৰিব তাৰ উপায় বিচাৰিবলৈ ধৰিলে। তেওঁক ৰজা বুলি স্বকাৰ কৰিবলৈ পৰ্ব্বতীয়া গোসাঁয়ো অসম্মত হ’ল। শেহত এটা উপায় ওলাল। মোহনমালাৰ সৰুতে আই ওলাইছিল আৰু তাৰ ফলত মুখত দুটামান গুটি সাঁচ আছিল। ইয়াকে চেলু লৈ ডাঙৰীয়া আৰু বিষয়াসকলৰ সৰহ ভাগে তেওঁক ঘুণীয়া বুলি ৰাজ পাটৰ অযোগ্য কৰিলে আৰু ভায়েক ৰাজেশ্বৰ সিংহক সিংহাসনত বহুৱালে। মোহনমালা নাম- ৰূপলৈ নিৰ্ব্বাসিত হ’ল।

 ব্ৰাহ্মণসকলৰ যত্নতেই মোহনমালাৰ প্ৰাপ্য সিংহাসন অধিকাৰ কৰিবলৈ সমৰ্থ হোৱাত ৰাজেশ্বৰ সিংহ তেওঁলোকৰ ওচৰত কৃতজ্ঞ আছিল। তাৰ ফলস্বৰূপে ইমান দিন তল পৰি থকা বৈষ্ণব-নিৰ্য্যাতনে আকৌ দেখা দিলে। অষ্টভুজৰ গা বাছিল; আকৌ ফুলেশ্বৰীৰ দিন ঘূৰি আহিব বুলি তেওঁৰ মনত আশঙ্কা জন্মিল। মূৰামূৰিলৈ বাট নাচাই আগ ধৰি সতৰ্ক হৈ থকা ভাল বুলি তেওঁৰ মনত খেলালে। তেওঁ সকলো শিষ্যকে এক মুঠ কৰিবলৈ আৰু নিজৰ শক্তি জুখি চাবলৈ মন মেলিলে। সেইমতেই এটা নিৰ্দিষ্ট দিনত প্ৰত্যেকেই এটা খেৰ, এটা কানি আৰু এটা বেত-সূত লৈ তেওঁৰ ওচৰলৈ আহিবলৈ তেওঁ সকলো শিষ্যকে আদেশ জনালে। [ ৪৩ ]  নিৰ্দিষ্ট দিনত খেৰ, কামি আৰু বেত লৈ সকলো শিষ্য অষ্টভুজৰ ওচৰত উপস্থিত হ’ল। অষ্টভুজ তেওঁলোকক মালৌ পথাৰলৈ নি ক’লে,—“মই এটা নামঘৰ সাজিব খুজিছোঁ। প্ৰথমতে ভেটিটো বান্ধিব লাগে; তাত প্ৰত্যেক জনে মাত্ৰ এচপৰাকৈ মাটি দিব লাগিব আৰু তেনে ভাবে যিমান ঠাই জোৰে সিমানখিনিৰ ওপৰতে নামঘৰটো হ’ব।”

 গুৰুৱে আদেশ দিয়াৰ লগে লগে নিজে এচপৰা মাটি দিলে। তেতিয়াই সকলো শিষ্য হাতে-কামে লাগি গ’ল আৰু চাওঁতে চাওঁতেই ত্ৰিশ নল দীঘল, দহ নল বহল আৰু ষাঠি হাত ওখ এটা ঘৰৰ ভেটি হৈ পৰিল। এই ভেটিৰ ওপৰত খুটা চ’তি লগাই শিষ্যসকলে লগত অনা সঁজুলিৰে নামঘৰ উলিয়াই পেলালে। অষ্টভুজৰ মনত পৰম আনন্দ মিলিল।

 ঘৰটো প্ৰতিষ্ঠা কৰি তাত বৰ সবাহ পতা হ’ল আৰু সকলোৱে মিলি নাম-কীৰ্ত্তন কৰি প্ৰসাদ ল’লে।

 সবাহ ভগাৰ পাচত সকলোকে সম্বোধন কৰি চতুৰ্ভুজে ক’লে,—“ভকতসকল! দিন-কালৰ গতি-গোত্ৰ কেনে হৈছে তোমালোকে দেখিছা৷ কি ৰজা, কি বামুণ, সকলোৰে আমি চকুৰ কুটা, দাঁতৰ শাল। কেতিয়া কি হয় ক’ব নোৱাৰি। সেই কাৰণেই মই তোমালোকৰ শক্তিৰ পৰীক্ষা কৰিলোঁ; দেখিলোঁ তোমালোকৰ শক্তি সাধাৰণ নহয়। এতিয়া আমাৰ এই ঐক্যবদ্ধ শক্তি এনেভাবে গঢ়ি তুলিব লাগে যাতে প্ৰয়োজন হলে, আনৰ কথাই নকওঁ, ৰাজশক্তিৰ বিৰুদ্ধেও থিয় দিব পাৰোঁ। মূৰামূৰিলৈ বাট চালে ফাল চাঁচোঁতেই [ ৪৪ ] মাহৰ বতৰ যাব। এতেকে এতিয়াৰে পৰা তোমালোক সকলো প্ৰকাৰে সাজু হৈ থাকাঁগৈ।

 গুৰুৰ আদেশ সকলোৱে মূৰ পাতি ল’লে। তেতিয়াই জনচেৰেক সুযোগ্য লোকক বেলেগ বেলেগ ঠাইৰ সংগঠনৰ ভাৰ দিয়া হ’ল।

 নতুন উদ্দীপনা, নতুন সঙ্কল্প লৈ পিচ দিনা সকলো শিষ্য ঘৰাঘৰি গ’ল; গুৰুৰ ইচ্ছামতে থাকিল মাথোন মৰাণৰ নায়ক নাহৰ আৰু তেওঁৰ লগতে ৰাঘৱ৷

 অষ্টভুজে নাহৰক ক’লে,—“তোমাক থাকিবলৈ কোৱাৰ বিশেষ উদ্দেশ্য আছে। যদিও মোৰ শিষ্যৰ ভিতৰত সকলো জাতৰ মানুহ আছে, তথাপি আন জাতৰ শিষ্যৰ সংখ্যা নগণ্য৷ আচলতে লেখত ল’বলগীয়া হৈছে মৰাণ আৰু মটকসকল৷ যদি আমাৰ উদ্দেশ্য সিদ্ধি হয় তেওঁলোকৰ দ্বাৰা হে হ’ব। তুমি তেওঁলোকৰ নায়ক। তেওঁলোকক যুদ্ধ-বিদ্যাত নিপুণ কৰি তুলিব লাগিব তুমিয়েই। তুমি সমাজৰ জনচেৰেক মুখিয়াল লোকৰ লগত পৰামৰ্শ কৰি কাৰ্য্য-পদ্ধতি স্থিৰ কৰিবা। এনে- ভাবে সকলোকে সাজু ৰাখিবা যাতে প্ৰয়োজন হোৱা মাত্ৰেই কামত লাগি যাৰ পাৰে।

 নাহৰ—প্ৰভুৰ আদেশ আখৰে আখৰে পালন কৰিম; তিনি-চাৰি মাহৰ ভিতৰতে নিশ্চয় আমি প্ৰস্তুত হ’ব পাৰিম।

 ৰাঘৱ। —মই আজিৰ পৰা সকলো কাম এৰিলোঁ, কাঁড়- ধেনু, যাঠি-জোং, তৰোৱাল আদিৰ ব্যৱহাৰত মোক কোনো ৰজাঘৰীয়া ৰণুৱাই বলে নোৱাৰে। সকলো মৰাণ-মটককে [ ৪৫ ] যাতে মোৰ দৰে গঢ়িব পাৰোঁ, তাৰ বাবে গৈয়েই কামত লাগি যাম।

 অষ্টভুজ—লাগি যাব, ভাল কথা। কিন্তু যাতে কোনেও আমাৰ অভিপ্ৰায় আগ ধৰি নুবুজে তালৈ লক্ষ্য ৰাখি চলিবা।

 নাহৰ।— নিশ্চয়। কোনোবাই গম পাব লাগিলে আমাৰ উদ্দেশ্য পাতনিতে অন্ত পৰিব।

 অষ্ট৷—বাৰু, এতিয়া যোৱাঁ! ভগৱন্ত বস্তু আমাৰ সহায় হওক।

 তেতিয়া নাহৰ আৰু ৰাঘৱ দুয়ো বিদায় ল'লে।


————

[ ৪৬ ]


নবম অধ্যায়

বাহিনী-গঠন

 মৰাণ আৰু মটক যুঁজাৰু জাতি। চুকাফাৰ অসম আক্ৰমণৰ সময়ত এওঁলোক ঘাইকৈ ডিব্ৰু আৰু ডাঙৰী নৈৰ মাজৰ ঠাইডোখৰত বাস কৰিছিল আৰু এওঁলোকৰ নিজা ৰজাও আছিল। চুকাফাই যদিও এওঁলোকক পৰাস্ত কৰি বশলৈ আনিলে, তথাপি কোনো দুৰ্ব্ব্যৱহাৰ নকৰি এওঁলোকক মিত্ৰৰূপেহে গ্ৰহণ কৰিলে। আহোম আৰু মৰাণৰ ভিতৰত বৈবাহিক সম্বন্ধও চলিল। তেতিয়া কিছুমান মৰাণে আহোম ৰীতি-নীতি গ্ৰহণ কৰিলে, আৰু কিছুমান পূৰ্ব্বৰ দৰেই থাকিল।

 এনেকৈয়ে কেইশমান বছৰ যোৱাৰ পাচত মৰাণ আৰু মটকবিলাকে মায়ামৰীয়া সম্প্ৰদায়ৰ প্ৰতিষ্ঠাতা অনিৰুদ্ধৰ ওচৰত শৰণ লয়। প্ৰায়েই দেখা যায় যুঁজাৰু মানুহে যেই- সেই বিষয়তে ধৰা-বন্ধা শাসন বিচাৰে। যুদ্ধত যেনেকৈ সেনাপতিৰ আদেশৰ প্ৰত্যেকটো কথাকে বিনাপ্ৰতিবাদে মানিব লাগে, আন বিষয়তো ঠিক তেনেকৈ চলিবলৈ তেওঁলোকে ইচ্ছা কৰে। বৈষ্ণৱ ধৰ্ম্ম গ্ৰহণ কৰাৰ পৰা তেওঁলোক এনে উৎকট বৈষ্ণৱ হৈ উঠিল যে গুৰুৰ শিক্ষাৰ পৰা অলপমানো পিছলি পৰাতকৈ মৃত্যুক শ্ৰেয়ঃ বিবেচনা কৰা হ’ল। [ ৪৭ ]  যেতিয়া আহোমৰ ক্ষমতা গোটেই অসমত ব্যাপ্ত হ’ল তেতিয়া ৰজাই মৰাণৰ লগত সুকীয়া বন্দৱস্ত কৰিলে। সেই মতে আগৰ ৰজাৰ উত্তৰাধিকাৰী এজনক মৰাণৰ নায়ক পাতিলে। তেওঁ কৰস্বৰূপে বছৰি পাঁচোটা হাতী ৰজাঘৰত শোধাব লাগিছিল,—তাৰে এটা ৰজাৰ, তিনটা তিনি জন ডাঙৰীয়াৰ আৰু এটা বৰবৰুৱাৰ। তাৰ উপৰিও মৰাণবিলাকে পাল পাতি গোটেই বছৰ ৰজাঘৰত খৰি যোগাব লাগছিল। আগ ডোখৰত মৰাণ-মটকবিলাক শান্তিত আছিল, কিন্তু ফুলেশ্বৰী কুৱঁৰীৰ দিনৰে পৰা এওঁলোকে নিৰ্য্যাতন ভুগিবলৈ ধৰিলে। এওঁলোক যে মায়ামৰীয়া মহন্তৰ শিষ্য এয়ে হ’ল এওঁলোকৰ একমাত্ৰ অপৰাধ।

 ৰাজেশ্বৰসিংহ স্বৰ্গদেৱৰ দিনত মৰাণৰ নায়ক আছিল নাহৰ খোঁৰা।[১] খৰিৰ তত্ত্বাৱধানৰ ভাৰ আছিল ৰাঘৱৰ ওপৰত। নাহৰ তেতিয়া আদহীয়া, ৰাঘৱ নতুনকৈ উঠি অহা ডেকা।

 নাহৰৰ দুগৰাকী ভাৰ্য্যা আছিল, নাম ভাতুকী আৰু ভাকুলী। পিচত তেওঁলোকে এই নাম এৰি নতুনকৈ ৰাধা আৰু ৰুক্মিণী নাম লয়। তেওঁলোকৰ সাহ-পিত পুৰুষতকৈ কোনোগুণে কম নাছিল। ৰাধাৰ ডাঙৰ লৰাটোৰ নাম ৰমাকান্ত, বয়সত প্ৰায় ৰাঘৱৰ সমনীয়া।

 মালৌ পথাৰৰ পৰা নাহৰ ঘৰলৈ আহিল। ৰাঘৱ তেওঁৰ লগতে আহিছিল। ৰাধা আৰু ৰুক্মিণীয়ে গুৰুৰ ব্যৱস্থাৰ কথা


  1. মটক সম্প্ৰদায়ৰ মতে নাহৰ মৰাণ নহয়, মটক হে।
[ ৪৮ ]
 

শুনি যদিও সন্তোষ পালে, তথাপি তেওঁলোকৰ মনৰ সন্দেহ একেবাৰেই নগ’ল। ৰাধাই ক’লে,-“ফুলেশ্বৰীৰ দিনৰে পৰা আয়োজন চলি আছে, কিন্তু কাম হ'লে একো হোৱা নাই।”

 ৰুক্মিণী।—এনেকৈ হ’লে সাজু হোৱাৰ আগতেই আমাৰ আধ্যা পৰিব।

 নাহৰ।—সেই বুলি যধে-মধে ৰজাৰ লগত ৰণ দিলে জানো কিবা লাভ হ’ব! আমাৰ আয়োজনত সন্তুষ্ট হ’ব পৰা নাই দেখিহে গুৰুৱে বাট চাব লগাত পৰিছে।

 ৰাঘৱ৷—এই বাৰ শেষ বাৰ। মই আজিৰ পবাই আমাৰ ৰণুৱা সাজু কৰিবলৈ লাগিম। সকলো আয়োজন হৈ উঠিলে গুৰুৱে আদেশ দিওক বা নিদিওক, আমি দেখাদেখিকৈ লাগি যাম।

 নাহৰ।—গুৰুৱে ভূত-ভবিষ্যৎ বুজি পায়; সেই কাৰণেই সকলো ফাললৈ চকু দি সাৱধানে চলে। হঠাৎ বিদ্ৰোহ আচৰণ কৰি যদি হাৰিব লগা হয় তেতিয়া আমাৰ কি গতি হ’ব। তেতিয়া মায়ামৰীয়াৰ চিন-ছাব পৰ্য্যন্ত হেৰাব।

 ৰাধা।—মই এটা কথা ভাবিছোঁ,—আজিয়েই হওক, বা দুই এবছৰ পাচতেই হওক ৰণ হব’ই। যদি আমি জিকোঁ, তেনেহলে কোনো লেঠা নাই। কিন্তু যদি হাৰিব লগা হয় তেন্তে পুৰুষসকল তো মৰিব’ই, তিৰুতাসকলৰো বিলাই বিপত্তিৰ সীমা নোহোৱা হ’ব। সেই কাৰণে মই কওঁ অকল পুৰুষসকল সাজু হ’লেই নহ’ব, তিৰুতাসকলো সাজু হ’ব [ ৪৯ ] লাগিব। তেতিয়া আমাৰ জয়লাভ সহজ হ’ব, আৰু যদি কেনেবাকৈ হাৰিব লগাও হয় সকলো একেলগেই মৰিব পাৰিম।

 ৰুক্মিণী।—ঠিক কথা। পুৰুষসকলে পুৰুষক শিক্ষা দিওক, আমি তিৰুতাক শিক্ষা দি নাৰী-বাহিনী গঠন কৰোঁ। মতা- তিৰুতা লগ লাগি আগ বাঢ়িলে কোনো ৰাজ শক্তিয়ে আমাৰ গতিৰোধ কৰিব নোৱাৰে।

 নাহৰেও তেওঁলোকৰ কথা সমৰ্থন কৰিলে। তেতিয়া এইটোৱেই স্থিৰ হ’ল যে এফালে ৰাধা আৰু ৰমাকান্ত আৰু আন ফালে ৰাঘৱ আৰু ৰুক্মিণীয়ে কাম আৰম্ভ কৰিব। প্ৰত্যেক গাৱঁলৈ গৈ তেওঁলোকে দিনত তিৰুতাৰ আৰু ৰাতি মতাৰ সবাহ পাতি নাম-কীৰ্ত্তন কৰিব, আৰু তাৰ লগে লগে যুদ্ধৰ শিক্ষা দিব। তেতিয়া হলে আন মানুহে সন্দেহ কৰিবলৈকো চল নাপাব। সকলো একমত হোৱাত সেই মতেই পিচ দিনাৰ পৰা কাম আৰম্ভ হ’ল।

[ ৫০ ]


দশম অধ্যায়।

কীৰ্ত্তি বৰবৰুৱা।

 ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱৰ দিনত বৰবৰুৱা আছিল কীৰ্ত্তিচন্দ্ৰ। এওঁ সামান্য কাঁড়ীৰ ঘৰৰ ল’ৰা। সৰুৰে পৰা বৰ বুদ্ধিমান আৰু মেধাবী হোৱাৰ বাবে ৰাজ অনুগ্ৰহ লাভ কৰি দোপত দোপে উঠি শেহত তেওঁ বৰবৰুৱা হয়।

 কীৰ্ত্তিচন্দ্ৰৰ অগৰ নাম আছিল গেন্ধেলা। তেওঁ কাঁড়ী পাইক আছিল। সাধাৰণ নিয়মমতে কোনো কাঁড়ী চমুৱাৰ তালিকাত সোমোৱাৰ পাচত হে বিষয়া হ’ব পাৰে। কিন্তু গেন্ধেলা চমুৱা নোহোৱাকৈয়ে বিষয়া হয়; নামটো কাঁড়ী কাকততে থাকি যায়। এবাৰ কীৰ্ত্তিচন্দ্ৰই পাইকৰ হিচাপ লওঁতে গেন্ধেলা নামৰ পাইক এটা নোলাল। যিজন বৰাৰ গাত সেই পাইকৰ ভাৰ আছিল, বৰবৰুৱাই তেওঁক মতাই আনিলে আৰু পাইকটো লুকুওৱাৰ বাবে কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিব খুজিলে। বৰাই ভয়ত কঁপি-জঁপি হাত যোৰকৈ ক’লে,—“দেউতা ঈশ্বৰে ছাঁ লেখিছে, গা লেখিলেই পাইক ওলাব।”

 ৰৰা কথাত বৰবৰুৱাই বুজিলে তেওঁ নিজেই সেই পাইক। তেতিয়াই তেওঁ কাঁড়ী পাইকৰ তালিকাৰ পৰা নামটো কাটি থ’লে, কিন্তু এজন বৰাৰ ওচৰত এনেকৈ ধৰা পৰাত বৰকৈ লাজ পালে।
[ ৫১ ]  কীৰ্ত্তিচন্দ্ৰ ৰাজেশ্বৰ সিংহৰ বৰ প্ৰিয়পাত্ৰ হৈ উঠিছিল আৰু সেই বাবেই ৰজাই সকলো দায়িত্বপূৰ্ণ কামৰ ভাৰ তেওঁকেই অৰ্পণ কৰিছিল।

 ৰাজেশ্বৰসিংহ স্বৰ্গদেৱৰ দিনত ব্ৰহ্মদেশৰ মানতৰা সেনাপতিয়ে মণিপুৰ আক্ৰমণ কৰে। তাৰ প্ৰতিৰোধ কৰিব নোৱাৰি মণিপুৰৰ ৰজা জয়সিংহই আহোম ৰজাৰ সাহায্য প্ৰাৰ্থনা কৰে। স্বৰ্গদেৱে জয়সিংহৰ অনুৰোধ ৰক্ষা কৰি সাহায্যৰ নিমিত্তে হৰনাথ ভিতৰুৱাল ফুকনক মণিপুৰলৈ পঠিয়ায়। হৰনাথে দুৰ্গম বাটত লতা কাটি যাওঁতে বাট হেৰুৱালে আৰু নানা দুৰ্গতি ভুঞ্জি উলটি আহিল। এই বাৰ বৰবৰুৱা নিজে গ’ল, কিন্তু যুদ্ধ কৰিব লগা নহ’ল। আহোম সেনা যোৱাৰ গম পায়েই মানতৰা মণিপুৰ এৰি পলাল। জয়সিংহই কৃতজ্ঞতাৰ চিন-স্বৰূপে নিজৰ জীয়েক কুৰঙ্গয়নীক নানা যৌতকেৰে সৈতে ৰাজেশ্বৰসিংহলৈ আগ বঢ়াই কীৰ্ত্তিচন্দ্ৰৰ হাতত অৰ্পণ কৰিলে। যুদ্ধ নকৰাকৈয়ে জয়লাভ কৰি কীৰ্ত্তিচন্দ্ৰ ৰংপুৰলৈ উলটিল আৰু নিজে কন্যা- দাতা হৈ কুৰঙ্গনয়নীক ৰাজেশ্বৰ সিংহৰ লগত বিয়া দিলে। ইয়াৰ পিচৰ পৰা কীৰ্ত্তিচন্দ্ৰৰ প্ৰতিপত্তি আৰু বাঢ়িল। ৰাজেশ্বৰসিংহই প্ৰায় সকলো ৰাজ-ক্ষমতা তেওঁকে এৰি দি নিজে শান্তিৰে কাল কটাবলৈ ধৰিলে।

 কীৰ্ত্তিচন্দ্ৰৰ ইমান উন্নতি ডাঙৰীয়া আৰু বিষয়াসকলৰ আশঙ্কাৰ কাৰণ হৈ উঠিল। তেওঁলোকে বৰবৰুৱাক আগৰে পৰা পেটে পেটে ঘিণ কৰিছিল। শেহত তেওঁৰ অতিপাত [ ৫২ ] ক্ষমতা সহিব নোৱাৰি নুমলী বৰগোহাঁয়ে চকৰিফেঁটী নামেৰে বুৰঞ্জী এখন লিখি কীৰ্ত্তিচন্দ্ৰৰ আঁতি-গুৰি উলিয়াই তেওঁক জলমবটা বুলি প্ৰচাৰ কৰি দিলে। কীৰ্ত্তিচন্দ্ৰই ক্ষমতাৰ বলত সাক্ষী গোটাই সেই কথা মিছা বুলি প্ৰমাণ কৰিলে। তাৰ পাচত বুৰঞ্জীবিলাকত মিছা কথা লিখে বুলি যাৰ ঘৰত যিমান বুৰঞ্জী পালে সোপাকে আনি জন্মেজয়ৰ সৰ্পমেধ যজ্ঞৰ দৰে বুৰঞ্জীমেধ যজ্ঞ পাতিলে আৰু অসম-গৌৰৱৰ প্ৰধান সম্বল বহুতো বুৰঞ্জীত অগ্নি-সংযোগ কৰি ভস্মীভূত কৰিলে। বৰবৰুৱাক ৰজাই সমৰ্থন কৰাত আন বিষয়াসকলে তাত বাধা দিব নোৱাৰিলে।

 ৰাজেশ্বৰ সিংহ স্বৰ্গী হোৱাত কোন ৰজা হ’ব এই বিষয়ে আকৌ মত ভেদ হ’ল। ডাঙৰীয়াসকলে স্বৰ্গীয় ৰজাৰ জ্যেষ্ঠ পুত্ৰক সিংহাসনত বহুৱাবলৈ স্থিৰ কৰিলে, কিন্তু কীৰ্ত্তিচন্দ্ৰ তাৰ বিৰুদ্ধে থিয় হৈ লক্ষ্মীসিংহক ৰজা পাতিবলৈ উঠি পৰি লাগিল। ডাঙৰীয়াসকলে ভাবিছিল স্বয়ং ৰুদ্ৰসিংহ স্বৰ্গদেৱে যেতিয়া লক্ষ্মীসিংহক পুত্ৰ বুলি স্বীকাৰ কৰা নাই, তেওঁক সিংহাসনত বহুওৱা উচিত নহব। কীৰ্ত্তিচন্দ্ৰই ভাবিছিল আন ৰকমে। তেওঁ ভাবিছিল যদি ডাঙৰীয়াসকলৰ বাছনি মতে ৰাজেশ্বৰৰ পুত্ৰ সিংহাসনত বহে, তেন্তে তেওঁৰ ক্ষমতা কমি যাব, আৰু তেওঁৰ আঁতি-গুৰি সম্পৰ্কে আকৌ কথা ওলাব। কিন্তু লক্ষ্মী- সিংহৰ নিজৰ গাতে যেতিয়া গোধ আছে, তেওঁ বৰবৰুৱাৰ গোধ নিবিচাৰি তেওঁৰ আঁৰত লুকাবলৈহে বিচাৰিব। দুয়ো ফালে এনেকৈ মত ভেদ হোৱাত দুটা দল গঠিত হ’ল। [ ৫৩ ] কীৰ্ত্তিচন্দ্ৰই আগৰ ৰজাৰ দিনতে তেওঁৰ অসীম ক্ষমতাৰ ব্যৱহাৰ কৰি সৰ্ব্বসাধাৰণৰ মনত আতঙ্ক জন্মাই থৈছিল; এতিয়া সেই কাৰণেই ভয়তে সৰহ ভাগ তেওঁৰ ফলীয়া হ’ল। সৈন্য- সেনাপতি আদি আগৰে পৰা তেওঁৰ অধীনত। তাৰ ফলত কীৰ্ত্তিচন্দ্ৰৰ কথামতেই কাম হ’ল। লক্ষ্মীসিংহই সিংহাসন লাভ কৰিলে। এই কাৰ্য্যত ডাঙৰীয়াসকল বিষণ্ণ হ’ল; পৰ্ব্বতীয়া গোসাঁয়েও তেওঁক ৰজা বুলি স্বীকাৰ নকৰিলে আৰু দীক্ষা নিদিলে। লক্ষ্মীসিংহই তেতিয়া ৰমানন্দ নামে আন এজন বঙালী শাক্ত ভট্টাচাৰ্য্যৰ ওচৰত দীক্ষা ল’লে। এই জনেই ন গোসাঁই।

 কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱা এজন ৰাজনীতিজ্ঞ পুৰুষ, কিন্তু তেওঁৰ জন্মগত দোষে কেতিয়াবা কেতিয়াবা তেওঁক অবাটে লৈ গৈছিল যেয়ে যিহকে কওক বা কৰক, তাত তেওঁৰ কিবা অপমান হ’ল নে নহ’ল, তাকেহে তেওঁ প্ৰধানকৈ লক্ষ্য কৰাত লাগিল। কোনোবাই ফুচফুচাই কথা পাতিলে তেওঁ ভাবে তেওঁৰ আঁতি- গুৰি সম্পৰ্কেহে আলচ কৰিছে। কোনোবাই কিবা কাৰণত হঁহা দেখিলে তেওঁকে হঁহা বুলি ভাবি লয়। নিতান্ত সৰল মানুহে কেতিয়াবা ৰজাঘৰীয়া নিয়ম নজনাত যদি কিবা ঘাটি লগায়, তাকো তেওঁ তেওঁৰ অপমানৰ বাবেই কৰা হৈছে বুলি অনুমান কৰিছিল। এনেকৈয়ে হোৱাই নোহোৱাই মান- অপমানৰ সপোন দেখি তেওঁ বহুত সময়ত নিতান্ত নিৰ্দ্দোষ মানুহৰ প্ৰতিও নৃশংস ব্যৱহাৰ কৰিছিল আৰু তাৰ ফলত সৰ্ব্বসাধাৰণৰ বিৰাগভাজন হৈ পৰিছিল। লক্ষ্মীসিংহই [ ৫৪ ] বৰবৰুৱাৰ কাৰ্য্যত বাধা দিয়া দূৰৰ কথা, ৰাজ্য-পৰিচালনাৰ ভাৰো সম্পূৰ্ণৰূপে তেওঁৰ ওপৰতে ন্যস্ত কৰি নিজে বিশ্ৰাম লৈছিল। ৰাজেশ্বৰসিংহৰ বিধবসকলকে নিজৰ অন্তঃপুৰলৈ আনি বুঢ়া কালত প্ৰেমৰ স্বপ্ন দেখোঁতেই লক্ষ্মীসিংহৰ সময় গৈছিল; বৰচ’ৰালৈকো কেতিয়াবা অকস্মাৎ হে আহিছিল।

 বৰবৰুৱাক লণত নোলোৱাকৈ লক্ষ্মীসিংহ এখোজো নলৰিছিল। নাৱত ফুৰিবলৈ গ’লে, নাইবা আন কোনো ঠাইলৈ যাব লগা হ’লে ৰখীয়া-পৰীয়া লৈ বৰবৰুৱাও যাব লাগিছিল। কোনোবাই ৰজাক সাক্ষাৎ কৰিব লগা হলে আগ ধৰি বৰবৰুৱাৰ অনুমতি লৈহে তেনে কৰিব পাৰিছিল।

 ৰজা হোৱাৰ কিছু দিনৰ পাচতে লক্ষ্মীসিংহ বৰবৰুৱাৰে সৈতে নাৱত ফুৰিবলৈ গৈছিল। দিখৌৱে দি উজাই গৈ তেওঁলোকে এটা ঘাটত নাও বান্ধিলে। দৈবক্ৰমে সেই ঠাইতে নৈৰ পাৰত অষ্টভুজে বাহৰ কৰি আছিল। ৰজাক দেখি সম্ভ্ৰম দেখুৱাই তেওঁ আশীৰ্ব্বাদ কৰিলে, কিন্তু বৰবৰুৱাক একো নকলে। বৰবৰুৱাই তাত অপমান বোধ কৰিলে আৰু ভকত- সকলৰ আগতে অষ্টভুজক অতি অকথ্য ভাষাৰে গালি পাৰিলে, আৰু তেওঁক অপমান কৰাৰ পোটক তুলিব বুলি বৰকৈ হুমিয়ালে। অকল মহন্তকেই নহয়, গোটেই মায়ামৰীয়া সম্প্ৰদায়টোকে ভালকৈ শিকনি দিব বুলি প্ৰতিজ্ঞাও কৰিলে। ৰজাই ইমানতো একো নামাতিলে। অষ্টভুজে সকলো কথা নীৰৱে সহ্য কৰি থাকিল।

————

[ ৫৫ ]

একাদশ অধ্যায়।

নাহৰ খোঁৰা।

 নৌকা-ভ্ৰমণৰ পৰা ঘূৰি আহিও কীৰ্ত্তিচন্দ্ৰই অষ্টভুজৰ কথাকে ভাবিবলৈ ধৰিলে। কেনেকৈ মহন্তৰ ওপৰত প্ৰতিশোধ ল’ব সেয়ে হ’ল তেওঁৰ দিন-ৰাতি চিন্তা। তেওঁ ভাবিলে মৰাণ- মটকবিলাক অষ্টভুজৰ বশ হোৱাৰ বাবেই তেওঁৰ ইমান অহঙ্কাৰ; সিহঁতক নানা ভাবে উৎপীড়ন কৰি লগ এৰুৱাব পাৰিলেই মহন্তৰ সাহ বল নোহোৱা হ’ব। ইয়াকে ভাবি তেওঁ মৰাণ-মটকৰ বিৰুদ্ধে কঠোৰ নীতি অৱলম্বন কৰিবলৈ স্থিৰ কৰিলে৷

 ইয়াৰ কেইদিনমানৰ পাচত এদিন বৰবৰুৱা চ’ৰাতে বহি আছে; কিবা এটা অন্তৰৰ দুৰ্ভাবনা তেওঁৰ বিষন্ন মুখত প্ৰকাশ পাইছে। এনেতে দুৱৰী আহি জনালে,—“দেউতা ঈশ্বৰ। এজন মানুহ আহিছে, নাম নাহৰ। লগত এটা হাতীও আনিছে।”

 বৰবৰুৱাই ক’লে,—“আহিবলৈ ক।”

 ততালিকে নাহৰ সোমাই আহিল আৰু বৰবৰুৱাক সেৱা জনালে।

 বৰবৰুৱা।—নাহৰ, তুমি ইমান পলম কৰিলা কিয়? বছৰ প্ৰায় শেষ হ’ল। এতিয়াহে তুমি আহিবলৈ সময় পালা নে? [ ৫৬ ]  নাহৰ।—বনৰীয়া হাতী জানো কৰোঁ বুলিয়েই বশ কৰিব পাৰি। কিমান কষ্ট কৰি বন্ধা দিন পাৰ নৌহওঁতেই আনিছোঁ তাক মইহে জানিছোঁ।

 বৰবৰুৱা।—পাঁচোওটা আনিছা নহয়?

 নাহৰ।—হয়, আনিছোঁ।

 বৰবৰুৱা।—দুৱৰীয়ে দেখোন এটা বুলিহে ক’লে!

 নাহৰ।—ঠিকেই কৈছে। স্বৰ্গদেৱ আৰু ডাঙৰীয়া তিনি- জনৰ কেইটা গতাই দি আহিছোঁ। এতিয়া আপোনাৰ ভাগৰটোহে বাকী।

 নাহৰৰ কথা শুনি বৰবৰুৱাৰ মুখৰ বৰণ সলনি হল; ওঠ কেইটা কঁপি উঠিল; উত্তেজিত হৈ ক’লে,—“মোক জাননী নিদিয়াকৈ কাৰ আদেশ-মতে তেওঁলোকৰ ওচৰলৈ গৈছিলা?”

 নাহৰ।—মই সেই কথা ভাবিবলৈ নহ’ল; পাঁচ জনক পাঁচোটা দিলেই হ’ল বুলি ভাবিছিলোঁ। সেই দেখি মানমতে এফালৰ পৰা দি আহিছোঁ।

 নাহৰৰ কথাত উগ্ৰমূৰ্ত্তি ধাৰণ কৰি বৰবৰুৱাই বজ্ৰনাদে কবলৈ ধৰিলে,—“কি! মানমতে দিছ! মই মানত কাতকৈ কম! যি ইচ্ছা কৰিলে আজি ৰজাকো সিংহাসনৰ পৰা নমাই মাটিত বহুৱাব পাৰে, সেই কীৰ্ত্তিচন্দ্ৰৰ মান কম! সকলোৱে বাছি এৰা হাতীটোহে মোৰ যোগ্য! তই জাননে আজি এতিয়াই তোক ভৰিৰে মোহাৰি মই দেখুৱাৰ পাৰোঁ মোৰ মান, মোৰ ক্ষমতা কিমান? তই এটা সামান্য মৰাণ হৈ মোৰ মান[ ৫৭ ] অপমান বিচাৰ কৰিবলৈ আহিছ! তই জান নে কীৰ্ত্তিচন্দ্ৰৰ ক্ৰোধৰ হাতৰ পৰা সৰুৱাবলৈ তোৰ ডাঙৰীয়া হে নালাগে স্বৰ্গদেৱৰো সাধ্য নাই?”

 নাহৰে কোনো উত্তৰ নিদিলে। বৰবৰুৱাই আকৌ ক’বলৈ ধৰিলে,-“তহঁতৰ মৰাণ, মটক আটাইবোৰে অষ্টভুজৰ লগ লৈ মোক অপমান কৰিবলৈ ফন্দী কৰিছ। তহঁতেই মোৰ প্ৰধান শত্ৰু। কিন্তু মনত ৰাখিবি মই কীৰ্ত্তিচন্দ্ৰ। তহঁতক এনে শিক্ষা দিম যাক এই জীৱনত পাহৰিব নোৱাৰ। চাওদাং!”

 তিনটা চাওদাং চাপি আহিল। বৰবৰুৱাই ক’লে,— “ইয়াৰ কাণ দুখন কাট।”

 চাওদাঙে তেতিয়াই নাহৰক ধৰি কাণ দুখন কাটি দিলে; তেজৰ ধাৰত তেওঁৰ কাপোৰ-কানি ৰঙা হৈ গ’ল।

 কাণ কাটিলত যদিও নাহৰৰ মূৰ্ত্তি ভীষণ হৈ উঠিছিল তথাপি তেওঁ মুখেৰে একো নক'লে। বৰবৰুৱাই ক’লে,—“যা এতিয়া। বোধ কৰোঁ এই শিক্ষা মনত থাকিব।”

 নাহৰ ওলাই গ’ল। বৰবৰুৱাই আপোনা আপুনি ক’লে, —“ এই মৰাণ জাতটো ধ্বংস কৰিব লাগিব; ইহঁতে মোক গণিতা নকৰে। ইহঁতক বুজাই দিব লাগিব আজি অসমৰ হৰ্ত্তা-কৰ্ত্তা-বিধাতা এই কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱা।”

————

[ ৫৮ ]


দ্বাদশ অধ্যায়।

লখিমী।

 ৰংপুৰ নগৰৰ সীমাত দিখৌ নৈ। নগৰৰ বহুতো মানুহে ইয়াৰ পৰাই পানী খায়; ইয়াতে গা ধোৱে, কাপোৰ ধোৱে। ইপাৰৰ পৰা সিপাৰ হবলৈ বহুতো ঘাট আছে। দিনৌ বহুতো মানুহ এই বোৰ ঘাটে দি অহা যোৱা কৰে।

 এদিন ৰাতিপুৱা এপৰমান সময়ত এজন ডেকা মানুহ এটা ঘাটেদি নগৰৰ ফাললৈ পাৰ হ’ল। মানুহজন হৃষ্ট-পুষ্ট, বৰণ একপ্ৰকাৰ বগাকে বুলিব পাৰি; হাত-ভৰি, চকু-কাণ, নাক-মুখ সকলো গঢ়িত। নৈৰ দাঁতিয়ে দি গৈ থাকোঁতে এবাৰ নৈৰ ফাললৈ তেওঁৰ চকু পৰিল আৰু লগে লগেই গতি বন্ধ হ’ল। লাহে লাহে তেওঁ পাৰৰ গছ এজোপাৰ তললৈ গ’ল। তেওঁৰ চকু থাকিল পানীৰ ফালে।

 তেতিয়া নৈত গা ধুই এগৰাকী গাভৰু তিতা তিয়নিৰে ওপৰলৈ উঠি আহিছিল। গাৰ কাপোৰ গাত লিপিট খাই ধৰাত তেওঁৰ গতি ধীৰ আৰু কিছু অস্বাভাবিক হৈছিল। দীঘল ক’লা চুলিতাৰ পিঠিফালে সিঁচৰতি হৈ কলাফুললৈকে ওলমি পৰিছিল। ডেকাই চকু নভঙাকৈ গাভৰুলৈ চাই থাকিল।

 গাভৰুৱে প্ৰথমতে ডেকাক মন কৰা নাছিল; হঠাৎ চকুত পৰাত তেওঁ কিছু সঙ্কোচ বোধ কৰিলে আৰু কাপোৰ-কানি ভালকৈ ল’বৰ চেষ্টা কৰিলে। কিন্তু তিতা কাপোৰ যিমানেই [ ৫৯ ] টানি-আজুৰি ভাল কৰিব খোজে সিমানেই আভজা হৈহে পৰে। ইয়াৰ ভিতৰতে তেওঁ ডেকালৈ কেইবাবাৰো চকু ঘূৰাব লগা হৈছিল। গাভৰুৰ আহুকাল অনুমান কৰিয়েই হ’ব পায় ডেকাই ইমানতে সেই ঠাই এৰিলে। গাভৰুৱে তেতিয়া চাৰিওফাললৈ চকু ৰাখি তিতা কাপোৰ আধা চেপা কৰি ল’লে আৰু পাৰত আগতে পানী ভৰাই থোৱা কলহটো কাষত লৈ ঘৰলৈ খোজ ল’লে। ডেকা যদিও গাভৰুৱে নেদেখা হৈ আছিল, তথাপি সেই ঠাই এৰি একেবাৰেই যোৱা নাছিল। এতিয়া গম নলগোৱাকৈ গাভৰুৰ পিচ ল’লে, আৰু পাদক্ষেপৰ লগে লগে সঞ্চালিত পশ্চাদ্ভাগত দৃষ্টি নিবদ্ধ কৰি আগ বাঢ়িল।

 গাভৰু গৈ ওচৰৰে ঘৰ এখনত সোমাল। ডেকাই ঘৰখন চিনি থৈ বাটে বাটে আন ফালে দি গ’ল।

 ইয়াৰ পাচত এই ডেকা গাভৰু যুগলৰ এনে অভিনয় মাজে- সময়ে চলি থাকিবলৈ ধৰিলে। ডেকাই কেতিয়াবা কপৌ ফুল, কেতিয়াবা বকুল ফুলৰ মালা, কেতিয়াবা আন বস্তু গাভৰু উঠি অহা বাটত থৈ আঁৰত লুকাই থাকে। গাভৰুৱে সেইবোৰ দেখে আৰু সেইবোৰ যে সেই ডেকাৰ উপহাৰ তাকো বুজে। প্ৰথমতে তেওঁ সেইবোৰ চায়েই গুচি গৈছিল; তুলি লোৱা নাছিল।

 এই গাভৰুগৰাকীৰ নাম লখিমী, টাৰিমুৱা ভণ্ডাৰী বৰুৱাৰ জীয়েক। ডেকাজন হৈছে নাহৰৰ পুতেক ৰমাকান্ত। ৰমাকান্ত মাজে মাজে কিবাকিবি কামত নগৰলৈ আহে আৰু কাম শেষ হ’লেই গুচি যায়। কিন্তু লখিমীক দেখিবৰ দিনাৰে পৰা তেওঁ [ ৬০ ] নগৰলৈ ঘনাই অহা হ'ল আৰু কাম নাথাকিলেও নগৰৰ কাষৰতে দুই-এদিন থকাৰ দিহা কৰি ল’লে।

 ৰমাকান্তৰ লগত ঘনাই দেখা হৈ থকাত লখিমীৰ সঙ্কোচ আঁতৰ হ’ল। তেওঁ শেহত ৰমাকান্তৰ উপহাৰ তুলি ল’লে। ৰমাকান্তৰ সাহ জন্মিল। মানুহ-দুনুহ চাই-চিতি এদিন তেওঁ লখিমীৰ আগত থিয় দিলে। লখিমীয়ে তেওঁৰ মুখলৈ চাই তলমূৰ কৰিলে; কোনো ভয়ৰ লক্ষণ দেখা নগ’ল। ৰমাকান্তৰ সাহ আৰু বাঢ়িল। তেওঁ ক’লে,—“ভয় নাখাবা, মই মাত্ৰ তোমাক কথা এটা সুধিব খুজিছোঁ। তোমাক বিয়া কৰাবৰ মোৰ মন। মই মৰাণ-নায়ক নাহৰৰ পুত্ৰ। তোমাৰ মত আছে নে নাই মই জানিব খোজোঁ।”

 বাৰে বাৰে সোধাতে লখিমী নিমাত হৈ থাকিল, কিন্তু ৰমাকান্তই উত্তৰ নোপোৱাকৈ নেৰিলে। শেহত লখিমীয়ে অতি মিহি মাতেৰে ক’ব লগাত পৰিল,—“আছে।”

 তৎক্ষণাৎ ৰমাকান্তই লখিমীৰ হাতত ধৰি এটা আঙঠি পিন্ধাই দিলে। লখিমী লৰালৰিকৈ আঁতৰ হ’ল। ৰমাকান্তও আন ফালে দি গুচি গ’ল।

———

[ ৬১ ]

ত্ৰয়োদশ অধ্যায়।

ৰাঘৱ মৰাণ।

 দুপুৰীয়া বেলিৰ খাওঁ খাওঁ মূৰ্ত্তি। ৰংপুৰৰ ৰাজ আলিত ক’তো জন-প্ৰাণী নাই! আলিৰ দুয়ো কাষে গছ-গছনিৰ মাজত মানুহৰ ঘৰ, তাৰ পৰাই মাজে মাজে যি মানুহৰ মাত শুনা গৈছে। এনে সময়ত এজন মানুহ ৰজাৰ নগৰৰ ফালৰ পৰা আহি আছিল। মানুহজন শকত আৱত; গাত সাধাৰণ মানুহ তিনি-চাৰিজনৰ বল আছে; চকুৰ দৃষ্টি তীব্ৰ। সাজ-পাৰ সাধাৰণ ভাল মানুহৰ নিচিনা।

 হলঙাহলঙ্ খোজেৰে তেওঁ আগ বাঢ়িব লাগিছে। তেওঁৰ বোধ কৰোঁ কিবা লৰালৰি কাম আছে, নহ’লে বহুত দূৰৈলৈ যাব লাগিব; কিয়নো তেওঁ ইমান বেগাই গৈছে যে সম্মুখৰ বাহিৰে আন কোনো ফাললৈ লক্ষ্য কৰা নাই। কিছুমান বাট এনেকৈ যোৱাৰ পাচত হঠাৎ পিচ ফালে শব্দ শুনি তেওঁ চকখাই উঠিল। পিচ মুহূৰ্ত্ততে দুটা চাওদাঙে আগ ভেটি ধৰি সুধিলে,—“তই কোন?”

 মানুহজনে বিৰক্তিৰে উত্তৰ দিলে,—“মই যেয়ে হওঁ, তহঁতক কেলেই? মই এটা বাটৰুৱা।”

 এই দৰে কৈয়েই তেওঁ যাব খুজিলে। কিন্তু চাওদাঙে বাধা দি সুধিলে,—“তোৰ নাম কি?” [ ৬২ ]  মানুহ।—মোৰ নাম ৰাঘৱ মৰাণ।

 চাওদাঙে তেওঁৰ হাতত ধৰি ক’লে,—“বৰবৰুৱাৰ আদেশ- মতে তোক আমি বন্দী কৰিলোঁ। এতিয়া বৰবৰুৱাৰ ওচৰলৈ যাব লাগিব।”

 চাওদাঙৰ কথাত ৰাঘৱৰ গঢ় লৰিল; কপালৰ গাঁঠি থোঁপা হ’ল। তেওঁৰ মূৰ্ত্তি দেখি এনেহে বোধ হৈছিল যেন তেওঁ দুয়োটাকে আছাৰি মাৰিব। কিন্তু তেওঁ একো নকৰিলে; একো নামাতিলে; চাওদাঙৰ নিৰ্দ্দেশমতে আকৌ উলটি খোজ ল’লে।

 সেই দিনা ৰাঘৱে ৰজা ঘৰত খৰি যোগাবলৈ গৈছিল। বৰবৰুৱাক জাননী দি ভঁৰালত খৰি গতাই দিওঁতেই দুপৰ পাৰ হ’ল। আহিবৰ সময়ত বৰবৰুৱাক সেৱা জনাই অহাটো নিয়ম। ৰাঘৱেও নিয়ম মতে বৰবৰুৱাৰ ওচৰত বিদায় লবলৈ গ’ল। কিন্তু বৰবৰুৱা তেতিয়া চ’ৰাত নাছিল। দুৱৰীয়ে কলে বোলে তেওঁ মেলত বহিছে। ডাঙৰ লোকৰ ডাঙৰ খাৱন যে সোনকালে শেষ নহয় তাক ৰাঘৱে জানিছিল; সেই কাৰণে লগ পাব খুজিলে কিমান পৰ ৰব’ লাগিব তাৰ ঠিক নাছিল। ইফালে ভোকত পেটতো শাণে কটা দি কাটিছিল। কিছু সময় অপেক্ষা কৰি তেওঁৰ আমনি লাগিল। তেতিয়া দুৱৰীক কাবৌ-কোকালি কৰি বৰবৰুৱাৰ পুতেকৰ লগ ধৰি সকলো কথা দেউতাকক কবলৈ কৈ তেওঁ বিদায় ল’লে।

 ভোজনৰ অন্তত কথাটো শুনি বৰবৰুৱা খঙত একো নাই হ’ল, আৰু তেতিয়াই চাওদাং দুটাক ৰাঘৱক বাটৰ পৰা ধৰি

আনিবলৈ আদেশ দিলে।

[ ৬৩ ]  চাওদাং দুটাই লৰ দিলে। বৰবৰুৱাই নিজে নিজে ক’লে,—“নাই, নোৱাৰি, আৰু সহিব নোৱাৰি। ই নিশ্চয় অষ্টভুজৰ কাম। সি মোক পদে পদে লঘু লাঞ্ছনা কৰিছে। উঃ! তাৰ ইমান স্পৰ্ধা! একে লগে একেখন নাৱতে যাওঁতে- ও সি অকল স্বৰ্গদেৱক হে দেখিলে; মোলৈ কেৰাহি কৰিও নাচালে। অকল সিয়েই মোক অপমান কৰি এৰা নাই, শিষ্যবিলাককো মোক অপমান কৰিবলৈ উচটাই দিছে। নহলে এটা সামান্য খৰি-যোগনিয়াৰৰ ইমান সাহ হয় নে? বাৰু দেখা যাওক; ময়ো কীৰ্ত্তিচন্দ্ৰ, মোৱামৰীয়াহঁতক উচ্ছন্ন কৰি মোৰ কীৰ্ত্তি ৰাখিম।”

 এনেতে ৰাঘৱক লৈ চাওদাং দুটা সোমাই আহিল। সকলোৱে সেৱা জনাই হাত যোৰকৈ থিয় দি থাকিল। ৰাঘৱলৈ চাই বৰবৰুৱাই ক’লে,—“তই ৰাঘৱ মৰাণ!”

 ৰাঘৱে মূৰ দোৱাঁই সম্মতি জনালে।

 বৰবৰুৱা।— তই মোক সেৱা নকৰাকৈ গৈছিলি কিয়? সেইটো অপৰাধ বুলি তই নাজান?

 ৰাঘৱ।—জানো। মই আহি—

 বৰবৰুৱা।—হৈছে। মনে মনে থাক। চাওদাং ইয়াক পেৰেঙনিত বান্ধ।

 তৎক্ষণাৎ চাওদাং দুটাই ৰাঘৱক বান্ধিলে। ৰাঘৱে ক’লে,—“মোৰ দোষ এই বৰলৈ ক্ষমা কৰক। মই আহি—

 বৰবৰুৱা।—সাৱধান! বক বক নকৰিবি, নতুবা মূৰ যাব। চাওদাং, চমটা লগা৷ [ ৬৪ ]  চাওদাঙে তেতিয়াই উধাই-মূধাই চমটাৰে কোবাবলৈ ধৰিলে। কোবত ৰাঘৱৰ পিঠি ছিৰাছিৰ হৈ ফাটিল আৰু কাপোৰ-কানি তেজেৰে ৰাঙলী হ’ল। কুৰি কোবমান মৰা হলত বৰবৰুৱাই ক'লে—“এতিয়া মেলি দে।” তাৰ পাচত ৰাঘৱলৈ চাই ক'লে,—“মনত ৰাখিবি মোক অবজ্ঞা কৰাৰ এয়ে প্ৰতিফল।”

 ইমান কোবতো ৰাঘৱ কোঁট-কাঁট নকৰিলে; মেলি দিলতো কোনো কথা নকলে। তেওঁৰ মুখৰ গঢ় তেতিয়া এনে হৈছিল যে চিকাৰৰ ওপৰত জঁপিয়াই পৰিবলৈ ধৰা এটা বাঘ হে। চকুৰ পৰা যেন ফিৰিঙতিহে উফৰিছিল।

 বৰবৰুৱাই ক'লে,—“যা, গুচ মোৰ আগৰ পৰা।”

 ৰাঘৱে নামাতিলে; ধীৰে ধীৰে ওলাই গ'ল। যাবৰ সময়ত বৰবৰুৱালৈ এবাৰ এনেভাবে চাই গ'ল যে সেই দৃষ্টিত বৰবৰুৱাৰো বুকু কঁপি উঠিছিল।

[ ৬৫ ]

চতুৰ্দ্দশ অধ্যায়।
মন্ত্ৰণা।

 মায়ামৰীয়াৰ যুদ্ধৰ আয়োজন প্ৰায় সম্পূৰ্ণ হৈছে। ৰাঘৱ আৰু ৰমাকান্তৰ যত্নত সকলো মৰাণ মটক তলে তলে যুঁজাৰু হৈ উঠিছে। তেওঁলোক আগৰে পৰা যুঁজাৰু আছিল; সেই কাৰণে সহজেই যুদ্ধবিদ্যা আয়ত্ত কৰিব পাৰিছিল। ইফালে ৰাধা আৰু ৰুক্মিণীয়েও দুটা নাৰী-বাহিনী গঠন কৰি তুলিছে। অষ্টভুজৰ অনুমতি লৈ যুদ্ধ ঘোষণা কৰিবলৈ মাথোন বাকী।

 নাহৰ বা ৰাঘৱৰ কাৰো এইবাৰ ৰজা ঘৰত কৰ শোধাবৰ মন নাছিল। কিন্তু তাকে কৰিলে তেওঁলোক সাজু হোৱাৰ আগতে ৰজাঘৰৰ পৰা অত্যাচাৰ আৰম্ভ হ'ব পাষে আৰু তেওঁলোকৰ আয়োজন ব্যৰ্থ কৰিব পাৰে। এইবোৰ ভাবি চিন্তিহে মূৰামূৰি সময়ত শেষবাৰলৈ বুলি কৰ শোধালে। কিন্তু তাৰ ফল হ'ল বৰবৰুৱাৰ হাতত অভাবনায় লাঞ্ছনা।

 নাহৰৰ ঘৰত নাহৰ, ৰাঘৱ, ৰমাকান্ত, ৰাধা আৰু ৰুক্মিণী মিলি এতিয়া তেওঁলোকৰ কৰ্ত্তব্য কি তাৰ আলোচনা কৰিলে। ৰাঘৱৰ সেই দিনাই যুদ্ধ ঘোষণা কৰিবৰ মন। ৰাধা আৰু ৰুক্মিণীৰো তাত সম্পূৰ্ণ মত। কিন্তু নাহৰে ক'লে,—“আগেয়ে আমি গুৰুৰ ওচৰলৈ যাওঁ। তেৰাৰ আদেশ নোপোৱাকৈ আমি কোনো কাম হাতত ল'ব নোৱাৰোঁ।”

[ ৬৬ ]  তেতিয়া আটাইকেইজন অষ্টভুজৰ ওচৰলৈ ওলাল।

 কীৰ্ত্তি বৰবৰুৱাৰ ওচৰত অপমান পাবৰ দিনাৰে পৰা অষ্টভুজৰ মন মৰা। তেওঁ কি ভাবে কাম হাতত ল’ব, কেনেকৈ তেওঁৰ শিষ্যবৰ্গক ৰক্ষা কৰিব ইয়াকে মাথোন দিনে-ৰাতিয়ে ভাবিছে।

 নাহৰ আৰু তেওঁৰ সঙ্গীসকলে গুৰুৰ ওচৰ পাই সেৱা- সৎকাৰ কৰি তেওঁলোকৰ দুখ-দুৰ্গতিৰ সকলো কথা নিবেদন কৰিলে, আৰু ততালিকে যুদ্ধ ঘোষণা কৰিবলৈ অনুমতি খুজিলে।

 অষ্টভুজ নিজে লাঞ্ছিত। এতিয়া আকৌ নাহৰ আৰু ৰাঘৱৰ লাঞ্ছনাৰ কথা শুনিলে। তেওঁ আৰু স্থিৰ থাকিব নোৱাৰিলে। তেওঁ ক'লে,—“যুদ্ধ-বিগ্ৰহ আমাৰ কাম নহয় বুলিয়েই ইমান দিন সহ্য কৰিলোঁ, কিন্তু এতিয়া সহনৰ সীমা পাৰ হৈ গ'ল। আৰু নোৱাৰি, এইবাৰ যুদ্ধ কৰিবই লাগিব। কিন্তু এতিয়াও ঠিক সময় হোৱা নাই, দিনচেৰেক অপেক্ষা কৰাঁ।”

 ৰাঘৱ।— নহয় প্ৰভু, আৰু অপেক্ষা কৰিবলৈ নক’ব। বিনাদোষত বৰবৰুৱাৰ হাতত শাস্তি খাই মই মনে মনে প্ৰতিজ্ঞা কৰি আহিছোঁ অতি শীঘ্ৰে ৰজা বৰবৰুৱা দুইকো বন্দী কৰি চমটাৰ সোৱাদ বুজাই দিম, আৰু মই নিজে বৰবৰুৱা হম। সেই বাবেইহে জলম বটা গেন্ধেলাৰ তেজ নিপিয়াকৈ এৰি আহিলোঁ। নহলে তেতিয়াই তাক মাৰি ময়ো মৰিলোঁহেতেন।

[ ৬৭ ]  ৰাধা।—প্ৰভু জগন্নাথ! ময়ো এষাৰ কওঁ, দায়-দোষ নধৰে যেন। আজি কত দিনৰ পৰা আয়োজন হৈছে, কাম হ'লে একো হোৱা নাই। আমাৰ ওপৰত অত্যাচাৰ দিনে দিনে বাঢ়িবই লাগিছে। সেই কাৰণে হাৰোঁৱেই বা জিকোঁৱেই আৰু বাট চোৱা উচিত নহয়।

 ৰুক্মিণী।—মৰাৰ দৰে গা পাতি দি নিৰ্য্যাতন ভোগ কৰাতকৈ যুদ্ধ কৰি মৰা বহুত গুণে ভাল। পুৰুষসকলে সহি থাকিলেও আমি নসহোঁ। আমি আমাৰ নাৰী-বাহিনী লৈ যুদ্ধত নামিম। ভবিষ্যৎ ভাবিবৰ সময় নাই।

 নাহৰ।—তোমালোক ৰ'বাচোন, আগেয়ে প্ৰভুৱে কি কয় শুনি লোৱাঁ।

 অষ্টভুজ।—তোমালোকৰ ব্যগ্ৰতা দেখি বুজিছোঁ, এনে আন্তৰিক উদ্যম অথলে নাযায়। আমাৰ জয় লাভ হবই। কিন্তু যদি দেখা যায় আমাৰ জয় লাভ আৰু সহজ কৰিব পাৰি, তেন্তে আৰু দুই-চাৰি দিন বাট চোৱাত হানি নহয়। মোৰ কথা শুনা, —মোহনমালা গোহাঁই নিৰ্ব্বাসিত, তেওঁৰ অপৰাধ হৈছে তেওঁ পৰ্ব্বতীয়া গোসাইক গুৰু লোৱা নাই। মই জানো বিষয়াসকলৰ ভিতৰত যি সকল মহাপুৰুষীয়া আছে তেওঁলোকে মোহনমালাক এতিয়াও ৰজা পাতিলে ভাল পায়। আকৌ লক্ষ্মীসিংহক বৰবৰুৱাই গাৰ বলেৰে ৰজা পতাত বহুতো ডা-ডাঙৰীয়া অসন্তুষ্ট। তেওঁলোকেও মোহনমালাক সমৰ্থন কৰিব। সেই কাৰণে ৰজা পাতি বুলি মোহনমালাক আমাৰ দললৈ [ ৬৮ ] আনিব পাৰিলে ৰজাঘৰীয়া বিষয়াৰো আধা-আধি আমাৰ ফলীয়া হ'ব। তেওঁলোকে আমাক দেখাদেখিকৈ সাহায্য নকৰিব পাৰে, কিন্তু ৰাজশক্তিক দুৰ্ব্বল কৰিব। এইখিনি কাম কৰোঁতে বেচি দিন নালাগে, কিন্তু যদি আমাৰ ইচ্ছামতে কাম হয় জয়লাভ সোনকাল হ'ব।

 ৰাঘৱে যদিও প্ৰস্তাবটো বৰ ভাল পোৱা নাছিল, তথাপি বাকী সকলোৱেই অষ্টভুজৰ কথাত হয় দিলে। তেতিয়াই অষ্টভুজৰ পুত্ৰ সপ্তভুজ আৰু ৰমাকান্তক মহন্ত আৰু শিষ্যৰ প্ৰতিনিধিস্বৰূপে মেহনমালাৰ ওচৰলৈ পঠোৱা হ'ল। অষ্টভুজে তেওঁলোকক ক'লে,—“তোমালোক অতি সাৱধানে যাবা। যদিও মোহনমালা নিৰ্ব্বাসনত, তথাপি তেওঁৰ গতি বিধি লক্ষ্য কৰিবলৈ যথেষ্ট চৰ আছে। তোমালোকৰ কাম অতি গোপনে হ’ব লাগিব। লগত দহজনমান মানুহ নিবা আৰু বেলেগ বেলেগ ঠাইত ৰাখিবা, যাতে কোনো বিপদৰ সম্ভাবনা দেখিলে তেওঁলোকে সাহায্য কৰিব পাৰে।

 সপ্তভুজ আৰু ৰমাকান্তক পঠিয়াই অষ্টভুজে বাকী কেইজনক ক'লে,—“মোহনমালাই যোগ দিলে ভাল; নিদিলেও এইবাৰ যুদ্ধ হবই। আঠ-দহদিনৰ ভিতৰতে যুদ্ধ ঘোষণা কৰা হ'ব, তোমালোক সাজু হোৱাঁগৈ।”

 সকলোৱে অষ্টভুজক সেৱা কৰি বিদায় ল'লে।

[ ৬৯ ]

পঞ্চদশ অধ্যায়।
মোহনমালা।

 নামৰূপৰ এখন অটব্য অৰণ্য। প্ৰকাণ্ড প্ৰকাণ্ড গছ, নানাজাতীয় বনৰীয়া লতা আৰু অ'ত ত'ত দুই এটা পুখুৰী। ইয়াৰ মাজতে এটা পঁজাত মোহনমালা। ৰজাৰ কাৰেঙত ডাঙৰ-দীঘল হোৱা, মহাসুখত উঠা ৰাজকুমাৰৰ আজি এই বনবাস। অপৰাধ—আনৰ হাতৰ পুতলা হৈ নিজৰ স্বাধীন মত এৰিবলৈ তেওঁৰ অনিচ্ছা। তেওঁ নিজ দুৰ্ভাগ্যৰ কথা ভাবিয়েই মাথোন কাল কটাইছে; বয়সতকৈ বেচি বুঢ়া হৈছে। এদিন তাবেলি তেওঁ পুখুৰী এটাৰ পাৰত বহি একেৰাহে পানীলৈ চাই আছিল। তেতিয়া বতাহ বলছিল আৰু পানীত ঢৌ উঠিছিল। বহুত বেলি উদাস দৃষ্টিৰে চাই থাকি তেওঁ আপোন মনতে ক'লে,— “এই পানীত অলেখ ঢৌ উঠি পাৰত খুন্দা খাই উলটি আহিছে; অৱস্থাৰ একো পৰিবৰ্ত্তন হোৱা নাই। মোৰ বুকতো এনে কত শত-সহস্ৰ ঢৌ দিনে-ৰাতিয়ে উঠিব লাগিছে, আকৌ তাতেই মাৰ গৈছে; জীৱনৰ গতিত অলপো লৰচৰ ঘটা নাই। কি এক বিৰাট কল্পনাৰ ৰাজ্যত ঘূৰিছোঁ! কিন্তু সেই কল্পনাৰ কাৰ্য্যাৱলী ক্ষুদ্ৰ বুদ্বুদৰ দৰে [ ৭০ ] কালৰ প্ৰৱাহত মাৰ গৈছে। মোৰ জীৱন এনেকৈয়ে যাব নে! এনে মৃতকল্প অৱস্থাত জীয়াই থকাতকৈ মৃত্যুও সহস্ৰগুণে ভাল।”

 অলপ ৰৈ আকৌ ক'লে,—“মোক বনত মেলিও সিহঁতৰ শান্তি হোৱা নাই। মোক হত্যা কৰিবলৈ গুপ্ত ঘাতক ঘূৰিব লাগিছে। সিহঁতক সুযোগ দিয়াই এতিয়া মোৰ কৰ্ত্তব্য। জীয়াই থাকি যেতিয়া একো কৰিব নোৱাৰে মৃত্যুৰ হাতত নিজক উচৰ্গা কৰি শান্তি বিচৰাই এতিয়া একমাত্ৰ পথ।”

 হঠাৎ পিচফালে শুকান পাতৰ মৰমৰণি শুনি তেওঁ চক খাই উঠিল আৰু সেই ফাললৈ চকু ঘূৰালে। তেওঁ দেখিলে এটা মানুহে তেওঁক লক্ষ্য কৰি এপাট যাঠি দাঙিছে; এই তেওঁৰ পিঠিত সোমাই আৰু! তেওঁ ঘটনাটো ভালকৈ বুজিবলৈ নৌ পাওঁতেই হঠাৎ এখন চিকমিকীয়া তৰোৱালৰ কোবত মানুহটোৰ মূৰ ছিটিকি পৰিল, আৰু তেওঁৰ সন্মুখত থিয় দিলে দুজন সশস্ত্ৰ যুৱক। মোহনমালাই একো বুজিব নোৱাৰি সুধিলে,— “কোন তোমালোক? কি লাগে?”

 এই যুৱক দুজনৰ এজন ৰমাকান্ত আৰু আন জন সপ্তভুজ। গুপ্তঘাতকক বধ কৰাজনেই ৰমাকান্ত। ৰমাকান্তই ক'লে,— “স্বৰ্গদেৱ! আমি আপোনাৰ দাস, আপোনাক লগ ধৰিবলৈ আহিছোঁ।”

 মোহন।—স্বৰ্গদেৱ! মোক স্বৰ্গদেৱ বুলিছা! তোমালোকে মোক পেংলাই কৰিছা! আজি এই ৰাজ্যত মোতকৈ নিৰ্জ্জীৱ, [ ৭১ ] মোতকৈ দীন-দৰিদ্ৰ, মোতকৈ অপমানিত, লাঞ্ছিত আৰু কোনো নাই। মই আজি সকলোৰে পতিত্যক্ত, ঘৃণিত বন্দী।

 ৰমা।—কেতিয়াও নহয় স্বৰ্গদেৱ। আনৰ নহ'ব পাৰে, কিন্তু মৰাণ মটকৰ আপুনিয়েই স্বৰ্গদেৱ। কি ৰাজেশ্বৰ সিংহ, কি লক্ষ্মীসিংহ কাকো আমি স্বৰ্গদেৱ বুলি মনা নাই। আজি ইমান দিন আপোনাক সিংহাসনত বহুৱাবলৈকে আমি আয়োজন কৰি আহিছোঁ। এতিয়া আয়োজন সম্পূৰ্ণ। এতিয়া আপুনি আমাৰ নেতৃত্ব ল'লেই আমাৰ আয়োজন সফল হ'ব। আমিয়েই এই আয়োজনত লগা নাই। ইয়াত গুৰুৰ সম্পূৰ্ণ সম্মতি আৰু সহযোগিতা আছে।

 মোহন।—মই তোমালোকক চিনি পোৱা নাই।

 ৰমা।—মই মৰাণ-নায়ক নাহৰৰ পুত্ৰ আৰু এওঁ আমাৰ গুৰুৰ পুত্ৰ সপ্তভুজ। আমাৰ সৌভাগ্য, ঠিক মুহুৰ্ত্ততে আমি পালোঁহি; নতুবা আমাৰ সকলো আয়োজন ব্যৰ্থ হ'লহেতেন।

 মোহন।—তোমালোকৰ কথা সঁচা নে?

 সপ্তভুজ।—একেবাৰেই সচাঁ চন্দ্ৰ-সূৰ্য্য, বায়ু-বৰুণ সকলোকে সাক্ষী কৰি কৈছোঁ, আমাৰ কথাত মিছাৰ লেশমাত্ৰ নাই। আপুনি কেনেবাকৈ অবিশ্বাস কৰে বুলিয়েই পিতাই তেওঁৰ প্ৰতিনিধিস্বৰূপে মোকো পঠিয়াই দিছে।

 মোহন।—তোমালোকৰ আয়োজনেই যে যথেষ্ট হ'ব তাৰ নিশ্চয়তা ক'ত?

[ ৭২ ]  ৰমা।—স্বৰ্গদেৱে জানে বহুতো বিষয়া আপোনাৰ ফলীয়া আছিল; তেওঁলোক এতিয়াও তেনে হৈয়েই আছে। আকৌ বৰ্ত্তমান ৰজাৰ সমৰ্থক বেচি নাই; বৰবৰুৱাৰ বলতেই ৰাজপাট খাইছে মাথোন। আপোনাক পালে সৰহ ভাগেই আপোনাৰ লগ ল'ব বুলি মোৰ বিশ্বাস।

 সপ্তভুজ।—কীৰ্ত্তি বৰবৰুৱাই আমাৰ ওপৰত কিছু সন্দেহ কৰিছে বুলি ধাৰণা জন্মিছে। আৰু বোধ কৰোঁ, আপুনি আমাৰ লগত যোগ দিব পাৰে বুলি আশঙ্কা কৰিয়েই গুপ্ত ঘাতক নিযুক্ত কৰিছে। সেই কাৰণে আপুনি সাৱধানে থাকিব। দুই-এদিনতে আমি আপোনাক লৈ যামহি আৰু যুদ্ধ ঘোষণা কৰিম।

 মোহন।—মোৰ নিমিত্তে ভাবিব নালাগে। ইমান দিন জীৱনৰ স্পৃহা নাছিল; সেই কাৰণেই গুপ্ত ঘাতক চাপিব পাৰিছিল। আৰু নোৱাৰে।

 ইয়াৰ পাচত মোহনমালাৰ প্ৰশ্নৰ উত্তৰত ৰমাকান্তই আয়োজনৰ বিশেষ বিবৰণ দি সুধিলে,—“কেতিয়া স্বৰ্গদেৱক নিবলৈ আহিম?”

 মোহন।—আজিয়েই মই ক'ব নোৱাৰোঁ। মই এজন মানুহক তাৰ আগতে লগ পাব খোজোঁ। তেওঁ মোৰ অতি বিশ্বাসৰ মানুহ আছিল। তেওঁ হৈছে টাৰিমুৱা ভণ্ডাৰী বৰুৱা। তুমি তেওঁক লগ ধৰি গোপনে মোক সাক্ষাৎ কৰিবলৈ ক’বা। মোৰ বিশ্বাস, মোৰ কথা ক'লে তেওঁ নহাকৈ নাথাকে।

[ ৭৩ ]  তেতিয়া ৰমাকান্ত আৰু সপ্তভুজে বিদায় ল'লে। মোহনমালাই অতীত-ভবিষ্যতৰ নানা কথা ভাবিবলৈ ধৰিলে; নিজে নিজে ক'লে,—“এওঁলোকৰ কথাত মোৰ প্ৰত্যয় জন্মিছে, নিশ্চয় মোৰ ইচ্ছা পূৰ্ণ হ'ব। যদি কৃতকাৰ্য্য হওঁ, অন্যায়- অধৰ্ম্মৰ শাসন লোপ কৰিম, ধৰ্ম্মৰাজ্য স্থাপন কৰিম, শান্তিময় নতুন অসম গঢ়ি তুলিম।”

[ ৭৪ ]

ষোড়শ অধ্যায়।
জ্যোতিষীৰ ভাগ্য-গণনা।

 টাৰিমুৱা ভণ্ডাৰী বৰুৱাৰ ঘৰ ৰাজ আলিৰ পৰা অলপ দূৰতে, আলিৰ পৰাই দেখা যায়। তেতিয়া আবেলি। আগকালে কোনো নাছিল। চ'ৰা ঘৰত চৈধ্য-পোন্ধৰ বছৰীয়া এজনী ৰূপহী ছোৱালী। তেওঁ এখন পীৰাত বহিছে। আগত এটা যঁতৰ, আৰু কন্যাৰী পাতেৰে মেৰিওৱা এমুঠা পাঁজি। ছোৱালীজনীয়ে তাৰ পৰা একো সেৰাকৈ উলিয়াই যঁতৰত সূতা কাটিছে আৰু মুখেৰে গুণগুণাই নাম গাইছে,—

হাতৰ পাঁজি সেৰা
বতাহত কঁপিছে,
 পাকতে কঁপিছে শলা।
ৰামচন্দ্ৰক দেখা পাই
সীতাৰ হাত কঁপিছে,
 কেনেকৈ পিন্ধাব মালা।
হিয়াৰে মাজতে
ধুমুহা বলিছে,
 ৰৈ ৰৈ কঁপিছে বুকু।

[ ৭৫ ]

যাকে চাব খোজে
চাবকে নোৱাৰে,
 লাজে মুদাই ধৰে চকু।

 নাম গাই থাকোঁতেই পদূলি পাৰ হৈ এজন ডেকা সোমাই আহিল। তেওঁ গাভৰুতকৈ আঠ-ন বছৰৰ ডাঙৰ হ’ব। তেওঁ কোনো সা-সঁহাৰি নলগোৱাকৈ আহি চ’ৰাৰ মুখত থিয় হ'ল আৰু নীৰৱে গীত শুনি থাকিল। ছোৱালীজনীয়ে তেতিয়া সূতা কটা আৰু নাম গোৱাৰ বাহিৰে আন একোলৈকে মন দিয়া নাছিল।

 হঠাৎ যঁতৰৰ বটিয়াডাল ছিগিল; লগে লগে তেওঁৰ চিন্তাৰ ধাৰ আৰু কাৰ্য্যৰ গতিত বাধা পৰিল। তেওঁ মূৰ দাঙি চাই দেখিলে দুৱাৰ মুখত ৰমাকান্ত। তেওঁ খক মককৈ কাপোৰ- কানি ভালকৈ ল'লে; গাল দুখনত অলপ লাজৰ ৰহণ দেখা গ'ল।

 ছোৱালীজনী লখিমী। ৰমাকান্তৰ লগত তেওঁৰ সাক্ষাৎ নৈৰ ঘাটতে। এনেকৈ তেওঁ ঘৰলৈ কেতিয়াও অহা নাছিল। লখিমীয়ে ভয় খালে; দেউতাকে দেখিলে যদি খং কৰে! লখিমীয়ে ক'লে—“তুমি এনেকৈ নহাইহে ভাল আছিল।”

 ৰমা।—কিয়? অহাত তেনেহলে তুমি বেয়া পাইছা?

 লাখিমী।—মই নাপালেও আনে বেয়া পাব পাৰে।

[ ৭৬ ]  ৰমা।—কোনে?

 লখিমী।—দেউতাই। দেউতাই এতিয়া মোক কালৈকো বিয়া নিদিয়ে।

 ৰমা।—কিয়?

 লাখিমী।—জ্যোতিষীয়ে মানা কৰিছে।

 কথাটো এক প্ৰকাৰ সঁচাই। ৰমাকান্তই লখিমীৰ মত পাই এজন নগৰীয়া চিনাকী বিষয়াৰ যোগেদি কথাটো আওপকীয়াকৈ টাৰিমুৱাৰ কাণত পেলোৱাইছিল। তেওঁৰ উদ্দেশ্য আছিল, যদি আশা থকাৰ গম পায় তেন্তে খোজা বঢ়াৰ ব্যৱস্থা কৰিব। কিন্তু টাৰিমুৱাই জনালে যে তেওঁ এতিয়া ছোৱালী বিয়া নিদিয়েই। কাৰণ অৱশ্যে একো নিদিলে। কিন্তু কাৰণ আছিল। ৰমাকান্তই লাখিমীক প্ৰথমে লগ ধৰাৰ এদিন কি দুদিনৰ পাচতে টাৰিমুৱাৰ ঘৰলৈ এজন জ্যোতিষী আহিছিল। তেওঁ হাত চাই হেনো ভূত-ভবিষ্যৎ ক'ব পাৰে। টাৰিমুৱাই নিজৰ হাত চোৱালে। সঁচাকৈয়ে জ্যোতিষীয়ে যি ক'লে সি একেবাৰেই তেওঁৰ হৈ যোৱা ঘটনাৰ লগত মিলি গ'ল। তেতিয়া তেওঁ জীয়েকৰ হাতটোও চাবলৈ ক'লে। লখিমীৰ হাত চাই জ্যোতিষীয়ে ক'লে,—“আপোনাৰ ছোৱালী লখিমী যি লখিমীয়েই। এওঁ নিশ্চয় ৰজাৰ কুৱঁৰী হ'ব!”

 টাৰিমুৱাই ক'লে,—“তেনে আশা কোনোমতে কৰিব নোৱাৰি।”

 জ্যোতিষী।—নিশ্চয় পাৰি। জ্যোতিষ কেতিয়াও মিছা [ ৭৭ ] হ'ব নোৱাৰে। যদি মোৰ কথা মিছা হয়, মই এই পুথি-পাঁজি সোপকে পুৰি পেলাম।

 টাৰিমুৱাৰ বিশ্বাস জন্মিল। কিন্তু কেনেকৈ কুৱঁৰী হ'ব বুজিৰ নোৱাৰিলে। লক্ষ্মীসিংহ বুঢ়া, তেওঁৰ কুৱঁৰী হোৱা অসম্ভব। হয় তো লক্ষ্মীসিংহ সোনকালে স্বৰ্গী হ’ব, তেতিয়া তেওঁৰ পুতেক ৰজা হলে লখিমীক বিয়া কৰাই কুৱঁৰী কৰিব পাৰে। নাইবা আন কোনোবা কোৱঁৰো ৰজা হ'ব পাৰে। তেওঁ ভাবি-চিন্তি এতিয়া লখিমীক কালৈকো বিয়া নিদি কিনো হয় চাবলৈকে স্থিৰ কৰিলে।

 ৰমাকান্তই জ্যোতিষীয়ে মানা কৰাৰ কাৰণ সুধিলত লখিমীয়ে চমুকৈ আচল কথাটো কলে। ৰমকান্ত হতাশ হ’ল; তথাপি লখিমীক ক'লে,—“মই যে তোমাৰ আশা এৰিব নোৱাৰোঁ।”

 লখিমীয়ে কোনো উত্তৰ দিবলৈ নৌ পাওঁতেই টাৰিমুৱা ক'ৰবাৰ পৰা ঘৰলৈ আহিল। কিবা বিষম ঘটনা ঘটে বুলি লখিমীয়ে ভয় খালে।

 চ’ৰাৰ মুখত এটা অচিনাকী মানুহ দেখি তেওঁ খঙেৰে সুধিলে,—“কোন তুমি? কি লাগে?”

 ৰমা।—আপোনাক লগ পাব লাগে। মোৰ নাম ৰমাকান্ত।

 টাৰিমুৱাই টান মুখেৰেই ক'লে,—“অ নাহৰ খোৰাৰ পুতেক! মোক লগ পাব লাগে কিয়?

[ ৭৮ ]  ৰমা।—মোৰ নিজৰ কামত নহয়। এজন ডাঙৰ মানুহে এটা বাতৰি দিবলৈ মোক আপোনাৰ ওচৰলৈ পঠিয়াইছে।

 টাৰি।—কোন তেওঁ?

 ৰমাকান্তই চাৰিওফাললৈ চাই ক'লে,—“কথাটো বৰ গোপনীয়, আন কোনেও শুনিব নালাগে।”

 টাৰিমুৱা বিৰক্ত হ'ল; তথাপি ৰমাকান্তক নিৰ্জ্জন ঠাই এডোখৰলৈ নি সুধিলে,—“কোন তেওঁ?”

 ৰমা।—স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ পুন মোহনমালা। তেওঁ যেনে-তেনে এবাৰ আপোনাক লগ পাব খোজে।

 টাৰি। তুমি তেওঁক লগ পালা কেনেকৈ?

 ৰমা।—সেই বিষয়ে মোক নুসুধিব, মই ক'ব নোৱৰিম। তেওঁক লগ ধৰিলেই সকলো কথা জানিব পাৰিব।

 টাৰি।—তেওঁ থাকে নামৰূপৰ অৰণ্যত। তেওঁক বিচাৰি উলিওৱাই টান হ’ব। তাৰ উপৰি প্ৰকাশ্যভাবে তেওঁৰ ওচৰলৈ যাব নোৱাৰি।

 ৰমা।—বাট দেখুৱাবলৈ মই যাব পাৰোঁ আৰু লাগিলে কেইজনমান বিশ্বাসী লগৰীয়াও দিব পাৰোঁ।

 টাৰিমুৱাই কিছু সময় ভাবিলে; তাৰ পাচত ক'লে,— “আজি মই যাব নোৱাৰোঁ। ঘপ কৰে নগৰৰ পৰা নোহোৱা হ'লে কাৰোবাৰ সন্দেহ জন্মিব পাৰে। কালিলৈ কিবা এটা চেলু উলিয়াই কেইদিনমান আঁতৰি থকাৰ দিহা কৰিম আৰু [ ৭৯ ] গধূলিতে ঘৰৰ পৰা ওলাম। তুমি চাৰিজনমান মানুহ লৈ আগ বাঢ়ি গৈ মোলৈ বাট চাবা।”

 তেতিয়াই ৰমাকান্ত ওলাই গ'ল। লখিমীয়ে কিবা এটা অপ্ৰীতিকৰ ঘটনা ঘটিব বুলি সন্দেহতে কঁপি আছিল। কিন্তু বাৰৰ জলঙাই দি যেতিয়া ৰমাকান্তক ৰং মনেৰে ওলাই যোৱা দেখিলে, তেতিয়া তেওঁৰ সেই ভয় ভাগিল, আৰু অন্তৰৰ ক্ষীণ. আশাও বলা হৈ উঠিল।

[ ৮০ ]

সপ্তদশ অধ্যায়।
গুপ্ত-ষড়যন্ত্ৰ।

 টাৰিমুৱাই মোহনমালাৰ নিমন্ত্ৰণ ৰক্ষা কৰিলে। বহুত দিনৰ মূৰত তেওঁৰ লগ পাই মোহনমালাই আনন্দ পালে। তাৰ পাচত ৰমাকান্ত আৰু তেওঁৰ লগৰীয়া কেইজনক চাৰিও- ফালে চকু ৰাখিবলৈ দি দুয়ো নিভৃতে আলোচনাত বহিল।

 ৰাজ্যৰ সকলো বা-বাতৰি লৈ মোহনমালাই ক'লে,— “তোমাক মই অতি আপোন ভাবি বহুতো বিশ্বাসৰ কথা কৈছিলোঁ। এতিয়াও সেই বিশ্বাস একেদৰেই আছে। সেই কাৰণেই তোমাক মাতিছোঁ। এতিয়াও তোমাক আগৰ দৰেই বিশ্বাস কৰিব পাৰিম নে? মোৰ মনৰ কথা তোমাক নিৰ্ভয়ে ক'ব পাৰিম নে?”

 টাৰি।—আপুনি তেন্তে মোৰ ওপৰত সন্দেহ কৰিছে!

 মোহন।— নকৰিলেও অৱস্থাই কৰাইছে।

 টাৰি।—কিন্তু আপোনাৰ প্ৰতি মোৰ মনোভাবৰ ধনিষ্ঠামানো লৰচৰ হোৱা নাই। মই তিনি সইত খাই কৈছোঁ, আপোনাৰ কোনো গোপনীয় কথা মোৰ পৰা বাহিৰ নহয়।

 মোহন।—শুনা তেন্তে। মোৰ প্ৰতি কি অবিচাৰ কৰা হৈছে তাক তোমালোকে জানা। তথাপিও তাক সহ্য কৰি ভাগ্যকে ধিয়াই পৰি আছিলোঁ এই অৰণ্যত, বন্য জন্তুৰ [ ৮১ ] মাজত। কিন্তু ইমানতো সিহঁত সন্তুষ্ট হোৱা নাই; মোক হত্যা কৰিবলৈ ঘাতক নিযুক্ত কৰিছে। সিদিনা কোনোমতেহে ৰক্ষা পাইছোঁ। এতিয়া মই তাৰ প্ৰতিশোধ ল'ব খোজোঁ; জলমবটা গেন্ধেলাৰ হাতৰ পৰা মোৰ প্ৰাপ্য ৰাজ-ক্ষমতা উদ্ধাৰ কৰিব খোজোঁ। তুমি মোৰ সহায় হ’বা নে?

 টাৰি।—মই একো বুজা নাই। মই অকলৈ কি কৰিব পাৰোঁ?

 মোহন।—শুনা তেন্তে, কথাটো বুজাই দিওঁ। মই যুদ্ধৰ আয়োজন কৰিছোঁ, অলপতে ৰাজধানী আক্ৰমণ কৰিম।

 টাৰি।—আপোনাক ৰজা পাবলৈ বহুতৰে আগ্ৰহ। এফালে বৈষ্ণৱ বিষয়াসকলে, আনফালে বৰবৰুৱাৰ ওপৰত অসন্তুষ্ট ডা-ডাঙৰীয়াসকলে অপোনাক পালে সন্তোষ পাব; সকলো আপোনাৰ দললৈ আহিব।

 মোহন।—সঁচা নে?

 টাৰি।—অতি সঁচা; তাত অলপো সন্দেহ নাই।

 মোহন।— তেন্তে মোৰ জয়-লাভ অনিবাৰ্য্য। কিন্তু মোৰ ইচ্ছা যাতে অতি কম মানুহৰ হানি-বিঘিনি হয়। সেইটো তোমাৰ আৰু খাৰঘৰীয়া ফুকনৰ ওপৰত নিৰ্ভৰ কৰে। আগতে খাৰঘৰীয়া ফুকনো মোৰ শুভাকাঙ্ক্ষী আছিল; এতিয়া বা কেনে হৈছে ক'ব নোৱাৰোঁ।

 টাৰি।—এতিয়াও তেওঁক আপোনাৰ ফলীয়া বুলি জানো। তেৱেঁই হওক, বা ময়েই হওঁ, বাধ্য হৈ হে বৰ্ত্তমান ৰজাক সেৱা [ ৮২ ] কৰিছোঁ, অন্তৰেৰে সৈতে নহয়। পিচে আমি নো কি সাহায্য কৰিব পাৰোঁ।

 মোহন।—বৰ ডাঙৰ সাহায্য কৰিব পাৰা। যদি খাৰঘৰীয়াই খাৰ বাৰুদ সেমেকাই আৰু ধনুৰ গুণ পচাই ৰাখে, আৰু তুমি বৰবৰুৱাৰ সৈন্যৰ ৰচত-পাতি যোগোৱাত লেহেম কৰা, তেন্তে অতি সহজে আমাৰ অভিযান সফল হ’ব। পাৰিবা নে?

 টাৰি।— যিমানখিনিলৈকে পাৰি চাম।

 মোহন।—পাৰা বা নোৱাৰা, আমি আমাৰ আক্ৰমণ এসপ্তাহমানৰ ভিতৰতে আৰম্ভ কৰিমেই। চেষ্টা কৰিলে তোমালোকে নোৱাৰিবৰো কোনো কাৰণ নাই।

 টাৰি।—মোৰ শক্তিৰে যি পাৰোঁ নিশ্চয় কৰিম।

 মোহন।—সেয়ে যথেষ্ট হ'ব। কিন্তু এটা কথালৈ বিশেষ সাৱধান হ’ব যাতে আমি নিজে আক্ৰমণ কৰাৰ আগতে শত্ৰুপক্ষই ঘুণাক্ষৰেও তাৰ গম নাপায়।

 টাৰি।—সেইটো আপুনি নকলেও হ'ব। আন নালাগে মোৰ নিজৰ ৰক্ষাৰ নিমিত্তেও তাৰ প্ৰয়োজন।

 এই কথা বতৰাৰ পাচত টাৰিমুৱাই বিদায় ল’লে। মোহনমালাই সকলো কথা ৰমাকান্তক কৈ অষ্টভুজক জনাবলৈ ক'লে।

 ইয়াৰ পাচত সকলোৱে সেই ঠাই এৰিলে। মোহনমালাই কল্পনাত ভবিষ্যতৰ মনোৰম দৃশ্য দেখি পৰম শান্তি লাভ কৰিলে।

[ ৮৩ ]

অষ্টাদশ অধ্যায়।
ৰণ-চণ্ডী।

 মায়ামৰীয়াৰ আয়োজন সম্পূৰ্ণ হ’ল। মুখিয়াল লোকসকলক লৈ অষ্টভুজে নাম-কীৰ্ত্তন পাতিলে। নামৰ অন্তত এনে ভাবে ব্যৱস্থা কৰা হ'ল, —তেওঁলোকৰ সেনা দুটা ভাগত বিভক্ত হ'ব। এটা ভাগৰ অধিনায়ক হ'ব ৰাঘৱ, নায়ক ৰমাকান্ত, আৰু নাৰী-বাহিনীৰ নায়িকা ৰুক্মিণী। আনটোৰ অধিনায়ক হ’ব নাহৰ, নায়ক সপ্তভুজ আৰু নায়িকা ৰাধা। সৰ্ব্বাধিনায়ক হ'ব মোহনমালা। প্ৰত্যেকটো দলৰ সন্মুখত থাকিব নাৰী-বাহিনী, পৃষ্ঠ আৰু পাৰ্শ্বত থাকিব পুৰুষ। একে দিনাই উত্তৰ আৰু দক্ষিণফালৰ পৰা আক্ৰমণ হ’ব। উত্তৰৰ পৰা আক্ৰমণ কৰিব ৰাঘৱে আৰু দক্ষিণৰ পৰা নাহৰে। নাহৰৰ দলটোৱে আক্ৰমণৰ আগতে নামৰূপৰ পৰা হাতীৰে মোহনমালাক লৈ আহিব।

 ব্যৱস্থা অনুযায়ী মায়ামৰীয়াৰ অভিযান আৰম্ভ হ'ল। হঠাৎ আক্ৰমণ হোৱাত বৰবৰুৱাৰ গাত তৎ নোহোৱা হ'ল। তেওঁ লৰালৰিকৈ সৈন্য সাজু কৰি শত্ৰুক ভেটিবলৈ পঠালে। বেজবৰা সেনাপতিৰ তলত চুটীয়া কাড়ী আৰু হিলৈদাৰী হাজৰিকাক পালি সেনাপতি পাতি ৰাঘৱৰ বিৰুদ্ধে পঠিয়ালে আৰু নাহৰৰ বিৰুদ্ধে পঠিয়ালে হৰনাথ ভিতৰুৱাল ফুকনক।

[ ৮৪ ]  বেজবৰা ৰাঘৱৰ দলৰ সম্মুখীন হ'ল। তেওঁলোকে দেখিলে শত্ৰুসেনা পুৰুষ নহয়, নাৰী। তেওঁলোকৰ মন কোঁচ খাই গ'ল; নাৰী-বধ কৰে কেনেকৈ? তাতে সম্মুখৰ দৃশ্য দেখি তেওঁলোকৰ পেটত ভয়ো সোমাল। তেওঁলোকে দেখিলে ধনু- কাঁড় লৈ আগত নাৰী-বাহিনী। তেওঁলোকক চলাইছে এগৰাকী দেবীয়ে। তেওঁ সাক্ষাৎ ৰণ চণ্ডী। তেওঁ নাচি-বাগি গীত গাইছে,–

“আঁচল পাতি ধৰিম গুলি,
  হিলৈৰ মাৰিম মাত।
নিজে নিজে শত্ৰু মৰি
  হ’ব চূণ-চাঁত।”

 তেওঁৰ লগে লগে আন তিৰুতবিলাকেও গীতটো দোহাৰি বণ-ভূমি কঁপাই তুলিছে।

 পিচত থকা পুৰুষ সেনাদলে গাইছে,—

“অষ্টভুজে সপ্তভুজে চতুভুৰ্জে ৰাখে।
 তাৰ দাই তাকে কাটে,
  তাৰ হিলৈ তাকে মাৰে,
   চতুভুৰ্জে ৰাখে।”

 সকলো অৱস্থা লক্ষ্য কৰি বেজবৰা আৰু তেওঁৰ সেনাৰ হৃৎকম্প উপস্থিত হ’ল। তথাপি আন উপায় নথকাত হাজৰি[ ৮৫ ] কাই হিলৈদাৰীবিলাকক হিলৈ মাৰিবলৈ আদেশ দিলে। হিলৈ মৰা হ'ল, কিন্তু নুফুটিল। অথচ হিলৈ মৰাৰ লগে লগে ৰুক্মিণী আৰু তেওঁৰ সঙ্গিনীসকলে আঁচল পাতি এনে ভঙ্গী দেখুৱালে যেন তেওঁলোকে গুলিহে ধৰিছে। লগে লগে গীতো চলিবলৈ ধৰিলে,—

“আঁচিল পাতি ধৰিম গুলি, হিলৈৰ মাৰিম মাত।”

 বেজবৰাৰ সৈন্যদলত আতঙ্ক উপস্থিত হ’ল। চুটীয়া কাঁড়ীয়ে কাঁড়ীবিলাকক কাঁড় মাৰিবলৈ আদেশ দিলে। কিন্তু সেই একে কথা; কাঁড় মাৰোঁতেই ধনুৰ গুণ ছিগি যাবলৈ ধৰিলে। সিফালে পুৰুষ নাৰী সকলো মায়ামৰীয়া সৈন্য মহাৰঙ্গে গীত গাই আগুৱাই আহিল। উপায় নেদেখি আৰু ৰুক্মিণীক ৰণচণ্ডী বুলি ভাবি ভয়তে ৰাজকীয় সৈন্য পলাবলৈ ধৰিলে। ৰাঘৱ আৰু ৰমাকান্তই শত্ৰুক খেদি খেদি মাৰিলে। চুটীয়া কাঁড়ী আৰু হিলৈদাৰী হাজৰিকা দুয়ো পৰিল; কথমপি প্ৰাণৰক্ষা কৰি সাৰিল সেনাপতি বেজবৰা। ৰাঘৱৰ সেনা আগুৱাবলৈ ধৰিলে।

 সিফালে হৰনাথ ভিতৰুৱাল ফুকনৰ অৱস্থাও একেই। তেওঁলোক ডিব্ৰুনৈৰ দক্ষিণ কুল পাওঁতেই মোহনমালাৰ সৈন্যই আগভেটি ধৰিলে। ৰণ-চণ্ডীৰ মূৰ্ত্তি ধৰি ৰাধাই নাৰী-বাহিনী পৰিচালিত কৰিছে। তাৰ পিচত অসংখ্য সুসজ্জিত মৰাণ আৰু মটক সেনা। হাতীৰ পিঠিত উঠি মোহনমালাই যুদ্ধ [ ৮৬ ] পৰিচালনা কৰিছে। ইয়াতো উত্তৰৰ দৃশ্যই। ইয়াতো সেই একে গীত। নাৰী-বাহিনীয়ে গাইছে,—

“আঁচল পাতি ধৰিম গুলি
হিলৈৰ মাৰিম মাত।
নিজে নিজে শত্ৰু মৰি
হ’ব চূণ-চাঁত।”

 পুৰুষ সেনাই গাইছে,—

“অষ্টভুজে সপ্তভুজে চতুৰ্ভুজে ৰাখে।
তাৰ দাই তাকে কাটে,
তাৰ হিলৈ তাকে মাৰে,
চতুৰ্ভুজে ৰাখে।”

 যুদ্ধৰ গতি বিষম দেখি হৰনাথ ফুকনে আৰু আগুওৱা অনুচিত বুলি কোঁঠ মাৰি ৰ'ল। মৰাণ-সৈন্যই তেওঁক চাৰিও-ফালে বেঢ়ি পেলালে। মোহনমালাই ফুকনক জনালে যে তেওঁ সসৈন্যে আত্মসমৰ্পণ কৰা উচিত, অনাহকত কিছুমান মানুহক মৰিবলৈ দিয়া ভাল নহয়। ফুকনে উত্তৰ দিলে যে তেওঁ শেষ-মূহুৰ্ত্তলৈকে কৰ্ত্তব্য পালন কৰিব, আত্মসমৰ্পণ নকৰে। মোহনমালায়ো যুদ্ধ নকৰি ফুকনক আৰু কিছুদিন অবৰুদ্ধ ৰাখিবলৈকে স্থিৰ কৰিলে। খোৱা বস্তু ঢুকালে বাধ্য হৈ ফুকনে আত্মসমৰ্পণ কৰিব বুলি তেওঁৰ বিশ্বাস আছিল। সঁচাকৈয়ে কিছুদিনৰ পাচত ফুকনৰ সৈন্যৰ খোৱা বস্তু নাইকিয়া হল। বাট বন্ধ [ ৮৭ ] হোৱাত চাউল-সমলীয়াবিলাক ওচৰ চাপিব নোৱাৰিলে। ঔ টেঙা, ঢেকীয়া, কচু, কাক-গাজ আদি খাই সকলো সৈন্য নিশকতীয়া আৰু ৰুগীয়া হৈ পৰিল। গ্ৰহণী আদি ৰোগত বহুতৰ প্ৰাণ গ'ল।

 ফুকন আৰু তেওঁৰ সৈন্যৰ এই দুৰৱস্থা দেখি মোহনমালাই পুনৰ জনালে,—“ফুকন; মিছাতে কষ্ট খাইছা কিয়? মই নিয়মমতে দেশৰ ৰজা। বকতিয়ালৰ কীৰ্ত্তিচন্দ্ৰৰ কুমন্ত্ৰণাত আজি মই নিৰ্ব্বাসিত। সেই কাৰণে মই কীৰ্ত্তিচন্দ্ৰৰ ওপৰত প্ৰতিশোধ লৈ মোৰ সিংহাসন উদ্ধাৰ কৰিবলৈ আহিছোঁ। কোনো প্ৰজা বা বিষয়াৰ ওপৰত মোৰ ৰোষ নাই। তুমি শত্ৰুতা ত্যাগ কৰা।”

  কিন্তু একোৱে ফুকনক টলাব নোৱাৰিলে। তেওঁ ক'লে,— “ৰাজপাটত যিজন আছে তেওঁকেইহে আমি ৰজা বুলি জানো। তেওঁৰ বাহিৰে আন কাকো ৰজা বুলি মানিব নোৱাৰোঁ। কোনো কাৰণতে মই অস্ত্ৰ ত্যাগ নকৰোঁ।”

  তেতিয়া মোৱামৰীয়া সৈন্যই হৰনাথৰ সৈন্যক আক্ৰমণ কৰিলে। খাবলৈ নাপাই মৰোঁ মৰোঁ হোৱা ফুকনৰ সৈন্যই বেচি পৰ যুঁজিব নোৱাৰিলে। বহুতো মৰাৰ পাচত বাকীবোৰ যেনি-তেনি পলাবলৈ ধৰিলে, কিন্তু সাৰিলে অতি কম; প্ৰায়-ভাগেই শত্ৰুৰ হাতত মৰা পৰিল।

 সেনাপত হৰনাথ ফুকন এতিয়া অকলশৰীয়া; তথাপি তেওঁৰ মনোবল যোৱা নাই। মোহনমালাই আত্মসমৰ্পণ। [ ৮৮ ] কৰিবলৈ কোৱাত তেওঁ ক'লে যে শৰীৰত এটোপাল তেজ থকালৈকে তেওঁ শত্ৰুৰ ওচৰত সেও নামানে। তেতিয়া মোহন-মালাৰ সৈন্যই বেঢ়ি ধৰি ফুকনক বন্দী কৰিলে।

 যুদ্ধত জয়লাভ কৰি মোহনমালা ৰংপুৰলৈ বুলি আগ বাঢ়িল। উত্তৰ কালৰ পৰা ৰাঘৱৰ দলো আহি লগ লাগিল। তেওঁলোকৰ আনন্দৰ সীমা নোহোৱা হ'ল।

 মায়ামৰীয়াৰ এই সাফল্যৰ আনবোৰ কাৰণৰ লগতে টাৰিমুৱা ভণ্ডাৰী বৰুৱাৰ সাহায্যও এটা। তেওঁ অকল মোহন- মালাৰ ওচৰত দিয়া প্ৰতিশ্ৰুতিকে হে যে ৰক্ষা কৰিছিল এনে নহয়, অভয় ভণ্ডাৰীৰ পুতেক অম্বৰীষৰ হতুৱাই ৰজাঘৰীয়া আয়োজনৰ বা-বাতৰিও মোহনমালাক যোগাই আছিল। সেই কাৰণে মোহনমালাই শত্ৰুৰ গতি-বিধিৰ বাতৰি আগতীয়াকৈ পাই আছিল আৰু প্ৰয়োজনমতে সাজু থাকিব পাৰিছিল। পিচলৈ যদিও টাৰিমুৱাৰ সকলো ব্যৱস্থা একে দৰে নাথাকিল, তথাপি প্ৰথম ছোৱাৰ অভাৱনীয় সাফল্যই মায়ামৰীয়াৰ সাফল্য

নশ্চিত কৰি তুলিলে। [ ৮৯ ]
 

উনবিংশ অধ্যায়।
শেষ যুদ্ধ।

 যুদ্ধৰ অৱস্থা ক্ৰমশঃ বেয়াৰ ফাললৈ ঢাল লোৱা দেখি ৰজা, বৰবৰুৱা আৰু তিনিজন ডাঙৰীয়া মিলি পৰামৰ্শ কৰিলে। তাত এয়ে স্থিৰ হ’ল যে বেলেগ বেলেগ ঠাইত একোজন বিয়য়াই কোঁঠ মাৰি শত্ৰুৰ পথ ৰোধ কৰি থাকিব আৰু বৰৈ দুৱলীয়া পানী ফুকনে আগ বাঢ়ি গৈ শত্ৰুক আগচি ধৰিব। লগে লগে সকলো সম্বল লৈ শেষ চেষ্টাৰ নিমিত্তে বৰবৰুৱা নিজে সাজু হৈ থাকিব।

 এই ব্যৱস্থামতেই কাম হ'ল। যথেষ্ট পৰিমাণে সৈন্য- সামন্ত, আহিলা-পাতি দি পানী ফুকনক মায়ামৰীয়াৰ বিৰুদ্ধে পঠিওৱা হ'ল। ফুকনে ধাই-আলিৰ বাটে দি মৰাণক ভেটিবলৈ আগ বাঢ়িল।

 তেতিয়া মোহনমালাৰ সেনা আহি দিহিঙৰ কাষ পাইছিল। ইয়াতে দুয়ো পক্ষ মুখামুখি হ’ল।

 ৰাঘৱে আগ বাঢ়ি ফুকনক ক'লে,—“ফুকন! তুমি মিছাতে যুঁজ কৰা কিয়? আমিও ৰজাৰ হৈহে যুঁজ কৰিছোঁ। সেই দেখিয়েই ভিতৰুৱাল ফুকনে আমাৰ লগ লৈছে। তুমিও আমাৰ লগ লোৱাঁ।”

[ ৯০ ]  ফুকনে ক'লে,—“কেতিয়াও নলওঁ। তোমালোকে পতা ৰজাক মই স্বৰ্গদেৱ নোবোলোঁ।”

 তেতিয়া দুয়ো পক্ষৰ ঘোৰ যুদ্ধ আৰম্ভ হ'ল। মায়ামৰীয়াৰ অসংখ্য সৈন্যৰ আগত ফুকনৰ সৈন্য তিষ্ঠিব নোৱাৰিলে। মৰা মৰিল, আৰু জীয়াই থকাবোৰ পলাল। বাকী থাকিল মাথোন দুৱলীয়া পানী ফুকন আৰু তেওঁৰ তামোলকটীয়া লিগিৰাটো। ৰাঘৱে তেতিয়া আকৌ ক'লে,—“ফুকন! এতিয়াও?”

 ফুকন—হয়, এতিয়াও। মই মৰাণক নবৰোঁ।

 ফুকনৰ হাতত এতিয়াও তৰোৱালখন আৰু বহুতো কাঁড় আছিল। তেওঁ মৰাণলৈ কাঁড় মাৰিবলৈ ধৰিলে! মৰাণ চাপি অহা দেখিলেই কাঁড় মাৰে আৰু নহা দেখিলে সাৱধান হৈ ৰৈ থাকে। পিচ ফালৰ পৰা কোনোবাই আক্ৰমণ কৰে বুলি ফুকনেৰে পিঠিয়াপিঠিকৈ থিয় দি, হাতত দা আৰু যাঠি লৈ লিগিৰাই তেওঁৰ গৰাকীক ৰক্ষা কৰি আছিল। ফুকনক বন্দী কৰাই আছিল ৰাঘৱৰ ইচ্ছা; সেই কাৰণে তেওঁনো কি কৰে চাবলৈ মন কৰিছিল, আৰু লাহে লাহে তেওঁৰ ভাগৰ লগাইছিল। এনে ভাবে ৰৈ ৰৈ কাঁড় মৰাত প্ৰায় এপৰ মানত ফুকনৰ কাঁড় শেষ হ'ল। তেতিয়া ৰাঘৱে আকৌ ক'লে,— “ফুকন! এতিয়াও নে?”

 ফুকন।—নিশ্চয় এতিয়াও। মই আগতে কৈছোঁ, মই মৰাণত নবৰোঁ।

 এইদৰে কৈয়েই ফুকনে তৰোৱাল ঘূৰাই খেদি গ'ল; [ ৯১ ] সম্মুখত যাকে পালে তাকে কাটিলে। তাকে দেখি এটা মৰাণে ফুকনৰ পিঠিত যাঠিৰে হানিলে। যাঠি পিঠিয়ে সোমাই বুকুৱে ওলাই গ'ল। ফুকন মৰিল, কিন্তু ৰাঘৱৰ বন্দী নহ'ল। ফুকনক ৰক্ষা কৰিবলৈ খেদি যাওঁতেই লিগিৰাকো এটা মৰাণে পিচ ফালৰ পৰা ঘাপ মাৰি কাটিলে।

 এইবাৰ মায়ামৰীয়া সৈন্য দলে-বলে ৰংপুৰলৈ আগ বাঢ়িল। দুৱলীয়া পানী ফুকনৰ মৃত্যু আৰু মায়ামৰীয়া আগ বঢ়াৰ বাতৰি পাই এইবাৰ শেষ সম্বল লৈ বৰবৰুৱা নিজে আগ বাঢ়ি আহিল। কিন্তু কি হ'ব? তেওঁৰ সৈন্যৰ আগৰে পৰা উৎসাহ নাছিল। মৰাণৰ হাতত বাৰে বাৰে হৰাৰ বাতৰি আৰু ৰাধা-ৰুক্মিণীৰ অলৌকিক শক্তিৰ কথা আগতে শুনি তেওঁলোক ভয়ে ভয়েহে আহিছিল। ইফালে জয়লাভ কৰি মায়ামৰীয়াৰ উৎসাহ চতুৰ্গুণে বাঢ়িছিল। সেই কাৰণে বৰবৰুৱাৰ সৈন্য বেচি পৰ ঠাৱৰিব নোৱাৰিলে। কিছুমান মৰিল আৰু কিছুমান পলাল। অগত্যা বৰবৰুৱায়ো ৰণ-ভূমি এৰি পলায়ন কৰিলে।

 এইবাৰ শেষ যুদ্ধত জয়লাভ কৰি মায়ামৰীয়া আনন্দত মতলীয়া হৈ উঠিল আৰু ৰজাৰ নগৰ অধিকাৰ কৰিবলৈ আগ বাঢ়িল।

[ ৯২ ]

বিংশ অধ্যায়।
বিশ্বাস-ঘাতকতা।

 যুদ্ধত পৰাজয়ৰ বাতৰি পাই লক্ষ্মীসিংহ বিমোৰত পৰিল। নগৰৰক্ষাৰ আৰু উপায় নাই। তেওঁৰ পক্ষে এতিয়া পলায়নেই একমাত্ৰ পথ। সেইমতেই তেওঁ গুৱাহাটীলৈ যাবলৈ স্থিৰ কৰি বিষয়া কেইজনমানেৰে সৈতে নগৰ এৰিলে আৰু সোণাই নৈৰ পাৰ পালেগৈ। কিন্তু ততালিকে পাৰ নাও যোগাৰ কৰিব নোৱৰাত সেই ৰাতি তাতে বাহৰ কৰি থাকিব লগা হ’ল। ইয়াৰ ভিতৰতে মৰাণৰ বাতৰি যোগনিয়াৰ অম্বৰীষে সকলো কথা ৰাঘৱৰ কাণত পেলালে। ৰাঘৱে তেতিয়াই লক্ষ্মীসিংহক বন্দী কৰিবলৈ চাৰিশ সৈন্য পঠিয়ালে আৰু নিজে নগৰলৈ আগ বাঢ়িল। সৈন্যবিলাকে অতি সহজে লক্ষ্মীসিংহক বন্দী কৰি আনিলে।

 ৰংপুৰ নগৰ এতিয়া অৰক্ষিত। বেচি ভাগ বিষয়াই নগৰ এৰি পলাল; লৰা-তিৰুতা আদি ভয়ত পেপুৱা লাগি সোমাই থাকিল। কোনো বাধা নোপোৱাত মৰাণ-সেনা জয়ধ্বনি কৰি নগৰ সোমাল। ৰাঘৱ আগ বাঢ়ি গৈ ৰজাৰ টোল অধিকাৰ কৰিলে। তাৰ পাচত ডাঙৰীয়া বিষয়া আদিৰ

ঘৰ সোমাই লুট-পাট কৰিবলৈ লাগিল।

[ ৯৩ ]  ৰাঘৱৰ কাৰ্য্য় দেখি মোহনমালাই প্ৰমাদ গণিলে। তেওঁ ৰাঘৱক ভেটা দি ক'লে,—“অশান্তি আৰু অত্যাচাৰ নিবাৰণ কৰিবলৈকে আমি যুদ্ধ কৰিছিলোঁ। এতিয়া আমিও অত্যা- চাৰেৰেই শাসন আৰম্ভ কৰিলে আমাৰ কথাৰ মূল্য ক’ত থাকিব! আমাৰ প্ৰধান লক্ষ্য আছিল ৰজা আৰু বৰবৰুৱা। ৰজা বন্দী হৈছে, বৰবৰুৱা এতিয়াও বাকী। তেওঁক বিচাৰি উলিয়াব লাগিব। তাৰ বাহিৰে আনৰ লগত আমাৰ শত্ৰুতা নাই। আগৰ বিষয়াসকল যদি আমাৰ অনুগত হয়, তেন্তে তেওঁলোকক আঁতৰোৱাৰো কোনো যুক্তি নাই। সেই কাৰণে ইমানতে ক্ষান্ত হোৱাঁ; নিৰ্দ্দোষ মানুহৰ ওপৰত অত্যাচাৰ নকৰিবা।”

 ৰাঘৱ।–মই আপোনাৰ কথা শুনিবলৈ বাধ্য নহওঁ। মই আগতে ঠিক কৰি থৈছোঁ, মই বৰবৰুৱা হ'ম; ডাঙৰৰ পৰা সৰুলৈকে সকলো বিষয়া হ'ব মৰাণ-নটক। সকলো কাম চলিব লাগিব মোৰ ইচ্ছামতে। ৰজা যেয়ে হ’ল, তাত মোৰ লাভ- লোকচান নাই, কিন্তু পুৰণি বিষয়াৰ সঁচ নাৰাখোঁ।

 মোহন।— যদি তোমাৰ ইচ্ছামতেই সকলো কাম হ'ব লাগে, তেন্তে ৰজা কেলেই?

 ৰাঘৱ।— সিংহাসনত বহিবলৈ। আগেয়েও ৰজা সিংহাসনত বহিছিল, আৰু বৰবৰুৱাই ৰাজ্য চলাইছিল।

 মোহন।—সেই ব্যৱস্থা সহিব নোৱাৰিয়েই এই যুদ্ধ কৰিব লগা হৈছে। আকৌ তেনে ব্যৱস্থাকে ৰাখিব লগা হ'লে যুদ্ধ কৰাৰ পৰা লাভ কি হল! [ ৯৪ ]  ৰাঘৱ।—আপোনাৰ হৈছে নে নাই মই ক'ব নোৱাৰোঁ, কিন্তু আমাৰ ঢেৰ লাভ হৈছে। ইমান দিন আছিল অসমত আহোমৰ দিন, আজিৰ পৰা হ’ব মৰাণ-মটকৰ দিন।

 মোহন।—মোৰ লগত কৰা চুক্তি ক'লৈ গ'ল! স্বয়ং অষ্টভুজদেৱে মোক ৰজা পাতিম বুলি প্ৰতিশ্ৰুতি দিছিল। মই যোগ নিদিয়া হ'লে তোমালোকে ইমান সহজে জয়লাভ কৰিব পাৰিলাহেতেন নে?

 ৰাঘৱ।—পাৰোঁ নোবাৰোঁ সি বেলেগ কথা। কিন্তু প্ৰতিশ্ৰুতি ৰক্ষা কৰাত কোনেও আপত্তি কৰা নাই। আপুনি অবাধে সিংহাসনত বহিব পাৰে।

 মোহন।— কিন্তু তোমাৰ তলতীয়া হৈ ৰজা হোৱাৰ সাৰ্থকতা কত?

 ৰাঘৱ।—য’তে হওক, মই নাজানো। মোৰ ইচ্ছামতে মই কাম কৰিমেই। আপোনাক ৰাজপাট লাগে যদি লওক, নালাগিলে গুচি যাওক।

 মোহন।—আগেয়ে নামৰূপত বন্দী আছিলোঁ, এতিয়া কাৰেঙত বন্দী কৰিব খুজিছা। তেনে ৰাজপাট মোক নালাগে। তোমালোকৰ অন্যায় কাৰ্য্য়খিনিৰ দায়িত্ব লবলৈকে মই ৰজা হ'ম নে?

 ৰাঘব।—নহয়, গুচি যাওক। আৰু কথা নক'ব, নতুবা ফল বেয়া হ'ব।

 যদিও যুদ্ধত মোহনমালাক সৰ্ব্বাধিনায়ক পতা হৈছিল, [ ৯৫ ] তথাপি সেইটো যে অকল মৰাণৰ স্বাৰ্থসিদ্ধিৰ নিমিত্তেহে তাক তেওঁ যুদ্ধক্ষেত্ৰতে গম পাইছিল। গোটেইবোৰ যুদ্ধ ক্ষেত্ৰতে সৈন্য-সেনাপতি ৰাঘৱৰ হে অনুগত আছিল, তেওঁৰ নাছিল। এতিয়াও যে ৰাঘৱৰ কথাই হে ৰজিব তাত সন্দেহ নাছিল। ৰাঘৱৰ ব্যৱস্থামতে ৰজা হবলৈ গ'লে তেওঁৰ দ্বাৰাই আহোমৰ গৌৰৱ লুপ্ত হ'ব। মৰাণৰ শাসন মানি লোৱা হ'ব। তেওঁ কেতিয়াও তেনে কাম কৰিব নোৱাৰে; আহোমৰ সমাধি প্ৰস্তুত কৰিব নোৱাৰে। তাতে এতিয়াই ৰাঘৱ যি মূৰ্ত্তি দেখুৱাইছে, তাৰ পৰাই ৰাজপাট ল'লে আগলৈ কি অপমান আৰু লাঞ্ছনা সহ্য কৰিব লাগিব তাক স্পষ্টকৈ বুজা যায়। এনেকৈ সকলো কথা ভাবি মোহনমালা ৰাঘৱৰ ওচৰৰ পৰা আঁতৰি গ'ল। তাৰ পাচত তেওঁক আৰু কোনেও দেখা নাই! শুনা যায় তেওঁ হেনো গুৱাহাটীৰ ফালে ভটীয়াই গ'ল।

[ ৯৬ ]

একবিংশ অধ্যায়।
মৰাণৰ দিন।

 নগৰ অধিকাৰ কৰি ৰাঘৱে তেওঁৰ ক্ষমতাৰ পৰিচয় দিয়াত ব্যস্ত হ’ল; ডাঙৰীয়া আৰু বিষয়াসকলৰ ধন-বস্তু লুটি-পুটি সকলোৰে মনত আতঙ্কৰ সৃষ্টি কৰিলে। তেওঁৰ ইচ্ছামতেই সকলে৷ কাৰ্য্য় হ’ল; কাৰো কোনো পৰামৰ্শ তেওঁ গ্ৰাহ্য় নকৰিলে। এনেকৈয়ে সকলো কাম তেওঁৰ মনোমত হোৱাত ৰাঘৱে সেই দিনাৰ কাম শেষ কৰিলে।

 পিচ দিনা ৰজাৰ প্ৰশ্ন উঠিল। এই বিষয়ে মীমাংসা কৰিবলৈ ৰাঘৱ, নাহৰ, ৰমাকান্ত আৰু সপ্তভুজকে আদি কৰি মুখিয়াল লোকসকল আলোচনাত বহিল। ৰাঘৱ ক'লে,— “মোহনমালাক লগত লবলৈ মোৰ সমূলি ইচ্ছা নাছিল; তথাপি গুৰুৰ কথা মানিব লগাত পৰিলোঁ। এতিয়া আমি যুদ্ধ কৰি জয় লাভ কৰিলোঁ, কিন্তু তেওঁ ৰজা হৈ আমাক এৰি দি পুৰণি বিষয়াৰে সৈতেহে ৰাজ্য চলাব খোজে। তেওঁৰ প্ৰস্তাবত সম্মত হোৱা অসম্ভব কথা। অকল তেওঁক ৰজা পাতিবলৈকে জানো আমি যুদ্ধ কৰিছিলোঁ। সেই দেখি মই স্পষ্ট কথাৰে কৈ দিছোঁ যে তেওঁ ইচ্ছা কৰিলে ৰজা হ’ব পাৰে, কিন্তু শাসন চলিব আমাৰ ইচ্ছামতে।”

 নাহৰ।— তেওঁ গ’ল কলৈ?

 ৰাঘৱ!—ক'ব নোৱাৰোঁ। যিমান দূৰ বুজা যায় তেওঁ

[ ৯৭ ] আমাৰ লগত সহযোগিতা ৰাখিব নোখোজে। আমাক বাদ দিব নোৱাৰিলে ৰজা নহয়।

 ৰমা।— তেন্তে ভালেই হৈছে। আমাৰ গুৰুকে ৰজা পতা হওক।

 সপ্ত।—সেইটো কেতিয়াও নহয়। তেৰাই এইবোৰ জঞ্জালত সোমাবলৈ গাত নলয়।

 ৰাঘৱ।—যদি নলয় আপুনিয়েই সেই দায়িত্ব লওক।

 সপ্ত।—মই ইমান গধুৰ দায়িত্ব ল'ব নোৱাৰোঁ। তদুপৰি পিতায়ো অনুমতি নিদিয়ে।

 তেতিয়া সকলোৱে আলচ কৰি এবাৰ গুৰুৰ লগত পৰামৰ্শ কৰিবলৈ স্থিৰ কৰিলে। এই উদ্দেশ্যে কেইজনমান লগৰীয়াৰে সৈতে নাহৰ অষ্টভুজৰ ওচৰলৈ গ'ল আৰু তেওঁলোকৰ মনোভাব ব্যক্ত কৰিলে। মোহনমালাৰ প্ৰতি কৰা অবিচাৰৰ কথা শুনি চতুৰ্ভুজে দুখ প্ৰকাশ কৰিলে; তাৰ পাচত কলে,—“প্ৰভু ভগৱন্তৰ কৃপাত আমাৰো এডুখৰি ৰাজ্য আছে। তাত যুদ্ধ- বিগ্ৰহ নাই, আলৈ-আহুকাল নাই, ভোগ-বিলাসৰ প্ৰবৃত্তি নাই। ভকত সকলেই মোৰ প্ৰজা। এই ৰাজ্য এৰি মই পাৰ্থিব ৰাজপাট লবলৈ যাব পাৰোঁ নে! মোৰ পাচত মোৰ লৰাই এই ৰাজ্য চলাব লাগিব; তেওঁকো মই তোমালোকৰ হাতত এৰি দিব নোৱাৰোঁ। মোহনমালাক ৰজা পতাই তোমালোকৰ উচিত আছিল। সেয়ে যেতিয়া নহ’ল, মোৰ মতে লক্ষ্মীসিংহকেই ৰখা ভাল।”
[ ৯৮ ]   নাহৰ উলটি আহিল আৰু গুৰুৰ সিদ্ধান্তৰ কথা লগৰীয়া সকলক জনালে। নাহৰৰ কথা শুনি ৰাঘৱে ক'লে,—“কি! আকৌ আহোমকেই ৰজা পাতিম! কেতিয়াও হ'ব নোৱাৰে। তেনে আদেশ গুৰুৱেহে নালাগে স্বয়ং ব্ৰহ্মাই দিলেও, মই নামানো।”

 তেতিয়া সকলো মুখিয়াল লোক বহি আলোচনা কৰি স্থিৰ কৰিলে যে আগৰ ৰাজবংশৰ নাহৰেই সিংহাসন পাব লাগিছিল, কিন্তু তেওঁ ঘুনীয়া হোৱা বাবে ৰাজপাটৰ অযোগ্য। সেই কাৰণে তেওঁৰ জ্যেষ্ঠ পুত্ৰ ৰমাকান্তই নিয়ম মতে সিংহাসন পাব লাগে।

 এই সিদ্ধান্ত সকলোৰে মনোমত হ’ল। সেইমতেই ৰমাকান্ত ৰজা হ'ল। ৰাঘৱ হ’ল নিজৰ ইচ্ছামতেই বৰবৰুৱা। পুৰণি সকলো বিষয়া ভাঙি মৰাণ-মটকৰ পৰা নতুন বিষয়া লোৱা হ'ল। গুৱাহাটীৰ বৰফুকন আৰু আন আন বিষয়াও তেওঁলোকৰ পৰাই পতা হ’ল?

 ৰাঘৱে লক্ষ্মীসিংহক চমটাৰ সোৱাদ বুজাই দি জয়সাগৰৰ দৌলতে বন্দী কৰি থ'লে আৰু কুৰঙ্গনয়নীকে আদি কৰি তেওঁৰ কুঁৱৰীসকলক নিজৰ টোললৈ আনি ভাৰ্য্যা কৰি ৰাখিলে। অকল সেয়ে নহয়, বহুতো ডা-ডাঙৰীয়াৰ তিৰুতাকো বলেৰে আনি তেওঁৰ অন্তঃপুৰ ভৰালে।

 এয়ে অসমত মৰাণৰ দিনৰ সূচনা।

[ ৯৯ ]
 

দ্বাবিংশ অধ্যায়।
প্ৰতিজ্ঞা পূৰণ।

 ৰাঘৱৰ প্ৰধান শত্ৰু কীৰ্ত্তি বৰবৰুৱাক ৰাঘৱে এতিয়াও পোৱা নাই। তেওঁক বিচাৰিবলৈ চাৰিওফালে চৰ পঠিয়াইছে, কিন্তু কোনেও ফুটকে উলিয়াব পৰা নাই। কীৰ্ত্তিচন্দ্ৰ যে ৰণত মৰা নাই তাক ৰাঘৱে জানে। নগৰৰ ভিতৰত যে তেওঁ নাই সিও ঠিক। তেন্তে কলৈ গ'ল!

 এনেকৈ কিছুদিন যোৱাৰ পাচত ৰাঘৱে গম পালে যে কীৰ্ত্তি বৰবৰুৱা তেওঁৰ গুৰুৰ আশ্ৰয়তে আছে। তেতিয়া তেওঁ দল- বল লৈ গুৰুৰ ওচৰলৈ ওলাল।

 কীৰ্ত্তি বৰবৰুৱা অতি বুদ্ধিমান। ৰণত হাৰি ক'ত আশ্ৰয় ল'ব তেওঁ ভাবিবলৈ ধৰিলে। তেওঁ দেখিলে কোনো আশ্ৰয়তে তেওঁ নিৰাপদ হ’ব নোৱাৰিব। তেতিয়া তেওঁৰ অষ্টভুজলৈ মনত পৰিল। অষ্টভুজৰ বাহিৰে যে আন কোনেও তেওঁক ৰাঘৱৰ হাতৰ পৰা ৰক্ষা কৰিব নোৱাৰে সেইটো তেওঁ ভালকৈ বুজিছিল। কিন্তু অষ্টভুজৰ প্ৰতিও তো তেওঁ ভাল ব্যৱহাৰ কৰা নাই! তথাপি তেওঁৰ আশা হ'ল,—অষ্টভুজ মহন্ত, তেওঁ শৰণাগতক শত্ৰু হলেও এৰি নিদিয়ে। সঁচাকৈয়ে তেওঁৰ

উদ্দেশ্য সিদ্ধি হ’ল; অষ্টভুজে আশ্ৰয় দিলে।

[ ১০০ ]  যেতিয়া ৰাঘৱে গুৰুৰ ঘৰ পালে, তেতিয়া অষ্টভুজ নাম- ঘৰতে আছিল, কীৰ্ত্তিচন্দ্ৰও তেওঁৰ ওচৰতে বহিছিল। ৰাঘৱ অহাৰ গম পাই অষ্টভুজৰ মনত শঙ্কা জন্মিল; তেওঁ কীৰ্ত্তিচন্দ্ৰক তেওঁৰ সিফালে বৰখুটাৰ আঁৰত থাকিবলৈ দিলে।

 ৰাঘৱ আহি গুৰুক সেৱা কৰিলে। গুৰুৱে আশীৰ্ব্বাদ কৰি অহাৰ কাৰণ সুধিলে।

 ৰাঘৱে ক'লে,—“বৰ ডাঙৰ কাৰণত আহিছোঁ। মই জানিব পাৰিছোঁ জলমবটা গেন্ধেলা আপোনাৰ আশ্ৰয়ত আছে। তাক মোক লাগে।”

 অষ্ট।—হয়, আছে। তেওঁ শৰণাগত। শত্ৰু হলেও শৰণাগতক ৰক্ষা কৰিব লাগে, এয়ে আমাৰ ধৰ্ম্ম। তুমি তেওঁক ক্ষমা কৰাঁ।

 ৰাঘৱ। —ক্ষমা! মই কাবৌ কৰিছোঁ, মোক তেনে আদেশ নিদিব।

 অষ্ট।—মানুহ মাত্ৰেই ভুল কৰে, দোষ কৰে। কিন্তু যদি অনুতপ্ত হৈ দোষ স্বীকাৰ কৰি ক্ষমা খোজে, তেতিয়াও ক্ষমা নকৰাটো নিষ্ঠুৰতা।

 ৰাঘৱ।—প্ৰভু! এতিয়া নিষ্ঠুৰতাই মোৰ ধৰ্ম্ম, শত্ৰুৰ ওপৰত প্ৰতিশোধ লোৱাই মোৰ কৰ্ম্ম। পিঠিত চমটাৰ ছাব বহি থাকোঁতে ক্ষমালৈ ঠাই নাই। আপুনি তাক এৰি দিব লাগিব। [ ১০১ ]  এইদৰে কৈয়েই ৰাঘৱে চাৰিওফালে চাবলৈ ধৰিলে। হঠাৎ খুটাৰ আঁৰত লুকাই থকা বৰবৰুৱা তেওঁৰ চকুত পৰিল। দেখা মাত্ৰেই ৰাঘৱ দাঁত কামুৰি উঠিল; চকুৰ পৰা ফিৰিঙতি ওলাল।

  চতুৰ্ভুজে ক'লে,—“স্থিৰ হোৱাঁ ৰাঘৱ; গুৰুৰ অপমান নকৰিবা।”

 ৰাঘৱ।—প্ৰভু! আপুনি জানে মোৰ প্ৰতিজ্ঞা কি আছিল। আজি বৰবৰুৱা হৈ তাৰ আধা পূৰ্ণ কৰিছোঁ; বাকী আধাও নুপূৰালে মোৰ প্ৰতিজ্ঞা নৰয়। আপুনি বাধা নিদিব, তাক উলিয়াই দিয়ক।

 অষ্ট।—মই দিব নোৱাৰোঁ। তেওঁৰ দায়িত্ব মই ল'লোঁ। তুমি যোৱাঁ।

 ৰাঘৱ।—আপুনি নিদিয়ে! তেন্তে মই অপৰাধী হ’বলৈকে প্ৰস্তুত।

  এনেকৈ কৈয়েই গুৰুৰ সম্মুখে দি গৈ ৰাঘৱ বৰবৰুৱাক থাপ মাৰি ধৰিলে আৰু গুৰুৰ বধ শপত একো নামানি চোচোৰাই উলিয়াই আনিলে। তাৰ পাচত বাহিৰত ৰৈ থকা তেওঁৰ অনুচৰবিলাকৰ হাতত দি ক'লে,—“ইয়াক ভালকৈ বান্ধ।”

  অনুচৰবিলাকে বৰবৰুৱাক মজপুতকৈ কঁকালত জৰি লগাই বান্ধিলে। তেতিয়া ৰাঘৱে বন্দীক নগৰলৈ নিবলৈ আদেশ দি

উলটি খোজ ল’লে।

[ ১০২ ]  অষ্টভুজে মৰ্ম্মান্তিক বেজাৰ পালে। আজিলৈকে কোনো শিষ্যই তেওঁৰ বাক্য পেলোৱা নাই। ৰাঘৱৰ প্ৰতি তেওঁৰ বিৰক্তি জন্মিল। তেওঁ ক'লে,—“ৰাঘৱ! তোৰ এই অতপালি ঈশ্বৰে বেচি দিন নসহে।”

 কীৰ্ত্তিচন্দ্ৰক নগৰলৈ আনি সেইদিনা বন্দীশালত থোৱা হ’ল। পিচ-দিনা খাই-বৈ উঠি ৰাঘৱ চ'ৰাত বহিল আৰু কীৰ্ত্তিচন্দ্ৰক আনিবলৈ ক'লে!

 কীৰ্ত্তিচন্দ্ৰক ৰাঘৱৰ সম্মুখলৈ অনা হ'ল। ৰাঘৱে তেওঁলৈ চাই মাত লগালে,—“কীৰ্ত্তিচন্দ্ৰ! আজি তোমাৰ বিচাৰ। মোক চিনি পাইছা নে? আজি অৱস্থা বিপৰীত। আজি মই বৰবৰুৱা,—বিচাৰক। তুমি অপৰাধী। বিনা দোবত তুমি লোকৰ কাণ কাটিছিলা, নাক কাটিছিলা, চমটা লগাইছিলা। তোমাৰ সেই অপৰাধৰ আজি বিচাৰ।”

 কীৰ্ত্তিচন্দ্ৰই একো নামাতিলে। ৰাঘৱে প্ৰহৰীক আদেশ দিলে,—“ইয়াৰ কাণ দুখন কাট।”।

 তেতিয়াই আদেশ পালিত হ'ল। কীৰ্ত্তিচন্দ্ৰই ছটফটাবলৈ -ধৰিলে। ৰাঘৱে আকৌ আদেশ দিলে,—“ইয়াক পেৰেঙণিত বান্ধ।”

 তেতিয়াই কীৰ্ত্তিচন্দ্ৰক বন্ধা হ'ল। ৰাঘৱে কাঁইটীয়া চমটাৰে তেওঁৰ পিঠিত একুৰি কোব লগাবলৈ পুনৰায় আদেশ দিলে।

[ ১০৩ ]  আদেশমতে প্ৰহৰীয়ে চমটা লগালে। কীৰ্ত্তিচন্দ্ৰৰ চৈতন্য বিলোপ হ’ল। ৰাঘৱে প্ৰহৰীক ক'লে,—“এতিয়া বন্দীশাললৈ লৈ যা। চমটাৰ সোৱাদটো ভালকৈ অনুভব কৰক। কালিলৈ দুপৰীয়া শূলত দি একেবাৰেই শেষ কৰা হ’ব।”

 প্ৰহৰীয়ে কীৰ্ত্তিচন্দ্ৰক লৈ গ'ল। ৰাঘৱ চাই থাকি বলিয়াৰ নিচিনাকৈ চিঞৰি উঠিল,—“আজি মোৰ জীৱনৰ উদ্দেশ্য সিদ্ধি হ’ল; প্ৰতিজ্ঞা পূৰ্ণ হ’ল; প্ৰতিশোধ সম্পূৰ্ণ হল। হাঃ হাঃ হাঃ হাঃ!”

[ ১০৪ ]

ত্ৰয়োবিংশ অধ্যায়।
ভাগ্যফল।

 বঙ্গদেশৰ পৰ প্ৰতিক্ৰিয়াশীল লোকৰ আমদানীৰ পৰাই অসমত ধৰ্ম্মযুদ্ধৰ সূচনা হৈ প্ৰজাশক্তিৰ উত্থান হয়। তাৰ ফলতেই দলিত প্ৰপীড়িত মৰাণে ৰাজক্ষমতা লাভ কৰে। শক্তিপূজাৰ পৰিণতি-স্বৰূপেই মোগল-বিজয়ী আহোমৰ শক্তি চিৰকাললৈ হেৰাই যায়।

 এতিয়া অসমৰ ৰাজসিংহাসনত মৰাণ ৰমাকান্ত। ৰাঘৱৰ কথামতে,তেওঁৰ শাসন সুশৃঙ্খল নহৈ প্ৰতিশোধমূলক হ’ল; পুৰণি বিষয়া আৰু বামুণৰ ওপৰত অত্যাচাৰ আৰম্ভ হ’ল; আগৰ নিয়ম-প্ৰণালীৰ বিস্তৰ পৰিবৰ্ত্তন ঘটিল। আগৰ নিৰ্য্যাতিত মায়ামৰীয়া মহন্তই ৰাজগুৰু হৈ কেকোঁৰা দোলা লাভ কৰিলে।

 আহোম ৰজাৰ মোহৰ সৌমাৰৰ আকৃতিৰে আঠচুকীয়া আছিল। এতিয়া ৰমাকান্তই ন চুকীয়া মোহৰ মৰালে।

 ৰাজ্যৰ সকলো ব্যৱস্থা হৈ যোৱাৰ পাচত ৰমাকান্তই টাৰিমুৱাক মতাই আনিলে। যদিও পুৰণি বিষয়া সকলো খেদোৱা হৈছিল তথাপি টাৰিমুৱাৰ আগৰ বিষয়েই এতিয়াও থাকিল। টাৰিমুৱা ৰজাৰ ওচৰত উপস্থিত হ'ল। দুয়োৰে মনত পৰিল টাৰিমুৱাৰ ঘৰত দুয়োৰে প্ৰথম সাক্ষাতৰ কথা। আজি তাৰ [ ১০৫ ] বিপৰীত দৃশ্য। ৰজাক সম্ভ্ৰম দেখুৱাই টাৰিমুৱা থিয় হৈ ৰ'ল। ৰমাকান্তই ক'লে,—“ভণ্ডাৰী বৰুৱা! আপোনাৰ বোধ কৰোঁ মনত আছে এসময়ত মই আপোনাৰ কন্যা লখিমীৰ প্ৰাৰ্থী আছিলোঁ। যি কাৰণেতেই হওক, তেতিয়া সি হৈ নুঠিল। মই কিন্তু সেই সঙ্কল্প এতিয়াও এৰা নাই। তাক কাৰ্য্যত পৰিণত কৰাত আপোনাৰ কিবা আপত্তি আছে নে?”

 টাৰিমুৱাই জানে তেওঁৰ আপত্তি থাকিলেও তেওঁ ৰজাৰ ইচ্ছাত বাধা দিব নোৱাৰে। তাৰ উপৰি এতিয়া আপত্তিৰো কোনো কাৰণ থাকিব নোৱাৰে, বৰং তেওঁৰ ছোৱালী ৰাজ-মহিষী হব, ই তেওঁৰ পক্ষে সৌভাগ্যৰ হে কথা। তেওঁ জনালে যে তেওঁৰ কোনো আপত্তি নাই।

 তেতিয়া বিয়াৰ আয়োজন ধুমধাম চলিল। নতুন ৰজাৰ বিয়া, সকলো আনিন্দত উৰুলীকৃত। বিপুল আয়োজন আৰু সমাৰোহৰ মাজত ৰমাকান্ত আৰু লখিমীৰ শুভ বিবাহ সম্পন্ন হ'ল। আমোদ উৎসৱ ভোজ-ভাত বহুত দিনলৈকে চলিল।

 ৰমাকান্ত আৰু লখিমীৰ বহুতদিনীয়া আশা পূৰ হ’ল; জ্যোতিষীৰ ভবিষ্যৎবাণীও সফল হ'ল।

 বিয়াৰ কিছুদিনৰ পাচত এদিন ৰমাকান্তই ধেমালি কৰি লখিমীক সুধিলে,—“সেই নৈ ঘাটৰ কথা মনত আছে নে?”

 লখিমী।—আছে।

 ৰমা।—আজি মই ৰজা নোহোৱা হ'লে সকলো মিছা হ'লহেতেন; তুমি কাৰবাৰ ভাগ্য-লক্ষ্মী হ’লাহেতেন।

[ ১০৬ ]  লখিমী৷— ইয়াত হেতেন নাই। আপোনাৰ লগত মোৰ মিলন বিধাতাৰ লিখন। মোক কুঁৱৰী কৰিব লাগিব বুলিয়েই কি জানি আপুনি ৰাজপাট লাভ কৰিলে।

 ৰমা৷— তোমাৰ কথাই সঁচা। তোমাৰ ভাগ্যৰ বলতেই তুমি ৰাজকুৱঁৰী আৰু তোমাৰ উপযুক্ত হবৰ নিমিত্তেই তোমাৰ ভাগাই মোক সিংহাসনত বহুৱাইছে।

 লখিমী।— ইস্! কথা কয়!

 ৰমাকান্তই একো নকৈ লখিমীক বুকলৈ টানি ল'লে


অন্ত


এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২১ চনত ১ জানুৱাৰী ১৯৬১ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )