পৃষ্ঠা:গণ-বিপ্লৱ.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
ফুলেশ্বৰী কুৱঁৰী।


 কেইদিনমানৰ পাচত ফুলমতী ভাল হ’ল আৰু শিৱসিংহও ৰংপুৰলৈ উলটিল। তাৰ পাচত অভিষেকৰ যথাযোগ্য আয়োজন কৰি শুভক্ষণত তেওঁ সিংহাসন আৰোহণ কৰিলে।

 ৰজা হৈয়েই শিৱসিংহই ফুলমতী লিগিৰীক মহাসমাৰোহেৰে বিয়া কৰাই পাটৰাণী পাতিলে। যদিও ডাঙৰীয়া আৰু বিষয়াসকলৰ সৰহ ভাগেই এই বিয়াত সন্তোষ পোৱা নাছিল, তথাপি বিশ্বদেৱ আদি বাপুসকলৰ মুখত হাঁহি বিৰিঙিল।

 এই ফুলমতী নাচনীয়েই বৰঞ্জী বিখ্যাত ফলেশ্বৰী কৱঁৰী