যেতিয়া ৰাঘৱে গুৰুৰ ঘৰ পালে, তেতিয়া অষ্টভুজ নাম-
ঘৰতে আছিল, কীৰ্ত্তিচন্দ্ৰও তেওঁৰ ওচৰতে বহিছিল। ৰাঘৱ
অহাৰ গম পাই অষ্টভুজৰ মনত শঙ্কা জন্মিল; তেওঁ কীৰ্ত্তিচন্দ্ৰক
তেওঁৰ সিফালে বৰখুটাৰ আঁৰত থাকিবলৈ দিলে।
ৰাঘৱ আহি গুৰুক সেৱা কৰিলে। গুৰুৱে আশীৰ্ব্বাদ কৰি অহাৰ কাৰণ সুধিলে।
ৰাঘৱে ক'লে,—“বৰ ডাঙৰ কাৰণত আহিছোঁ। মই জানিব পাৰিছোঁ জলমবটা গেন্ধেলা আপোনাৰ আশ্ৰয়ত আছে। তাক মোক লাগে।”
অষ্ট।—হয়, আছে। তেওঁ শৰণাগত। শত্ৰু হলেও শৰণাগতক ৰক্ষা কৰিব লাগে, এয়ে আমাৰ ধৰ্ম্ম। তুমি তেওঁক ক্ষমা কৰাঁ।
ৰাঘৱ। —ক্ষমা! মই কাবৌ কৰিছোঁ, মোক তেনে আদেশ নিদিব।
অষ্ট।—মানুহ মাত্ৰেই ভুল কৰে, দোষ কৰে। কিন্তু যদি অনুতপ্ত হৈ দোষ স্বীকাৰ কৰি ক্ষমা খোজে, তেতিয়াও ক্ষমা নকৰাটো নিষ্ঠুৰতা।
ৰাঘৱ।—প্ৰভু! এতিয়া নিষ্ঠুৰতাই মোৰ ধৰ্ম্ম, শত্ৰুৰ ওপৰত প্ৰতিশোধ লোৱাই মোৰ কৰ্ম্ম। পিঠিত চমটাৰ ছাব বহি থাকোঁতে ক্ষমালৈ ঠাই নাই। আপুনি তাক এৰি দিব লাগিব।