পৃষ্ঠা:গণ-বিপ্লৱ.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
মোহনমালা

 তেতিয়া ৰমাকান্ত আৰু সপ্তভুজে বিদায় ল'লে। মোহনমালাই অতীত-ভবিষ্যতৰ নানা কথা ভাবিবলৈ ধৰিলে; নিজে নিজে ক'লে,—“এওঁলোকৰ কথাত মোৰ প্ৰত্যয় জন্মিছে, নিশ্চয় মোৰ ইচ্ছা পূৰ্ণ হ'ব। যদি কৃতকাৰ্য্য হওঁ, অন্যায়- অধৰ্ম্মৰ শাসন লোপ কৰিম, ধৰ্ম্মৰাজ্য স্থাপন কৰিম, শান্তিময় নতুন অসম গঢ়ি তুলিম।”