পৃষ্ঠা:গণ-বিপ্লৱ.pdf/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫
বিশ্বাস-ঘাতকতা


তথাপি সেইটো যে অকল মৰাণৰ স্বাৰ্থসিদ্ধিৰ নিমিত্তেহে তাক তেওঁ যুদ্ধক্ষেত্ৰতে গম পাইছিল। গোটেইবোৰ যুদ্ধ ক্ষেত্ৰতে সৈন্য-সেনাপতি ৰাঘৱৰ হে অনুগত আছিল, তেওঁৰ নাছিল। এতিয়াও যে ৰাঘৱৰ কথাই হে ৰজিব তাত সন্দেহ নাছিল। ৰাঘৱৰ ব্যৱস্থামতে ৰজা হবলৈ গ'লে তেওঁৰ দ্বাৰাই আহোমৰ গৌৰৱ লুপ্ত হ'ব। মৰাণৰ শাসন মানি লোৱা হ'ব। তেওঁ কেতিয়াও তেনে কাম কৰিব নোৱাৰে; আহোমৰ সমাধি প্ৰস্তুত কৰিব নোৱাৰে। তাতে এতিয়াই ৰাঘৱ যি মূৰ্ত্তি দেখুৱাইছে, তাৰ পৰাই ৰাজপাট ল'লে আগলৈ কি অপমান আৰু লাঞ্ছনা সহ্য কৰিব লাগিব তাক স্পষ্টকৈ বুজা যায়। এনেকৈ সকলো কথা ভাবি মোহনমালা ৰাঘৱৰ ওচৰৰ পৰা আঁতৰি গ'ল। তাৰ পাচত তেওঁক আৰু কোনেও দেখা নাই! শুনা যায় তেওঁ হেনো গুৱাহাটীৰ ফালে ভটীয়াই গ'ল।