পৃষ্ঠা:গণ-বিপ্লৱ.pdf/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬
গণ-বিপ্লৱ

 লখিমী৷— ইয়াত হেতেন নাই। আপোনাৰ লগত মোৰ মিলন বিধাতাৰ লিখন। মোক কুঁৱৰী কৰিব লাগিব বুলিয়েই কি জানি আপুনি ৰাজপাট লাভ কৰিলে।

 ৰমা৷— তোমাৰ কথাই সঁচা। তোমাৰ ভাগ্যৰ বলতেই তুমি ৰাজকুৱঁৰী আৰু তোমাৰ উপযুক্ত হবৰ নিমিত্তেই তোমাৰ ভাগাই মোক সিংহাসনত বহুৱাইছে।

 লখিমী।— ইস্! কথা কয়!

 ৰমাকান্তই একো নকৈ লখিমীক বুকলৈ টানি ল'লে


অন্ত