পৃষ্ঠা:গণ-বিপ্লৱ.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
গণবিপ্লৱ

মন্ত্ৰীসকলৰ লগত পৰামৰ্শ কৰি সোনকালে সিংহাসন এৰাৰ সিদ্ধান্ত কৰিলে।

 দৈবজ্ঞৰ হতুৱাই ভাল দিন-বাৰ চোৱাই শিৱসিংহই ফুলেশ্বৰীক সিংহাসন এৰি দিলে। মহান উৎসৱ পাতি ফুলেশ্বৰী পাটত বহিল। পাটত বহি ফুলেশ্বৰী হ'ল বৰ ৰজা আৰু সিংহাসন এৰি শিৱসিংহ হ'ল ভিতৰ-শুৱনি সৰু ৰজা বা বহি ৰজা।