অষ্টভুজে মৰ্ম্মান্তিক বেজাৰ পালে। আজিলৈকে কোনো শিষ্যই তেওঁৰ বাক্য পেলোৱা নাই। ৰাঘৱৰ প্ৰতি তেওঁৰ বিৰক্তি জন্মিল। তেওঁ ক'লে,—“ৰাঘৱ! তোৰ এই অতপালি ঈশ্বৰে বেচি দিন নসহে।”
কীৰ্ত্তিচন্দ্ৰক নগৰলৈ আনি সেইদিনা বন্দীশালত থোৱা হ’ল। পিচ-দিনা খাই-বৈ উঠি ৰাঘৱ চ'ৰাত বহিল আৰু কীৰ্ত্তিচন্দ্ৰক আনিবলৈ ক'লে!
কীৰ্ত্তিচন্দ্ৰক ৰাঘৱৰ সম্মুখলৈ অনা হ'ল। ৰাঘৱে তেওঁলৈ চাই মাত লগালে,—“কীৰ্ত্তিচন্দ্ৰ! আজি তোমাৰ বিচাৰ। মোক চিনি পাইছা নে? আজি অৱস্থা বিপৰীত। আজি মই বৰবৰুৱা,—বিচাৰক। তুমি অপৰাধী। বিনা দোবত তুমি লোকৰ কাণ কাটিছিলা, নাক কাটিছিলা, চমটা লগাইছিলা। তোমাৰ সেই অপৰাধৰ আজি বিচাৰ।”
কীৰ্ত্তিচন্দ্ৰই একো নামাতিলে। ৰাঘৱে প্ৰহৰীক আদেশ দিলে,—“ইয়াৰ কাণ দুখন কাট।”।
তেতিয়াই আদেশ পালিত হ'ল। কীৰ্ত্তিচন্দ্ৰই ছটফটাবলৈ -ধৰিলে। ৰাঘৱে আকৌ আদেশ দিলে,—“ইয়াক পেৰেঙণিত বান্ধ।”
তেতিয়াই কীৰ্ত্তিচন্দ্ৰক বন্ধা হ'ল। ৰাঘৱে কাঁইটীয়া চমটাৰে তেওঁৰ পিঠিত একুৰি কোব লগাবলৈ পুনৰায় আদেশ দিলে।