পৃষ্ঠা:গণ-বিপ্লৱ.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

দ্বিতীয় অধ্যায়।
ফুলেশ্বৰী কুৱঁৰী।

 ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ চাৰি গৰাকী কুৱঁৰীৰ পৰা পাঁচজন পুত্ৰৰ জন্ম হয়। জ্যেষ্ঠানুক্ৰমে তেওঁলোক শিৱসিংহ, প্ৰমত্তসিংহ, মোহন- মালা, ৰাজেশ্বৰসিংহ আৰু লক্ষ্মীসিংহ। তেওঁলোকৰ ভিতৰত লক্ষ্মী সিংহক স্বৰ্গদেৱে নিজৰ পুত্ৰ বুলি স্বীকাৰ নকৰিছিল।

 শিৱসিংহ জ্যেষ্ঠপুত্ৰ হোৱাত স্বৰ্গদেৱ ৰুদ্ৰসিংহই তেওঁকেই যুৱৰাজ পাতিলে। শিৱসিংহ সৰুৰে পৰা বৰ বিলাস-প্ৰিয় আহিল; 'ৰাজ কাৰ্য্য়ত মনোযোগ দিয়াতকৈ আমোদ-প্ৰমোদত দিন কটাবলৈ তেওঁৰ বেচি ধাউতি আছিল।

 সেই সময়ত কালুগাৱঁৰ চিনাতলীত ফুলমতী নামে এজনী নাচনী নটৰ ছোৱালী আছিল। তেওঁৰ নাচ যেয়ে দেখিছিল সেয়ে মুগ্ধ হৈছিল। অকল নাচ-গানতেইহে যে তেঁও পাকৈত আছিল এনে নহয়, ৰূপতো সফলো ছোৱালীকে চেৰ পেলাইছিল। এওঁৰ খ্যাতি আগতে উল্লেখ কৰা বাপুসকলৰ কাণত পৰিল আৰু তেওঁলোকে নিজে চাই-চিতি চকু-কাণৰ খৰিয়াল ভাঙিলে। তেওঁ- লোকৰ ধাৰণা হ’ল, যদি এই ফুলমতীক হাত কৰি ল'ব পৰা যায়, তেন্তে বিলাসী যুৱৰাজ শিৱসিংহক জালত পেলাবলৈ সুযোগ মিলিব