পৃষ্ঠা:গণ-বিপ্লৱ.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৩
প্ৰতিজ্ঞা পূৰণ


 আদেশমতে প্ৰহৰীয়ে চমটা লগালে। কীৰ্ত্তিচন্দ্ৰৰ চৈতন্য বিলোপ হ’ল। ৰাঘৱে প্ৰহৰীক ক'লে,—“এতিয়া বন্দীশাললৈ লৈ যা। চমটাৰ সোৱাদটো ভালকৈ অনুভব কৰক। কালিলৈ দুপৰীয়া শূলত দি একেবাৰেই শেষ কৰা হ’ব।”

 প্ৰহৰীয়ে কীৰ্ত্তিচন্দ্ৰক লৈ গ'ল। ৰাঘৱ চাই থাকি বলিয়াৰ নিচিনাকৈ চিঞৰি উঠিল,—“আজি মোৰ জীৱনৰ উদ্দেশ্য সিদ্ধি হ’ল; প্ৰতিজ্ঞা পূৰ্ণ হ’ল; প্ৰতিশোধ সম্পূৰ্ণ হল। হাঃ হাঃ হাঃ হাঃ!”