পৃষ্ঠা:গণ-বিপ্লৱ.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ত্ৰয়োবিংশ অধ্যায়।
ভাগ্যফল।

 বঙ্গদেশৰ পৰ প্ৰতিক্ৰিয়াশীল লোকৰ আমদানীৰ পৰাই অসমত ধৰ্ম্মযুদ্ধৰ সূচনা হৈ প্ৰজাশক্তিৰ উত্থান হয়। তাৰ ফলতেই দলিত প্ৰপীড়িত মৰাণে ৰাজক্ষমতা লাভ কৰে। শক্তিপূজাৰ পৰিণতি-স্বৰূপেই মোগল-বিজয়ী আহোমৰ শক্তি চিৰকাললৈ হেৰাই যায়।

 এতিয়া অসমৰ ৰাজসিংহাসনত মৰাণ ৰমাকান্ত। ৰাঘৱৰ কথামতে,তেওঁৰ শাসন সুশৃঙ্খল নহৈ প্ৰতিশোধমূলক হ’ল; পুৰণি বিষয়া আৰু বামুণৰ ওপৰত অত্যাচাৰ আৰম্ভ হ’ল; আগৰ নিয়ম-প্ৰণালীৰ বিস্তৰ পৰিবৰ্ত্তন ঘটিল। আগৰ নিৰ্য্যাতিত মায়ামৰীয়া মহন্তই ৰাজগুৰু হৈ কেকোঁৰা দোলা লাভ কৰিলে।

 আহোম ৰজাৰ মোহৰ সৌমাৰৰ আকৃতিৰে আঠচুকীয়া আছিল। এতিয়া ৰমাকান্তই ন চুকীয়া মোহৰ মৰালে।

 ৰাজ্যৰ সকলো ব্যৱস্থা হৈ যোৱাৰ পাচত ৰমাকান্তই টাৰিমুৱাক মতাই আনিলে। যদিও পুৰণি বিষয়া সকলো খেদোৱা হৈছিল তথাপি টাৰিমুৱাৰ আগৰ বিষয়েই এতিয়াও থাকিল। টাৰিমুৱা ৰজাৰ ওচৰত উপস্থিত হ'ল। দুয়োৰে মনত পৰিল টাৰিমুৱাৰ ঘৰত দুয়োৰে প্ৰথম সাক্ষাতৰ কথা। আজি তাৰ