কৰিছোঁ, অন্তৰেৰে সৈতে নহয়। পিচে আমি নো কি সাহায্য কৰিব পাৰোঁ।
মোহন।—বৰ ডাঙৰ সাহায্য কৰিব পাৰা। যদি খাৰঘৰীয়াই খাৰ বাৰুদ সেমেকাই আৰু ধনুৰ গুণ পচাই ৰাখে, আৰু তুমি বৰবৰুৱাৰ সৈন্যৰ ৰচত-পাতি যোগোৱাত লেহেম কৰা, তেন্তে অতি সহজে আমাৰ অভিযান সফল হ’ব। পাৰিবা নে?
টাৰি।— যিমানখিনিলৈকে পাৰি চাম।
মোহন।—পাৰা বা নোৱাৰা, আমি আমাৰ আক্ৰমণ এসপ্তাহমানৰ ভিতৰতে আৰম্ভ কৰিমেই। চেষ্টা কৰিলে তোমালোকে নোৱাৰিবৰো কোনো কাৰণ নাই।
টাৰি।—মোৰ শক্তিৰে যি পাৰোঁ নিশ্চয় কৰিম।
মোহন।—সেয়ে যথেষ্ট হ'ব। কিন্তু এটা কথালৈ বিশেষ সাৱধান হ’ব যাতে আমি নিজে আক্ৰমণ কৰাৰ আগতে শত্ৰুপক্ষই ঘুণাক্ষৰেও তাৰ গম নাপায়।
টাৰি।—সেইটো আপুনি নকলেও হ'ব। আন নালাগে মোৰ নিজৰ ৰক্ষাৰ নিমিত্তেও তাৰ প্ৰয়োজন।
এই কথা বতৰাৰ পাচত টাৰিমুৱাই বিদায় ল’লে। মোহনমালাই সকলো কথা ৰমাকান্তক কৈ অষ্টভুজক জনাবলৈ ক'লে।
ইয়াৰ পাচত সকলোৱে সেই ঠাই এৰিলে। মোহনমালাই কল্পনাত ভবিষ্যতৰ মনোৰম দৃশ্য দেখি পৰম শান্তি লাভ কৰিলে।
⸻