পৃষ্ঠা:গণ-বিপ্লৱ.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পঞ্চদশ অধ্যায়।
মোহনমালা।

 নামৰূপৰ এখন অটব্য অৰণ্য। প্ৰকাণ্ড প্ৰকাণ্ড গছ, নানাজাতীয় বনৰীয়া লতা আৰু অ'ত ত'ত দুই এটা পুখুৰী। ইয়াৰ মাজতে এটা পঁজাত মোহনমালা। ৰজাৰ কাৰেঙত ডাঙৰ-দীঘল হোৱা, মহাসুখত উঠা ৰাজকুমাৰৰ আজি এই বনবাস। অপৰাধ—আনৰ হাতৰ পুতলা হৈ নিজৰ স্বাধীন মত এৰিবলৈ তেওঁৰ অনিচ্ছা। তেওঁ নিজ দুৰ্ভাগ্যৰ কথা ভাবিয়েই মাথোন কাল কটাইছে; বয়সতকৈ বেচি বুঢ়া হৈছে। এদিন তাবেলি তেওঁ পুখুৰী এটাৰ পাৰত বহি একেৰাহে পানীলৈ চাই আছিল। তেতিয়া বতাহ বলছিল আৰু পানীত ঢৌ উঠিছিল। বহুত বেলি উদাস দৃষ্টিৰে চাই থাকি তেওঁ আপোন মনতে ক'লে,— “এই পানীত অলেখ ঢৌ উঠি পাৰত খুন্দা খাই উলটি আহিছে; অৱস্থাৰ একো পৰিবৰ্ত্তন হোৱা নাই। মোৰ বুকতো এনে কত শত-সহস্ৰ ঢৌ দিনে-ৰাতিয়ে উঠিব লাগিছে, আকৌ তাতেই মাৰ গৈছে; জীৱনৰ গতিত অলপো লৰচৰ ঘটা নাই। কি এক বিৰাট কল্পনাৰ ৰাজ্যত ঘূৰিছোঁ! কিন্তু সেই কল্পনাৰ কাৰ্য্যাৱলী ক্ষুদ্ৰ বুদ্বুদৰ দৰে