আমাৰ লগত সহযোগিতা ৰাখিব নোখোজে। আমাক বাদ
দিব নোৱাৰিলে ৰজা নহয়।
ৰমা।— তেন্তে ভালেই হৈছে। আমাৰ গুৰুকে ৰজা পতা হওক।
সপ্ত।—সেইটো কেতিয়াও নহয়। তেৰাই এইবোৰ জঞ্জালত সোমাবলৈ গাত নলয়।
ৰাঘৱ।—যদি নলয় আপুনিয়েই সেই দায়িত্ব লওক।
সপ্ত।—মই ইমান গধুৰ দায়িত্ব ল'ব নোৱাৰোঁ। তদুপৰি পিতায়ো অনুমতি নিদিয়ে।
তেতিয়া সকলোৱে আলচ কৰি এবাৰ গুৰুৰ লগত পৰামৰ্শ
কৰিবলৈ স্থিৰ কৰিলে। এই উদ্দেশ্যে কেইজনমান লগৰীয়াৰে
সৈতে নাহৰ অষ্টভুজৰ ওচৰলৈ গ'ল আৰু তেওঁলোকৰ মনোভাব
ব্যক্ত কৰিলে। মোহনমালাৰ প্ৰতি কৰা অবিচাৰৰ কথা শুনি
চতুৰ্ভুজে দুখ প্ৰকাশ কৰিলে; তাৰ পাচত কলে,—“প্ৰভু
ভগৱন্তৰ কৃপাত আমাৰো এডুখৰি ৰাজ্য আছে। তাত যুদ্ধ-
বিগ্ৰহ নাই, আলৈ-আহুকাল নাই, ভোগ-বিলাসৰ প্ৰবৃত্তি
নাই। ভকত সকলেই মোৰ প্ৰজা। এই ৰাজ্য এৰি মই
পাৰ্থিব ৰাজপাট লবলৈ যাব পাৰোঁ নে! মোৰ পাচত মোৰ
লৰাই এই ৰাজ্য চলাব লাগিব; তেওঁকো মই তোমালোকৰ
হাতত এৰি দিব নোৱাৰোঁ। মোহনমালাক ৰজা পতাই
তোমালোকৰ উচিত আছিল। সেয়ে যেতিয়া নহ’ল, মোৰ
মতে লক্ষ্মীসিংহকেই ৰখা ভাল।”
৭