মাজত। কিন্তু ইমানতো সিহঁত সন্তুষ্ট হোৱা নাই; মোক হত্যা কৰিবলৈ ঘাতক নিযুক্ত কৰিছে। সিদিনা কোনোমতেহে ৰক্ষা পাইছোঁ। এতিয়া মই তাৰ প্ৰতিশোধ ল'ব খোজোঁ; জলমবটা গেন্ধেলাৰ হাতৰ পৰা মোৰ প্ৰাপ্য ৰাজ-ক্ষমতা উদ্ধাৰ কৰিব খোজোঁ। তুমি মোৰ সহায় হ’বা নে?
টাৰি।—মই একো বুজা নাই। মই অকলৈ কি কৰিব পাৰোঁ?
মোহন।—শুনা তেন্তে, কথাটো বুজাই দিওঁ। মই যুদ্ধৰ আয়োজন কৰিছোঁ, অলপতে ৰাজধানী আক্ৰমণ কৰিম।
টাৰি।—আপোনাক ৰজা পাবলৈ বহুতৰে আগ্ৰহ। এফালে বৈষ্ণৱ বিষয়াসকলে, আনফালে বৰবৰুৱাৰ ওপৰত অসন্তুষ্ট ডা-ডাঙৰীয়াসকলে অপোনাক পালে সন্তোষ পাব; সকলো আপোনাৰ দললৈ আহিব।
মোহন।—সঁচা নে?
টাৰি।—অতি সঁচা; তাত অলপো সন্দেহ নাই।
মোহন।— তেন্তে মোৰ জয়-লাভ অনিবাৰ্য্য। কিন্তু মোৰ ইচ্ছা যাতে অতি কম মানুহৰ হানি-বিঘিনি হয়। সেইটো তোমাৰ আৰু খাৰঘৰীয়া ফুকনৰ ওপৰত নিৰ্ভৰ কৰে। আগতে খাৰঘৰীয়া ফুকনো মোৰ শুভাকাঙ্ক্ষী আছিল; এতিয়া বা কেনে হৈছে ক'ব নোৱাৰোঁ।
টাৰি।—এতিয়াও তেওঁক আপোনাৰ ফলীয়া বুলি জানো। তেৱেঁই হওক, বা ময়েই হওঁ, বাধ্য হৈ হে বৰ্ত্তমান ৰজাক সেৱা ৬