পৃষ্ঠা:গণ-বিপ্লৱ.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
বাহিনী-গঠন

 যেতিয়া আহোমৰ ক্ষমতা গোটেই অসমত ব্যাপ্ত হ’ল তেতিয়া ৰজাই মৰাণৰ লগত সুকীয়া বন্দৱস্ত কৰিলে। সেই মতে আগৰ ৰজাৰ উত্তৰাধিকাৰী এজনক মৰাণৰ নায়ক পাতিলে। তেওঁ কৰস্বৰূপে বছৰি পাঁচোটা হাতী ৰজাঘৰত শোধাব লাগিছিল,—তাৰে এটা ৰজাৰ, তিনটা তিনি জন ডাঙৰীয়াৰ আৰু এটা বৰবৰুৱাৰ। তাৰ উপৰিও মৰাণবিলাকে পাল পাতি গোটেই বছৰ ৰজাঘৰত খৰি যোগাব লাগছিল। আগ ডোখৰত মৰাণ-মটকবিলাক শান্তিত আছিল, কিন্তু ফুলেশ্বৰী কুৱঁৰীৰ দিনৰে পৰা এওঁলোকে নিৰ্য্যাতন ভুগিবলৈ ধৰিলে। এওঁলোক যে মায়ামৰীয়া মহন্তৰ শিষ্য এয়ে হ’ল এওঁলোকৰ একমাত্ৰ অপৰাধ।

 ৰাজেশ্বৰসিংহ স্বৰ্গদেৱৰ দিনত মৰাণৰ নায়ক আছিল নাহৰ খোঁৰা।[১] খৰিৰ তত্ত্বাৱধানৰ ভাৰ আছিল ৰাঘৱৰ ওপৰত। নাহৰ তেতিয়া আদহীয়া, ৰাঘৱ নতুনকৈ উঠি অহা ডেকা।

 নাহৰৰ দুগৰাকী ভাৰ্য্যা আছিল, নাম ভাতুকী আৰু ভাকুলী। পিচত তেওঁলোকে এই নাম এৰি নতুনকৈ ৰাধা আৰু ৰুক্মিণী নাম লয়। তেওঁলোকৰ সাহ-পিত পুৰুষতকৈ কোনোগুণে কম নাছিল। ৰাধাৰ ডাঙৰ লৰাটোৰ নাম ৰমাকান্ত, বয়সত প্ৰায় ৰাঘৱৰ সমনীয়া।

 মালৌ পথাৰৰ পৰা নাহৰ ঘৰলৈ আহিল। ৰাঘৱ তেওঁৰ লগতে আহিছিল। ৰাধা আৰু ৰুক্মিণীয়ে গুৰুৰ ব্যৱস্থাৰ কথা


  1. মটক সম্প্ৰদায়ৰ মতে নাহৰ মৰাণ নহয়, মটক হে।