পৃষ্ঠা:গণ-বিপ্লৱ.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯
জ্যোতিষীৰ ভাগ্য গণনা

গধূলিতে ঘৰৰ পৰা ওলাম। তুমি চাৰিজনমান মানুহ লৈ আগ বাঢ়ি গৈ মোলৈ বাট চাবা।”

 তেতিয়াই ৰমাকান্ত ওলাই গ'ল। লখিমীয়ে কিবা এটা অপ্ৰীতিকৰ ঘটনা ঘটিব বুলি সন্দেহতে কঁপি আছিল। কিন্তু বাৰৰ জলঙাই দি যেতিয়া ৰমাকান্তক ৰং মনেৰে ওলাই যোৱা দেখিলে, তেতিয়া তেওঁৰ সেই ভয় ভাগিল, আৰু অন্তৰৰ ক্ষীণ. আশাও বলা হৈ উঠিল।