পৃষ্ঠা:গণ-বিপ্লৱ.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অষ্টাদশ অধ্যায়।
ৰণ-চণ্ডী।

 মায়ামৰীয়াৰ আয়োজন সম্পূৰ্ণ হ’ল। মুখিয়াল লোকসকলক লৈ অষ্টভুজে নাম-কীৰ্ত্তন পাতিলে। নামৰ অন্তত এনে ভাবে ব্যৱস্থা কৰা হ'ল, —তেওঁলোকৰ সেনা দুটা ভাগত বিভক্ত হ'ব। এটা ভাগৰ অধিনায়ক হ'ব ৰাঘৱ, নায়ক ৰমাকান্ত, আৰু নাৰী-বাহিনীৰ নায়িকা ৰুক্মিণী। আনটোৰ অধিনায়ক হ’ব নাহৰ, নায়ক সপ্তভুজ আৰু নায়িকা ৰাধা। সৰ্ব্বাধিনায়ক হ'ব মোহনমালা। প্ৰত্যেকটো দলৰ সন্মুখত থাকিব নাৰী-বাহিনী, পৃষ্ঠ আৰু পাৰ্শ্বত থাকিব পুৰুষ। একে দিনাই উত্তৰ আৰু দক্ষিণফালৰ পৰা আক্ৰমণ হ’ব। উত্তৰৰ পৰা আক্ৰমণ কৰিব ৰাঘৱে আৰু দক্ষিণৰ পৰা নাহৰে। নাহৰৰ দলটোৱে আক্ৰমণৰ আগতে নামৰূপৰ পৰা হাতীৰে মোহনমালাক লৈ আহিব।

 ব্যৱস্থা অনুযায়ী মায়ামৰীয়াৰ অভিযান আৰম্ভ হ'ল। হঠাৎ আক্ৰমণ হোৱাত বৰবৰুৱাৰ গাত তৎ নোহোৱা হ'ল। তেওঁ লৰালৰিকৈ সৈন্য সাজু কৰি শত্ৰুক ভেটিবলৈ পঠালে। বেজবৰা সেনাপতিৰ তলত চুটীয়া কাড়ী আৰু হিলৈদাৰী হাজৰিকাক পালি সেনাপতি পাতি ৰাঘৱৰ বিৰুদ্ধে পঠিয়ালে আৰু নাহৰৰ বিৰুদ্ধে পঠিয়ালে হৰনাথ ভিতৰুৱাল ফুকনক।