নোহোৱা হ’ল। এনেকৈ মায়া মৰাত ৰজাই তেওঁক “মুআ-মৰা” বুলিলে। “মু আ” আহোম ভাষাৰ শব্দ, তাৰ অৰ্থ মায়া।[১]তেতিয়াৰে পৰা অনিৰুদ্ধই প্ৰতিষ্ঠা কৰা সম্প্ৰদায়টোৰ নাম হ’ল “মু আ-মৰীয়া” বা মোৱামৰীয়া অৰ্থাৎ মায়ামৰীয়া, এই আলৌকিক ঘটনাটোৰ সত্যতাৰ সম্বন্ধে বহুতে সন্দেহ কৰে। তেওঁলোকৰ এদলে কয় যে অনিৰুদ্ধদেৱৰ ধৰ্ম্মই ভক্তসকলক মায়াৰ প্ৰভাৱৰ পৰা মুক্ত কৰে বুলিহে এই নাম পাইছিল। আন এদলে আকৌ ভোগত দিবলৈ মোৱা মাছ মৰাৰ পৰা মোৱামৰীয়া নাম পাইছিল বুলি কয়। সি যি কি নহওক, মোৱামৰীয়া নামটোৰেই বুৰঞ্জী আদিত এই সম্প্ৰদায়টো অভিহিত হৈ আহিছে। বোধ কৰোঁ ওপৰত কোৱামতে মোৱামৰীয়া আৰু মায়ামৰীয়া দুয়োটা একে অৰ্থ বাচক বুলি ধৰি লোৱাই সমীচীন।
অনিৰুদ্ধৰ শিষ্যৰ ভিতৰত মৰাণ আৰু মটকৰ সংখ্যাই আটাইতকৈ বেচি আছিল বুলি ওপৰত উনুকিয়াই অহা হৈছে। সেই কাৰণে সময়ৰ লগে লগে এই দুটা শব্দও মোৱামৰীয়া অৰ্থত ব্যৱহাৰ হবলৈ ধৰিলে। তাৰ ফলত এক জন মানুহেই কেতিয়াবা মটক আৰু কেতিয়াবা মৰাণ হ’ব লগাত পৰিল।
মায়ামৰীয়া মহন্ত আৰু তেওঁৰ শিষ্যসকল উগ্ৰ বৈষ্ণৱ। তওঁলোকৰ হনুমন্তী কাষ্ঠা। তেওঁলোকে বিষ্ণু-ভিন্ন আন কাৰো ওচৰত মূৰ নোদোঁৱায়। আন কি, মূৰ চপৰাব লাগে বুলি ঘৰৰ পানীপোতাই দুৱাৰ নাৰাখি মূধেহে ৰাখে।
- ↑ আহোম-ভাষাবিদ, স্বৰ্গীয় ৰায় চাহাব গোলাপচন্দ্ৰ বৰুৱাৰ মত।
ভালদৰে পঢ়িব নোৱৰা শব্দবোৰ "দণ্ডিনাথ কলিতা ৰচনাৱলী"ৰ পৰা সংশোধন কৰা হৈছে।