নবম অধ্যায়
বাহিনী-গঠন
মৰাণ আৰু মটক যুঁজাৰু জাতি। চুকাফাৰ অসম আক্ৰমণৰ সময়ত এওঁলোক ঘাইকৈ ডিব্ৰু আৰু ডাঙৰী নৈৰ মাজৰ ঠাইডোখৰত বাস কৰিছিল আৰু এওঁলোকৰ নিজা ৰজাও আছিল। চুকাফাই যদিও এওঁলোকক পৰাস্ত কৰি বশলৈ আনিলে, তথাপি কোনো দুৰ্ব্ব্যৱহাৰ নকৰি এওঁলোকক মিত্ৰৰূপেহে গ্ৰহণ কৰিলে। আহোম আৰু মৰাণৰ ভিতৰত বৈবাহিক সম্বন্ধও চলিল। তেতিয়া কিছুমান মৰাণে আহোম ৰীতি-নীতি গ্ৰহণ কৰিলে, আৰু কিছুমান পূৰ্ব্বৰ দৰেই থাকিল।
এনেকৈয়ে কেইশমান বছৰ যোৱাৰ পাচত মৰাণ আৰু মটকবিলাকে মায়ামৰীয়া সম্প্ৰদায়ৰ প্ৰতিষ্ঠাতা অনিৰুদ্ধৰ ওচৰত শৰণ লয়। প্ৰায়েই দেখা যায় যুঁজাৰু মানুহে যেই- সেই বিষয়তে ধৰা-বন্ধা শাসন বিচাৰে। যুদ্ধত যেনেকৈ সেনাপতিৰ আদেশৰ প্ৰত্যেকটো কথাকে বিনাপ্ৰতিবাদে মানিব লাগে, আন বিষয়তো ঠিক তেনেকৈ চলিবলৈ তেওঁলোকে ইচ্ছা কৰে। বৈষ্ণৱ ধৰ্ম্ম গ্ৰহণ কৰাৰ পৰা তেওঁলোক এনে উৎকট বৈষ্ণৱ হৈ উঠিল যে গুৰুৰ শিক্ষাৰ পৰা অলপমানো পিছলি পৰাতকৈ মৃত্যুক শ্ৰেয়ঃ বিবেচনা কৰা হ’ল।