ফুলে।—আহিলা ভাল কৰিলা। এতিয়া যোৱাঁ, গোসাঁনী সেৱা কৰি প্ৰসাদ লোৱাঁগৈ।
চতুৰ্ভুজ।—মই তেনে কৰিব নোৱাৰিম। সেই দেখিহে সাক্ষাৎ বিচাৰিছিলোঁ৷
ফুলে।—নোৱাৰিবা কিয়?
চতুৰ্ভুজ।—আপুনি জানে আমি বৈষ্ণব মহন্ত। আমাৰ ধৰ্ম্ম হৈছে – “এক দেউ, এক সেউ, একত বাজে নাই কেউ”। আমি বিষ্ণুৰ বাহিৰে আন দেৱ-দেবীক সেৱা কৰিব নোৱাৰোঁ॥ আমাৰ ধৰ্ম্মই কৈছে,—
“অন্য দেবী-দেউ নকৰিবা সেউ,
গৃহক ন যাইবা তাৰ;
মূৰ্ত্তিক ন চাইবা, প্ৰসাদ ন খাইবা,
ভক্তি হইবে ব্যভিচাৰ।”
তেনে স্থলত আমি ভক্তিত ব্যভিচাৰ ঘটাব নোৱাৰোঁ। তাৰ উপৰি আমাৰ ভক্তি নিষ্কাম; আমি ধন, যশ, পুত্ৰ আদিৰ আশাত ভক্তি নকৰোঁ। ভগৱন্তৰ নাম-কীৰ্ত্তনেৰে উপাসনা কৰাৰ বাহিৰে আন পদ্ধতি আমাৰ ধৰ্ম্মত নাই।
ফুলেশ্বৰী।— তোমাৰ নাথাকিব পাৰে, মোৰ আছে। মই ৰজা, মোৰ আদেশ মানিবলৈ তুমি বাধ্য। মই আদেশ দিছোঁ, তুমি গোসাঁনী সেৱা কৰি ভগৱতীৰ প্ৰসাদ লৈ ঘৰলৈ যোৱাঁ৷
চতুৰ্ভুজ।—দয়া কৰি তেনে আদেশ নিদিব; আমাৰ ধৰ্ম্ম নষ্ট নকৰিব। তেনে আদেশ পালন কৰিব নোৱাৰিম।