এইদৰে কৈয়েই ৰাঘৱে চাৰিওফালে চাবলৈ ধৰিলে। হঠাৎ
খুটাৰ আঁৰত লুকাই থকা বৰবৰুৱা তেওঁৰ চকুত পৰিল। দেখা
মাত্ৰেই ৰাঘৱ দাঁত কামুৰি উঠিল; চকুৰ পৰা ফিৰিঙতি
ওলাল।
চতুৰ্ভুজে ক'লে,—“স্থিৰ হোৱাঁ ৰাঘৱ; গুৰুৰ অপমান নকৰিবা।”
ৰাঘৱ।—প্ৰভু! আপুনি জানে মোৰ প্ৰতিজ্ঞা কি আছিল। আজি বৰবৰুৱা হৈ তাৰ আধা পূৰ্ণ কৰিছোঁ; বাকী আধাও নুপূৰালে মোৰ প্ৰতিজ্ঞা নৰয়। আপুনি বাধা নিদিব, তাক উলিয়াই দিয়ক।
অষ্ট।—মই দিব নোৱাৰোঁ। তেওঁৰ দায়িত্ব মই ল'লোঁ। তুমি যোৱাঁ।
ৰাঘৱ।—আপুনি নিদিয়ে! তেন্তে মই অপৰাধী হ’বলৈকে প্ৰস্তুত।
এনেকৈ কৈয়েই গুৰুৰ সম্মুখে দি গৈ ৰাঘৱ বৰবৰুৱাক থাপ মাৰি ধৰিলে আৰু গুৰুৰ বধ শপত একো নামানি চোচোৰাই উলিয়াই আনিলে। তাৰ পাচত বাহিৰত ৰৈ থকা তেওঁৰ অনুচৰবিলাকৰ হাতত দি ক'লে,—“ইয়াক ভালকৈ বান্ধ।”
অনুচৰবিলাকে বৰবৰুৱাক মজপুতকৈ কঁকালত জৰি লগাই বান্ধিলে। তেতিয়া ৰাঘৱে বন্দীক নগৰলৈ নিবলৈ আদেশ দি
উলটি খোজ ল’লে।