আমাৰ সম্পদ

ৱিকিউৎসৰ পৰা
[  ]

[  ]
 

আমাৰ সম্পদ

 

[  ]
 

আমাৰ সম্পদ



প্ৰকাশকঃ যতীন্দ্ৰ নাথ মহন্ত
 ॥ মহন্ত প্ৰকাশন॥
নতুন আমোলাপট্টি, নগাঁও (অসম)
 দূৰভাষ-৯৪০১৩৯৯৯৮৫




ৰেণু মহন্ত

[  ]

আমাৰ সম্পদ

কাহিনী-কথনৰ মাজেৰে অসমীয়া সমাজৰ বিবাহ পৰম্পৰাৰ
  নীতি-নিয়মৰ সৰল উপস্থাপন

ৰেণু মহন্ত

   ॥ আলিবাট॥
  জয়ানগৰ, ছয়মাইল,
ডাকঃ খানাপাৰা, গুৱাহাটী-৭৮১ ০২২-ৰ হৈ
প্ৰাঞ্জল কুমাৰ মহন্তৰ দ্বাৰা   মুদ্ৰিত
  +৯১ ৮০১১৭২৪৫৯৩
Email : pranjalkrmahanta@gmail.com
প্ৰথম সংস্কৰণঃ মে' ২০১৯। প্ৰচ্ছদঃ মণিমুগ্ধ
 মূল্যঃ ২২.০০ টকা © লেখিকা

This book is sold subject to the condition that it shall not, by way of trade or otherwise, be lent, resold, without the publisher's prior written consent in any form of binding or cover other than that in which it is published and without a similar condition including this condition being imposed on the subsequent purchaser and without limiting the rights under copyright reserved above, no part of this publication may be reproduced, stored in or introduced into a retrieval system, or transmitted in any form or by any means (electronic, mechanical, photocopying, recording or otherwise), without the prior written permission of both the copyright owner and the above

mentioned publisher of the book.

[  ]

 


 আমাৰ সমাজৰ এটি সম্পদ ধৰি ৰখাৰ
মোৰ এই নিঃকিন প্ৰয়াসৰ নেপথ্যৰ সাহস
 মোৰ দুয়োগৰাকী পৰম আৰাধ্যা
 (জন্মদাত্ৰী আৰু শাহু) আই
 লক্ষ্মীপ্ৰিয়া দেৱীৰ সোঁৱৰণত
 এই গ্ৰন্থখনি অৰ্পণ কৰিলোঁ


—ৰেণু

[  ]
 

মোৰ দুৱাষাৰ

আজিকালি আমাৰ সমাজত বিবাহৰ দৰে এনে এটি সৌহাদ্যপূৰ্ণ অনুষ্ঠানৰ নীতি-নিয়মবোৰ বহুতো কমি গৈছে। তাৰ কাৰণ,নজনা বা সময় কম বা কওঁতা মানুহৰ অভাৱ। কিন্তু ক্ষমা বিচাৰি ক'ব খুজিছোঁ মই যে সকলোখিনি শুদ্ধকৈ জানো সেয়া নহয়। তথাপি আমাৰ মাতৃ আৰু শাহু আয়ে যি দেখুৱাই গৈছিলে তাৰেহে কিছু আভাস দিবলৈ চেষ্টা কৰিলোঁ। এই কিতাপখনি লিখাৰ প্ৰেৰণা বহুত বছৰৰ আগতেই এটি জোঁৱাইৰ পৰা পাইছিলোঁ। কৈছিল বৰমা, আপুনি লিখকচোন যি লাগে মই সহায় কৰিম। সেই ভাবটো মনত আছিল যদিও মই লিখা নাছিলোঁ। আজি প্ৰথমতে জোঁৱাই দেৱজ্যোতি নেওগলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জনালো আৰু তেওঁৰ অনুৰোধ ৰক্ষা কৰিবলৈ সক্ষম হ'লো। মোৰ আশীৰ্বাদ সদায় থাকিব তেওঁলৈ।

 লগতে মোৰ এই কিতাপখনি আগৰ পৰা গুৰিলৈকে সকলো চোৱা-চিতা কৰা মোৰ নাতি সমতুল্য, ভতিজা প্ৰাঞ্জল কুমাৰ মহন্তলৈ মোৰ স্নেহাশিস যাচিলোঁ আৰু তেওঁৰ ভৱিষ্যত দীৰ্ঘায়ু কামনা কৰিলোঁ।

—ৰেণু মহন্ত

[  ]



 

আমাৰ সম্পদ

 

[  ]  ৰাতিপুৱাবলৈ এতিয়াও বহুতপৰ বাকী আছেই। দূৰৈৰপৰা অহা চৰাই-চিৰিকতিৰ মাতহে আহি লাহে লাহে নিৰ্মলাৰ কাণত পৰিছেহি। নিৰ্মলাৰ চকুৰ টোপনি হ’লে কেতিয়াবাই আঁতৰিল। তেওঁ সদায় একেটা সময়তে সাৰপায়। সকলো জাতিয়ে মিলিজুলি বাস কৰা এইখন কদমতলি গাঁও, গাঁৱৰ এমূৰে এটি পুৰণা মছজিদ। এই মছজিদটিৰ মাততে উঠিবলৈ মন নথকা মানুহকো যেন কামত ধৰিবলৈ উৎসাহহে যোগায় আৰু সকলোকে কামত লাগিবলৈ সকীয়াই দিয়ে। তাৰ বাবে কাৰো অসন্তোষ নাই।

 এইখন গাঁৱতে খেতিয়ে-বাতিয়ে ভৰপূৰ হৈ থকা এখনি ঘৰ। ঘৰৰ ব্যক্তিজনৰ নাম ভৰদ্বাজ মেধি, গাঁৱৰ সকলো মানুহে তেওঁক সমীহ কৰি চলে আৰু বুদ্ধি-ভৰসাও তেওঁৰ পৰাই লৈছিল। ল'ৰা- ছোৱালী তিনিটি, ডাঙৰ ল'ৰা ত্ৰিদীৱ, মাজৰজনী ছোৱালী ভনী আৰু সৰুটি ল’ৰা পৱিত্ৰ। তিনিওৰে বিয়া-বাৰু হৈ গ'ল। ডাঙৰ ল'ৰা আৰু ভনীৰ এটি এটি ল’ৰা, পৱিত্ৰৰ ছোৱালী এজনী। তেওঁ বৰ্তমান মাকৰ লগতে থাকে। ভৰদ্বাজ মেধিৰ পত্নী এগৰাকী সৰবৰহী মহিলা, নাম নিৰ্মলা মেধি। নিজৰ মনটো পেলাই নিদি ইখন-সিখন কৰিয়েই থাকে। ভৰদ্বাজ মেধিৰ অকাল বিয়োগ হোৱাৰ পিছত একো কামলৈকে মন নহৈছিল। কিন্তু সৰু নাতি চুমু সংসাৰলৈ অহাৰ পিছত মনটো বহুত সলনি হ’ল। বেছিভাগ সময় চুমুৰ লগতে পাৰ হয়।

 আজি নিৰ্মলাই বিছনাতে জুকিয়াই থৈছিল যে দুঘৰমান মানুহৰ ঘৰত খবৰ এটা ল’বগৈ লাগিব। সেয়ে, বিছনাখন জাৰি-জোকাৰি পাৰি গা-ধুবলৈ ওলাই গ'ল। গা-ধুই আহি গোসাঁই ঘৰৰপৰা ওলাই আহি চাহ অকণ খাওঁতেই পৱিত্ৰই মাত লগালে। মা, তই গা[  ] ধুলিয়েইচোন! ক'ৰবালৈ যাৱ নেকি? ইমান ঠাণ্ডা পৰিছে। যোৱাবাৰৰ দৰে কাহটোৱে পালে কি কৰিবি ভাবি চাচোন। নিৰ্মলাই একো নামাতিলে, মাত্ৰ চুমুৰ লগতে চাহ খোৱাত লাগিল। পৱিত্ৰই মানসীক ক’লে হেৰা মায়ে গা-ধুলেই।

 তেনেতে মহেন্দ্ৰ হাজৰিকাৰ জীয়েক বকুল আহি আইতা আইতা বুলি মাতা শুনিলে। ৮/১০ বছৰমান হ’ব চাগৈ, নাম তাইৰ বকুল। ডাঙৰজনীৰ ১৩/১৪ মান হৈছে নেকি। তাই নিৰ্মলাক ক'লে, আইতা আমাৰ মায়ে আপোনাক মাতিছে। নিৰ্মলাই ক'লে কিয় মাতিছে, নাজানো, মায়েহে জানে বুলি তাই দৌৰ মাৰিলে। নিৰ্মলাই যেন কিবা এটা উমান পালে। মনতে ভাবিলে এতিয়াই গৈ অহাটোহে ভাল হ’ব। মানসীয়ে গম পাই কলে ‘মা’ কিবা এটা খাই যাবা, নহ'লে আপোনাৰ কিমান পৰ হয় থিক নাই। নিৰ্মলাই মাথোঁ ক'লে তই গা- ধুই অহালৈ মই পাই যামহি। লাহে লাহে আৰু পদূলিলৈ ওলাই গ'ল তেওঁ।

 হাজৰিকাৰ ঘৰৰ গেটখন খুলি সোমাওঁতেই আইতাকক বকুলে হাতত ধৰি লৈ গ'ল। মাক সেন্দূৰীও ওলাই আহিল আৰু ভিতৰত থকা বন্দনাক দেখুৱালে। নিৰ্মলাই ক'লে মই তেনেকুৱা এটাই অনুমান কৰিছিলোঁ। বাৰু সঠিককৈ সময়টো চাই থৈছানে? এতিয়া দিন, মাহ, সময়, পক্ষ, বাৰ আৰু পিন্ধা কাপোৰলৈকে গম পোৱাৰ পিছতহে যোগটো চাই ক’ব। তুমি তামোল-পাণ, পইচা এটা কলপাতত বান্ধি মহেন্দ্ৰক মতিদেউৰ ওচৰলৈ যাবলৈ দিয়া। মানিব পাৰিলে সৰু-সুৰা কথা বহুতো আছে। সকলো ঠাই বিশেষে সলনি হয় বুলি শুনিছো। যি হওক মই জনাৰে যি মনত আছে কৈ যাম। প্ৰথমতে কেইডালমান চুলি, এটা সোণৰ মণি, এটা পইচা, এযোৰ গুৱাপাণ আৰু তিনিটা ঠালি নিছিগাকৈ ডিমৰু গুটি নাইবা কেঁচা তামোল, তেনেকৈ ঠানি নিছিগাকৈ ৰুমাল এখনত আলসুৱাকৈ বান্ধিবা, নতুন নফটা ৰুমালত। [ ১০ ] সেইটো আমাৰ সমাজত কনাই বুলি কয়। এটা বাতিত চাউল থৈ তাত কনাইটো থৈ দিবা। এই কনাইটো চাৰিদিনত ছোৱালী গা-ধুৱাওঁতে আৰু সাতদিনত গা-ধুৱাওঁতে মাহ, হালধিৰে মাকে নোৱাই আকৌ মচি-কাচি নতুন ৰুমালেৰে বান্ধি থ’ব। এটা লোটাত কাঁহৰ বা পিতলৰ নভঙাকৈ পাঁচটা বা সাতটা আমপাত থ’বা। সাতদিনলৈ এযোৰ তামোল পাণ, এটা টকা আৰু এগছ মিঠাতেলৰ চাকি যোগাৰ কৰি আয়তী তিনিগৰাকীক বা পাঁচগৰাকী মাতি উৰুলি দি কনাই বান্ধিবা, চাকি গছ লগাবা। খাবলৈ দিওঁতে সদায় চাকি গছ লগাই উৰুলি দিবা। তোমাৰ লগত আৰু দুগৰাকী আয়তী থাকিলেহে ভাল। সুবিধা বুজি যি পাৰা কৰিবা আৰু যোগ কিবা পাই! গধূলি জোন-তৰা ওলালেহে খাবলৈ দিব পাৰিবা। কেঁচা বস্তু— কল, গাখীৰ, মাহ, ফলাহাৰ। তেনেতে মহেন্দ্ৰ অহাৰ গম পাই নিৰ্মলা নিজেই ওলাই গ'ল৷ মহেন্দ্ৰই ক'লে খুৰী কান্তা যোগ বুলি কৈছে। নিৰ্মলাই উশাহ পালে। হওক হওক দেও, ছোৱালীজনীৰ কষ্ট কমিব। শুভগা, পতিহিতা কান্তাত ব্ৰত বিয়াৰ দিনা অৰ্থাৎ সাতদিনলৈকেহে থাকিব। পতিহীনাত তিনিমাহ ব্ৰত থাকে, যথেষ্ট কষ্ট হয়। কিন্তু ছোৱালী যদি ঋতুমতী এমাহ বা ডেৰমাহতো হয় বৰত ভাগি যায়। কিন্তু গণনা কৰি যি দান-দক্ষিণা দিবলৈ দিয়ে, সেইখিনি পালন কৰিব লাগিব। সকলো যোগৰে একে ব্ৰত নহয়। দুশীলাৰ বাৰ দিন, বেশ্যাৰ ষোল্ল দিন, কিন্তু দান দিব লাগিব, গণনাত যি কয়। সেন্দূৰীয়ে যেন সাৰহে পালে। নিৰ্মলাই মাত লগালে আই অ’ মই যাওঁ। তাইক ছিঙি-ভাঙি থাকিবলৈ নিদিবা। নতুন কাপোৰ এসাজ পিন্ধাই, বিছনাখন পাৰি দিবা। মনত ৰাখিবা ফটা-ফুটা নিদিবা। নিৰ্মলা যাবলৈ উঠিল। সেন্দুৰীয়ে কলে বৰমা চাৰি দিনতো নিয়ম আছে নহয়, মইতো একোকে নাজানো, বৰমা এপাক আহিব নেকি? নিৰ্মলাই ক'লে ইঃ এইবোৰ কামত আমাৰ ভাগ নাই। গাভৰু জীয়ৰী-বোৱাৰীৰহে আই। অকণমান মাহ-হালধি তিয়াই থ’বা, নিজেই বটিবা, [ ১১ ] অকল তুমিহে নোৱাব লাগিব দেই, সকলোৱে নোচোৱে। তাইৰ বিছনা-পত্ৰ সকলো উলিয়াই আনি তিয়াই মেলিবা। তাই শোৱা ঠাইখনো মচি-কাচি পেলাবা, দুগৰাকীমান আয়তীক মাতিবা, মহেন্দ্ৰক ক’বা, তাইক যিডোখৰ ঠাইত গা-ধুৱাবা তাতে এটা ভাল চাই তামোলৰ পুলি ৰুব। যাতে ছোৱালী পূৱফালে মুখ কৰি বহিলে মুখৰ আগত থাকে পুলিটো। চাৰিদিনত ইমান বেইৰ কথাও নাই। পীৰা এখনৰ চাৰিওফালে তিনিডাল কল থৰুৱা নাইবা তিনিডাল কুঁহিয়াৰ তিনিটা মূৰ একেলগে বান্ধি পীৰাখনৰ বাজলৈ নবন্ধাকেইটা যেনে-তেনে থিয় কৰি দিবলৈ ক'বা। মাত্ৰ কামকণ যাব লাগে পাৰকৈ। মাহ, হালধি বটা ছোৱালীৰ মুখৰ পিনে তেনেকৈ দৈ-পানী, দুণৰিৰ চাকি গছ জ্বলাবা। বাটি, দোনা বা প্লেটত দুভাগ আখৈ আৰু পিঠাগুৰি থ'বা। তাৰপিছত ছোৱালীক ঘূৰাবা পূৱমুৱাকৈ বহুৱাবা। আৰু পটা গুটি এটা কলপাতত থৈ দুটা খেৰৰ মুঠি থৈ তাতে ছোৱালীক ভৰি থৈ বহিবলৈ দিবা। তুমি নিজে গা-ধুৱাবা। দুণৰিটো তিনিবাৰ তাইৰ মুখৰ আগত ঘূৰাই হাত দুটা সেকাৰ নিচিনাকৈ এবাৰ তোমাৰ গাৰফালে এবাৰ তাইৰ ভৰিৰফালে, এবাৰ তাইৰ মুখলৈ কৰি তিনিবাৰ দিবা। দৈ-পানী তেনেকৈ দিবা, কলহৰ আমপাত কলহত থকা পানীৰে এবাৰ তাইলৈ এবাৰ নিজলৈ এবাৰ ভৰিৰ পিনে মাৰি তিনিবাৰকৈ দিবা। গা-ধোৱা তিতাগাৰে ছোৱালীক তামোল পুলিটো তিনিবাৰ নোৱাবা। তলৰপৰা ওপৰলৈ কৰি, তাৰপিছত পানী ঢালি ধুওৱাৰ নিয়মটো কৰিব। শেষত পিঠাগুৰি, আখৈ পুলিটোৰ তলত উবুৰিয়াই সেৱা এটা কৰাবা। তুমি বিয়াৰ পিছত পুলিটো ভালকৈ ৰুই দিবলৈ ক’বা। সেইটো তাইৰ দৰা। কনাইটো মাহ, হালধিৰে নোৱাই পানী অকণ ঢালি শুদ্ধি কৰিবা। আকৌ নতুন ৰুমালত বান্ধি থ’বা। ছোৱালীজনীক ভৰাগছ তামোল বা কলৰ ঠোক লগা গছলৈ চাই সেৱা কৰাবা আৰু সূৰ্যলৈও চাই সেৱা কৰাবা। তাৰপিছত গা-ধোৱা ঠাইডোখৰ পানী ঢালি দি সকলো পেলাই [ ১২ ] শুদ্ধি কৰিবা, পটাগুটি, দুণৰি আন কোনোবাই নিব, সমাজ হিচাবে পাতি ছোৱালীজনীক নি কাৰবাক কবা কাপোৰ পিন্ধাব মুৰ আঁচুৰি বহুৱাবগৈ, সেইদিনা কেঁচা পিঠাগুৰি, কল, মাহ খাবলৈ দিবা, আইসকলোকো দিবা। সমাজত সেৱা এটা কৰিবা তুমি আৰু ছোৱালীয়ে। আগৰ দৰেই সাত দিনলৈ আকৌ নতুন বিছনাত থাকিব লাগিব। আৰু তুমি শুচি হৈ আইসকলক চাহ খুৱাই বিদায় দিবা। চাৰি দিনৰ দিনা ৰাতি বৰতীয়া ভাত দিবা, সকলোৱে কিন্তু নিদিয়ে সেইটো তোমাৰ কথা, মই নকওঁ দেই।

 সাতদিনৰ দিনাও তুমি তাইৰ কাপোৰ তিয়াই ঠাইখন মচি অকণ মাহ- হালধিৰে তাইক শুচি কৰিবা। নিজেও শুচি হ’বা। তাৰপিছতহে আইসকলৰ সৈতে ধুৱাবা। সকলোৱে এইখন বিয়াত পানী নোতোলে, বেই, দুলড়ি পতাগুটি আগ পাত খেৰৰ জুমুঠি দিবা। কনাই নোৱাই শুচি কৰি বান্ধিবা, তামোল পুলি নোৱাবা, ভৰুণ গছ আৰু সূৰ্যলৈ চাই সেৱা কৰিব। এবাটি পানী সমাজত থ’বা, বহুতে কনাই লওঁতে গোটা টকাহে পানীত দিয়ে, এবাটি আখৈ, এবাটি পিঠাগুৰি, মাকৰ সৈতে তিনিগৰাকী বা পাঁচগৰাকীৰে কোঁচত কইনাই তিনিবাৰকৈ দিব আৰু শেষত কনাইতো চাউলৰ বাটিত লৈ তিনিবাৰকৈ গোপিনীক দি ছোৱালীয়ে ল’বা। তাৰপাছত বয়োজ্যেষ্ঠ আইসকলে কনাইটো খুলি আনন্দ কৰে। সেইটো নাতি হিচাবে ভাবি মানুহক বহুত কথা কয়। শেষত আৰু এটা কাম কৰিব লাগে। তিনিটা সৰু কেঁচুৱাক লৈ, দুহাতে দুটাকৈ লাড়ু দিয়ে, কিন্তু খাবলৈ নিদিয়ে, খাব খুজিলে পেলাইহে দিয়ে। বৰেত নাইকিয়া হলে গধূলি জোন-তৰা ওলালে ব্ৰত ভাঙি খাবলৈ দিয়াৰ নিয়ম, তাৰ আগতে মাক-দেউতাক বা বুঢ়াসকলক তামোল-পাণেৰে সেৱা কৰাবা। নিৰ্মলা লাহে লাহে গেট পালেগৈ আৰু নোৰোৱাকৈ চাৰিওফালে চাই দেখিলে এইবোৰ একেদৰেই আছে। সোমনাথে নিৰ্মলাক দেখি চিঞৰ মাৰি ক'লে, অ’ বৰমাচোন, এই [ ১৩ ] দুপৰীয়া ৰ’দখনত বাৰু ক'ত ঘূৰি ফুৰিছেহি। এই পৱিত্ৰটোৰো একো খবৰ নাই। কিয় এৰি দিয়ে বৰমাক। নিৰ্মলাই হাঁহি মাৰি ক'লে, কি পৱিত্ৰৰ আৰু একো কাম নাই নেকি যে মোকেই চাই থাকিব। বাৰু শুনচোন, এই গাঁওখনত মোৰ যদি কিবা এটা হয়, তহঁতে নাচাবিনেকি? নে নেদেখাৰ ভাও জুৰিবি। কেলেই জুৰিম বৰমা, বাৰু কওকচোন ক'ৰপৰা আহিলে?

 অ' ৰ এই মহেন্দ্ৰ হাজৰিকাৰ ছোৱালীজনী পুষ্পিতা হ’ল অ’। সেয়ে মাতি পঠিয়ালে। অ’ হয় নেকি যাওক যাওক, ঘৰখন তেনেই নিজম পৰি আছে। মানসীয়ে ক'লে ‘মা’ আপুনি বহুত বেলি কৰিলে এখেত ৰৈ ৰৈ চিন্তা কৰি অফিচলৈ গ'লগৈ। কিহৰ চিন্তা অ’? মই দূৰলৈ যোৱা নাই নহয়। তইয়ো চিন্তাহে দিয়। ল'ৰাটোক সাহহে দিব লাগে। মানসীয়ে আৰু একো নক'লে, কৈ লাভ নাই।

 আকৌ মানসীয়ে ক'লে, অ’ মা গোসাঁই ঈশ্বৰ শিচগাঁৱৰ পৰা আহিল নেকি? মই কেইদিনমান আগতে ডবাৰ মাত শুনিছিলোঁ দেই।

 অ’ হয়নেকি? ভাল মনত পেলালি, ইচ্‌ ৰাম ময়ো পাহৰিয়ে আছিলো, খবৰ এটা কেতিয়াবাই ল'ব লাগিছিল; এই মাহতে দিন, একেবাৰে অকলশৰীয়া, মই ইমান পাহৰিব লাগেনে বাৰু। মানসীক আৰু নকওঁ। ভাত খাবলৈ পামহি। অলপ বেলি হ'লে হ’ব। একো কথা নাই। লাহে লাহে গৈ গেটখন খুলিব খোজোতেই কোনোবা এটাক দেখি মাতিব খোজোতেই চাইকেলখন ৰখাই পদুম নামিলহি। সি ক'লে মইহে আইতা, পদুম। আপোনাক আমাৰ গোসাঁয়ে এতিয়াই মাতিছে। কিয় মাতিছে? কিবা হ'ল নেকি? ৰ চোন, আমাৰ বৌৰ ল’ৰা এটা হ’ল নহয়। অ’ কেইদিন হ’ল? মই নাজানো। সি পুনৰ চাইকেল লৈ ফৰ্‌ফৰাই আকৌ গুচি গ'ল।

 নিৰ্মলাই লাহে লাহে গোসাঁইঘৰৰ গেটখন খুলিলেগৈ আৰু ভিতৰলৈ সোমাই গ'ল। গম পাই গোসাঁয়ো ওলাই আহি মাত দিলে। [ ১৪ ] আহক আহক খুৰী আপোনাক খবৰ এটাও দিব পৰা নাই। ল'ৰাটোও কামলৈ যায়, বৰ বিপদত পৰিছো।

 এৰা মৃণালিনীৰ ঘৰৰফালৰ পৰা কোনো নাহে নেকি? এইখিনি সময়ত জনা-শুনা মানুহ এগৰাকীৰ বৰ দৰ্কাৰ। সেইটোতো হয়েই, মৃণালিনীৰ বৰমাক আজি অহাৰ কথা। তালৈহে বাট চাই আছো। আজি তিনিদিনেই হ’ল। ল'ৰাটো এইকেইদিন চুটিত আছিলে। পিছে আজি কি জৰুৰী কাম হ’ল মাতি পঠিয়ালে। তেনেতে মৃণালিনীৰ বৰমাক সোমাই অহা দেখিলে। নিৰ্মলাক দেখি সাৱট মাৰি ধৰিলে, অ’ মই ক’তে মৰি যাওঁ। মোৰ আজি কি ভাগ্য আপোনাক আহি লগ পালোহি, ঈশ্বৰেহে মোৰ মনৰ আশা আজি পূৰ্ণ কৰিলে। বাৰু হ'ব হ’ব, আপুনি হাত-মুখ ধোৱক, মৃণালিনীৰ বৰমাকে ক'লে অ' ৰ'ব ৰব নাযাব, মই আপোনাক বহুত কথা সুধিবলগীয়া আছে। মোৰ মুখখনহে বুজিছে, আইগৰাকী, একোকে নাজানো। নিৰ্মলাই হাঁহি মাৰি ক'লে, থিক আছে কৈছে যেতিয়া অলপ বহিছো। আপুনি আজৰি হৈ আহকগৈ। মৃণালিনীৰ বৰমাক মুঢ়া এটা লৈ নিৰ্মলাৰ ওচৰতে বহিলহি।

 নিৰ্মলাই সোধো-নোসোধোকৈ সুধিলে, আপোনালোকৰ বাৰু ছয় দিনৰ দিনা বিধতা মাতেনে? বৰমাক অলপ চিন্তাত পৰা যেন কৰিলে। মই বুজি পাইছো, সকলোৱে এই নিয়ম নকৰিবও পাৰে। আমাৰ আকৌ জন্ম হোৱা ছয়দিনৰ দিনা মাক আৰু কেঁচুৱাৰ মূৰৰফালে এখন টেবুলত বগা চাদৰ ধুনীয়াকৈ পাৰি এখন বহী, এটা পেঞ্চিল, গুৱাপাণ আৰু ধূপ-চাকি যোগাৰ কৰি শুবৰ সময়ত চাকি-ধূপ জ্বলাই মাক শুই থাকিব লাগে। ৰাতি আহি বিধতাই বোলে কপালত লিখেহি। মানুহৰ বিশ্বাস আৰু। সেইদিনা আমাৰ 'ষষ্ঠীযাগ’ বুলি কয়। মই ইমান কি ক'ম, গোসাঁই আছেই আৰু কিহৰ চিন্তা কওকচোন। ১১ দিনৰ দিনাতো আৰু একো ক'বলগীয়া নাই। আমাৰ আকৌ শনিবাৰ মঙ্গলবাৰত ১১ দিন হ’লে বাজলৈ নুলিয়াই আৰু মূৰ নুখুৰাই। মৃণালিনীৰ বৰমাকে [ ১৫ ] ক'লে ভাল মনত পেলালে কওকচোন এবাৰ শুনো। অঁ আজি মোৰ ঘৰত বিচাৰ হ'বগৈ যেন পাইছো। বাৰু আমি যিদৰে কৰিছিলো কওঁ বাৰু। আপুনি কৰে নকৰে আপোনাৰ কথা। প্ৰসাদ, অকণ চাহ-মিঠাই আইসকলক খুৱাবলৈতো যোগাৰ কৰিবই নহয় জানো। নামঘৰত নহয় আকৌ কেঁচুৱাৰ গা-ধুৱাই শুচি কৰি কাৰোবাৰ হাতত দিব, মাকে গা ধুই ধুনীয়াকৈ কাপোৰ পিন্ধি ফোঁট-লগুণ লৈ মূৰত ওৰণি লৈ কেঁচুৱাৰ গাত ৰ’দৰ পোহৰ নপৰাকৈ লুকাই আনিব লাগিব। কিন্তু তাৰ আগতে বাজত এখন টেবুলত কেঁচুৱা শুৱাব পৰাকৈ বিছনা পাৰিব। তাতে এখন থালত এগছ মিঠাতেলৰ চাকি, এটা পতা গুটি, এটা পইচা, এখন বহী, পেঞ্চিল আৰু এবাটি পানী। কেঁচুৱাটিৰ হাতত পইচা দি ধনৱন্ত হ’বা বুলি তিনি বাৰ ক’ব, বহী-পেঞ্চিল দি বিদ্যাৱন্ত হ’বা বুলি ক'বা। তাৰপিছত চাকিটোৰ ওপৰেদি তিনিবাৰ ঘূৰাই জুইলৈ ভয় নকৰিবা বুলি ক’ব। পানীৰ ওপৰেদি তিনিবাৰ ঘূৰাই সাগৰলৈ ভয় নকৰিবা বুলি ক'ব আৰু শেষত টেবুলৰ চাৰিমূৰত চাৰিটা খুন্দা মাৰি চাৰিবাৰ ভয় খুন্দু বুলি ক'ব লাগে। তাৰ পিছত মাকে কেঁচুৱাৰ গাত সূৰ্য্যৰ পোহৰ পৰিবলৈ দিব লাগে। আইসকলে উৰুলি দিব। মাকে এই কামখিনি কৰোতে কেঁচুৱা লৈ সন্মুখতে থাকি শেষতহে সোমাই যাব লাগে। তাৰপিছত আইসকলক খুৱাই-বুৱাই বিদায় দিব। মৃণালিনীৰ বৰমাকে ক'লে, সঁচাকে আপোনাৰপৰা আজি বহুত কথা জানিলো। মইও সময়ৰ কথা পাহৰিয়েই গ'লোঁ। যাওক পদুমে অলপ আগবঢ়াই দিবগৈ।

 নিৰ্মলা অলপ দূৰ যোৱাৰ পিছত গাড়ী এখন দেখা পাই কাষলে আঁতৰি যাব খোজোতেই গাড়ী ৰখাইচোন অচ্যুৎ আৰু বিদ্যুৎ নামি আহিল। নিৰ্মলাই আনন্দতে চিঞৰি উঠিল। এই দুটাচোন লৱ-কুশ ক’ৰ পৰা ওলালিহি, কচোন। আমাৰ ঘৰত সোমালিনে? চাহ অকণ খালিনে? পৱিত্ৰক বাৰু পালিনে? তাহাঁতে ক’লে পালো-খালোও। [ ১৬ ] পিছে এই দুপৰীয়াখন ক’ত ঘূৰি ফুৰিছে কওকচোন? কি কাম আছে কওকচোন? যি কৰিলে বহুত কৰিলে, এতিয়া আৰাম কৰক। আই ঐ মোৰ বোপাইহঁত লেৰেলা সাদৰখন মোক দেখুৱাব নালাগে। ফোন এটা কৰ জানো? এতিয়া ওচৰ পালে তইহে তই, মইহে মই। কিয় লৈছ সেইসোপা? অচ্যুতে নিৰ্মলাক গবা মাৰি ক'লে, অ’ জেঠাই আমাক পিছতো গালি পাৰিব। এতিয়া গাড়ীত উঠক। নামিবৰ সময়ত অচুতে ধৰিব খুজিছিল। নিৰ্মলাই নিজেই পাৰিম বুলি ধৰিবলৈ নিদিলে। গাড়ীৰ পৰা নামিয়েই পৱিত্ৰক সুধিলে, অফিচৰ পৰা আহি কিবা এটা খালিহিনে? পৱিত্ৰই ক’লে, গোটেই দিনতো ঘৰখনক চিন্তাত ৰাখি, এতিয়া মোক সুধিছ কিবা খালিনে নাই। ইহঁতৰ লগত কথা পাত। যাবলৈ বেলি হ’ব। কি কামত আহিছে গম পাইছনে নাই। বিদ্যুতে ক’লে, কাম লৈয়ে আহিছো। প্ৰথমতে বাৰু আপোনাক নকৈ কাক ক’ম জেঠাই। আমাৰ ৰুমীৰ বিয়া থিক হৈছে ফাগুনৰ ২৭ তাৰিখে। প্ৰথমতে দেউতাই আমাক আপোনাৰ ওচৰলৈকেহে পঠিয়াইছে। মই নাথাকোৱেই, ই আকৌ পৰহিহে পাইছেহি, দেউতাৰ অকলে অকলে উপায় নাই। নিৰ্মলাই কলে হ’ব হ’ব, বোপাইবাপ দিয়া কন্যা ৰজাই দিয়া ভূমি। আমাৰ কি কথা আছে? মাত্ৰ তাইৰ ভাল হ’লেই হ’ল। ল’ৰাটোৱে কিবা কৰেনে? অচ্যুতে ক’লে চাকৰিয়েই কৰে জেঠাই। ভাল কথা, অঁ এটা কথা নহয়, আমাৰ বিৰাজৰ ল'ৰাৰো ২৮ ফাগুনত বিয়া নহয়। কেনেকৈ মিলাম জানো, সেইটোহে ডাঙৰ কথা হৈছে। মই আগতীয়াকৈ নাযাওঁ, তহঁতৰ কামহে বাঢ়িব। আইতাৰ বা মামীয়েৰক আগতীয়াকৈ আহিবলৈ কবি নহ’লে! ৰুণুৰো বৰ কষ্ট হ’ব আৰু দেউতাৰক ক’বি ন পুৰুষৰ শৰাধভাগ আগতেই পাৰিলে কৰি পেলাব আৰু নামঘৰত শৰাই এভাগ আগবঢ়াব। কোনোবা এজনক মাতি আশীৰ্বাদ অকণ দিয়াব। বিদ্যুতে ক'লে জেঠাই দেউতাই কিন্তু আপোনাকহে আগতে মাতিছে।

[ ১৭ ]  সিটো ক’বই দেচোন।

 এই দুইটা নিৰ্মলাৰ ভায়েকৰ ল'ৰা। গুৱাহাটীতে থাকে। ব্যৱসায় কৰে। এতিয়া তাহাঁতৰ আৰু জয় জয়, ময় ময়। লগে লগেই নিৰ্মলাৰ মনটো ত্ৰিদিৱৰ ওচৰলৈ যেন উৰা মাৰিলে। মনটো একেবাৰে সেমেকি উঠিলে। তাৰো প্ৰেচাৰ, চুগাৰ এইবোৰ হোৱা বুলি আছে। এইবোৰ বেমাৰত বোলে লোভটোৱো বেছি হয়। সি হেনো মুখখনো নাবাচে। সেইটোহে ডাঙৰ চিন্তা হ’ল। বিয়াখনলৈ আহে যদি লগ পাম। মুখখন দেখিলেও শান্তি পাম। পৱিত্ৰতো পৱিত্ৰই। মই নহ’লে কি কৰিব নাজানো। মানসীয়ো সৰু ছোৱালী, তথাপি ঘৰখন চলাইছে। তেনেতে চুমুৱে আধাফুটা মাতেৰে গোৱা কাণত পৰিল— “হালধীয়া চৰায়ে বাওধান খায়”। নিৰ্মলাৰ বুকুখন শাঁত পৰি গ'ল। তেওঁ চকু দুটা মুদি বিছনাতে পৰি থাকিল। অতীতলৈ মনটো যেন উৰা মাৰিলে। ধৈৰ্য্য, সহ্য, দয়া, ক্ষমা এইবিলাক যেন মানৱ জীৱনৰ অমূল্য সম্পদ, পিতৃয়ে সেই শিক্ষা দিবলৈ নাপাহৰিলে। সহজ-সৰল ভাবেৰেই কৈছিল, আই অ’ “সৰ্ব শত্ৰু যাৰ, ঈশ্বৰ সহায় তাৰ” আৰু কৈছিল “সোণ পুৰিলেহে সুৱৰ্ণ হয়”। এয়া কোনো ডিগ্ৰীৰ কথাটো নহয়। ক’ত পাইছিল বাৰু এনেহেন মহান বাণী। ভাবিবলৈ বাদ দিলে। দুটোপাল চকুপানী বৈ আহিল। ক'ৰবাত ভাগৱত পাঠ কৰিছে। অখণ্ড ভাগৱতেই হ’ব। এগছি এগছি বন্তিৰ আগত, এখনি এখনি গ্ৰন্থ লৈ বহি থকা সেই ভক্তপ্ৰাণ বৈষ্ণৱ কেইজনাৰ ছবিটো চকুৰ আগত ভাহি আহিল। বুকুৰ মাজতে হাত জোৰকৈ সেৱা জনালে। আৰু মনতে ভাবিলে। আই ঐ দেহি, শব্দকেইটা যদি শুনিবলৈ পালোহেঁতেন। বৰ ভাল লাগিলহেঁতেন। এইবাৰ যদি আমাৰ নামঘৰত হয়। পুৱাৰে পৰাই বহি থাকিমগৈ। তালৈকে যেন দেহাটো ভালকৈ ৰাখা। মোৰে নহয় আটাইকেইটা প্ৰাণীৰে। চুলি ছিঙি কাতৰ কৰিছোঁ প্ৰভু। নিৰ্মলাৰ হঠাৎ মনটো যেন উলটি গ'ল। উঠি গৈ কেলেণ্ডাৰখন চালেগৈ। আজিচোন পঁচিছ (২৫) [ ১৮ ] তাৰিখ পালেহিয়েই। সেয়েহে, মানসীক সুধিলে পৱিত্ৰই বিয়ালৈ যোৱাৰ কথা কি কৈছে অ'। মানসীয়ে ক'লে, পৰহিলৈহে যোৱাৰ কথা কৈছে মা। হয় নেকি? বাৰু বুলি নিৰ্মলাই কাপোৰকেইটা থিক-থাক কৰিবলৈ ভিতৰ সোমাল। নিৰ্মলাহঁত থিক সময়তেই পালেগৈ বিয়াঘৰ। অমূল্যই বায়েকক সাৱট মাৰি ধৰি বিয়াৰ যি যা-যোগাৰ হৈছে দেখুৱাবলৈ লৈ গ’ল। ৰুণুৱে দেখা পালে। অমূল্যৰ সৈতে দুয়ো সেৱা এটাও জনালে আৰু ভিতৰলৈ লৈ গ'ল কিবা অলপ খুৱাবলৈ। তেনেতে ৰুমীয়েও গম পাই জেতুকা লগোৱাৰ হাতেৰেই জেঠায়েকক চুমা এটা খালেহি। সেৱা এটাও কৰিলে নিৰ্মলাই মূৰটো হাত ফুৰাই মাত্ৰ ক’লে, সেইবোৰ শুকালনে? শুকাল যদি ধুই পেলাগৈ যা।

 নিৰ্মলাই অমূল্যক সুধিলে জোৰোণ কেইটাত পাবহি বাৰু অমূল্য? বিয়া এদিনীয়া নহয় জানো। কিয় নহয়? এই ১১/১২ বজাত পাবহি লাগে। তেতিয়া হ'লেচোন সময় নায়েই। চাহকণ খাই উঠি নিৰ্মলা বাহিৰলৈ ওলাই আহিল আৰু বাহিৰতে বহিল। কেইজনীমান ৰাংঢালি জীয়াৰী-বোৱাৰী চকুত পৰিল আৰু তেওঁলোকৰ পৰিচয় ল'লে আৰু তেওঁ ক'লে তোমালোক মোৰ লগত আহাচোন কাম বহুতখিনি আছে। জোৰোণ অলপ পিছতে পাবহিয়েই। মই কোৱামতে কৰি যাবাহঁক। প্ৰথমতে অলপ আমডালি বেছিকৈ কাটি আনিবলৈ কাৰোবাক কোৱা আৰু তোমালোকে সূতা লৈ গাঁথি যোৱা, গাঁথিব জানানে নাজানা? “আমি নাজানো” বুলি কোৱাত নিৰ্মলাই ক'লে মই দেখুৱাই দিম। গেটত, দুৱাৰত প্ৰথমতে দিয়া। চাবা আকৌ জঁট লাগিব। নোৱনী ঘৰৰ মৰলৰ কলপুলিত এডাল জোৰোণ পোৱাৰ আগতেই দিয়া। বেইত বাৰু পিছতো হ’ব আৰু জোৰোণ অহাৰ আগতে গেটৰ ওচৰত দুটা ঘটত দুটা ঠাৰি নিছিগাকৈ নাৰিকল থোৱাগৈ। আৰু শুনা এখন শৰাইত ঠোক তামোল, মুঠা পাণ থ’বা। শৰাই ঢাকনিৰে ঢাকি৷ একেটা কামত সকলো নালাগিবা আইহঁত। মৰলৰ ওচৰত ঠগা বা শৰাইত [ ১৯ ] পুথি এভাগ থ’বা গোসাঁই কাপোৰেৰে ঢাকি থ’বগৈ লাগিব। এইবিলাক কথা কইনাৰ মাক ৰুণুক ক’বাগৈ। মৰলৰ মাজত কলপুলি ভিতৰত এখন আৰ্চি থ'ব লাগিব। দৰাঘৰৰপৰা পাটী আৰু দলিচা অনাৰ নিয়ম, যদি কিবা কাৰণত নানে, আমাৰ ঘৰৰপৰাই দিব লাগিব। দৰাঘৰৰপৰা দৈৱকীয়ে এটা থুৰিয়া তামোলৰ বটা বা শৰাই ঢকাৰে ঢাকি আনিবা। আমপাত ভৰোৱা লোটা দুটা, তাৰোপৰি দৈৰ বটল, দুটা নাৰিকল, জোৰোণৰ বস্তু, আ-অলঙ্কাৰৰ কথা নকওঁৱেই এই দুটাকৈ অনা দৰাঘৰত দৰাই চুই দিয়ে আৰু ইয়াত কইনাই চুই দিলে এপদ এপদ লৈ যাব। তাৰ লগতে দৰাৰ নোৱনী সাজ কইনাই চুই দিলে লৈ যায়। তাৰোপৰি বহুতে দৰা বৰণৰ সাজ জোৰোণতে দি পঠিয়াই। কিন্তু সকলোৱে নিদিয়ে, দৰা ঘৰৰ পৰা বহুতে মাকৰ সাজ জোৰোণতে আনি দি থৈ যায়। বাৰু যি হওক আমাৰ থুৰিয়া তামোলৰ বটা থিক কৰা আছেনে নাই খবৰ লোৱা। নহ'লে থিক কৰা শৰাই ঢকাৰে ঢাকি আৰু এখন থালত ধূপচাকি থিক কৰা, জোৰোণ আহিলে আদৰিবলৈ লৈ যাবা। তোমালোকে আজি কথাখিনি চাবা তেতিয়াহে জানিবা। নিৰ্মলাই লক্ষ্য কৰিলে প্ৰতিজনীয়েই আনন্দত উৰি ফুৰিছে। নতুন প্ৰজন্মই নিশিকা নহয়। কিন্তু আমি কি শিকাইছো। এজনী কম বয়সীয়া বোৱাৰীয়ে আহি ক'লেহি আমি শেষেই কৰিলো নহয়, আৰু কি আছে কওক আইতা। নিৰ্মলাই ক’লে আইহঁত তোমালোকৰ আগ্ৰহ দেখি বৰ সন্তোষ পাইছো। বুজিছা আজিকালি আমি এইবোৰ কোৱাৰ বাবে আকৌ বহুতে ভেঙুচালিহে কৰে। আমি বুঢ়াসকলে দুখ পাওঁ। যেনেকে কটাৰী ধৰালে ধাৰ হয়। তোমালোকক শিকালেও তোমালোক পৈণত হ’বা হয়নে নহয়?

 এবাৰ এনেকৈ পৰামৰ্শ দিওঁতে কথাও শুনিছিলো। তেনেতে এজনী বোৱাৰীয়ে ক'লে, আইতা আমাৰ শিকিবলৈ মন আছে নহয়, কিন্তু আমাক কোনেনো ক’ব। নিৰ্মলাই কলে আইহঁত হ’ব হ’ব। [ ২০ ] জোৰোণ বিদায় দিয়াৰ পাছত অলপ সময় পাম তেতিয়াই আকৌ ক’ম। জোৰোণ অহাৰ সময় হৈছে। জোৰোণ পালেহি উৰুলি দিবা আৰু ৰুণুক লৈ পদূলিলৈ যাবা। দৰাৰ মাক নামিলে পদূলিতে বহি দুয়ো পক্ষই সেৱা জনাব। পাৰিলে ঘোষা বা আশীৰ্বাদ অকণ দিবা আৰু থুৰিয়া তামোলৰ বটাটো দুই বিয়নীয়ে তিনিবাৰ সলাব, চাকি-ধূপ তিনিবাৰ ঘূৰাই বিয়নীক সাৱটি ধৰি ভিতৰলৈ আনি ৰভাৰ তলত সন্মানেৰে বহুৱাবা। ইয়াকে আমাৰ বিয়নী সাৱটা বোলে। দৰাঘৰৰ পৰা যিখন আইনা আনিব, সেইখন পিছত আঁতৰাই থ’বা, পিছত সেইখনেৰে মুখ চাব নাপায়। দৰাঘৰৰ কোনোবা বোৱাৰীয়ে পাতিটো পাৰি তাৰ দলিচাৰ ওপৰত আমডালি ভৰাই অনা টেকেলীৰ চাউল উৰুলি দি চটিয়াই দিব। সেই কলহটোৰ ভিতৰত আমডালিৰ বাহিৰেও চাউল গুৱাপাণ পইচা লৈ আহে। পিছত সেই চাউল পইচাত তামোল-পাণ ডুলৰীত ঢালি পানী আনিবলৈ দৰাঘৰতো একে নিয়মকে কৰে। ৰূপৰ তামোল। মন কৰিবা জোৰোণৰ কামো ধুনীয়াকৈ হৈ গ'ল। ৰুণুৱে আগবঢ়াই দিলে জোৰোণ যোৱাৰ পিছত অলপ সময় নিজম পৰিলে। নিৰ্মলাই চকু দুটা মুদি চকী এখনতে আউজি পৰি থাকিল। নিৰ্মলাই চকু মুদি থকা দেখি বোৱাৰী দুগৰাকীমানে টোপনি বুলি সৰু সৰুকৈ কথাপাতি থকা দেখি নিৰ্মলাই চকু মেলিলে। তেতিয়াই পুনৰ মাত দি তেওঁলোকে ক’লে— আৰু কাম আছে বুলি কৈছিলে নহয় বৰমা, আমি আহিছোঁ। অ’ সেইটো কথা। সেইটোতো হয়েই। বাৰু বাৰু তোমালোকে বিয়া খাবলৈ যোৱা যে তাত কিনো দেখা, একো নেদেখা নেকি? আৰু দেখা যদিনো কি দেখা? তোমালোক অসমীয়া সমাজৰ বোৱাৰী। তোমালোকেইহে আমাৰ এনে সুন্দৰ নীতি-নিয়ম সংস্কাৰ ৰাখিব লাগিব। আমিতো নাথাকো। তেতিয়াহ’লে কি বুলি চিনাকি দিবা। মানুহে আমাকহে হাঁহিব। তেনেতে এগৰাকী বোৱাৰীয়ে কওঁ-নকওঁকৈ ক'লে। বৰমা আমি বিয়া খাবলৈ যাওঁ কিন্তু বেলিকৈহে [ ২১ ] যাওঁ। বাজতেই খাওঁ বাজতেই মাত লগাই গুচিহে আহো, একোকে নেদেখো। নিৰ্মলাই ক'লে অ’ ৰাম কৃষ্ণ। সেইটোতো বৰ ভুল কাম কৰিছা। ওচৰ চুবুৰীয়াৰ ঘৰত খাবও লাগিব, চাবও লাগিব। যাবা আকৌ তোমালোকৰ ল'ৰা-ছোৱালীৰ কাৰণেই যাবা দেই। তেহে তাহাঁতেও শিকিব হয়নে নহয়। আজি আমি বুজি পাইছোঁ নহয়, বৰমা। নিৰ্মলাই ক’লে আজিকালি এয়া এক ফেশ্যনো হৈ পৰিছে। তোমালোকে পাৰিবা আগ্ৰহ থাকিলে কিয়নো নোৱাৰিবা। এতিয়া তোমালোকৰহে দিন। বুজিছা।

 এতিয়া এটা কাম কৰা, কইনা সজাওঁতে সময় লাগিব। এদিনীয়া বিয়া মানুহ আহিবই। সেয়ে পানী তোলাৰ যোগাৰ কৰাগৈ। বেইৰ ওচৰত মাহ, হালধি, পানী, তেল, ফণী, পটাগুটি, আগপাত, খেৰৰ মুঠি আৰু তামুলী পিৰালৈকে। দৈ টেকেলীৰ তামোল-পাণ, চাউল, পইচা ডুণৰিত ঢালি তাতে চাকি লগাই উৰুলি দিবা।

 ওলাই আহোতে ৰুণুক ক’বা অমূল্যক সেৱা কৰিবলৈ। কিছুমান কাম কইনাৰ মাহীয়েক-খুৰীয়েকহঁতক কোৱাগৈ। তোমালোকে এখন্তেকতে বস্তু ক'ত আছে নাজানিবা নহয়। দৰাৰ ঘৰৰ তামোল-কটাৰী, গুৱাপাণ, পইচা ৰুণুক হাতত ল'বলৈ কোৱাগৈ। তামোল-পাণ দি পইচা দি গঙ্গাত পানী খুজিব লাগিব নহয়। আৰু ডুণৰিত চাকিগছ লগাবা। আৰু শুনাচোন, পানী তোলাৰ কিছু নিয়ম আছে। কোনোবা ডাঙৰ মানুহ গ'লে মই নাযাওঁ। আৰু মই খোজকাঢ়িবও নোৱাৰিম। গাড়ী যায়নেকি খবৰ ল’বাচোন, গলে ময়ো চাবলৈ চাম। এজনী বোৱাৰী উৰি গ’ল, যেন উৰি আহিল। আইতা যাব যাব, গাড়ী যাব, আপুনিও ব’লক। আমাৰ বৰ ভাল লাগিব। নিৰ্মলা ৰুণুৰ লগতে গাড়ীত উঠিল। নিৰ্মলাই উৰুলি দি বিয়ানাম এষাৰ লগালে– কাষে ঘট লোৱা ৰাধা, মাথে লোৱা মালা, যমুনালৈ যাব লাগে নকৰিবা হেলা’। সকলো আচৰিত, আইতা ইমান ধুনীয়াকৈ গাইছে। নিৰ্মলাই ক'লে, তোমালোকেও গোৱা। [ ২২ ] এ ৰাম আমাৰ আকৌ ভুল হ'ব বুলি লাজ লাগে। ভুল নহয়। মই দিয়া দৰেই গাবা। তেওঁলোকেও সহযোগ কৰিলে, লাহে লাহে ঘাটলৈ নামি গ’ল। নিৰ্মলাও লাহে লাহে নামি ৰুণুক দেখুৱাই দিলে। নিৰ্মলাই ক’লে ৰুণু তুমি গঙ্গাক পানী খুজিব লাগিব। হাতত থকা তামোল-পাণ, পইচা পানীত দি সেৱা কৰা। উৰুলি দি কলহেৰে পানীখিনি তিনিবাৰ লৰাই তিনিবাৰতহে পূৰ্ণ কৰিবা। এতিয়া আমডালিটো সাৱধানে লোৱা যাতে পাত নিছিঙে। এতিয়া মই সুধি যাম দেই। নিৰ্মলাই সুধিলে কাৰ পানী কাটিছো? ৰুণুক কটাৰী লৈ ক’বলৈ শিকালে—আইদেউৰ পানী কাটিছো। আকৌ নিৰ্মলাই ক'লে কি দেখি আহিছা? ৰুণুক ক’বলৈ ক'লে— হৰগৌৰীৰ বিয়া দেখি আহিছো। নিৰ্মলাই এইবাৰ ক'লে কি সাজ, কি মৰল, কৰলি কামলি, হিংসা অসূয়া আঁতৰ কৰি ৰুমীৰ পানী কটো কটাৰী ধৰি। জীয়ৰী-বোৱাৰীহঁতে চাই থাকিল। কলহৰ পানীত পূৰণ চিনৰ দৰে কৰিবলৈ দিলে। তেনেকৈ তিনিবাৰ সোধাৰ পিছত উৰুলি দি ৰুণু পাৰলৈ আহিল। নিৰ্মলাই ক’লে, এটা কথা ৰুণু, এদিনীয়া বিয়াত তিনি পানী নহয়, তিনিগৰাকীয়ে ঘট লোৱাহেঁতেন বেলেগ কথা, তেতিয়া তেওঁলোকে তোমাৰ দৰে ব্ৰতত থাকিব লাগিব। এতিয়া আমি দুপানী তাৰমানে দুবাৰ একেটা নিয়মেৰে তুলি এজোপা গছৰ গুৰিত দুবাৰ পানী ঢালি নিয়ম পালন কৰো। এতিয়া তুমিও সৌ ডাঙৰ গছ দুজোপাৰ গুৰিত ঢালাগৈ। পিছৰ পানীহে ঘৰলৈ নিম আৰু তুমি উভতি পাছলৈ নাচাবা, লাহে লাহে গাড়ীত উঠাগৈ।

 সকলোটি গ’লগৈ, গাড়ীৰপৰা নামি চালত উৰুলি দি পানী দিলে। ভিতৰ সোমাই ৰুণুক আঁচলত ধৰি বেইতললৈ লৈ গ’ল। মামীয়েকে ৰুণুক নোৱনী কাপোৰ পিন্ধাই থৈছিল বাবে ৰ’বলগীয়াও নহ’ল। সকলোৱে নোৱালে। বুঢ়ীমাকে নোৱালে। বেইৰ কাষে কাষে তিনিবাৰ ঘূৰালে। দৰাঘৰৰ দৈপানী আৰু ডুণৰি লৈ দুগৰাকী সৰু ছোৱালী ঘূৰিবলৈ দিলে। দৈ পানী এবাৰ মাকলৈ, এবাৰ কইনাৰ গালৈ মাৰিবলৈ নিৰ্মলাই [ ২৩ ] শিকাই দিলে। গা ধোৱাৰ পিছত আমসাৰ তিনিবাৰ এবাৰ কইনাৰ গালৈ, এবাৰ কইনাৰ ভৰিৰফালে, এবাৰ মাকৰফালে তিনিবাৰকৈ দিবলৈ দেখুৱালে। তাৰপাছত চাকিসাৰ ডুণৰিটো কইনাৰ মুখৰ আগত তিনিবাৰ ঘূৰাই হাত দুটা সেকাৰ দৰে কৰি এবাৰ মুখৰফালে, ভৰিৰফালে আৰু এবাৰ নিজৰফালে দিবলৈ দেখুৱাই দি দৈ পানীও তেনেকৈ দিবলৈ ক’লে। শেষত, তামুলী পীৰাত ভৰি উঠাই ঘটৰ পানী মূৰত ঢালি দিলে আৰু ৰুমীক চলুপাতি তিনিবাৰ খাবলৈ ক’লে। নিৰ্মলাৰ ভাগৰ যেন অনুভৱ হ’ল। আইতাক মাহীয়েকহঁতকে মূৰত চাউল দিয়া, আশীৰ্বাদ দিয়া কামকণ কৰিবলৈ দিলে। কিন্তু সকলোৱে নিৰ্মলাক মাতিবলৈ ধৰিলে। উপায় নাই, নিৰ্মলাই ক’লে— পাঁচগৰাকী নাইবা সাতগৰাকী হোৱা মাকৰ সৈতে এতিয়া প্ৰত্যেকেই ডুণৰিৰ পৰা চাউল লৈ কইনাৰ মূৰত থৈ মূৰত চাউল দিয়া নাম গাবলৈ ক’লে। নিৰ্মলাৰ লগে লগে যি পাৰে, সকলোৱে গালে। পিছত নিৰ্মলাই আশীৰ্বাদ দি ছোৱালী দাঙি নি ভিতৰলৈ নিবলৈ ক’লে। বাকী দৈৰ টেকেলি আদিত সকলো ভিতৰলৈ নিবলৈ ক’লে আৰু কইনাৰ নোৱনী কাপোৰ পটাগুটি খেৰৰ জুমুঠি বাজত এৰিব নাপায়, সকলোকে শিকাই দি ভিতৰ সোমাল।

 পুনৰ চকী এখনত বহিল। ইতিমধ্যে মানুহ ৰভাতল ভৰি পৰিল। সকলো ব্যক্ত। এগৰাকী বোৱাৰীয়ে সুধিলে আইতা দৈয়ন কেতিয়া দিব। নিৰ্মলাই কলে এদিনীয়া বিয়াত কেতিয়ানো দিবা। আচলতে জোৰোণ পিন্ধোৱাৰ পিছৰপৰা সকলোবোৰ আৰম্ভ। সেয়ে কিছুমানে মনৰ হেঁপাহতেহে দিয়ে। অধিবাসো নহয় এদিনীয়া বিয়াত। মামীয়েকে আহি সুধিলেহি দৰা আহিলে সুৱাগুৰি তুলিব নালাগিব জানো? তুলিব লাগিব, তাৰপিছতহে দৰা আদৰিব।

 সুৱাগুৰি তুলিবলৈ আকৌ এখন থালত পাঁচটা চাকি, পাঁচটা লাৰু আৰু পাঁচডাল খৰিকা লাৰুত দি বান্ধিব লাগে আৰু এযোৰ তামোল-পাণ। তিনিআলিত অকণমান গাঁত খান্দি তাতে তামোল-পাণ আৰু পইচা [ ২৪ ] দিয়ে আৰু চাকিগছো দিয়ে। তাৰপাছত কলচীৰ পানী গাঁতত দিয়ে। বাল্টিত নিয়া পানী গঙ্গাৰ বাহন বুলি তাৰ পানী কলচীত ভৰাব লাগিব। বাকী চাকি আৰু চাৰিওফালে দলি মাৰে— এটা চাকি ঠালত থব লাগে। পূৱফালে সেৱা কৰি, মুখত পানী লৈ চাকি আৰু ঠাল লৈ দৈৱকী ঘৰলৈ উভতিব। পানীখিনি ঘৰৰ মজিয়াত পেলাবা। তাৰপিছত কলচী থৈ দৰা বা কইনাৰ কাণৰ দুয়োফালে সা সা কৰি মূৰত হাত ফুৰাই দিব লাগে। তাৰপিছতহে দৰা আদৰাৰ কাম হ’ব। এতিয়াই লাহে লাহে এখন ঠালত ধূপ, চাকি, লাৰু, বিছনী, দৈ টেকেলী, ডুণৰি থিক কৰি থ’বই লাগিব। দৰাক ভৰি ধুৱাবলৈ কইনাৰ ভায়েক-ভনীয়েক থিক্ কৰি থ'বা। দৰা আহিলে উৰুলি দি কইনাৰ ককায়েক-দেউতাকেহে প্ৰথমতে আদৰে, মাকে একেবাৰে পিছত আদৰে। পুৰোহিতে সেই কামত দেখুৱাই দিয়ে। মাকে আদৰাৰ পিছত লাৰুকেইটা শুঙাই চাৰিওফালে দলিয়াই দিয়ে। বিছনীৰে বিচি দুগালে দুটা চুমা খাই, অকণমান শুঙাৰ দৰে কৰি, দৰাক একেবাৰে আঁচলত ধৰি হোমৰ গুৰিত থ’বহি লাগিব। তাৰপাছত মাকে হোম চাব নাপায়। ভায়েকে আখৈ দিব, মোমায়ে আকৌ ধৰমৰ টেকেলি ধৰিব। সেইবোৰত আমাৰ চিন্তা নাই, সকলো পুৰোহিতে দেখুৱাই দিব। মই কৈছোহে মাত্ৰ।

 বিয়া ভাগিলে লগুণ গাঁঠি নোখোলাকৈয়ে দৰা-কইনা দুয়োকো ভিতৰলৈ নিব লাগিব। বাটি কটাৰী খেলাব লাগিব। ভিতৰত এখন দলিচাত কাপোৰ পাৰিবা। এখৰাহী চাউল থ’ব লাগে। আৰু এখন ডাঙৰ ঠালত দুটা জলপানৰ বাটি থ’ব লাগে। প্ৰথমতে খৰাহীত আঙুঠি লুকাই এবাৰ দৰাই, এবাৰ কইনাই কোনে বিচাৰিব পাৰে আৰু পৰাজনেই জিকে এয়া ডেকা-গাভৰুৰহে কাম, আমাৰ নহয় বুজিছা৷ তাৰপিছত দুয়োকে খৰাহীৰ চাউলবোৰ পেলাবলৈ দিয়ে, তাকো এহাতেৰে। যেয়ে পেলাব পাৰে সিয়ে জিকে বুলি দুয়োপক্ষই আনন্দ কৰে। তাৰপিছত সজাই থোৱা জলপানৰ বাটি দৰা-কইনাই সাৱধানেৰে ঘূৰাব। যাতে [ ২৫ ] দৰা আৰু কইনাৰ বাটি কোনো সময়তে খুন্দা নালাগে। এনেকৈ খেল হ’লে লগুণ গাঁঠি খুলি কইনা-দৰাক অকণমান জিৰণি দিয়ে। কিন্তু দৰা সেইদিনা কইনাৰ ঘৰত নাখায়। যেতিয়া বাহী চন্দনৰ দৰা হয় তেনেতে ছোৱালী উলিয়াই দিয়াৰ আয়োজন কৰে বুজিছা। সেই সময় ছোৱালী ঘৰত বৰ দুখৰ হয়। তেনেতে ৰুণু আহি ক’লেহি, আহকচোন বাইদেউ দৰাঘৰীয়া যাব খুজিছে। নিৰ্মলা উঠি গ'ল তাইক কিবা অকণ খুৱালানে, মূৰ-চূৰ আকৌ থিক কৰি দিয়া আৰু লগত মামীয়েক, খুৰীয়েক কোনোবা যাব লাগিব। অলপ মান ধৰা কাপোৰ দি পঠিয়াবা কাৰণ বাহী বিয়াৰ দিনাই বহুত যাবলৈ ওলাব। সেয়ে লেঠাতো মাৰিব পাৰিলে ভাল। তাইৰো কোঁচত চাউল অলপ দিয়া, অকণমান পঞ্চামৃত তাইক ভিতৰলৈ নি মুখত দিয়া। এতিয়া আইসকল আহক, ইয়ালৈ ল’ৰাৰ লগুণ গাঁঠি পুনৰ বান্ধিব লাগিব দৰা পিছতহে যাব। এখন বগা চাদৰ আমি ৰুণুৰে দুৱাৰত ধৰি থাকা। ৰুমীক মাতিলে, আই অ’ ওলাই যাওঁতে পিছলৈ নাচাবা আৰু চাউল এচাতি এচাতি পিছলৈ মাৰি যাবা আৰু মাৰাৰ সোঁহাতৰ তলেদি সোমোৱা নিচিনা কৰি বাওঁফালে চাবা, বাওঁফালে তেনেকৈ হাতৰ তলেদি চাই সোঁফালে চাবা আৰু শেষত সোঁফালে হাতৰ তলেদি চাই বাওঁফালে ওলাই যাবাগৈ। ৰুণুৱে নাচাবা নাযাবাও। আইসকল উৰুলি দি আপোনালোকে বিদায় দিয়ক। ৰুণুৰ কান্দোনত নিৰ্মলাই বুজনি দিয়াত লাগিল। নিৰ্মলা আগৰ দৰে চকী এখনত বহি পৰিল। অমূল্য ৰুণুও বিছনাত পৰিলগৈ।

 লাহে লাহে পোহৰ হোৱা যেন লাগিলত নিৰ্মলা উঠি ভিতৰ পালেগৈ। অমূল্যই বায়েকক সুধিলে কিবা বিচাৰিছ নেকি? নিৰ্মলাই ক’লে, নাই বিচৰা অ’, ঘড়ীটোত কেইটা বাজিছে চাবলৈহে আহিছিলো। আমাৰো ওলাবৰে হ’ব নহয়। এৰা বাইদেউ তোক আজি পঠিয়াবৰ মন একেবাৰে নাই। কিন্তু নিজৰ দেওৰৰ ল'ৰা যেতিয়া কেনেকৈনো ৰাখো। সেইটোহে আচল কথা। বিৰাজে চায়ে আছে চাগৈ। ৰুণু জাঁপ [ ২৬ ] মাৰি উঠিল। ৰ’ব বাইদেউ মই নিজ হাতেৰে কিবা অকণ খুৱাই পঠিয়াম। কালিৰ পৰা কিনো খাইছে একো খবৰ কৰিবই নাই পৰা। নিৰ্মলাই ক'লে, অকলে মোক দিলে নহ'ব, সৌৱা মাৰা গা-ধুইনামঘৰ সোমাইছে। তেখেতকো দিয়া। ৰুণুৱে ক'লে মই বাকীছোৱেই পৱিত্ৰকো মাতক। তাৰপিছত সকলোৱে আগবঢ়াই দিলে, ৰুণুৱে সেৱা এটা কৰি চকু দুটা আঁচলেৰে মচি ল’লে। নিৰ্মলাই বুজিও যেন একো নুবুজিলে। কাৰণ ছোৱালী উলিয়াই মাৰৰ মনৰ অৱস্থা শিকাব নালাগে।

 গাড়ীত গৈ থাকোতেই পৱিত্ৰই মাকক সুধিলে ‘মা’ অকণমান ঘৰত সোমাই গ’লে বাৰু তোৰ বেলি হ'ব নেকি? চুমুজনীৰো খোৱা-বোৱা একো থিক হোৱা নাই, আমিও গা-পা ধুই লওঁ। মানসীয়েও ক’লে, নহয় মাক অকণ আৰাম কৰিবলৈ দিলেহে ভাল হ'ব। গোটেই ৰাতিটো বহি-সাৰেই আছে। আবেলি পালেগৈ জানো বেয়া হ’ব, নিৰ্মলাই ক'লে বেয়া নহয় বিয়া এখন শেষ কৰি আহোতে সময় লাগিবই নহয়।

 আবেলি বিৰাজৰ ঘৰ পালেগৈ। নিৰ্মলাই দেখিলে, সকলো বেইৰ ওচৰত হাঁহিৰ ধুম উঠিছে জোনক গা-ধুৱাবলৈ লৈছে, নিৰ্মলাক দেখি জুনুৱে ক'লে বাইদেউ আপুনি জুৰিৰ দিনত শিকোৱাৰ দৰেই কৰিছো, তাতে যদি কিবা ৰৈও গৈছে নাজনো। নিৰ্মলাই ক’লে ভুল কাৰ নহয়, সকলোৰে হয়, মই বা কিমান ভুল কৰিছো তোমালোকে নাজানা কাৰণেহে। তুমিযে গুৰুত্ব সহকাৰে মনত ৰাখিছা সেইটোহে ডাঙৰ কথা। মই বৰ ভাল পাইছো। নোৱোৱাৰ নিয়ম দৰা আৰু কইনাৰ বেলেগ নহয়, একেই। এতিয়া লোটাত অনা গঙ্গাৰ পানী অকণ তাৰ শিৰত দিয়া সি হাত পাতি তিনিবাৰ খাওক। মূৰত চাউল দিব লাগিব। জোন বাবা তই পীৰাৰ ওপৰত ভৰি উঠাই বহিব লাগিব, তোমালোকে তাৰ মূৰৰ ওপৰত চাদৰ এখন দিয়া আৰু ডুণৰিৰ চাউলেৰে মাকক লৈ পাঁচগৰাকী বা সাতগৰাকী হ’বা, বেছি হ’লেও কথা নাই মাত্ৰ বিযুৰীয়া [ ২৭ ] হ’ব লাগে, মানে ৪,৬,৮ হ'ব নালাগে। এগৰাকী ৰাহি থাকিব লাগে। তাকে বিযুৰীয়া বোলে, মানে যোৰ ভাঙি ভানুৱে ক’লে মূৰত চাউল দিয়া হ’ল নহয়। আশীৰ্বাদকণহে আছে। আপুনি পালেহি যেতিয়া আশীৰ্বাদকণ আপুনি দিয়ক। নিৰ্মলাই ক’লে মই পাইছোহিহে। মই বাৰু ইয়াতে বহি চাই আছো৷ জোনে চিঞৰি উঠিল, নহ’ব বৰমা, এইবাৰ আপুনি আহিবই লাগিব, কোনো নাহিব। উপায় নাই বৰমাকৰ মন গলি গ’ল। তেওঁ মূৰত হাত থৈ গাবলৈ লাগিল—

আসিও উদ্ধৱ সখি বৃন্দাবনে যাওঁ।
হৰাইছে প্ৰাণৰ প্ৰভু বিচাৰিয়া চাওঁ॥
যেহি বনে বিচাৰিলো সেহিবনে নাই।
আমাৰ কৰ্মৰ ভাগে হৰাইল গোসাঁই॥

 চাউল চতিয়াই আকৌ গালে—

অপৰাধ বিনাশন তযু নামে নাৰায়ণ
জানি নামে পশিলো শৰণ, আনগতি নাহিকে মন,
অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি
মোক ৰক্ষা কৰিও চৰণ।
ৰামৰ মূৰত ধৰিয়ো আশীৰ্বাদ কৰিয়োক
সুমঙ্গল বসতি হোক।

 সকলোৱে উৰুলি দিলে। জোনক ভিতৰলৈ যাবলৈ ক’লে। কাৰণ অধিবাস কৰিবলৈ পুৰোহিত আহিছেই। সমস্ত বস্তু সামৰিবলৈ ক’লে তিয়নী সাজ পটাগুটি আদি ভিতৰত থ’বলৈ ক’লে। আমডালিৰ দৈ টেকেলী দৰাৰ লগত নিব লাগিব। ভানুক মনত পেলাই দিলে। অধিবাস হোৱাৰ পাছত তাতে জোনক শুৱাব লাগিব। কিয়নো পুৱা দৈয়ন দিব লাগিব। সেইখন দুৱাৰৰ পৰাহে সুবিধা পাবা। দিনত নোৱালেহে জোন সেইটো কোঠাত সোমাব আৰু দৈয়ন দিবলৈ এখন পীৰা, আগপাত নোৱাওতে শিলগুটি লোৱা, দুণৰি ঘট এতিয়াই থিক কৰি থ'বা। দৈয়নৰ পাছত পদূলিৰ [ ২৮ ] পৰা পাক এটা মৰাবা। মই অতি পুৱাতে চাগৈ উঠিবই নোৱাৰিম। ভানুৱে ক’লে, হ’ব আহিয়ে এইখিনি মনত পেলাই দিছে তাতকৈ কি লাগিছে। নিৰ্মলাই ক’লে, তোমালোক দুটাই জোনৰ লগতে হবিশ খাব লাগিব। কালিলৈ শৰাধ চাগৈ বিৰাজেই কৰিব। তুমি টেকেলী ধৰিছাই।

 আজি পুৱাৰ পৰাই খদম্‌দম্। বিয়াৰ দিনা দৈয়ন দিয়াৰ পৰাই, নপুৰুষৰ শৰাধ কৰিছেই। ভানু পানী তুলিবলৈ ওলাব এতিয়া। আইসকল পোৱাহি নাই। নিমন্ত্ৰিত অতিথি অহাৰ আৰম্ভ হৈছেই। তুলসীৰ মালা পুৰোহিতে আনিব। খৰি, ঘিউ আৰু যি যত লাগে যোগাৰ হৈছেই। কইনা ঘৰ দূৰণি-বটীয়া, সোনকালে যাত্ৰা কৰিব। জোনক কাপোৰ- কানি পিন্ধাইছে সমনীয়াই। ধূতীখন মোমায়েকে পিন্ধাব, সকলোৱে নোৱাৰে। চাওতে সন্ধিয়া ভাগিছে আৰু। লাহে লাহে জোনক ভানুৱে পঞ্চামৃত অকণ যাচি আজৰি কৰিলে। বিৰাজক বিচাৰি নাপাই আকৌ ভানুকে ক'লে, জোনে আজি তাৰ বস্তু খাব নাপায়, কিবা অলপ দিবা আৰু ভাল পানী অকণ দিবা। তেনেতে বিৰাজক দেখি নিৰ্মলাই ক'লে ছোৱালী ওলোটাই লৈ যাব বা থৈ যাব এইবোৰ পাতি আহিবা আৰু আঠ মঙ্গলাৰ কথাও পাতিবা সুবিধা পালে। তাৰোপৰি পুৰোহিত বৰণ, মোমাই বৰণ, ভাই বৰণ, কন্যাদাতাৰ সাজ লৈ লোৱা আৰু মানদানৰ কাপোৰ অলপ ভানুৰ লগত আলোচনা কৰি লৈ লোৱা দেই। নহ’লে বিপদত পৰিবা। তুলসীৰ মালাধাৰ আনিলেনে? আনিছে যদি পুৰোহিতক কোৱা পিন্ধাই দিবলৈ। হোমৰ বস্তুখিনি চাই-চিতি লোৱা। হ’ল যদি সময় যাত্ৰা কৰা। দুৱাৰ ধৰি দিব লাগিব নহয়। গোপিনীসকলক ৰবলৈ ক’ব লাগিব আৰু ছাতি এটা ল’বা। দৰাধৰা কাৰোবাক কোৱা।

 যাত্ৰাৰ সময় হ’ল। ভানুৱে এখন বগা চাদৰ দুৱাৰত ধৰিলে জোনে সোঁহাতে ভুমুকিয়াই বাওঁহাতে চালে। বাওঁহাতে ভুমুকিয়াই সোঁফালে চালে আৰু শেষত সোঁফালে ভুমুকিয়াই বাওঁফালে ওলাই গ'ল। উৰুলি দি আইসকল লগে লগে গ’ল, ভানুক নিৰ্মলাই ভিতৰলৈ যাবলৈ ক’লে [ ২৯ ] আৰু ক'লে যে এতিয়া নকৰিলে নোহোৱাকেইটাহে কৰা। কোনে কি খাব চকু মাৰি লোৱা। নিজেও খোৱা, অলপ জিৰণি লৈ লোৱা। মোকো চাহ অকণকে দিবা, অন্য নালাগে, সময়ত বিৰাজে ফোন কৰিব। বুলুক মাত্ৰ ঘৰখন সাৰি-পুচি থিক কৰি থ'বলৈ দিয়া, বাকীখিনি আমি কৰিম। হ’ব বুলি ভানু কামত লাগিলগৈ।

 তিনিটামান বজাত বিৰাজৰ ফোন আহিল, তাহাঁতৰ বিয়া ভাগিবৰ হৈছে। পুৱাবৰ সময়তহে ওলাব। ৰাতি আন্ধাৰতে নাহিব, সেয়ে পাওঁতে পোহৰইে হ’ব। ভানুৱে নিৰ্মলাক কথাখিনি ক’লেহি। নিৰ্মলাই ক’লে উথপ্-থপ্ নকৰিবা সময় পাবা, অলপ পিছত মহিমাক পঠিয়াই কলৰ তলত তামুলী পীৰাখন পৰাবা আৰু দুৱাৰ মুখত এবাল্টি পানীত এটকা ৰাখিবা আৰু এখৰাহি চাউল। তাতো এটা আঙুঠি ৰাখিবা। কইনা উঠি আহোঁতেই সেই দুটা হাতত লৈ আহিব আৰু ভিতৰত এখন কাৰ্পেট বা কঠ ধুনীয়াকৈ পাৰি তাতে চাউল দৰা-কইনাই খেলিবলৈ থোৱাবা আৰু এখন ঠালত ডাঙৰ চাই দুটা জলপানৰ বাটি সজাই ঢাকি থ’বা। তুমি এতিয়া শুইছিলা যদি গাটো তিয়াই এটা ভৰাপাত্ৰত ভাত ৰান্ধি ঢাকি থোৱা আৰু গোসাঁই ঘৰত চাকি গছ লগাই থবা আৰু ভিতৰত চাকি, ঠাল, ডুণৰি জ্বলাই ৰাখিবা, মাতিলেই যাতে ওলাই যাব পাৰা। ইতিমধ্যে দৰা-কইনা পালেহি, ৰুণুৱে আদৰিবলৈ লগতে নিৰ্মলা থাকিল, আঙুঠি, পইচা আনিলে। প্ৰথমতে গোসাঁই ঘৰত সেৱা কৰাই ভাতৰ চৰু দেখুৱাই চাউলত দুয়োকে আঙুঠি বিচাৰিবলৈ দিলে। চাউল পেলাবলৈ দিলে, ছোৱালীহে জিকিলে। তাৰ পিছত জলপানৰ বাটি দুয়োকে ঘূৰাবলৈ দিলে ঠেকা নোখোৱাকৈ। কামকণ শেষ হোৱাৰ পিছত আৰু তেওঁলোকক খুৱাই-বুৱাই বিদায় দিয়াৰ আগতে মান ধৰে যদি শেষ কৰিবলৈ দিলে। ছোৱালী লৈ যাব সকলোৱে মাত দিলে, আঠ মঙ্গলাৰ দিন থিক কৰিলে। শেষত আগবঢ়াই সকলোকে যেন উশাহ ল’লে। [ ৩০ ] পৱিত্ৰৰ কথা শুনি নিৰ্মলাই ওলাবলৈ আৰম্ভ কৰিলে। তেনেতে ভানুৱে কোৱা কাণত পৰিল। আহক খুৰী আহক আহক। জোনালী শৰ্মাই ক’লে, বৰমা বাৰু যাবলৈ ওলাইছে নেকি? মই বৰমাক লগ পাবলৈহে আহিছো, তোমালোকৰ টোপনি খতিত আমনি কৰিবলৈ। ভানুৱে ভিতৰলৈ আহি নিৰ্মলাক ক’লেহি জোনালী শৰ্মা আহিছে। আপোনাক লগ পাবলৈ। অ’ ৰাম–কৃষ্ণ মোক লগ পাব খুজিছে, মই গৈছো। আহা আহা আই, দিগদাৰী কিয় হ’ব আই মানুহক মানুহ লাগেই। কোৱাচোন কি ক’বা? পৱিত্ৰই আকৌ অলপ লৰালৰি কৰিছে কাৰণেহে।

 জোনালীয়ে ক’লে বৰমা, মোৰ ল'ৰাটোৰা উপনয়ন পতাৰ কথা ভাবিছো, চ’ততে দিন এটা পাইছো। পিছে কি কৰিম কি নকৰিম ভাবিবহে পৰা নাই। বৰমা মইনো কাক সুধিম? নিৰ্মলাই ক’লে ভাল কথা কৈছা! বামুণ-মহন্তসকলৰ এইয়া প্ৰথা। আমাৰ জানো আছে। কিন্তু মই সেই সন্ত সমাজলৈ যাওঁ সেই ধৰ্মীয় কাম-কাজবোৰ চাবলৈ, বুজি পাবলৈ। তাতে মই যি দেখা পাইছো তাৰে তোমাক ক’ম। তুমি কিন্তু জনা-শুনা মানুহ পালে সুধিবা আকৌ। নহ'লে মই বৰ লাজ পাম। আকৌ দিবাকৰ গোসাঁয়ে চোন সকলোবিলাক জানে, তেখেতে তোমাক যি ক’ব সেয়া হ’ব। নিখুঁত, খুঁত নাথাকে। নহয় বৰমা তেখেতৰ গা অতি বেয়া কিবা ক’ব বুলি ভাবিবই নোৱাৰি। আৰু এটা কথা বামুণ-গোসাঁই হ'লেই হ'ব জানো, নাই শ্ৰদ্ধা নাপাতে কাণ খাই অসলাগি আঁউসী পাণ।

 হয় জোনালী, এটা কথা মই নিজেই দেখিছো, বিয়াত আগদিনা কিবা এডাল ল’ৰাটোক দি দিয়ে। চুলিও নুখুৰাই, এইবোৰ কামচোন নিজকেহে ফাকি দিয়া কাম। উপদেশতকৈ আদৰ্শহে ডাঙৰ বুলি ভাবিব লাগে। কিয়নো সৰুবিলাকে তাকেহে অনুকৰণ নকৰিব জানো। আচলতে ১৬ বছৰৰ আগতেহে লগুণ দিয়াৰ নিয়ম।

 বাৰু শুনাচোন, পাৰিলে লগুণ দিয়নীৰ আগ দিনা অধিবাসৰ [ ৩১ ] দিনা দিনতে নাম এষাৰ গোৱাবা। পাৰিলে ভাল। গধূলি পুৰোহিতে অধিবাস কৰিবই ল'ৰাটো নোৱাই দিব লাগিব। ঘৰতে হ’লেও পানী অকণ তুলি ল'ৰাটো নোৱাই দিবা, তোমালোক দুয়ো ল’ৰাটিৰে সৈতে ব্ৰতত থাকিবা। অধিবাস হোৱাৰ পিছত ল'ৰাটিক বাহিৰলৈ যোৱাৰ সুবিধা থকা দুৱাৰ এখন থকা কোঠাত শুৱাবা। কাৰণ ৰাতি নুপুৱাওতেই ল’ৰাক দৈয়ন দিব লাগিব। ৰাতি নোওৱা কলাপাত, খেৰৰ মুঠি, পটা গুটি, ডুণৰি, পানীতোলা কলহ, দৈ-পাণৰ বাটি। ল’ৰা গা ধোৱা পীৰাখন ভিতৰ সুমুৱাই থ’বা আৰু যেতিয়া দৈয়ন দিবৰ সময়ত বাহিৰলৈ যাব পৰা দুৱাৰখনৰ ভিতৰত তামুলী পীৰাখনৰ পৰ্দাৰ ভিতৰত বহিবলৈ দিবা ল’ৰাক। তোমালোকে বাহিৰত সকলোখিনি ল’বা আৰু ল'ৰাই ভৰিকেইটা পাতত থ’ব। তুমি তোমাৰে সৈতে ৩ বা ৫ গৰাকী হ’লেই হ’ব। আমসাৰ আমৰ ডলিটো ওভোতাই পানী অকণ ল’ৰাৰ গালৈ ল'ৰাৰ ভৰিলৈ এবাৰ নিজৰ গালৈ প্ৰতিটো বস্তু তিনিবাৰকৈ কৰিবা। ডুণৰিটোত হাতখন সেকি এবাৰ ল'ৰাৰ গালৈ এবাৰ ভৰিলৈ আৰু নিজলৈ কৰি তিনিবাৰ দি ডুণৰিটো তিনিবাৰ ল'ৰাৰ মুখৰ আগত ঘূৰাবা। তাৰপিছত তাক পদূলিমূৰলৈ নি এপাক ঘূৰাই আনিবা, সেইয়া আমাৰ আকৌ লঙ্কালৈ যোৱা বুলি কয়। তাৰ পিছত সেই ৰুমটোত ল'ৰাটোক সোমাবলৈ নিদিব, দুপৰীয়া নোৱাই দিয়াৰ পাছতহে সোমাব পাৰিব।

 পুৱা হ'লেই শৰাধ হ’ব, চুলি খুৰাব। এই সকলো কামত আইসকলৰ কাম নাথাকে মাত্ৰ পানীকণ তুলি নোৱাই দি, হোমৰ গুৰিলৈ পঠিয়াই দিবা। তাৰ মাজতে বৈৰাগ চ’ৰা বুলি কয়। ল’ৰা বাহিৰলৈ যাবগৈ, ল’ৰাই লৈ থকা কমণ্ডলুতে যি পাৰে এটি পইচা দি সেৱা কৰিব লাগে। আৰু পিতাকে পদূলি পাৰ হ’লে লৰাক ওলোটাই আনিবগৈ লাগিব। নহ’লে ল’ৰা নিজে নাহে মনত ৰাখিবা। তাৰপিছত এবাৰ মাকক ভিক্ষা খুজিব লাগিব। মাকে সেয়া আগতেই ঠিক কৰি [ ৩২ ] থয় আৰু দৰ পেলোৱাৰ দিনালৈকে সেই বস্তুহে খাব পাৰিব। দৰ পেলাই দেউৰ দিহামতে গা-পা ধুই দুপৰীয়া মৎস্য স্পৰ্শ কৰিব লাগে আৰু সকলোকে ভোজ-ভাত খুৱাবা। এইখিনি কথা মই দেখিছো কাৰণে তোমাক ক’লে, জোনালী মই উঠিলোঁ, তুমি চাহ অকন নোখোৱাকৈ নাযাবা, ভানুৱেও ভাল পাব নিশ্চয়। ইতিমধ্যে পৱিত্ৰই মাকক আকৌ মতা কাণত পৰিল। বিৰাজৰো মনটো বেয়া লাগিল। ক’লে বৌ আপুনি খোৱাউৰি দিনালৈকে থকা হ'লে ভাল পালোহেঁতেন। নিৰ্মলাই ক'লে, মই জানো বেয়া পালোহেঁতেন। শাহুৱেৰক দুদিনমান ৰাখা, আৰু ভানুক নিৰ্মলাই ক’লে আজিয়েই জিৰাই লোৱা, কালিলৈৰ পৰা ঘৰ উৰি থাকিব। ভানুৱে ক’লে আপুনি থকাৰ কথাটো বেলেগ বাইদেউ। জোনালীয়েও ক’লে বহুতখিনি ক’লে বৰমা তাৰেই বহুত সাহস পালে। লগুণদিয়নীলৈ আহিব নিৰ্মলাই হাঁহি মাৰি ক’লে আমাৰ ওচৰতো কেইবাখনো, তাৰিখহে নাজানো আই।

 ভানুৱে আহি সেৱা কৰিলে। নিৰ্মলাই চুমা এটা খাই লাহেকৈ গাড়ীত উঠিলগৈ। ইতিমধ্যে পৱিত্ৰয়ো মাকক বেলি নকৰাকৈ ওলাবলৈহে ক’লে, কাৰণ অফিচ পাবলৈ লাগিব। বিৰাজৰ মনটো সেমেকি গ’ল আৰু ক’লে বৌ খোৱা উৰিলৈ থকাহেঁতেনহে ভাল পালো হয়। নিৰ্মলাই ক’লে মই জানো বেয়া পাম, কিন্তু দেহাটোৱেও জিৰণি বিচাৰিছে। তাৰ লগতে যাওঁগৈ। শাহুৱেৰাক ৰাখা দুদিনমান। ভানুক ক’লে আজিয়েই জিৰাই লোৱা কালিৰৈপৰা ঘৰ উৰি থাকিব নহয়। ভানুৱে মাত্ৰ ক’লে আপুনি থকাৰ কথাটো বেলেগ। সেৱা এটা জনাই বিদায় দিলে। নিৰ্মলায়ো চুমা এটা খাই গাড়ীত উঠিলগৈ।

[ ৩৩ ]

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।