পৃষ্ঠা:আমাৰ সম্পদ.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দৰা আৰু কইনাৰ বাটি কোনো সময়তে খুন্দা নালাগে। এনেকৈ খেল হ’লে লগুণ গাঁঠি খুলি কইনা-দৰাক অকণমান জিৰণি দিয়ে। কিন্তু দৰা সেইদিনা কইনাৰ ঘৰত নাখায়। যেতিয়া বাহী চন্দনৰ দৰা হয় তেনেতে ছোৱালী উলিয়াই দিয়াৰ আয়োজন কৰে বুজিছা। সেই সময় ছোৱালী ঘৰত বৰ দুখৰ হয়। তেনেতে ৰুণু আহি ক’লেহি, আহকচোন বাইদেউ দৰাঘৰীয়া যাব খুজিছে। নিৰ্মলা উঠি গ'ল তাইক কিবা অকণ খুৱালানে, মূৰ-চূৰ আকৌ থিক কৰি দিয়া আৰু লগত মামীয়েক, খুৰীয়েক কোনোবা যাব লাগিব। অলপ মান ধৰা কাপোৰ দি পঠিয়াবা কাৰণ বাহী বিয়াৰ দিনাই বহুত যাবলৈ ওলাব। সেয়ে লেঠাতো মাৰিব পাৰিলে ভাল। তাইৰো কোঁচত চাউল অলপ দিয়া, অকণমান পঞ্চামৃত তাইক ভিতৰলৈ নি মুখত দিয়া। এতিয়া আইসকল আহক, ইয়ালৈ ল’ৰাৰ লগুণ গাঁঠি পুনৰ বান্ধিব লাগিব দৰা পিছতহে যাব। এখন বগা চাদৰ আমি ৰুণুৰে দুৱাৰত ধৰি থাকা। ৰুমীক মাতিলে, আই অ’ ওলাই যাওঁতে পিছলৈ নাচাবা আৰু চাউল এচাতি এচাতি পিছলৈ মাৰি যাবা আৰু মাৰাৰ সোঁহাতৰ তলেদি সোমোৱা নিচিনা কৰি বাওঁফালে চাবা, বাওঁফালে তেনেকৈ হাতৰ তলেদি চাই সোঁফালে চাবা আৰু শেষত সোঁফালে হাতৰ তলেদি চাই বাওঁফালে ওলাই যাবাগৈ। ৰুণুৱে নাচাবা নাযাবাও। আইসকল উৰুলি দি আপোনালোকে বিদায় দিয়ক। ৰুণুৰ কান্দোনত নিৰ্মলাই বুজনি দিয়াত লাগিল। নিৰ্মলা আগৰ দৰে চকী এখনত বহি পৰিল। অমূল্য ৰুণুও বিছনাত পৰিলগৈ।

 লাহে লাহে পোহৰ হোৱা যেন লাগিলত নিৰ্মলা উঠি ভিতৰ পালেগৈ। অমূল্যই বায়েকক সুধিলে কিবা বিচাৰিছ নেকি? নিৰ্মলাই ক’লে, নাই বিচৰা অ’, ঘড়ীটোত কেইটা বাজিছে চাবলৈহে আহিছিলো। আমাৰো ওলাবৰে হ’ব নহয়। এৰা বাইদেউ তোক আজি পঠিয়াবৰ মন একেবাৰে নাই। কিন্তু নিজৰ দেওৰৰ ল'ৰা যেতিয়া কেনেকৈনো ৰাখো। সেইটোহে আচল কথা। বিৰাজে চায়ে আছে চাগৈ। ৰুণু জাঁপ

২৮