পৃষ্ঠা:আমাৰ সম্পদ.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এ ৰাম আমাৰ আকৌ ভুল হ'ব বুলি লাজ লাগে। ভুল নহয়। মই দিয়া দৰেই গাবা। তেওঁলোকেও সহযোগ কৰিলে, লাহে লাহে ঘাটলৈ নামি গ’ল। নিৰ্মলাও লাহে লাহে নামি ৰুণুক দেখুৱাই দিলে। নিৰ্মলাই ক’লে ৰুণু তুমি গঙ্গাক পানী খুজিব লাগিব। হাতত থকা তামোল-পাণ, পইচা পানীত দি সেৱা কৰা। উৰুলি দি কলহেৰে পানীখিনি তিনিবাৰ লৰাই তিনিবাৰতহে পূৰ্ণ কৰিবা। এতিয়া আমডালিটো সাৱধানে লোৱা যাতে পাত নিছিঙে। এতিয়া মই সুধি যাম দেই। নিৰ্মলাই সুধিলে কাৰ পানী কাটিছো? ৰুণুক কটাৰী লৈ ক’বলৈ শিকালে—আইদেউৰ পানী কাটিছো। আকৌ নিৰ্মলাই ক'লে কি দেখি আহিছা? ৰুণুক ক’বলৈ ক'লে— হৰগৌৰীৰ বিয়া দেখি আহিছো। নিৰ্মলাই এইবাৰ ক'লে কি সাজ, কি মৰল, কৰলি কামলি, হিংসা অসূয়া আঁতৰ কৰি ৰুমীৰ পানী কটো কটাৰী ধৰি। জীয়ৰী-বোৱাৰীহঁতে চাই থাকিল। কলহৰ পানীত পূৰণ চিনৰ দৰে কৰিবলৈ দিলে। তেনেকৈ তিনিবাৰ সোধাৰ পিছত উৰুলি দি ৰুণু পাৰলৈ আহিল। নিৰ্মলাই ক’লে, এটা কথা ৰুণু, এদিনীয়া বিয়াত তিনি পানী নহয়, তিনিগৰাকীয়ে ঘট লোৱাহেঁতেন বেলেগ কথা, তেতিয়া তেওঁলোকে তোমাৰ দৰে ব্ৰতত থাকিব লাগিব। এতিয়া আমি দুপানী তাৰমানে দুবাৰ একেটা নিয়মেৰে তুলি এজোপা গছৰ গুৰিত দুবাৰ পানী ঢালি নিয়ম পালন কৰো। এতিয়া তুমিও সৌ ডাঙৰ গছ দুজোপাৰ গুৰিত ঢালাগৈ। পিছৰ পানীহে ঘৰলৈ নিম আৰু তুমি উভতি পাছলৈ নাচাবা, লাহে লাহে গাড়ীত উঠাগৈ।

 সকলোটি গ’লগৈ, গাড়ীৰপৰা নামি চালত উৰুলি দি পানী দিলে। ভিতৰ সোমাই ৰুণুক আঁচলত ধৰি বেইতললৈ লৈ গ’ল। মামীয়েকে ৰুণুক নোৱনী কাপোৰ পিন্ধাই থৈছিল বাবে ৰ’বলগীয়াও নহ’ল। সকলোৱে নোৱালে। বুঢ়ীমাকে নোৱালে। বেইৰ কাষে কাষে তিনিবাৰ ঘূৰালে। দৰাঘৰৰ দৈপানী আৰু ডুণৰি লৈ দুগৰাকী সৰু ছোৱালী ঘূৰিবলৈ দিলে। দৈ পানী এবাৰ মাকলৈ, এবাৰ কইনাৰ গালৈ মাৰিবলৈ নিৰ্মলাই

২৫