পৃষ্ঠা:আমাৰ সম্পদ.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পুথি এভাগ থ’বা গোসাঁই কাপোৰেৰে ঢাকি থ’বগৈ লাগিব। এইবিলাক কথা কইনাৰ মাক ৰুণুক ক’বাগৈ। মৰলৰ মাজত কলপুলি ভিতৰত এখন আৰ্চি থ'ব লাগিব। দৰাঘৰৰপৰা পাটী আৰু দলিচা অনাৰ নিয়ম, যদি কিবা কাৰণত নানে, আমাৰ ঘৰৰপৰাই দিব লাগিব। দৰাঘৰৰপৰা দৈৱকীয়ে এটা থুৰিয়া তামোলৰ বটা বা শৰাই ঢকাৰে ঢাকি আনিবা। আমপাত ভৰোৱা লোটা দুটা, তাৰোপৰি দৈৰ বটল, দুটা নাৰিকল, জোৰোণৰ বস্তু, আ-অলঙ্কাৰৰ কথা নকওঁৱেই এই দুটাকৈ অনা দৰাঘৰত দৰাই চুই দিয়ে আৰু ইয়াত কইনাই চুই দিলে এপদ এপদ লৈ যাব। তাৰ লগতে দৰাৰ নোৱনী সাজ কইনাই চুই দিলে লৈ যায়। তাৰোপৰি বহুতে দৰা বৰণৰ সাজ জোৰোণতে দি পঠিয়াই। কিন্তু সকলোৱে নিদিয়ে, দৰা ঘৰৰ পৰা বহুতে মাকৰ সাজ জোৰোণতে আনি দি থৈ যায়। বাৰু যি হওক আমাৰ থুৰিয়া তামোলৰ বটা থিক কৰা আছেনে নাই খবৰ লোৱা। নহ'লে থিক কৰা শৰাই ঢকাৰে ঢাকি আৰু এখন থালত ধূপচাকি থিক কৰা, জোৰোণ আহিলে আদৰিবলৈ লৈ যাবা। তোমালোকে আজি কথাখিনি চাবা তেতিয়াহে জানিবা। নিৰ্মলাই লক্ষ্য কৰিলে প্ৰতিজনীয়েই আনন্দত উৰি ফুৰিছে। নতুন প্ৰজন্মই নিশিকা নহয়। কিন্তু আমি কি শিকাইছো। এজনী কম বয়সীয়া বোৱাৰীয়ে আহি ক'লেহি আমি শেষেই কৰিলো নহয়, আৰু কি আছে কওক আইতা। নিৰ্মলাই ক’লে আইহঁত তোমালোকৰ আগ্ৰহ দেখি বৰ সন্তোষ পাইছো। বুজিছা আজিকালি আমি এইবোৰ কোৱাৰ বাবে আকৌ বহুতে ভেঙুচালিহে কৰে। আমি বুঢ়াসকলে দুখ পাওঁ। যেনেকে কটাৰী ধৰালে ধাৰ হয়। তোমালোকক শিকালেও তোমালোক পৈণত হ’বা হয়নে নহয়?

 এবাৰ এনেকৈ পৰামৰ্শ দিওঁতে কথাও শুনিছিলো। তেনেতে এজনী বোৱাৰীয়ে ক'লে, আইতা আমাৰ শিকিবলৈ মন আছে নহয়, কিন্তু আমাক কোনেনো ক’ব। নিৰ্মলাই কলে আইহঁত হ’ব হ’ব।

২২