পৃষ্ঠা:আমাৰ সম্পদ.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শুদ্ধি কৰিবা, পটাগুটি, দুণৰি আন কোনোবাই নিব, সমাজ হিচাবে পাতি ছোৱালীজনীক নি কাৰবাক কবা কাপোৰ পিন্ধাব মুৰ আঁচুৰি বহুৱাবগৈ, সেইদিনা কেঁচা পিঠাগুৰি, কল, মাহ খাবলৈ দিবা, আইসকলোকো দিবা। সমাজত সেৱা এটা কৰিবা তুমি আৰু ছোৱালীয়ে। আগৰ দৰেই সাত দিনলৈ আকৌ নতুন বিছনাত থাকিব লাগিব। আৰু তুমি শুচি হৈ আইসকলক চাহ খুৱাই বিদায় দিবা। চাৰি দিনৰ দিনা ৰাতি বৰতীয়া ভাত দিবা, সকলোৱে কিন্তু নিদিয়ে সেইটো তোমাৰ কথা, মই নকওঁ দেই।

 সাতদিনৰ দিনাও তুমি তাইৰ কাপোৰ তিয়াই ঠাইখন মচি অকণ মাহ- হালধিৰে তাইক শুচি কৰিবা। নিজেও শুচি হ’বা। তাৰপিছতহে আইসকলৰ সৈতে ধুৱাবা। সকলোৱে এইখন বিয়াত পানী নোতোলে, বেই, দুলড়ি পতাগুটি আগ পাত খেৰৰ জুমুঠি দিবা। কনাই নোৱাই শুচি কৰি বান্ধিবা, তামোল পুলি নোৱাবা, ভৰুণ গছ আৰু সূৰ্যলৈ চাই সেৱা কৰিব। এবাটি পানী সমাজত থ’বা, বহুতে কনাই লওঁতে গোটা টকাহে পানীত দিয়ে, এবাটি আখৈ, এবাটি পিঠাগুৰি, মাকৰ সৈতে তিনিগৰাকী বা পাঁচগৰাকীৰে কোঁচত কইনাই তিনিবাৰকৈ দিব আৰু শেষত কনাইতো চাউলৰ বাটিত লৈ তিনিবাৰকৈ গোপিনীক দি ছোৱালীয়ে ল’বা। তাৰপাছত বয়োজ্যেষ্ঠ আইসকলে কনাইটো খুলি আনন্দ কৰে। সেইটো নাতি হিচাবে ভাবি মানুহক বহুত কথা কয়। শেষত আৰু এটা কাম কৰিব লাগে। তিনিটা সৰু কেঁচুৱাক লৈ, দুহাতে দুটাকৈ লাড়ু দিয়ে, কিন্তু খাবলৈ নিদিয়ে, খাব খুজিলে পেলাইহে দিয়ে। বৰেত নাইকিয়া হলে গধূলি জোন-তৰা ওলালে ব্ৰত ভাঙি খাবলৈ দিয়াৰ নিয়ম, তাৰ আগতে মাক-দেউতাক বা বুঢ়াসকলক তামোল-পাণেৰে সেৱা কৰাবা। নিৰ্মলা লাহে লাহে গেট পালেগৈ আৰু নোৰোৱাকৈ চাৰিওফালে চাই দেখিলে এইবোৰ একেদৰেই আছে। সোমনাথে নিৰ্মলাক দেখি চিঞৰ মাৰি ক'লে, অ’ বৰমাচোন, এই

১৫