পৃষ্ঠা:আমাৰ সম্পদ.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 সিটো ক’বই দেচোন।

 এই দুইটা নিৰ্মলাৰ ভায়েকৰ ল'ৰা। গুৱাহাটীতে থাকে। ব্যৱসায় কৰে। এতিয়া তাহাঁতৰ আৰু জয় জয়, ময় ময়। লগে লগেই নিৰ্মলাৰ মনটো ত্ৰিদিৱৰ ওচৰলৈ যেন উৰা মাৰিলে। মনটো একেবাৰে সেমেকি উঠিলে। তাৰো প্ৰেচাৰ, চুগাৰ এইবোৰ হোৱা বুলি আছে। এইবোৰ বেমাৰত বোলে লোভটোৱো বেছি হয়। সি হেনো মুখখনো নাবাচে। সেইটোহে ডাঙৰ চিন্তা হ’ল। বিয়াখনলৈ আহে যদি লগ পাম। মুখখন দেখিলেও শান্তি পাম। পৱিত্ৰতো পৱিত্ৰই। মই নহ’লে কি কৰিব নাজানো। মানসীয়ো সৰু ছোৱালী, তথাপি ঘৰখন চলাইছে। তেনেতে চুমুৱে আধাফুটা মাতেৰে গোৱা কাণত পৰিল— “হালধীয়া চৰায়ে বাওধান খায়”। নিৰ্মলাৰ বুকুখন শাঁত পৰি গ'ল। তেওঁ চকু দুটা মুদি বিছনাতে পৰি থাকিল। অতীতলৈ মনটো যেন উৰা মাৰিলে। ধৈৰ্য্য, সহ্য, দয়া, ক্ষমা এইবিলাক যেন মানৱ জীৱনৰ অমূল্য সম্পদ, পিতৃয়ে সেই শিক্ষা দিবলৈ নাপাহৰিলে। সহজ-সৰল ভাবেৰেই কৈছিল, আই অ’ “সৰ্ব শত্ৰু যাৰ, ঈশ্বৰ সহায় তাৰ” আৰু কৈছিল “সোণ পুৰিলেহে সুৱৰ্ণ হয়”। এয়া কোনো ডিগ্ৰীৰ কথাটো নহয়। ক’ত পাইছিল বাৰু এনেহেন মহান বাণী। ভাবিবলৈ বাদ দিলে। দুটোপাল চকুপানী বৈ আহিল। ক'ৰবাত ভাগৱত পাঠ কৰিছে। অখণ্ড ভাগৱতেই হ’ব। এগছি এগছি বন্তিৰ আগত, এখনি এখনি গ্ৰন্থ লৈ বহি থকা সেই ভক্তপ্ৰাণ বৈষ্ণৱ কেইজনাৰ ছবিটো চকুৰ আগত ভাহি আহিল। বুকুৰ মাজতে হাত জোৰকৈ সেৱা জনালে। আৰু মনতে ভাবিলে। আই ঐ দেহি, শব্দকেইটা যদি শুনিবলৈ পালোহেঁতেন। বৰ ভাল লাগিলহেঁতেন। এইবাৰ যদি আমাৰ নামঘৰত হয়। পুৱাৰে পৰাই বহি থাকিমগৈ। তালৈকে যেন দেহাটো ভালকৈ ৰাখা। মোৰে নহয় আটাইকেইটা প্ৰাণীৰে। চুলি ছিঙি কাতৰ কৰিছোঁ প্ৰভু। নিৰ্মলাৰ হঠাৎ মনটো যেন উলটি গ'ল। উঠি গৈ কেলেণ্ডাৰখন চালেগৈ। আজিচোন পঁচিছ (২৫)

২০