পৃষ্ঠা:আমাৰ সম্পদ.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দিনা দিনতে নাম এষাৰ গোৱাবা। পাৰিলে ভাল। গধূলি পুৰোহিতে অধিবাস কৰিবই ল'ৰাটো নোৱাই দিব লাগিব। ঘৰতে হ’লেও পানী অকণ তুলি ল'ৰাটো নোৱাই দিবা, তোমালোক দুয়ো ল’ৰাটিৰে সৈতে ব্ৰতত থাকিবা। অধিবাস হোৱাৰ পিছত ল'ৰাটিক বাহিৰলৈ যোৱাৰ সুবিধা থকা দুৱাৰ এখন থকা কোঠাত শুৱাবা। কাৰণ ৰাতি নুপুৱাওতেই ল’ৰাক দৈয়ন দিব লাগিব। ৰাতি নোওৱা কলাপাত, খেৰৰ মুঠি, পটা গুটি, ডুণৰি, পানীতোলা কলহ, দৈ-পাণৰ বাটি। ল’ৰা গা ধোৱা পীৰাখন ভিতৰ সুমুৱাই থ’বা আৰু যেতিয়া দৈয়ন দিবৰ সময়ত বাহিৰলৈ যাব পৰা দুৱাৰখনৰ ভিতৰত তামুলী পীৰাখনৰ পৰ্দাৰ ভিতৰত বহিবলৈ দিবা ল’ৰাক। তোমালোকে বাহিৰত সকলোখিনি ল’বা আৰু ল'ৰাই ভৰিকেইটা পাতত থ’ব। তুমি তোমাৰে সৈতে ৩ বা ৫ গৰাকী হ’লেই হ’ব। আমসাৰ আমৰ ডলিটো ওভোতাই পানী অকণ ল’ৰাৰ গালৈ ল'ৰাৰ ভৰিলৈ এবাৰ নিজৰ গালৈ প্ৰতিটো বস্তু তিনিবাৰকৈ কৰিবা। ডুণৰিটোত হাতখন সেকি এবাৰ ল'ৰাৰ গালৈ এবাৰ ভৰিলৈ আৰু নিজলৈ কৰি তিনিবাৰ দি ডুণৰিটো তিনিবাৰ ল'ৰাৰ মুখৰ আগত ঘূৰাবা। তাৰপিছত তাক পদূলিমূৰলৈ নি এপাক ঘূৰাই আনিবা, সেইয়া আমাৰ আকৌ লঙ্কালৈ যোৱা বুলি কয়। তাৰ পিছত সেই ৰুমটোত ল'ৰাটোক সোমাবলৈ নিদিব, দুপৰীয়া নোৱাই দিয়াৰ পাছতহে সোমাব পাৰিব।

 পুৱা হ'লেই শৰাধ হ’ব, চুলি খুৰাব। এই সকলো কামত আইসকলৰ কাম নাথাকে মাত্ৰ পানীকণ তুলি নোৱাই দি, হোমৰ গুৰিলৈ পঠিয়াই দিবা। তাৰ মাজতে বৈৰাগ চ’ৰা বুলি কয়। ল’ৰা বাহিৰলৈ যাবগৈ, ল’ৰাই লৈ থকা কমণ্ডলুতে যি পাৰে এটি পইচা দি সেৱা কৰিব লাগে। আৰু পিতাকে পদূলি পাৰ হ’লে লৰাক ওলোটাই আনিবগৈ লাগিব। নহ’লে ল’ৰা নিজে নাহে মনত ৰাখিবা। তাৰপিছত এবাৰ মাকক ভিক্ষা খুজিব লাগিব। মাকে সেয়া আগতেই ঠিক কৰি

৩৪