পৃষ্ঠা:আমাৰ সম্পদ.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আৰু ক'লে যে এতিয়া নকৰিলে নোহোৱাকেইটাহে কৰা। কোনে কি খাব চকু মাৰি লোৱা। নিজেও খোৱা, অলপ জিৰণি লৈ লোৱা। মোকো চাহ অকণকে দিবা, অন্য নালাগে, সময়ত বিৰাজে ফোন কৰিব। বুলুক মাত্ৰ ঘৰখন সাৰি-পুচি থিক কৰি থ'বলৈ দিয়া, বাকীখিনি আমি কৰিম। হ’ব বুলি ভানু কামত লাগিলগৈ।

 তিনিটামান বজাত বিৰাজৰ ফোন আহিল, তাহাঁতৰ বিয়া ভাগিবৰ হৈছে। পুৱাবৰ সময়তহে ওলাব। ৰাতি আন্ধাৰতে নাহিব, সেয়ে পাওঁতে পোহৰইে হ’ব। ভানুৱে নিৰ্মলাক কথাখিনি ক’লেহি। নিৰ্মলাই ক’লে উথপ্-থপ্ নকৰিবা সময় পাবা, অলপ পিছত মহিমাক পঠিয়াই কলৰ তলত তামুলী পীৰাখন পৰাবা আৰু দুৱাৰ মুখত এবাল্টি পানীত এটকা ৰাখিবা আৰু এখৰাহি চাউল। তাতো এটা আঙুঠি ৰাখিবা। কইনা উঠি আহোঁতেই সেই দুটা হাতত লৈ আহিব আৰু ভিতৰত এখন কাৰ্পেট বা কঠ ধুনীয়াকৈ পাৰি তাতে চাউল দৰা-কইনাই খেলিবলৈ থোৱাবা আৰু এখন ঠালত ডাঙৰ চাই দুটা জলপানৰ বাটি সজাই ঢাকি থ’বা। তুমি এতিয়া শুইছিলা যদি গাটো তিয়াই এটা ভৰাপাত্ৰত ভাত ৰান্ধি ঢাকি থোৱা আৰু গোসাঁই ঘৰত চাকি গছ লগাই থবা আৰু ভিতৰত চাকি, ঠাল, ডুণৰি জ্বলাই ৰাখিবা, মাতিলেই যাতে ওলাই যাব পাৰা। ইতিমধ্যে দৰা-কইনা পালেহি, ৰুণুৱে আদৰিবলৈ লগতে নিৰ্মলা থাকিল, আঙুঠি, পইচা আনিলে। প্ৰথমতে গোসাঁই ঘৰত সেৱা কৰাই ভাতৰ চৰু দেখুৱাই চাউলত দুয়োকে আঙুঠি বিচাৰিবলৈ দিলে। চাউল পেলাবলৈ দিলে, ছোৱালীহে জিকিলে। তাৰ পিছত জলপানৰ বাটি দুয়োকে ঘূৰাবলৈ দিলে ঠেকা নোখোৱাকৈ। কামকণ শেষ হোৱাৰ পিছত আৰু তেওঁলোকক খুৱাই-বুৱাই বিদায় দিয়াৰ আগতে মান ধৰে যদি শেষ কৰিবলৈ দিলে। ছোৱালী লৈ যাব সকলোৱে মাত দিলে, আঠ মঙ্গলাৰ দিন থিক কৰিলে। শেষত আগবঢ়াই সকলোকে যেন উশাহ ল’লে।

৩২