পৃষ্ঠা:আমাৰ সম্পদ.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হ’ব লাগে, মানে ৪,৬,৮ হ'ব নালাগে। এগৰাকী ৰাহি থাকিব লাগে। তাকে বিযুৰীয়া বোলে, মানে যোৰ ভাঙি ভানুৱে ক’লে মূৰত চাউল দিয়া হ’ল নহয়। আশীৰ্বাদকণহে আছে। আপুনি পালেহি যেতিয়া আশীৰ্বাদকণ আপুনি দিয়ক। নিৰ্মলাই ক’লে মই পাইছোহিহে। মই বাৰু ইয়াতে বহি চাই আছো৷ জোনে চিঞৰি উঠিল, নহ’ব বৰমা, এইবাৰ আপুনি আহিবই লাগিব, কোনো নাহিব। উপায় নাই বৰমাকৰ মন গলি গ’ল। তেওঁ মূৰত হাত থৈ গাবলৈ লাগিল—

আসিও উদ্ধৱ সখি বৃন্দাবনে যাওঁ।
হৰাইছে প্ৰাণৰ প্ৰভু বিচাৰিয়া চাওঁ॥
যেহি বনে বিচাৰিলো সেহিবনে নাই।
আমাৰ কৰ্মৰ ভাগে হৰাইল গোসাঁই॥

 চাউল চতিয়াই আকৌ গালে—

অপৰাধ বিনাশন তযু নামে নাৰায়ণ
জানি নামে পশিলো শৰণ, আনগতি নাহিকে মন,
অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি
মোক ৰক্ষা কৰিও চৰণ।
ৰামৰ মূৰত ধৰিয়ো আশীৰ্বাদ কৰিয়োক
সুমঙ্গল বসতি হোক।

 সকলোৱে উৰুলি দিলে। জোনক ভিতৰলৈ যাবলৈ ক’লে। কাৰণ অধিবাস কৰিবলৈ পুৰোহিত আহিছেই। সমস্ত বস্তু সামৰিবলৈ ক’লে তিয়নী সাজ পটাগুটি আদি ভিতৰত থ’বলৈ ক’লে। আমডালিৰ দৈ টেকেলী দৰাৰ লগত নিব লাগিব। ভানুক মনত পেলাই দিলে। অধিবাস হোৱাৰ পাছত তাতে জোনক শুৱাব লাগিব। কিয়নো পুৱা দৈয়ন দিব লাগিব। সেইখন দুৱাৰৰ পৰাহে সুবিধা পাবা। দিনত নোৱালেহে জোন সেইটো কোঠাত সোমাব আৰু দৈয়ন দিবলৈ এখন পীৰা, আগপাত নোৱাওতে শিলগুটি লোৱা, দুণৰি ঘট এতিয়াই থিক কৰি থ'বা। দৈয়নৰ পাছত পদূলিৰ

৩০