পৃষ্ঠা:আমাৰ সম্পদ.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দুপৰীয়া ৰ’দখনত বাৰু ক'ত ঘূৰি ফুৰিছেহি। এই পৱিত্ৰটোৰো একো খবৰ নাই। কিয় এৰি দিয়ে বৰমাক। নিৰ্মলাই হাঁহি মাৰি ক'লে, কি পৱিত্ৰৰ আৰু একো কাম নাই নেকি যে মোকেই চাই থাকিব। বাৰু শুনচোন, এই গাঁওখনত মোৰ যদি কিবা এটা হয়, তহঁতে নাচাবিনেকি? নে নেদেখাৰ ভাও জুৰিবি। কেলেই জুৰিম বৰমা, বাৰু কওকচোন ক'ৰপৰা আহিলে?

 অ' ৰ এই মহেন্দ্ৰ হাজৰিকাৰ ছোৱালীজনী পুষ্পিতা হ’ল অ’। সেয়ে মাতি পঠিয়ালে। অ’ হয় নেকি যাওক যাওক, ঘৰখন তেনেই নিজম পৰি আছে। মানসীয়ে ক'লে ‘মা’ আপুনি বহুত বেলি কৰিলে এখেত ৰৈ ৰৈ চিন্তা কৰি অফিচলৈ গ'লগৈ। কিহৰ চিন্তা অ’? মই দূৰলৈ যোৱা নাই নহয়। তইয়ো চিন্তাহে দিয়। ল'ৰাটোক সাহহে দিব লাগে। মানসীয়ে আৰু একো নক'লে, কৈ লাভ নাই।

 আকৌ মানসীয়ে ক'লে, অ’ মা গোসাঁই ঈশ্বৰ শিচগাঁৱৰ পৰা আহিল নেকি? মই কেইদিনমান আগতে ডবাৰ মাত শুনিছিলোঁ দেই।

 অ’ হয়নেকি? ভাল মনত পেলালি, ইচ্‌ ৰাম ময়ো পাহৰিয়ে আছিলো, খবৰ এটা কেতিয়াবাই ল'ব লাগিছিল; এই মাহতে দিন, একেবাৰে অকলশৰীয়া, মই ইমান পাহৰিব লাগেনে বাৰু। মানসীক আৰু নকওঁ। ভাত খাবলৈ পামহি। অলপ বেলি হ'লে হ’ব। একো কথা নাই। লাহে লাহে গৈ গেটখন খুলিব খোজোতেই কোনোবা এটাক দেখি মাতিব খোজোতেই চাইকেলখন ৰখাই পদুম নামিলহি। সি ক'লে মইহে আইতা, পদুম। আপোনাক আমাৰ গোসাঁয়ে এতিয়াই মাতিছে। কিয় মাতিছে? কিবা হ'ল নেকি? ৰ চোন, আমাৰ বৌৰ ল’ৰা এটা হ’ল নহয়। অ’ কেইদিন হ’ল? মই নাজানো। সি পুনৰ চাইকেল লৈ ফৰ্‌ফৰাই আকৌ গুচি গ'ল।

 নিৰ্মলাই লাহে লাহে গোসাঁইঘৰৰ গেটখন খুলিলেগৈ আৰু ভিতৰলৈ সোমাই গ'ল। গম পাই গোসাঁয়ো ওলাই আহি মাত দিলে।

১৬