পৃষ্ঠা:আমাৰ সম্পদ.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শিকাই দিলে। গা ধোৱাৰ পিছত আমসাৰ তিনিবাৰ এবাৰ কইনাৰ গালৈ, এবাৰ কইনাৰ ভৰিৰফালে, এবাৰ মাকৰফালে তিনিবাৰকৈ দিবলৈ দেখুৱালে। তাৰপাছত চাকিসাৰ ডুণৰিটো কইনাৰ মুখৰ আগত তিনিবাৰ ঘূৰাই হাত দুটা সেকাৰ দৰে কৰি এবাৰ মুখৰফালে, ভৰিৰফালে আৰু এবাৰ নিজৰফালে দিবলৈ দেখুৱাই দি দৈ পানীও তেনেকৈ দিবলৈ ক’লে। শেষত, তামুলী পীৰাত ভৰি উঠাই ঘটৰ পানী মূৰত ঢালি দিলে আৰু ৰুমীক চলুপাতি তিনিবাৰ খাবলৈ ক’লে। নিৰ্মলাৰ ভাগৰ যেন অনুভৱ হ’ল। আইতাক মাহীয়েকহঁতকে মূৰত চাউল দিয়া, আশীৰ্বাদ দিয়া কামকণ কৰিবলৈ দিলে। কিন্তু সকলোৱে নিৰ্মলাক মাতিবলৈ ধৰিলে। উপায় নাই, নিৰ্মলাই ক’লে— পাঁচগৰাকী নাইবা সাতগৰাকী হোৱা মাকৰ সৈতে এতিয়া প্ৰত্যেকেই ডুণৰিৰ পৰা চাউল লৈ কইনাৰ মূৰত থৈ মূৰত চাউল দিয়া নাম গাবলৈ ক’লে। নিৰ্মলাৰ লগে লগে যি পাৰে, সকলোৱে গালে। পিছত নিৰ্মলাই আশীৰ্বাদ দি ছোৱালী দাঙি নি ভিতৰলৈ নিবলৈ ক’লে। বাকী দৈৰ টেকেলি আদিত সকলো ভিতৰলৈ নিবলৈ ক’লে আৰু কইনাৰ নোৱনী কাপোৰ পটাগুটি খেৰৰ জুমুঠি বাজত এৰিব নাপায়, সকলোকে শিকাই দি ভিতৰ সোমাল।

 পুনৰ চকী এখনত বহিল। ইতিমধ্যে মানুহ ৰভাতল ভৰি পৰিল। সকলো ব্যক্ত। এগৰাকী বোৱাৰীয়ে সুধিলে আইতা দৈয়ন কেতিয়া দিব। নিৰ্মলাই কলে এদিনীয়া বিয়াত কেতিয়ানো দিবা। আচলতে জোৰোণ পিন্ধোৱাৰ পিছৰপৰা সকলোবোৰ আৰম্ভ। সেয়ে কিছুমানে মনৰ হেঁপাহতেহে দিয়ে। অধিবাসো নহয় এদিনীয়া বিয়াত। মামীয়েকে আহি সুধিলেহি দৰা আহিলে সুৱাগুৰি তুলিব নালাগিব জানো? তুলিব লাগিব, তাৰপিছতহে দৰা আদৰিব।

 সুৱাগুৰি তুলিবলৈ আকৌ এখন থালত পাঁচটা চাকি, পাঁচটা লাৰু আৰু পাঁচডাল খৰিকা লাৰুত দি বান্ধিব লাগে আৰু এযোৰ তামোল-পাণ। তিনিআলিত অকণমান গাঁত খান্দি তাতে তামোল-পাণ আৰু পইচা

২৬