পৃষ্ঠা:আমাৰ সম্পদ.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জোৰোণ বিদায় দিয়াৰ পাছত অলপ সময় পাম তেতিয়াই আকৌ ক’ম। জোৰোণ অহাৰ সময় হৈছে। জোৰোণ পালেহি উৰুলি দিবা আৰু ৰুণুক লৈ পদূলিলৈ যাবা। দৰাৰ মাক নামিলে পদূলিতে বহি দুয়ো পক্ষই সেৱা জনাব। পাৰিলে ঘোষা বা আশীৰ্বাদ অকণ দিবা আৰু থুৰিয়া তামোলৰ বটাটো দুই বিয়নীয়ে তিনিবাৰ সলাব, চাকি-ধূপ তিনিবাৰ ঘূৰাই বিয়নীক সাৱটি ধৰি ভিতৰলৈ আনি ৰভাৰ তলত সন্মানেৰে বহুৱাবা। ইয়াকে আমাৰ বিয়নী সাৱটা বোলে। দৰাঘৰৰ পৰা যিখন আইনা আনিব, সেইখন পিছত আঁতৰাই থ’বা, পিছত সেইখনেৰে মুখ চাব নাপায়। দৰাঘৰৰ কোনোবা বোৱাৰীয়ে পাতিটো পাৰি তাৰ দলিচাৰ ওপৰত আমডালি ভৰাই অনা টেকেলীৰ চাউল উৰুলি দি চটিয়াই দিব। সেই কলহটোৰ ভিতৰত আমডালিৰ বাহিৰেও চাউল গুৱাপাণ পইচা লৈ আহে। পিছত সেই চাউল পইচাত তামোল-পাণ ডুলৰীত ঢালি পানী আনিবলৈ দৰাঘৰতো একে নিয়মকে কৰে। ৰূপৰ তামোল। মন কৰিবা জোৰোণৰ কামো ধুনীয়াকৈ হৈ গ'ল। ৰুণুৱে আগবঢ়াই দিলে জোৰোণ যোৱাৰ পিছত অলপ সময় নিজম পৰিলে। নিৰ্মলাই চকু দুটা মুদি চকী এখনতে আউজি পৰি থাকিল। নিৰ্মলাই চকু মুদি থকা দেখি বোৱাৰী দুগৰাকীমানে টোপনি বুলি সৰু সৰুকৈ কথাপাতি থকা দেখি নিৰ্মলাই চকু মেলিলে। তেতিয়াই পুনৰ মাত দি তেওঁলোকে ক’লে— আৰু কাম আছে বুলি কৈছিলে নহয় বৰমা, আমি আহিছোঁ। অ’ সেইটো কথা। সেইটোতো হয়েই। বাৰু বাৰু তোমালোকে বিয়া খাবলৈ যোৱা যে তাত কিনো দেখা, একো নেদেখা নেকি? আৰু দেখা যদিনো কি দেখা? তোমালোক অসমীয়া সমাজৰ বোৱাৰী। তোমালোকেইহে আমাৰ এনে সুন্দৰ নীতি-নিয়ম সংস্কাৰ ৰাখিব লাগিব। আমিতো নাথাকো। তেতিয়াহ’লে কি বুলি চিনাকি দিবা। মানুহে আমাকহে হাঁহিব। তেনেতে এগৰাকী বোৱাৰীয়ে কওঁ-নকওঁকৈ ক'লে। বৰমা আমি বিয়া খাবলৈ যাওঁ কিন্তু বেলিকৈহে

২৩