পৃষ্ঠা:আমাৰ সম্পদ.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ধুলিয়েইচোন! ক'ৰবালৈ যাৱ নেকি? ইমান ঠাণ্ডা পৰিছে। যোৱাবাৰৰ দৰে কাহটোৱে পালে কি কৰিবি ভাবি চাচোন। নিৰ্মলাই একো নামাতিলে, মাত্ৰ চুমুৰ লগতে চাহ খোৱাত লাগিল। পৱিত্ৰই মানসীক ক’লে হেৰা মায়ে গা-ধুলেই।

 তেনেতে মহেন্দ্ৰ হাজৰিকাৰ জীয়েক বকুল আহি আইতা আইতা বুলি মাতা শুনিলে। ৮/১০ বছৰমান হ’ব চাগৈ, নাম তাইৰ বকুল। ডাঙৰজনীৰ ১৩/১৪ মান হৈছে নেকি। তাই নিৰ্মলাক ক'লে, আইতা আমাৰ মায়ে আপোনাক মাতিছে। নিৰ্মলাই ক'লে কিয় মাতিছে, নাজানো, মায়েহে জানে বুলি তাই দৌৰ মাৰিলে। নিৰ্মলাই যেন কিবা এটা উমান পালে। মনতে ভাবিলে এতিয়াই গৈ অহাটোহে ভাল হ’ব। মানসীয়ে গম পাই কলে ‘মা’ কিবা এটা খাই যাবা, নহ'লে আপোনাৰ কিমান পৰ হয় থিক নাই। নিৰ্মলাই মাথোঁ ক'লে তই গা- ধুই অহালৈ মই পাই যামহি। লাহে লাহে আৰু পদূলিলৈ ওলাই গ'ল তেওঁ।

 হাজৰিকাৰ ঘৰৰ গেটখন খুলি সোমাওঁতেই আইতাকক বকুলে হাতত ধৰি লৈ গ'ল। মাক সেন্দূৰীও ওলাই আহিল আৰু ভিতৰত থকা বন্দনাক দেখুৱালে। নিৰ্মলাই ক'লে মই তেনেকুৱা এটাই অনুমান কৰিছিলোঁ। বাৰু সঠিককৈ সময়টো চাই থৈছানে? এতিয়া দিন, মাহ, সময়, পক্ষ, বাৰ আৰু পিন্ধা কাপোৰলৈকে গম পোৱাৰ পিছতহে যোগটো চাই ক’ব। তুমি তামোল-পাণ, পইচা এটা কলপাতত বান্ধি মহেন্দ্ৰক মতিদেউৰ ওচৰলৈ যাবলৈ দিয়া। মানিব পাৰিলে সৰু-সুৰা কথা বহুতো আছে। সকলো ঠাই বিশেষে সলনি হয় বুলি শুনিছো। যি হওক মই জনাৰে যি মনত আছে কৈ যাম। প্ৰথমতে কেইডালমান চুলি, এটা সোণৰ মণি, এটা পইচা, এযোৰ গুৱাপাণ আৰু তিনিটা ঠালি নিছিগাকৈ ডিমৰু গুটি নাইবা কেঁচা তামোল, তেনেকৈ ঠানি নিছিগাকৈ ৰুমাল এখনত আলসুৱাকৈ বান্ধিবা, নতুন নফটা ৰুমালত।

১২