পৃষ্ঠা:আমাৰ সম্পদ.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ক'লে ভাল মনত পেলালে কওকচোন এবাৰ শুনো। অঁ আজি মোৰ ঘৰত বিচাৰ হ'বগৈ যেন পাইছো। বাৰু আমি যিদৰে কৰিছিলো কওঁ বাৰু। আপুনি কৰে নকৰে আপোনাৰ কথা। প্ৰসাদ, অকণ চাহ-মিঠাই আইসকলক খুৱাবলৈতো যোগাৰ কৰিবই নহয় জানো। নামঘৰত নহয় আকৌ কেঁচুৱাৰ গা-ধুৱাই শুচি কৰি কাৰোবাৰ হাতত দিব, মাকে গা ধুই ধুনীয়াকৈ কাপোৰ পিন্ধি ফোঁট-লগুণ লৈ মূৰত ওৰণি লৈ কেঁচুৱাৰ গাত ৰ’দৰ পোহৰ নপৰাকৈ লুকাই আনিব লাগিব। কিন্তু তাৰ আগতে বাজত এখন টেবুলত কেঁচুৱা শুৱাব পৰাকৈ বিছনা পাৰিব। তাতে এখন থালত এগছ মিঠাতেলৰ চাকি, এটা পতা গুটি, এটা পইচা, এখন বহী, পেঞ্চিল আৰু এবাটি পানী। কেঁচুৱাটিৰ হাতত পইচা দি ধনৱন্ত হ’বা বুলি তিনি বাৰ ক’ব, বহী-পেঞ্চিল দি বিদ্যাৱন্ত হ’বা বুলি ক'বা। তাৰপিছত চাকিটোৰ ওপৰেদি তিনিবাৰ ঘূৰাই জুইলৈ ভয় নকৰিবা বুলি ক’ব। পানীৰ ওপৰেদি তিনিবাৰ ঘূৰাই সাগৰলৈ ভয় নকৰিবা বুলি ক'ব আৰু শেষত টেবুলৰ চাৰিমূৰত চাৰিটা খুন্দা মাৰি চাৰিবাৰ ভয় খুন্দু বুলি ক'ব লাগে। তাৰ পিছত মাকে কেঁচুৱাৰ গাত সূৰ্য্যৰ পোহৰ পৰিবলৈ দিব লাগে। আইসকলে উৰুলি দিব। মাকে এই কামখিনি কৰোতে কেঁচুৱা লৈ সন্মুখতে থাকি শেষতহে সোমাই যাব লাগে। তাৰপিছত আইসকলক খুৱাই-বুৱাই বিদায় দিব। মৃণালিনীৰ বৰমাকে ক'লে, সঁচাকে আপোনাৰপৰা আজি বহুত কথা জানিলো। মইও সময়ৰ কথা পাহৰিয়েই গ'লোঁ। যাওক পদুমে অলপ আগবঢ়াই দিবগৈ।

 নিৰ্মলা অলপ দূৰ যোৱাৰ পিছত গাড়ী এখন দেখা পাই কাষলে আঁতৰি যাব খোজোতেই গাড়ী ৰখাইচোন অচ্যুৎ আৰু বিদ্যুৎ নামি আহিল। নিৰ্মলাই আনন্দতে চিঞৰি উঠিল। এই দুটাচোন লৱ-কুশ ক’ৰ পৰা ওলালিহি, কচোন। আমাৰ ঘৰত সোমালিনে? চাহ অকণ খালিনে? পৱিত্ৰক বাৰু পালিনে? তাহাঁতে ক’লে পালো-খালোও।

১৮