পৃষ্ঠা:আমাৰ সম্পদ.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তাৰিখ পালেহিয়েই। সেয়েহে, মানসীক সুধিলে পৱিত্ৰই বিয়ালৈ যোৱাৰ কথা কি কৈছে অ'। মানসীয়ে ক'লে, পৰহিলৈহে যোৱাৰ কথা কৈছে মা। হয় নেকি? বাৰু বুলি নিৰ্মলাই কাপোৰকেইটা থিক-থাক কৰিবলৈ ভিতৰ সোমাল। নিৰ্মলাহঁত থিক সময়তেই পালেগৈ বিয়াঘৰ। অমূল্যই বায়েকক সাৱট মাৰি ধৰি বিয়াৰ যি যা-যোগাৰ হৈছে দেখুৱাবলৈ লৈ গ’ল। ৰুণুৱে দেখা পালে। অমূল্যৰ সৈতে দুয়ো সেৱা এটাও জনালে আৰু ভিতৰলৈ লৈ গ'ল কিবা অলপ খুৱাবলৈ। তেনেতে ৰুমীয়েও গম পাই জেতুকা লগোৱাৰ হাতেৰেই জেঠায়েকক চুমা এটা খালেহি। সেৱা এটাও কৰিলে নিৰ্মলাই মূৰটো হাত ফুৰাই মাত্ৰ ক’লে, সেইবোৰ শুকালনে? শুকাল যদি ধুই পেলাগৈ যা।

 নিৰ্মলাই অমূল্যক সুধিলে জোৰোণ কেইটাত পাবহি বাৰু অমূল্য? বিয়া এদিনীয়া নহয় জানো। কিয় নহয়? এই ১১/১২ বজাত পাবহি লাগে। তেতিয়া হ'লেচোন সময় নায়েই। চাহকণ খাই উঠি নিৰ্মলা বাহিৰলৈ ওলাই আহিল আৰু বাহিৰতে বহিল। কেইজনীমান ৰাংঢালি জীয়াৰী-বোৱাৰী চকুত পৰিল আৰু তেওঁলোকৰ পৰিচয় ল'লে আৰু তেওঁ ক'লে তোমালোক মোৰ লগত আহাচোন কাম বহুতখিনি আছে। জোৰোণ অলপ পিছতে পাবহিয়েই। মই কোৱামতে কৰি যাবাহঁক। প্ৰথমতে অলপ আমডালি বেছিকৈ কাটি আনিবলৈ কাৰোবাক কোৱা আৰু তোমালোকে সূতা লৈ গাঁথি যোৱা, গাঁথিব জানানে নাজানা? “আমি নাজানো” বুলি কোৱাত নিৰ্মলাই ক'লে মই দেখুৱাই দিম। গেটত, দুৱাৰত প্ৰথমতে দিয়া। চাবা আকৌ জঁট লাগিব। নোৱনী ঘৰৰ মৰলৰ কলপুলিত এডাল জোৰোণ পোৱাৰ আগতেই দিয়া। বেইত বাৰু পিছতো হ’ব আৰু জোৰোণ অহাৰ আগতে গেটৰ ওচৰত দুটা ঘটত দুটা ঠাৰি নিছিগাকৈ নাৰিকল থোৱাগৈ। আৰু শুনা এখন শৰাইত ঠোক তামোল, মুঠা পাণ থ’বা। শৰাই ঢাকনিৰে ঢাকি৷ একেটা কামত সকলো নালাগিবা আইহঁত। মৰলৰ ওচৰত ঠগা বা শৰাইত

২১