পৃষ্ঠা:আমাৰ সম্পদ.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ৰাতিপুৱাবলৈ এতিয়াও বহুতপৰ বাকী আছেই। দূৰৈৰপৰা অহা চৰাই-চিৰিকতিৰ মাতহে আহি লাহে লাহে নিৰ্মলাৰ কাণত পৰিছেহি। নিৰ্মলাৰ চকুৰ টোপনি হ’লে কেতিয়াবাই আঁতৰিল। তেওঁ সদায় একেটা সময়তে সাৰপায়। সকলো জাতিয়ে মিলিজুলি বাস কৰা এইখন কদমতলি গাঁও, গাঁৱৰ এমূৰে এটি পুৰণা মছজিদ। এই মছজিদটিৰ মাততে উঠিবলৈ মন নথকা মানুহকো যেন কামত ধৰিবলৈ উৎসাহহে যোগায় আৰু সকলোকে কামত লাগিবলৈ সকীয়াই দিয়ে। তাৰ বাবে কাৰো অসন্তোষ নাই।

 এইখন গাঁৱতে খেতিয়ে-বাতিয়ে ভৰপূৰ হৈ থকা এখনি ঘৰ। ঘৰৰ ব্যক্তিজনৰ নাম ভৰদ্বাজ মেধি, গাঁৱৰ সকলো মানুহে তেওঁক সমীহ কৰি চলে আৰু বুদ্ধি-ভৰসাও তেওঁৰ পৰাই লৈছিল। ল'ৰা- ছোৱালী তিনিটি, ডাঙৰ ল'ৰা ত্ৰিদীৱ, মাজৰজনী ছোৱালী ভনী আৰু সৰুটি ল’ৰা পৱিত্ৰ। তিনিওৰে বিয়া-বাৰু হৈ গ'ল। ডাঙৰ ল'ৰা আৰু ভনীৰ এটি এটি ল’ৰা, পৱিত্ৰৰ ছোৱালী এজনী। তেওঁ বৰ্তমান মাকৰ লগতে থাকে। ভৰদ্বাজ মেধিৰ পত্নী এগৰাকী সৰবৰহী মহিলা, নাম নিৰ্মলা মেধি। নিজৰ মনটো পেলাই নিদি ইখন-সিখন কৰিয়েই থাকে। ভৰদ্বাজ মেধিৰ অকাল বিয়োগ হোৱাৰ পিছত একো কামলৈকে মন নহৈছিল। কিন্তু সৰু নাতি চুমু সংসাৰলৈ অহাৰ পিছত মনটো বহুত সলনি হ’ল। বেছিভাগ সময় চুমুৰ লগতে পাৰ হয়।

 আজি নিৰ্মলাই বিছনাতে জুকিয়াই থৈছিল যে দুঘৰমান মানুহৰ ঘৰত খবৰ এটা ল’বগৈ লাগিব। সেয়ে, বিছনাখন জাৰি-জোকাৰি পাৰি গা-ধুবলৈ ওলাই গ'ল। গা-ধুই আহি গোসাঁই ঘৰৰপৰা ওলাই আহি চাহ অকণ খাওঁতেই পৱিত্ৰই মাত লগালে। মা, তই গা-

১১