পৃষ্ঠা:আমাৰ সম্পদ.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৱিত্ৰৰ কথা শুনি নিৰ্মলাই ওলাবলৈ আৰম্ভ কৰিলে। তেনেতে ভানুৱে কোৱা কাণত পৰিল। আহক খুৰী আহক আহক। জোনালী শৰ্মাই ক’লে, বৰমা বাৰু যাবলৈ ওলাইছে নেকি? মই বৰমাক লগ পাবলৈহে আহিছো, তোমালোকৰ টোপনি খতিত আমনি কৰিবলৈ। ভানুৱে ভিতৰলৈ আহি নিৰ্মলাক ক’লেহি জোনালী শৰ্মা আহিছে। আপোনাক লগ পাবলৈ। অ’ ৰাম–কৃষ্ণ মোক লগ পাব খুজিছে, মই গৈছো। আহা আহা আই, দিগদাৰী কিয় হ’ব আই মানুহক মানুহ লাগেই। কোৱাচোন কি ক’বা? পৱিত্ৰই আকৌ অলপ লৰালৰি কৰিছে কাৰণেহে।

 জোনালীয়ে ক’লে বৰমা, মোৰ ল'ৰাটোৰা উপনয়ন পতাৰ কথা ভাবিছো, চ’ততে দিন এটা পাইছো। পিছে কি কৰিম কি নকৰিম ভাবিবহে পৰা নাই। বৰমা মইনো কাক সুধিম? নিৰ্মলাই ক’লে ভাল কথা কৈছা! বামুণ-মহন্তসকলৰ এইয়া প্ৰথা। আমাৰ জানো আছে। কিন্তু মই সেই সন্ত সমাজলৈ যাওঁ সেই ধৰ্মীয় কাম-কাজবোৰ চাবলৈ, বুজি পাবলৈ। তাতে মই যি দেখা পাইছো তাৰে তোমাক ক’ম। তুমি কিন্তু জনা-শুনা মানুহ পালে সুধিবা আকৌ। নহ'লে মই বৰ লাজ পাম। আকৌ দিবাকৰ গোসাঁয়ে চোন সকলোবিলাক জানে, তেখেতে তোমাক যি ক’ব সেয়া হ’ব। নিখুঁত, খুঁত নাথাকে। নহয় বৰমা তেখেতৰ গা অতি বেয়া কিবা ক’ব বুলি ভাবিবই নোৱাৰি। আৰু এটা কথা বামুণ-গোসাঁই হ'লেই হ'ব জানো, নাই শ্ৰদ্ধা নাপাতে কাণ খাই অসলাগি আঁউসী পাণ।

 হয় জোনালী, এটা কথা মই নিজেই দেখিছো, বিয়াত আগদিনা কিবা এডাল ল’ৰাটোক দি দিয়ে। চুলিও নুখুৰাই, এইবোৰ কামচোন নিজকেহে ফাকি দিয়া কাম। উপদেশতকৈ আদৰ্শহে ডাঙৰ বুলি ভাবিব লাগে। কিয়নো সৰুবিলাকে তাকেহে অনুকৰণ নকৰিব জানো। আচলতে ১৬ বছৰৰ আগতেহে লগুণ দিয়াৰ নিয়ম।

 বাৰু শুনাচোন, পাৰিলে লগুণ দিয়নীৰ আগ দিনা অধিবাসৰ

৩৩