পৃষ্ঠা:আমাৰ সম্পদ.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

যাওঁ। বাজতেই খাওঁ বাজতেই মাত লগাই গুচিহে আহো, একোকে নেদেখো। নিৰ্মলাই ক'লে অ’ ৰাম কৃষ্ণ। সেইটোতো বৰ ভুল কাম কৰিছা। ওচৰ চুবুৰীয়াৰ ঘৰত খাবও লাগিব, চাবও লাগিব। যাবা আকৌ তোমালোকৰ ল'ৰা-ছোৱালীৰ কাৰণেই যাবা দেই। তেহে তাহাঁতেও শিকিব হয়নে নহয়। আজি আমি বুজি পাইছোঁ নহয়, বৰমা। নিৰ্মলাই ক’লে আজিকালি এয়া এক ফেশ্যনো হৈ পৰিছে। তোমালোকে পাৰিবা আগ্ৰহ থাকিলে কিয়নো নোৱাৰিবা। এতিয়া তোমালোকৰহে দিন। বুজিছা।

 এতিয়া এটা কাম কৰা, কইনা সজাওঁতে সময় লাগিব। এদিনীয়া বিয়া মানুহ আহিবই। সেয়ে পানী তোলাৰ যোগাৰ কৰাগৈ। বেইৰ ওচৰত মাহ, হালধি, পানী, তেল, ফণী, পটাগুটি, আগপাত, খেৰৰ মুঠি আৰু তামুলী পিৰালৈকে। দৈ টেকেলীৰ তামোল-পাণ, চাউল, পইচা ডুণৰিত ঢালি তাতে চাকি লগাই উৰুলি দিবা।

 ওলাই আহোতে ৰুণুক ক’বা অমূল্যক সেৱা কৰিবলৈ। কিছুমান কাম কইনাৰ মাহীয়েক-খুৰীয়েকহঁতক কোৱাগৈ। তোমালোকে এখন্তেকতে বস্তু ক'ত আছে নাজানিবা নহয়। দৰাৰ ঘৰৰ তামোল-কটাৰী, গুৱাপাণ, পইচা ৰুণুক হাতত ল'বলৈ কোৱাগৈ। তামোল-পাণ দি পইচা দি গঙ্গাত পানী খুজিব লাগিব নহয়। আৰু ডুণৰিত চাকিগছ লগাবা। আৰু শুনাচোন, পানী তোলাৰ কিছু নিয়ম আছে। কোনোবা ডাঙৰ মানুহ গ'লে মই নাযাওঁ। আৰু মই খোজকাঢ়িবও নোৱাৰিম। গাড়ী যায়নেকি খবৰ ল’বাচোন, গলে ময়ো চাবলৈ চাম। এজনী বোৱাৰী উৰি গ’ল, যেন উৰি আহিল। আইতা যাব যাব, গাড়ী যাব, আপুনিও ব’লক। আমাৰ বৰ ভাল লাগিব। নিৰ্মলা ৰুণুৰ লগতে গাড়ীত উঠিল। নিৰ্মলাই উৰুলি দি বিয়ানাম এষাৰ লগালে– কাষে ঘট লোৱা ৰাধা, মাথে লোৱা মালা, যমুনালৈ যাব লাগে নকৰিবা হেলা’। সকলো আচৰিত, আইতা ইমান ধুনীয়াকৈ গাইছে। নিৰ্মলাই ক'লে, তোমালোকেও গোৱা।

২৪