পৃষ্ঠা:আমাৰ সম্পদ.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অকল তুমিহে নোৱাব লাগিব দেই, সকলোৱে নোচোৱে। তাইৰ বিছনা-পত্ৰ সকলো উলিয়াই আনি তিয়াই মেলিবা। তাই শোৱা ঠাইখনো মচি-কাচি পেলাবা, দুগৰাকীমান আয়তীক মাতিবা, মহেন্দ্ৰক ক’বা, তাইক যিডোখৰ ঠাইত গা-ধুৱাবা তাতে এটা ভাল চাই তামোলৰ পুলি ৰুব। যাতে ছোৱালী পূৱফালে মুখ কৰি বহিলে মুখৰ আগত থাকে পুলিটো। চাৰিদিনত ইমান বেইৰ কথাও নাই। পীৰা এখনৰ চাৰিওফালে তিনিডাল কল থৰুৱা নাইবা তিনিডাল কুঁহিয়াৰ তিনিটা মূৰ একেলগে বান্ধি পীৰাখনৰ বাজলৈ নবন্ধাকেইটা যেনে-তেনে থিয় কৰি দিবলৈ ক'বা। মাত্ৰ কামকণ যাব লাগে পাৰকৈ। মাহ, হালধি বটা ছোৱালীৰ মুখৰ পিনে তেনেকৈ দৈ-পানী, দুণৰিৰ চাকি গছ জ্বলাবা। বাটি, দোনা বা প্লেটত দুভাগ আখৈ আৰু পিঠাগুৰি থ'বা। তাৰপিছত ছোৱালীক ঘূৰাবা পূৱমুৱাকৈ বহুৱাবা। আৰু পটা গুটি এটা কলপাতত থৈ দুটা খেৰৰ মুঠি থৈ তাতে ছোৱালীক ভৰি থৈ বহিবলৈ দিবা। তুমি নিজে গা-ধুৱাবা। দুণৰিটো তিনিবাৰ তাইৰ মুখৰ আগত ঘূৰাই হাত দুটা সেকাৰ নিচিনাকৈ এবাৰ তোমাৰ গাৰফালে এবাৰ তাইৰ ভৰিৰফালে, এবাৰ তাইৰ মুখলৈ কৰি তিনিবাৰ দিবা। দৈ-পানী তেনেকৈ দিবা, কলহৰ আমপাত কলহত থকা পানীৰে এবাৰ তাইলৈ এবাৰ নিজলৈ এবাৰ ভৰিৰ পিনে মাৰি তিনিবাৰকৈ দিবা। গা-ধোৱা তিতাগাৰে ছোৱালীক তামোল পুলিটো তিনিবাৰ নোৱাবা। তলৰপৰা ওপৰলৈ কৰি, তাৰপিছত পানী ঢালি ধুওৱাৰ নিয়মটো কৰিব। শেষত পিঠাগুৰি, আখৈ পুলিটোৰ তলত উবুৰিয়াই সেৱা এটা কৰাবা। তুমি বিয়াৰ পিছত পুলিটো ভালকৈ ৰুই দিবলৈ ক’বা। সেইটো তাইৰ দৰা। কনাইটো মাহ, হালধিৰে নোৱাই পানী অকণ ঢালি শুদ্ধি কৰিবা। আকৌ নতুন ৰুমালত বান্ধি থ’বা। ছোৱালীজনীক ভৰাগছ তামোল বা কলৰ ঠোক লগা গছলৈ চাই সেৱা কৰাবা আৰু সূৰ্যলৈও চাই সেৱা কৰাবা। তাৰপিছত গা-ধোৱা ঠাইডোখৰ পানী ঢালি দি সকলো পেলাই

১৪