পৃষ্ঠা:আমাৰ সম্পদ.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰা পাক এটা মৰাবা। মই অতি পুৱাতে চাগৈ উঠিবই নোৱাৰিম। ভানুৱে ক’লে, হ’ব আহিয়ে এইখিনি মনত পেলাই দিছে তাতকৈ কি লাগিছে। নিৰ্মলাই ক’লে, তোমালোক দুটাই জোনৰ লগতে হবিশ খাব লাগিব। কালিলৈ শৰাধ চাগৈ বিৰাজেই কৰিব। তুমি টেকেলী ধৰিছাই।

 আজি পুৱাৰ পৰাই খদম্‌দম্। বিয়াৰ দিনা দৈয়ন দিয়াৰ পৰাই, নপুৰুষৰ শৰাধ কৰিছেই। ভানু পানী তুলিবলৈ ওলাব এতিয়া। আইসকল পোৱাহি নাই। নিমন্ত্ৰিত অতিথি অহাৰ আৰম্ভ হৈছেই। তুলসীৰ মালা পুৰোহিতে আনিব। খৰি, ঘিউ আৰু যি যত লাগে যোগাৰ হৈছেই। কইনা ঘৰ দূৰণি-বটীয়া, সোনকালে যাত্ৰা কৰিব। জোনক কাপোৰ- কানি পিন্ধাইছে সমনীয়াই। ধূতীখন মোমায়েকে পিন্ধাব, সকলোৱে নোৱাৰে। চাওতে সন্ধিয়া ভাগিছে আৰু। লাহে লাহে জোনক ভানুৱে পঞ্চামৃত অকণ যাচি আজৰি কৰিলে। বিৰাজক বিচাৰি নাপাই আকৌ ভানুকে ক'লে, জোনে আজি তাৰ বস্তু খাব নাপায়, কিবা অলপ দিবা আৰু ভাল পানী অকণ দিবা। তেনেতে বিৰাজক দেখি নিৰ্মলাই ক'লে ছোৱালী ওলোটাই লৈ যাব বা থৈ যাব এইবোৰ পাতি আহিবা আৰু আঠ মঙ্গলাৰ কথাও পাতিবা সুবিধা পালে। তাৰোপৰি পুৰোহিত বৰণ, মোমাই বৰণ, ভাই বৰণ, কন্যাদাতাৰ সাজ লৈ লোৱা আৰু মানদানৰ কাপোৰ অলপ ভানুৰ লগত আলোচনা কৰি লৈ লোৱা দেই। নহ’লে বিপদত পৰিবা। তুলসীৰ মালাধাৰ আনিলেনে? আনিছে যদি পুৰোহিতক কোৱা পিন্ধাই দিবলৈ। হোমৰ বস্তুখিনি চাই-চিতি লোৱা। হ’ল যদি সময় যাত্ৰা কৰা। দুৱাৰ ধৰি দিব লাগিব নহয়। গোপিনীসকলক ৰবলৈ ক’ব লাগিব আৰু ছাতি এটা ল’বা। দৰাধৰা কাৰোবাক কোৱা।

 যাত্ৰাৰ সময় হ’ল। ভানুৱে এখন বগা চাদৰ দুৱাৰত ধৰিলে জোনে সোঁহাতে ভুমুকিয়াই বাওঁহাতে চালে। বাওঁহাতে ভুমুকিয়াই সোঁফালে চালে আৰু শেষত সোঁফালে ভুমুকিয়াই বাওঁফালে ওলাই গ'ল। উৰুলি দি আইসকল লগে লগে গ’ল, ভানুক নিৰ্মলাই ভিতৰলৈ যাবলৈ ক’লে

৩১