পৃষ্ঠা:আমাৰ সম্পদ.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

থয় আৰু দৰ পেলোৱাৰ দিনালৈকে সেই বস্তুহে খাব পাৰিব। দৰ পেলাই দেউৰ দিহামতে গা-পা ধুই দুপৰীয়া মৎস্য স্পৰ্শ কৰিব লাগে আৰু সকলোকে ভোজ-ভাত খুৱাবা। এইখিনি কথা মই দেখিছো কাৰণে তোমাক ক’লে, জোনালী মই উঠিলোঁ, তুমি চাহ অকন নোখোৱাকৈ নাযাবা, ভানুৱেও ভাল পাব নিশ্চয়। ইতিমধ্যে পৱিত্ৰই মাকক আকৌ মতা কাণত পৰিল। বিৰাজৰো মনটো বেয়া লাগিল। ক’লে বৌ আপুনি খোৱাউৰি দিনালৈকে থকা হ'লে ভাল পালোহেঁতেন। নিৰ্মলাই ক'লে, মই জানো বেয়া পালোহেঁতেন। শাহুৱেৰক দুদিনমান ৰাখা, আৰু ভানুক নিৰ্মলাই ক’লে আজিয়েই জিৰাই লোৱা, কালিলৈৰ পৰা ঘৰ উৰি থাকিব। ভানুৱে ক’লে আপুনি থকাৰ কথাটো বেলেগ বাইদেউ। জোনালীয়েও ক’লে বহুতখিনি ক’লে বৰমা তাৰেই বহুত সাহস পালে। লগুণদিয়নীলৈ আহিব নিৰ্মলাই হাঁহি মাৰি ক’লে আমাৰ ওচৰতো কেইবাখনো, তাৰিখহে নাজানো আই।

 ভানুৱে আহি সেৱা কৰিলে। নিৰ্মলাই চুমা এটা খাই লাহেকৈ গাড়ীত উঠিলগৈ। ইতিমধ্যে পৱিত্ৰয়ো মাকক বেলি নকৰাকৈ ওলাবলৈহে ক’লে, কাৰণ অফিচ পাবলৈ লাগিব। বিৰাজৰ মনটো সেমেকি গ’ল আৰু ক’লে বৌ খোৱা উৰিলৈ থকাহেঁতেনহে ভাল পালো হয়। নিৰ্মলাই ক’লে মই জানো বেয়া পাম, কিন্তু দেহাটোৱেও জিৰণি বিচাৰিছে। তাৰ লগতে যাওঁগৈ। শাহুৱেৰাক ৰাখা দুদিনমান। ভানুক ক’লে আজিয়েই জিৰাই লোৱা কালিৰৈপৰা ঘৰ উৰি থাকিব নহয়। ভানুৱে মাত্ৰ ক’লে আপুনি থকাৰ কথাটো বেলেগ। সেৱা এটা জনাই বিদায় দিলে। নিৰ্মলায়ো চুমা এটা খাই গাড়ীত উঠিলগৈ।

৩৫