সমললৈ যাওক

পৃষ্ঠা:আমাৰ সম্পদ.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দিয়ে আৰু চাকিগছো দিয়ে। তাৰপাছত কলচীৰ পানী গাঁতত দিয়ে। বাল্টিত নিয়া পানী গঙ্গাৰ বাহন বুলি তাৰ পানী কলচীত ভৰাব লাগিব। বাকী চাকি আৰু চাৰিওফালে দলি মাৰে— এটা চাকি ঠালত থব লাগে। পূৱফালে সেৱা কৰি, মুখত পানী লৈ চাকি আৰু ঠাল লৈ দৈৱকী ঘৰলৈ উভতিব। পানীখিনি ঘৰৰ মজিয়াত পেলাবা। তাৰপিছত কলচী থৈ দৰা বা কইনাৰ কাণৰ দুয়োফালে সা সা কৰি মূৰত হাত ফুৰাই দিব লাগে। তাৰপিছতহে দৰা আদৰাৰ কাম হ’ব। এতিয়াই লাহে লাহে এখন ঠালত ধূপ, চাকি, লাৰু, বিছনী, দৈ টেকেলী, ডুণৰি থিক কৰি থ’বই লাগিব। দৰাক ভৰি ধুৱাবলৈ কইনাৰ ভায়েক-ভনীয়েক থিক্ কৰি থ'বা। দৰা আহিলে উৰুলি দি কইনাৰ ককায়েক-দেউতাকেহে প্ৰথমতে আদৰে, মাকে একেবাৰে পিছত আদৰে। পুৰোহিতে সেই কামত দেখুৱাই দিয়ে। মাকে আদৰাৰ পিছত লাৰুকেইটা শুঙাই চাৰিওফালে দলিয়াই দিয়ে। বিছনীৰে বিচি দুগালে দুটা চুমা খাই, অকণমান শুঙাৰ দৰে কৰি, দৰাক একেবাৰে আঁচলত ধৰি হোমৰ গুৰিত থ’বহি লাগিব। তাৰপাছত মাকে হোম চাব নাপায়। ভায়েকে আখৈ দিব, মোমায়ে আকৌ ধৰমৰ টেকেলি ধৰিব। সেইবোৰত আমাৰ চিন্তা নাই, সকলো পুৰোহিতে দেখুৱাই দিব। মই কৈছোহে মাত্ৰ।

 বিয়া ভাগিলে লগুণ গাঁঠি নোখোলাকৈয়ে দৰা-কইনা দুয়োকো ভিতৰলৈ নিব লাগিব। বাটি কটাৰী খেলাব লাগিব। ভিতৰত এখন দলিচাত কাপোৰ পাৰিবা। এখৰাহী চাউল থ’ব লাগে। আৰু এখন ডাঙৰ ঠালত দুটা জলপানৰ বাটি থ’ব লাগে। প্ৰথমতে খৰাহীত আঙুঠি লুকাই এবাৰ দৰাই, এবাৰ কইনাই কোনে বিচাৰিব পাৰে আৰু পৰাজনেই জিকে এয়া ডেকা-গাভৰুৰহে কাম, আমাৰ নহয় বুজিছা৷ তাৰপিছত দুয়োকে খৰাহীৰ চাউলবোৰ পেলাবলৈ দিয়ে, তাকো এহাতেৰে। যেয়ে পেলাব পাৰে সিয়ে জিকে বুলি দুয়োপক্ষই আনন্দ কৰে। তাৰপিছত সজাই থোৱা জলপানৰ বাটি দৰা-কইনাই সাৱধানেৰে ঘূৰাব। যাতে

২৭