সমললৈ যাওক

সীতা

ৱিকিউৎসৰ পৰা
[  ]
 

সীতা
(নাটিকা)

⸻⸻

 

শ্ৰীকৰুণাধৰ বৰুৱা

⸻:০:⸻

 

প্ৰথম তাঙৰণ।
আহাৰ, ১৮৫৯।
সৰ্ব্বস্বত্ত্ব সংৰক্ষিত।

 

যোৰহাট, অসম।

 

[  ]

প্ৰকাশক – লিখক
যোৰহাট, অসম।

 

—এই কিতাপৰ মূল্য—

৷৹

চাৰি অনা।

 

যোৰহাটৰ দৰ্পণ প্ৰেচত
শ্ৰীনিত্যানন্দ শৰ্ম্মাৰ দ্বাৰা ছপা
কৰা হ’ল।

[  ]

নিবেদন।

এই সৰু নাটকখন ৰাইজৰ আগলৈ সন্মানেৰে আগ বঢ়োৱা হ’ল। সীতাৰ আখ্যান লৈ অসমীয়া, অনা-অসমীয়া কেবাখনো নাটক, কিতাপ আদি আছে। লিখকৰ অভিপ্ৰায় নথকাটো, বুজিব নোৱাৰাত, তাৰ কোনোবাখনৰ যদি কিবা ছাঁ ইয়াত পৰিছে, সেই দোষ মাৰ্জ্জনীয়।
ইতি, যোৰহাট ২।১৩৭

বিনীত
লিখক

[  ]

চৰিত্ৰাৱলী।
⸻⸻

ৰাম, লক্ষ্মণ, ভৰত, শত্ৰুঘ্ন,
লৱ কুশ,
দুৰ্ম্মুখ, প্ৰহৰী, বৈতালিক,
বাল্মিকি, বশিষ্ঠ,
শিষ্য, সৈন্য, প্ৰজা আদি।

সীতা, নিবেদিতা,
বসুমতী, ৰাজপুৰ-বাসিনীসকল।

[  ]

উৎসৰ্গা

⸻✷০✷⸻

 

ওঁ মম ব্ৰতে হৃদয়ং দধামি মম চিত্তমনুচিত্তম্‌ তেহস্তু
মম বাচমেকমনা জুষস্ব প্ৰজাপতি স্ত্বা নিযুনক্তু মহ্যম্‌॥✷॥

 

কল্যাণীয়া
শ্ৰীমতী নিৰ্ম্মলা দেবীৰ
হাতত।

 

মোৰ জীৱনৰ লক্ষ্য, ব্ৰতত
তোমাৰো হৃদয় মিলক সতত
চিত্তে বাক্যে বিদ্যা বিবেকে, মোৰ যিটি পথ তুমিও ল’বাঁ
প্ৰজাপতিৰ চৰণ ধূলাৰে তুমি মোৰে সতে অভিন্ন হ’বা॥✷॥

[  ]

[ ১১ ]

সীতা
প্ৰথম অঙ্ক
⸻⸻
১ম দৃশ্য—ৰামৰ বিশ্ৰাম কক্ষ।
(সীতা)

[দূৰত বৈতালিকৰ গীত]
নৱ দূৰ্ব্বাদল শ্যাম
জয় সীতাপতি ৰাম
প্ৰণমো প্ৰণমে৷ ৰঘুমণি
প্ৰজাহিত ব্ৰতধাৰী
নিয়ত মঙ্গলকাৰী
অবিৰত উঠে মৃদু
আৰতি বন্দন গীতি ধ্বনি,
প্ৰণমো প্ৰণমো ৰঘুমণি।

(ৰামৰ প্ৰবেশ)

ৰাম— সীতা।
সীতা— প্ৰভু। (ৰৈ) আহক নাথ, দাসীয়ে চৰণ সেৱাৰ বাবে অপেক্ষা কৰি আছে।
[ ১২ ]
ৰাম— (হাঁহি) ৰামৰ হৃদয়েশ্বৰীক পদ-সেৱাৰ ভাৰ ৰামে নিদিয়ে প্ৰিয়ে। যৌবনৰ সুকোমল কল্পনাৰ প্ৰতিমা, ৰামৰ জীৱনৰ শান্তিৰ, প্ৰেমৰ, স্নেহৰ, সজীব কবিতা তুমি সীতা। সেই সীতাক ৰামে — তোমাক বিমৰ্ষ দেখিছো কিয় প্ৰিয়ে?
সীতা— একো নহয় প্ৰভু।
ৰাম— মাতৃত্বৰ সূচনাত অপ্ৰীতিকৰ কথা চিন্তা কৰি নিৰ্বানন্দ ভাবে থাকিব নেপায় সীতা। কি চিন্তা কৰিছা?
সীতা— প্ৰজাৰ মনোৰঞ্জনৰ বাবে, আৱশ্যক হ’লে, সীতাকো বিসৰ্জ্জন দিব বুলি আপুনি বোলে প্ৰতিজ্ঞা কৰিছে নাথ।
ৰাম— হাঃ হাঃ সেই প্ৰতিজ্ঞা পালনৰ কেতিয়াও আৱশ্যক নহব প্ৰিয়ে। সীতাৰ বিসৰ্জ্জন, ৰামৰ অযোধ্যা ত্যাগ, অযোধ্যাৰ প্ৰজাই স্বপ্নতো কামনা নকৰে। হাঃ হাঃ হাঃ এরেনে তোমাৰ চিন্তাৰ কাৰণ গীতা?
দূৰত প্ৰহৰী— ৰাজকাৰ্য্যত দুৰ্ম্মুখ ৰঘুপতিৰ চৰণ দৰ্শন অভিলাষী।
ৰাম— (প্ৰহৰীক) আহক।

( দুৰ্ম্মুখৰ প্ৰবেশ )

দুৰ্ম্মুখ— ৰঘুনন্দনৰ পদকমলত দণ্ডৱৎ।
ৰাম— কি সম্বাদ দুৰ্ম্মখ?
দুৰ্ম্মুখ— প্ৰভু, গোপনীয় বাৰ্ত্তা।
ৰাম— (সীতাক ) দেবি গোপনীয় ৰাজ-কাৰ্য্য।
সীতা— ভাল প্ৰভু, অপৰ কক্ষত মই অপেক্ষাকৰোগৈ। (প্ৰস্থান)
ৰাম— কি সম্বাদ কোৱা দুৰ্ম্মুখ।
দুৰ্ম্মুখ— দাসক অভয় দিয়ক প্ৰভু।
ৰাম— ৰাজ-কাৰ্য্যত ৰামচন্দ্ৰৰ অভয়ৰ প্ৰয়োজন নাই। —কিয় দুৰ্ম্মুখ, কিয় তুমি ইমান অস্থিৰ হৈছা? কি সম্বাদ শীঘ্ৰে কোৱাঁ।
[ ১৩ ]
দুৰ্ম্মুখ— সম্বাদ অতি অশুভ, মোক ক্ষমা কৰক প্ৰভু।
ৰাম— মোৰ কৌতূহল আৰু বৃদ্ধি নকৰিবাঁ, শীঘ্ৰে কোৱা।
দুৰ্ম্মুখ—  ক্ষমা মাগো প্ৰভু।
সুদীৰ্ঘ কালৰ বাবে ৰাৱণ-পুৰীত
বন্দিনী হেতুকে, মোৰ মাতৃ জানকীৰ,
অযোধ্যাৰ প্ৰজাবৃন্দে প্ৰতি গৃহে গৃহে
ঘোষিছে কুযশ;
বিচাৰিছে দেবি-বিসৰ্জ্জন।
ৰাম— দুৰ্ম্মুখ!!
দুৰ্ম্মুখ—  ধৰো চৰণত।
জানো প্ৰভু,
দেবী মোৰ শুভ্ৰ-শতদল।
অযোধ্যাৰ প্ৰজাগণে একোকে নুবুজি
বোলে—বোলে—দেবী—ক—ল—
ৰাম— বোলে কলঙ্কিনী!! যোৱাঁ দুৰ্ম্মুখ।
দুৰ্ম্মুখ— অপৰাধ মাৰ্জ্জনা —
ৰাম— যোৱাঁ। (দুৰ্ম্মুখৰ প্ৰস্থান।) স্বপ্নতো কামনা নকৰে অযোধ্যাৰ প্ৰজাই সীতাৰ বিসৰ্জ্জন! ভুল, ভুল, অতি ভুল—
অযোধ্যাৰ প্ৰজাবৃন্দে প্ৰতি গৃহে গৃহে
ঘোষিছে কুযশ, বোলে কলঙ্কিনী,
বিচাৰিছে দেবি-বিসৰ্জন।

লক্ষ্মণ, লক্ষ্মণ, উঃ।

[ ১৪ ]

২য় দৃশ্য—ৰাজ-ভৱনৰ অপৰ কক্ষ।
(ৰাম, ভৰত আৰু শত্ৰুঘ্ন)

ভৰত— সীতা বিসৰ্জ্জন! ক্ষমা কৰিব, দাস এই আদেশ পালনৰ অসমৰ্থ।
ৰাম— শত্ৰুঘ্ন?
শত্ৰুঘ্ন— ধনুধাৰী শ্ৰীৰামচন্দ্ৰৰ প্ৰজা সন্তুষ্টিৰ এই নিৰ্ম্মম প্ৰতিজ্ঞা পালনত শত্ৰুঘ্নই সহায় নকৰে।
ৰাম— ভৰত, শত্ৰুঘ্ন, আদেশ নহয়, মোৰ অনুৰোধ।
শত্ৰুঘ্ন— দেৱ, শত্ৰুঘ্নই প্ৰজা শাসন কৰিব জানে; কিন্তু, এনে নিষ্ঠুৰ অনুৰোধ পালন কৰিব নেজানে—নোৱাৰে—নকৰে।
ভৰত— ভৰতে ৰাজ্য শাসন কৰিছিলে, অযোধ্যাৰ প্ৰজাই ভৰতক শাসন কৰা নাছিলে ৰঘুপতি। প্ৰজাৰ শাসন ভৰতে অনুমোদন নকৰে। আমি বিদায় মাগিছো।   (ভৰত, শত্ৰুঘ্নৰ প্ৰস্থান)
ৰাম— বিচাৰিছে দেবি-বিসৰ্জ্জন।
দূৰত প্ৰহৰী— আজ্ঞানুযায়ী দেৱ লক্ষ্মণ উপস্থিত।
ৰাম— লক্ষ্মণ, লক্ষ্মণ⸺

(লক্ষ্মণৰ প্ৰবেশ)

লক্ষ্মণ— প্ৰভু।
ৰাম— লক্ষ্মণ, স্নেহৰ ভাতৃ মোৰ, ৰামৰ অনুৰোধ ৰক্ষা কৰা।
লক্ষ্মণ— দাসে শ্ৰীৰামচন্দ্ৰৰ অনুৰোধ ৰক্ষা নকৰে, আদেশ কৰক প্ৰভু।
ৰাম— তেন্তে প্ৰতিজ্ঞাবদ্ধ হোৱাঁ।
[ ১৫ ]
লক্ষ্মণ— প্ৰতিজ্ঞা? ৰঘুমণিৰ সন্তুষ্টিৰ অৰ্থে সি অতি তুচ্ছ কথা।—
কৰিছো প্ৰতিজ্ঞা প্ৰভু,
আজ্ঞা তব পালিব অনুজে।
ৰাম—  পৰম সন্তুষ্ট হ’লো।
শুনা,
প্ৰজাৰ তুষ্টিৰ হেতু
জানকীক দিলো বিসৰ্জ্জন।
সত্যব্ৰতী, জনাবাঁ আদেশ মোৰ,
নিবাঁ তুমি জানকী সতীক।
লক্ষ্মণ— জানকীক বিসৰ্জ্জন! কি শুনো প্ৰভু—মাৰ্জ্জনা কৰিব মোক।
ৰাম—  সত্যত আবদ্ধ তুমি সুমিত্ৰা নন্দন।
ৰামে যদি দিব পাৰে সীতা নিৰ্ব্বাসন,
ৰামানুজ লক্ষণেও
কৰিব পাৰিব নিজ প্ৰতিজ্ঞা পালন।
লক্ষ্মণ— প্ৰতিজ্ঞা? এই প্ৰতিজ্ঞাৰ পৰা মোক মূক্তি দিয়ক প্ৰভু!
ৰাম—  বিচলিত নহবাঁ লক্ষ্মণ।
জানকীৰ আছে অভিপ্ৰায়
তপোধন বাল্মিকিৰ আশ্ৰম দৰ্শন।
নিবা তুমি, বাব সতী
আৰু যাব সত্য লক্ষ্মণৰ।

যোৱাঁ লক্ষ্মণ প্ৰস্তুত হোৱাঁগৈ। (লক্ষ্মণৰ প্ৰস্থান।)
( প্ৰহৰীক ) প্ৰহৰী, দেবী জানকী। (নিজ মনে)

যাব সতী শূন্য কৰি ৰামৰ হৃদয়
—বিচাৰিছে দেবি-বিসৰ্জ্জন।
[ ১৬ ]

( সীতাৰ প্ৰবেশ )

সীতা— নাথ।
ৰাম— বাল্মিকিৰ তপোবন দৰ্শনৰ যে অভিলাষ কৰিছিলা, আজি প্ৰস্তুত হোৱাঁগৈ দেবি; লক্ষ্মণে আয়োজন কৰিছে।
সীতা— আজি এনে অসময়ত কিয় নাথ?
ৰাম—  সতি, কোনে জানে ইচ্ছা নিয়তিৰ?
কাল গ’লে, জানোচাবা মায়া মোহে ধৰি
ঘূৰাই মনৰ গতি।
তেনেহলে আৰু প্ৰিয়ে,
সম্ফল নহব বাক্য অযোধ্যা-পতিৰ।
যোৱাঁ দেবি।
আৰু প্ৰিয়ত্তমা,
মাতৃ মোৰ কৌশল্যা দেবীক
জনাবাঁ প্ৰণতি, স্নেহ-সম্ভাষণ
গৃহবৰ্ত্তী মিত্ৰ স্বজনক;
যাবাঁ আনন্দেৰে সতি,
বিদায় ক্ষণত।
সীতা— যিবা আজ্ঞা। বিদায় প্ৰিয়ত্তম।
ৰাম— বি-দা—য়-

[ ১৭ ]

৩য় দৃশ্য—বাল্মিকিৰ বিদ্যাপীঠ।
( বাল্মিকি আৰু শিষ্যবৰ্গ )

বাল্মিকি— বুজিছানে তোমালোকে?
শিষ্যবৰ্গ— হয় গুৰুদেৱ।
বাল্মিকি— বহিৰ্ম্মুখী, সৰ্ব্বব্যাপী যি মাঙ্গলিক ইচ্ছা, সেয়ে আৰ্য্যধৰ্ম্মৰ বৈশিষ্টতা। এই বৈশিষ্টতাই এই ধৰ্ম্মক জগতত এখন অতি উচ্চ, অতি গৌৰৱময় আসনত প্ৰতিস্থা কৰিছে। সমস্ত বিশ্বৰ কল্যাণ কামনা সূচক যি স্তুতি মনস্বীসকলে ৰচনা কৰিছে তাক ভক্তি ভাবে শ্ৰবণ কৰাঁ।
শিষ্য— ভাল গুৰুদেৱ।
বাল্মিকি— ( সুৰ লগাই )
ওঁ মধুৱাতা ঋতায়তে মধু ক্ষৰন্তি সিন্ধৱঃ
মাধ্বীৰ্ণ সন্তোষধীঃ ওঁ মধুনক্ত মধূষসো
মধুমৎ পাৰ্থিৱং ৰজঃ মধুদ্যৌৰস্তু নঃ পিতা
ওঁ মধুমানো বনস্পতিঃ মধুমানোহস্তু নঃ সূৰ্য্যঃ
মাধ্বীৰ্গাৱো ভবন্তু নঃ ওঁ মধু ওঁ মধু ওঁ মধু॥

আজিৰ ঊষা উপাসনা আৰু উপদেশ শেষ হ’ল। এতিয়া তোমালোকে ব্যক্তিগত কৰ্ত্তব্যত মনোনিবেশ কৰাগৈ।

শিষ্য— ভাল গুৰুদেৱ, আমাৰ প্ৰণতি গ্ৰহণ কৰক।   ( প্ৰস্থান )
[ ১৮ ]
বাল্মিকি— বাল্মিকিৰ কল্পনাৰ শ্ৰীৰাম সীতাৰ জীৱনত এক নৱ আধ্যায়ৰ প্ৰাৰম্ভন। প্ৰজা হিতকামী, ত্যাগী, শ্ৰীৰামচন্দ্ৰ, নেজানা তুমি, নিয়তিয়ে তোমাৰ জীৱনৰ ৰথ-চক্ৰ ঘুৰাইছেনে নাই বাল্মিকিৰ কল্পনাই তোমাৰ জীৱনৰ ঘটনাৱলী নিয়ন্ত্ৰিত কৰিছে। শুনা ৰাম, —
অযোধ্যাৰ প্ৰজাবৃন্দে নিবিচাৰে সীতা বিসৰ্জ্জন।
অদৃশ্য শকতি আহি কল্পনা ৰূপেৰে
বাল্মিকিৰ চলালে লেখনী,
কল্পনা উজ্জ্বল কৰি
দিলে দেখা নাৰী মুৰুতিয়ে
সেই ৰূপ, সতী জানকীৰ।
লেখনীয়ে বিস্তৃতি বঢ়াই
অলৌকিক বিভূতি চৰাই
সীতাক সাজিলে দেবী, গৰীয়সী আদৰ্শ ৰমণী।
সীতা মোৰ, দেবী মোৰ, কল্পনা-সুতাক
স্থাপন কৰাৰ হেতু
জগতৰ আদৰ্শ স্থানত,
বাল্মিকিৰ প্ৰয়োজন সীতা-নিৰ্ব্বাসন,
প্ৰজা হেতু, ৰাম হেতু, হেতু মাত্ৰ লঙ্কা-অধীশ্বৰ।

[ ১৯ ]

৪ৰ্থ দৃশ্য-বাল্মিকিৰ আশ্ৰমৰ এভাগ।
( লক্ষ্মণ আৰু সীতা )

লক্ষ্মণ— দেবি, এয়ে তপোবনৰ শেষ সীমা।
সীতা— অতি মনোৰম স্থান লক্ষ্মণ।
লক্ষ্মণ— হয়, অতি ৰম্য স্থান। ওপৰে সুনীল গগন, তলত শ্যামল তৃণৰাজী, অদুৰত তমসা — অতি শান্তিময় স্থান। নিয়তিয়ে যাক সংসাৰৰ পৰা বিছিন্ন কৰি দিয়ে, সেইজনৰ এই আশ্ৰমেই একমাত্ৰ আশ্ৰয়ৰ স্থলী দেবি।
সীতা— সঁচা কথা। বাৰু, সৌ ফালে সৌৱা কি লক্ষ্মণ?
লক্ষ্মণ— বাল্মিকিৰ বিদ্যাপীঠ।
সীতা— আৰু তাৰ কাষৰ সেয়া?
লক্ষ্মণ— বাল্মিকিৰ পৰ্ণ-কুটিৰ —অতি নিৰাপদ স্থান দেবি।
সীতা— মোৰ আৰু ভাগৰ লাগিছে লক্ষ্মণ, ঘূৰি যাওঁগৈ ব’লা।
লক্ষ্মণ— দেবি—
সীতা— আহা উভতি যাওঁ আৰু।
লক্ষ্মণ— দেবি—দেবি—উঃ—
সীতা— কি হ’ল লক্ষ্মণ, তোমাৰ চকুত লোতকৰ ধাৰ বৈছে কিয়?
লক্ষ্মণ— দিয়া অভিশাপ দেবি,

অশ্ৰু যেন চিৰ সঙ্গী হয় লক্ষ্মণৰ।

সীতা— তুমি কি কৈছা মই একো বুজা নাই। ব’লা লক্ষ্মণ, বেলি হলে লাগে ৰঘুপতিয়ে চিন্তা কৰিব।
লক্ষ্মণ— চিন্তা আৰু নকৰে ৰাঘবে।

দেবি,—

[ ২০ ]
সীতা— কি কৈছা তুমি?
লক্ষ্মণ— চিন্তা কৰি ৰঘুনাথে,

বিধানিছে সীতা নিৰ্ব্বাসন।

সীতা— মিছা কথা।
লক্ষ্মণ— তুমি মাতৃ মোৰ, কৰিবা প্ৰত্যয়

অযোধ্যাই আজি আৰু নিচিনে তোমাক।

সীতা— ৰঘুনাথে সঁচাকৈয়ে মোক নিৰ্ব্বাসন দিছেনে? কিয়?
লক্ষ্মণ— প্ৰজাৰ তুষ্টিৰ হেতু।
সীতা— অযোধ্যাৰ প্ৰজাই জানো মোক বেয়া পায়?
লক্ষ্মণ— নুসুধিবা, নুসুধিবা দেবি

ধৰো চৰণত—

সীতা— কোৱাঁ, ক’ব লাগিব। মোক অবজ্ঞা নকৰিবাঁ লক্ষ্মণ।
লক্ষ্মণ— বন্দিনী থকাৰ হেতু ৰাৱণ-পুৰীত

তুমি—তুমি—বোলে⸺

সীতা— কোৱাঁ।
লক্ষ্মণ— তুমি—তুমি—বোলে বিমলিনা সতি।
সীতা— মই—উঃ— (মূৰ্চ্ছা যায়)
লক্ষ্মণ— বিস্তৃতিতে লভা শান্তি দেবি,

মাগিছো বিদায়।
চেতনা লভিলে সতি,
লক্ষ্মণকে দিবাঁ অভিশাপ,
ক্ষমা দিবাঁ পতি শ্ৰীৰামক।

( প্ৰস্থান )

[ ২১ ]

(বাল্মিকিৰ প্ৰবেশ)

বাল্মিকি— বাস্তব কল্পনা দুয়ো মিলিছে দুনাই।
সীতা— (চেতনা পাই) লক্ষ্মণ, লক্ষ্মণ —
বাল্মিকি— দেবি, মাতৃ—
সীতা— সীতা মই, ৰামৰ ঘৰিণী দেৱ, নিৰ্ব্বাসিতা, কলঙ্কিনী।
বাল্মিকি— উঠা। তুমি দেবি, বাল্মিকিৰ মাতৃ-স্বৰূপিনী।

(দূৰলৈ) নিবেদিতা।

দূৰত নিবেদিতা— পিতা।
বাল্মিকি— আহা শীঘ্ৰে। (সীতাক) উঠা মাতৃ।

(নিবেদিতাৰ প্ৰবেশ)

নিবেদিতা— পিতা।
বাল্মিকি— জননীয়ে দিলেহি দৰ্শন,

শুশ্ৰূষাৰ ক’ৰা আয়োজন।
ৰামৰ ঘৰিণী, সীতা, জনক-নন্দিনী।
নিয়া নিবেদিতা।
যোৱাঁ সতি। (নিবেদিতা আৰু সীতাৰ প্ৰস্থান)

বাল্মিকি— সীতা কলঙ্কিনী?

অযোধ্যাৰ প্ৰজাগণে বুলিছিলে মাতৃ জানকীক;
মাতৃ বুলি, নুবুজিলে মাতৃকাৰ মহিমা গৌৰৱ।
সত্য কথা,
গৰীমাৰ জ্যোতিহীন মাতৃ আখ্যা পাই
সীতা কলঙ্কিনী!

[ ২২ ]

দ্বিতীয় অঙ্ক
১ম দৃশ্য—ৰাজ-ভৱনৰ কক্ষ

(ৰাম আৰু দুৰ্ম্মুখ)

ৰাম— প্ৰজা পীড়িত, ৰাজ্যত অশান্তি, চৌদিশে অমঙ্গল? কিন্তু দুৰ্ম্মুখ,কিয়? এতিয়া আৰু শূদ্ৰকে ব্ৰহ্ম উপাসনা নকৰে, কলঙ্কিনী সীতা নাই, তথাপিও প্ৰজাৰ, ৰাজ্যৰ শান্তি নাই কিয়?
দুৰ্ম্মুখ— প্ৰভু—
ৰাম— যোৱাঁ দুৰ্ম্মুখ, এতিয়া মোৰ বিশ্ৰামৰ সময়।
দুৰ্ম্মুখ— —প্ৰভু প্ৰজাৰ—
ৰাম— যোৱাঁ দুৰ্ম্মুখ। প্ৰজাৰ হিত চিন্তা কৰি, প্ৰজাৰ কল্যাণ কামনা কৰি এতিয়া ক্লান্ত মই; বিশ্ৰামৰ প্ৰয়োজন। পাচত ৰামে গভীৰ চিন্তা কৰি চাব, আকৌ কোন নিৰপৰাধীক হত্যা কৰি, কোন সন্তান-সম্ভবা অৱলা সতীক কলঙ্কিনী বুলি নিৰ্ব্বাসীতা কৰি, প্ৰজাৰ সুখ শান্তি পুনৰ ঘূৰাই আনিব পাৰি —এতিয়া নহয়।
দুৰ্ম্মুখ— জানকী মাতৃৰ বাবে প্ৰজা অনুতপ্ত প্ৰভু।
ৰাম— প্ৰজা অনুতপ্ত? হাঃ হাঃ হাঃ প্ৰজাৰ পৰম অনুগ্ৰহ! জানকী অতি ভাগ্যৱতী! যোৱা দুৰ্ম্মখ, যোৱাঁ যোৱা, মোৰ বিশ্ৰামত, মোৰ ধ্যানত ব্যাঘাত নজন্মাবা।
দুৰ্ম্মুখ— যিবা আজ্ঞা প্ৰভু। (প্ৰস্থান)
[ ২৩ ]
ৰাম—  বিনা দোষে নিৰ্য্যাতিতা সতী জানকীৰ
প্ৰতিবিন্দু অশ্ৰুৰ তাপত
ৰাম যাব, প্ৰজা যাব,
ভস্ম হ’ব অযোধ্যা নগৰী।
সতি, সীতা, প্ৰিৱে মোৰ—
[দূৰত বৈতালিকৰ গীত।

কত আগমনি ৰচিলো যতনে, নিতে নৱ নৱ সুৰ,
নিৰলে গীতৰ লহৰি উঠিলে, পৱনে কৰিলে দূৰ।

শত আগমনি বেথাৰ ৰাগিণী,
নুশুনিলাঁ মোৰ কৰুণ বিননি,
নয়নে নেদেখে, নয়ন নীৰতে
মলচি ধৰিলো সুৰ,

গীতৰ মাজতো নিদিলাহি দেখা পূজাৰ মূৰুতি মোৰ॥

ৰাম— সীতা প্ৰিয়ত্তমা মোৰ।

[ ২৪ ]

২য় দৃশ্য—বাল্মিকিৰ আশ্ৰম!

(সীতা আৰু নিবেদিতা)

সীতা— নিবেদিতা, সেই “নেলাগে বজাব” গীতটি গোৱাচোন।
নিবেদিতা— মই নেগাওঁ দেবি।
সীতা— গোৱা নিবেদিতা, নহলে মই বেয়া পাম।
নিবেদিতা— সেই গীতটো শুনি তোমাক কন্দা দেখিলে ময়ো বেয়া পাওঁ।
সীতা— মই বাৰু নেকান্দো তুমি গোৱাঁ। গোৱাঁ নিবেদিতা।
নিবেদিতা— তুমি সচাকৈৰে নেকান্দো বুলিলেহে ম‍ই গাম।
সীতা— নেকান্দো বাৰু।
নিবেদিতা— সচাকৈয়েনে?
সীতা— সচাকৈয়ে ম‍ই নেকান্দো, তুমি গোৱাঁ।

(নিবেদিতাৰ গীত)

নেলাগে বজাব মধুৰ বাগিণী
অমিয়া বৰষা সুৱদি গান
বুলোৱাঁ বীণত কৰুণ কপনি
নামক নিজৰি লোতক বান

মনে যতনেৰে অকা ছখিনি
নিঠুৰ দিঠকে দিলে ভাঙি ছিঙি
মনৰে চানেকি লই বাৰে বাৰে
নোখোজে থাকিব প্ৰাণ।

[ ২৫ ]

গোৱা আজি গীত সকলো ভুলোৱা
স্মৃতিৰ ৰেখাকো মোহাৰি পেলোৱা
তেনেটি সুৰতে মনৰ যাতনা
পাহৰো তিলেক মান।

নিবেদিতা— সেয়া, তুমি দেখোন আকৌ চকুপানী টুকিছা? আজিৰপৰা মই নেগাওঁ আৰু এই গীতটো—ক’লেও নেগাওঁ।
সীতা— মোৰ চকুত কিবা এটা পৰিল, সেইবাবেহে চকুপানী ওলাইছে।
নিবেদিতা— নহয় দেবি, ম‍ই বুজিছো।
সীতা— মোক দেবী নুবুলিবাঁ নিবেদিতা। ম‍ই দুৰ্ভাগিনী, মোক দেবী বুলিব নেপায়।
নিবেদিতা— পিতাই তোমাক দেবী বুলিবলৈ কৈছে আৰু ময়ো তোমাক বৰ ভাল পাওঁ সেই বাবেহে দেবী বোলো।
দূৰত বাল্মিকি— নিবেদিতা, দেবি জানকি।
দুয়ো— পিতা।
দূৰত বাল্মিকি— শুনা।
দুয়ো— ভাল পিতা।

( নিবেদিতা আৰু সীতাৰ প্ৰস্থান )

[ ২৬ ]

৩য় দৃশ্য—ৰাজ-ভৱনৰ কক্ষ।

(ৰাম আৰু বশিষ্ঠ)

ৰাম— পৰাহলে আপোনাৰ আজ্ঞা, জননীৰ আজ্ঞা পালন কৰিলোহেতেন দেৱ।
বশিষ্ঠ— পালন কৰিব নোৱাৰাৰ কথা ইয়াত একো নাই।
ৰাম— মোৰ পক্ষে যজ্ঞ অসম্ভব, আপুনি ভাবি চাওক।
বশিষ্ঠ— অসম্ভব নহয়, ৰামৰ পক্ষে অশ্বমেধ সম্ভব।
ৰাম— ক্ষমা কৰিব, মই অশ্বমেধ কৰিব নোৱাৰো। আৰু বিধি–
বশিষ্ঠ— অশ্বমেধৰ বিধিৰ বাবে চিন্তা নকৰিবাঁ, সেইবাবে মই আছো।
ৰাম— মোক মাৰ্জ্জনা কৰিব, যজ্ঞ হোৱাৰ সম্ভাৱনা নাই; মই অসমৰ্থ।
বশিষ্ঠ— ৰাজ্যৰ মঙ্গলৰ বাবে প্ৰজাৰ কল্যাণৰ বাবে আৰু তোমাৰো মনৰ শান্তিৰ বাবে যজ্ঞ প্ৰয়োজন—অতি প্ৰয়োজন। আৰু, অযোধ্যাৰ ৰজা যদি অশ্বমেধ কৰিবলৈ অসমৰ্থ, তেন্তে সমৰ্থ কোন ৰাম?
ৰাম— বিধিমতে যজ্ঞ কৰিবলৈ অযোধ্যাৰ ৰজা অসমৰ্থ গুৰুদেব; আজি অযোধ্যাৰ ৰাণী নাই—সীতা নাই।
বশিষ্ঠ— সেই কথা—সেই কথা, মোৰ মনত পৰা নাছিল। (ভাবি) কিন্তু সেইটোৱেই যজ্ঞৰ প্ৰধান অন্তৰায় নহয় ৰাম। ৰাজধৰ্ম্মত অবিধিয় নহয়,—দ্বিতীয়বাৰ সংসাৰী হোৱা—
ৰাম— দ্বিতীয়বাৰ সংসাৰী হোৱা! গুৰুদেব!
বশিষ্ঠ— পুনৰ সংসাৰী হোৱা ম‍ই ভাল দেখো ৰাম তোমাৰ বৈৰাগ্য এৰি, পুনৰ সুস্থিৰ ভাবে ৰাজ-ধৰ্ম্ম পালন কৰাঁ। আৰু, ৰজাৰ কৰ্ত্তব্য অশ্বমেধ আয়োজন কৰাঁ।
[ ২৭ ]
ৰাম— গুৰুদেৱ!
বশিষ্ঠ— ৰাম, স্থিৰ ভাবে ভাবি চোৱা।
ৰাম— মোক ক্ষমা—মাৰ্জ্জনা—(হঠাতে) গুৰুদেৱ, গুৰুদেৱ,
ৰাম হ’ব পুনৰ সংসাৰী,
অশ্বমেধ হ’ব সমাপন।

(প্ৰহৰীক) প্ৰহৰী, দেৱ লক্ষ্মণ। (বশিষ্ঠক) আপুনি যজ্ঞৰ নিমিত্তে প্ৰস্তুত হওকগৈ দেৱ।

বশিষ্ঠ— মোৰ আশীৰ্ব্বাদ গ্ৰহণ কৰাঁ। (প্ৰস্থান)

(লক্ষ্মণৰ প্ৰবেশ)

লক্ষ্মণ— প্ৰভু!
ৰাম—  লক্ষ্মণ, লক্ষ্মণ,
মাতৃ আজ্ঞা, গুৰু আজ্ঞা
অশ্বমেধ কৰাঁ আয়োজন।
দিয়া অশ্ব মেলি,
শত্ৰুঘ্নক শুনোৱাঁ আদেশ
কৰক বিজয় যাত্ৰা অশ্বৰ লগত।
যোৱাঁ, লক্ষ্মণ,
অতি শীঘ্ৰে হ’ব লাগে যজ্ঞ আয়োজন।
লক্ষ্মণ— প্ৰভু, জানকীৰ অবিহনে—
ৰাম— জানকীৰ অবিহনেও যজ্ঞ হ’ব। দ্বিতীয়বাৰ মই সংসাৰী হ’ম।
লক্ষ্মণ— প্ৰভু!
ৰাম— বিস্ময়ৰ কোনো হেতু নাই

ৰাম হ’ব পুনৰ সংসাৰী।

[ ২৮ ]
লক্ষ্মণ,যোৱাঁ।

পূৰ্ণ কৰা অভীষ্ট মনৰ।

লক্ষ্মণ— (বিষাদেৰে)

সীতাৰ স্মৃতিও আজি হ’ল নিৰ্ব্বাসিত।
যিবা আজ্ঞা, বিদায় মাগিছো প্ৰভু। (যাব খোজে)

ৰাম— ক্ষন্তেক অপেক্ষা কৰাঁ,

শুনা, বিস্ময়ৰ হওক ভঞ্জন। ৰক্ত মাংসে গঢ়া কোনো নাৰী মূৰুতিক
প্ৰেম প্ৰীতি ভাবে ভৰা কোনো ৰমণীক
নতুবা যৌবন পূৰ্ণা কোনো ৰূপসীক
ৰাঘবে নিদিয়ে স্থান সীতাৰ স্থানত,
হিয়া মোৰ আছে ভৰি সীতা সৌৰভেৰে।
সেই সীতা, সেই স্মৃতি, সেই মোৰ ধ্যান মুৰুতিক
দিবা নিশি জৰা যোৰ অশ্ৰুৰে ধুৱাই
নিজৰ হাতেৰে মই সুবৰ্ণত কৰিম প্ৰকাশ।
সুবৰ্ণ প্ৰতিমা সেই দেবী জানকীৰ
অন্তৰ ভাবৰ মোৰ নবীন বিকাশ,
সেই মুৰুতিক ৰামে কৰিব বিবাহ
নোহে অন্য কোনো মানবীক।
বিৰাজিব সেই সীতা, স্বৰ্ণ-সীতা ৰামৰ কাষত
অশ্বমেধ হ’ব সমাপন,
আৰু পূৰ্ণ হ’ব মোৰ
দেবি-আৰাধন।

[ ২৯ ]

তৃতীয় অঙ্ক

১ম দৃশ্য- বাল্মিকিৰ আশ্ৰম।
(বাল্মিকি, লৱ আৰু কুশ)

বাল্মিকি— বুজিলানে পুত্ৰ?
লৱ— হয় দেৱ, পুথিৰ ৰামজন আপোনাৰ ভাবৰ ৰাম!

ৰত্নাকৰ দুস্যই যাৰ নাম লৈছিল সেইজন কোন ৰাম?

বাল্মিকি— সেইজন জগতৰ পাপীক উদ্ধাৰ কৰা, মোৰ তাৰক ৰাম বাচা।
লৱ— সেইজন তাৰক ৰাম। অযোধ্যাৰ যে ৰজা সেইজন?
কুশ— হয়, সীতাক যে বনবাস দিছিলে সেইটো কোন ৰাম?
বাল্মিকি— অযোধ্যাৰঞ্জন পালক ৰাম ৰজা ৰাম।
লৱ— তেন্তে এতিয়া তিনিজন ৰাম হ’ল। আপোনাৰ ভাবৰ ৰাম, তাৰক ৰাম আৰু পালক ৰাম; নহয়নে পিতা?
কুশ— ৰ’বা, আৰু এজন আছে আমাৰ মাতৃয়ে যে পূজা কৰে সেইজন কোন ৰাম?
বাল্মিকি— সেইজন ত্যাগী ৰাম।
লৱ— তেন্তে চতুৰ্থজন ত্যাগী ৰাম। বাৰু পিতা চাৰিউজনৰ একেটা নাম হ’ল কিয়?
বাল্মিকি— নিগুণাত্মকৰ ভেদ বিভাগে পূৰ্ণ গুণ বিকাশৰ নিমিত্তে।
লৱ— বুজিব নোৱাৰিলো পিতা, বুজাই দিয়ক।
[ ৩০ ]
বাল্মিকি— তোমালোকে এতিয়া বুজিব নেলাগে। বিবিধৰ ভেদ-বিকাৰ-হীন অভেদ মূৰ্ত্তি, তোমালোকে উপলব্ধি কৰিব নোৱাৰিবা।
লৱ— এই খিনি যে সমুলি বুজিব নোৱাৰিলো। আপুনি নেলাগে বুলিছে বেতিৰা নোসোধো বাৰু। এটা কথা কওক পিতা, এই কেউজন ৰাম একেজন নে কেবাজনো?
বাল্মিকি— জানিলে একেজনকে ভিন্ন ৰূপত আৰু বিভিন্ন ৰূপকো একেজনতে চাব পাৰি। যি যেনেকৈ চায়, এই কথা, তাৰ ওপৰত নিৰ্ভৰ কৰে বাচা।
কুশ— মই হলে একোকে বুজ নেপালো। কিন্তু পিতা, এই পালক ৰামক যদি লগ পাওঁ, সীতাক বনবাস দিয়াৰ বাবে মই ভালকৈ চিনাকি দিম।
লৱ— পিতা, কুশই মোৰো মনৰ কথা কৈছে। ৰজা ৰামক ময়ো নেৰো, দণ্ড দিম।
বাল্মিকি— তোমালোকৰ কথা শুনিছো ম‍ই। এতিয়া দুয়ো যোৱা, দেবীক এবাৰ দৰ্শন দি যাবলৈ কোৱাঁগৈ।
দুয়ো—— ভাল দেৱ।  (লৱ কুশৰ প্ৰস্থান)
বাল্মিকি— বাল্মিকিৰ কল্পনাই ৰাখিছে বিধান

অবিলম্বে পূৰ্ণ হ’ব অভীষ্ট মনৰ।

(সীতাৰ প্ৰবেশ )

সীতা— পিতা?
বাল্মিকি— দেবি, মই চিত্ৰকূটলৈ যাওঁ। তোমালোকে নিৰ্ভয়েৰে, আনন্দ মনেৰে থাকিবা।
[ ৩১ ]
সীতা— কিমান দিন হ’ব পিতা?
বাল্মিকি— মই শীঘ্ৰে আহিম। ৰামে অশ্বমেধ আয়োজন কৰিছে, তাতো উপস্থিত থাকিব লাগিব।
সীতা— ৰঘুপতিয়ে যজ্ঞ আয়োজন কৰিছে? কিন্তু, পিতা—সহধৰ্ম্মিণী নহলে বোলে অশ্বমেধ কৰিব নোৱাৰে।
বাল্মিকি— ৰামে বিধি মতে কাৰ্য্য কৰিব দেবি।
সীতা— তেন্তে, সেই ভাগ্যৱতীজনা কোন পিতা?
বাল্মিকি— তুমি সতি।
সীতা— আপোনাৰ মুখত উপহাস শোভা নেপায় পিতা।
বাল্মিকি—  সত্য কথা, নোহে উপহাস।
দেবি,
সীতা বিনে অন্য নাৰী নেজানে শ্ৰীৰামে।
কনক মুৰুতি সাজি সতী জানকীৰ
বিধি মতে স্থাপি তাক তোমাৰ স্থানত
সেইৰূপে অশ্বমেধ যজ্ঞ সমাপন
কৰিব অযোধ্যাপতি নৃপতি ৰাঘবে।

দেবি, মই এতিয়া যাত্ৰাৰ নিমিত্তে প্ৰস্তুত হঁওগৈ। ( গৈ গৈ )

সুবৰ্ণ নিৰ্ম্মিত সেই সীতাৰ প্ৰতিমা
ৰামৰ প্ৰেমত হ’ব জীৱন-সম্ভূতা।

(দুয়োৰো দুফালে প্ৰস্থান)

[ ৩২ ]

২য় দৃশ্য—বাল্মিকিৰ অশ্ৰম
[সীতা আৰু নিবেদিতা]
(নিবেদিতাৰ গীত)

 ফুলৰে তৰণি নাই,
পাহি কুমলীয়া  হাঁহে মিচিকীয়া
 কিহৰে বতৰা পাই।
আহিছে মলয়া  ৰেণু মেলি দিয়া
 দেহা শাঁতে কৰি যায়,
কুলি কেতেকীয়ে  মাতে ঠেৱে ঠেৱে
 নাচিছে পখিলা বাই।

সীতা— এইটো দেখোন নতুন গীত, আগেয়ে শুনোৱা নাই কিয়?
নিবেদিতা— কালিহে শিকিছো; আজি শুনাইছোৱেই নহয়।

(লৱ আৰু কুশৰ প্ৰবেশ)

লৱ— মাতা আশীৰ্ব্বাদ কৰাঁ।
কুশ— সোনকালে মাতৃ, সোনকালে।
সীতা— এতিয়া আকৌ কিয় আশীৰ্ব্বাদ লগা হ’ল?
কুশ— আগেয়ে কৰাচোন বাৰু।
সীতা— কৰিছো বাৰু, কুশল হওক।
কুশ— সেইদৰে নহয় জয় হৰি বোলাঁ।
সীতা— জয়ৰ আশীৰ্ব্বাদ কিছু লাগে বাচাহঁত?
লৱ— কৰাচোন বাৰু।
[ ৩৩ ]
কুশ— বেলি নকৰিবাঁ, বোলাঁ আই, জয় হৰি বোলাঁ।
সীতা— বিজয়ী হোৱাঁ।
লৱ— আমি আহিছো আই। (কুশক) আহা।  (দুয়োৰে প্ৰস্থান)
সীতা— কি কথা কৈ যোৱাঁ মোক।
লৱ— (গৈ গৈ) ৰামৰ যজ্ঞ ঘোৰা ধৰিছো—যুদ্ধ—যুদ্ধ।
সীতা— শুনি যোৱাঁ, শুনি যোৱাঁ, শুনা বাচাহঁত।
দূৰত কুশ— পাচত মাতৃ, পাচত।
সীতা— কি হ’ব—মই কি কৰোঁ নিবেদিতা!  (দুয়োৰে বেগেৰে প্ৰস্থান)

দৃশ্যান্তৰ—আশ্ৰমৰ অন্য এভাগ।
(লৱ, কুশ আৰু সসৈন্যে শত্ৰুঘ্ন)

লৱ— যুদ্ধ কৰাঁ, জিকি ঘোৰা নিয়া।
কুশ— মৰম কৰি দেখুৱাব নেলাগে।
শত্ৰুঘ্ন— তোমালোকৰ সৈতে কি যুদ্ধ কৰিম? যজ্ঞৰ ঘোৰা, এৰি দিয়া বাচাহঁত  (ঘোৰাৰ বান্ধ সোলোকাব খোজে)
লৱ— সাৱধান শত্ৰুঘ্ন, ঘোৰা নুচুবাঁ—আঁতৰি যোৱাঁ।
কুশ— তুমি কাপুৰুষনেকি? যুদ্ধ কৰিব নেজানা হবলা?
শত্ৰুঘ্ন— তেন্তে তোমালোকে বিনা যুদ্ধে—
লৱ— হয়, ঘোৰা নিদিওঁ। প্ৰস্তুত হোৱা।
শত্ৰুঘ্ন— উত্তম।
লৱ— উত্তম, আমি প্ৰস্তুত।

(যুদ্ধ— শত্ৰুঘ্নৰ পৰাজয় আৰু মৃত্যু)

[ ৩৪ ]

৩য় দৃশ্য-বাল্মিকিৰ কুটিৰ।
[ভূমি লুণ্ঠিতা সীতা]
(বাল্মিকিৰ প্ৰবেশ)

বাল্মিকি— দেবি জানকি।
সীতা— (কান্দি) পিতা, পিতা, সৰ্ব্বনাশ হ’ল মোৰ। আপুনি নেথাকোতেই লৱ কুশই—
বাল্মিকি— মই সকলো জানো। উঠা সতি।
সীতা— মোৰ, মোৰ পিতা (কান্দে)
বাল্মিকি— উঠা বিষাদ ত্যাগ কৰাঁ। (তুলি দিয়ে) তোমাৰ ভাগ্য বলৰে শ্ৰীৰামৰ একো অমঙ্গল হোৱা নাই।
সীতা— মোক এনেয়ে কিয় প্ৰবোধ দিছে পিতা—
বাল্মিকি— সত্য কথা। চাৰি ভ্ৰাতা এতিয়া পুনৰ্জীবীত। ম‍ই চিত্ৰকুটতে ধ্যান-বলত, যজ্ঞৰ ঘোৰাৰ বাবে, লৱ কুশৰ লগত শ্ৰীৰামৰ যুদ্ধৰ কথা জানিব পাৰি শীঘ্ৰে উভতি আহিছো। কেউজন এতিয়া সুস্থ শৰীৰেৰে অযোধ্যালৈ উভতি গৈছে। তুমি শোক নকৰিবাঁ সতি।
সীতা— পিতা—
বাল্মিকি— হয় দেখি, তুমি অবিধৰা, ভাগ্যৱতী। (ৰৈ) দেবি জানকি।
সীতা— পিতা?
বাল্মিকি— মোৰ অনুৰোধ ৰক্ষা কৰিবানে?
সীতা— আদেশ কৰক দেৱ।
বাল্মিকি— তুমি যাব লাগিব আকৌ—অযোধ্যালৈ।
সীতা— সেই কথা নহয় পিতা। অয্যোধাই মোক নিচিনে, ৰঘুপতিয়ে মোক নিবিচাৰে, পাহৰিলে।
[ ৩৫ ]
বাল্মিকি— সতি, অযোধ্যা অনুতপ্ত আৰু ৰাম তোমাৰ নিমিত্তেই সংসাৰ বিৰাগী।
সীতা— মোক ক্ষমা কৰক দেৱ।
বাল্মিকি— নহয় সতি, কন্যাৰ ওচৰত বৃদ্ধ পিতাৰ অনুৰোধ।
সীতা— মোক মাৰ্জনা কৰক পিতা। মই ইয়াত শান্তিৰে আছো।
বাল্মিকি— শুনা সীতা, ৰামৰ কাতৰ অনুৰোধ মই অৱহেলা কৰিব নোৱাৰিলো। ম‍ই বাক্য দান কৰিলো, তুমি যাবা বুলি।
সীতা— মোক এবাৰ সুধিব লাগিছিল পিতা।
বাল্মিকি— অভিমান ত্যাগ কৰাঁ দেবি, বাল্মিকিৰ বাক্যত প্ৰত্যয় কৰাঁ,—ৰামৰ হিয়া সীতাময়, ৰাম তোমাৰ।
সীতা— কিন্তু, যদি পিতা—
বাল্মিকি— ইয়াত আৰু প্ৰশ্ন নাই দেবি। কোনো শঙ্কা নকৰিবাঁ; বাল্মিকি তোমাৰ লগতে যাব আৰু লক্ষ্মণ নিজে আহিব তোমাক নিবলৈ।
সীতা— ভাল দেৱ, আপোনাৰ আদেশ।
বাল্মিকি— দেবি, তুমি এবাৰ আহা মোৰ লগত। (দুয়োৰে প্ৰস্থান)

৪ৰ্থ দৃশ্য— আশ্ৰমৰ অন্য এভাগ।

(বাল্মিকি)

লৱ— (প্ৰবেশ) পিতা, বীৰ লক্ষ্মণ উপস্থিত।
বাল্মিকি— ইয়ালৈকে লৈ আহা আৰু জানকীক সম্বাদ দিয়া।
লৱ— ভাল পিতা।―  (প্ৰস্থান)
বাল্মিকি— পুনৰ নতুন আধ্যা জানকী ৰামৰ।
[ ৩৬ ]

(লক্ষ্মণৰ প্ৰবেশ)

লক্ষ্মণ— দেৱ, দাসৰ প্ৰণতি গ্ৰহণ কৰক।

(সীতাৰ প্ৰবেশ)

সীতা— পিতা?
বাল্মিকি— দেবি, লক্ষ্মণ উপস্থিত।
লক্ষ্মণ— মাতৃ মোৰ,

নিৰ্লজ্জ্য লক্ষ্মণে কৰে প্ৰণতি পাৱত।

সীতা— লক্ষ্মণ।
লক্ষ্মণ— দেবি।
সীতা— মাতৃ কৌশল্যাৰ মঙ্গলনে?
লক্ষ্মণ— হয় দেবি।
সীতা— ভগ্নী উৰ্মিলাৰ?
লক্ষ্মণ— কুশলে আছে।
সীতা— ভৰত, শত্ৰুঘ্ন?
লক্ষ্মণ— তেওঁলোকৰো মঙ্গল দেবি।
সীতা— ( বাল্মিকিক ) পিতা—
বাল্মিকি— ( হাঁহি ) দেবি, অভিমান এৰাঁ, শ্ৰীৰামৰ কুশল সোধাঁ।
সীতা— ৰঘুপতিৰ মঙ্গলনে?
লক্ষ্মণ— হয় দেবি, শ্ৰীৰাম মঙ্গলে আছে

জানকীৰ ধ্যান প্ৰেৰণাত।

বাল্মিক সীতা তুমি প্ৰস্তুত হোৱাঁগৈ।লক্ষ্মণ মোৰ কাষতে থাওক। যোৱাঁ দেবি।
সীতা— ভাল দেৱ।  (প্ৰস্থান )
[ ৩৭ ]

চতুৰ্থ অঙ্ক

১ম দৃশ্য—যজ্ঞ প্ৰাঙ্গন।
[ৰাম, ভৰত, শত্ৰুঘ্ন, বশিষ্ঠ, ৰাজপুৰ-বাসিনীসকল, প্ৰজাগণ
বৈতালিক, প্ৰহৰী আদি]
(বৈতালিকৰ গীত)

আজু আনন্দ ৰবি গগনে নেহাৰি,
পৱন ছাড়ত ধীৰি প্ৰেম মাধুৰী।
শ্যাম তক পল্লৱ
বিহঙ্গ গাৱত নৱ
নৃত্য কৰত ভুলি ময়ুৰ-ময়ূৰী।
গাৱঁ বিভোল মন
কৃপাময় বন্দন
মাগ চৰণ ৰেণু আশীষ তাহাৰি।

( প্ৰহৰীৰ প্ৰবেশ )

প্ৰহৰী— প্ৰভু, জানকী মাতৃৰ ৰথ দেখা গৈছে। বাল্মিকি ঋষিয়ে তোৰণ মুখত পদাৰ্পন কৰিছে।
ৰাম— ভৰত, প্ৰহৰীক পুৰস্কৃত কৰাঁ।
ভৰত— ভাল দেব।
দূৰত প্ৰহৰী— তপোধন বাল্মিকি ঋষি উপস্থিত।
[ ৩৮ ]

(বাল্মিকিৰ প্ৰবেশ)

ৰাম— দেৱ, দাসৰ প্ৰণতি গ্ৰহণ কৰি ৰামক কৃতাৰ্থ কৰক।
বাল্মিকি— মোৰ আশীৰ্ব্বাদ লোৱাঁ ৰাম।
শত্ৰুঘ্ন— দেৱ, আসন গ্ৰহণ কৰক।
দূৰত প্ৰহৰী— মাতৃ জানকী, দেৱ লক্ষ্মণ, ৰামানন্দ শ্ৰীমান লৱ কুল উপস্থিত।

(সীতা, লৱ, কুশ আৰু লক্ষ্মণৰ প্ৰবেশ।
ৰাজপুৰ-বাসিনীসকলৰ উৰুলী
আৰু
মাঙ্গলিক বাদ্য)

বাল্মিকি—  অযোধ্যাৰ প্ৰজাগণ,
অতি শুভ দিন আজি
সতী শিৰোমণি দেবি শ্ৰীমতী সীতাই
কৰিলেহি পদাৰ্পন পুনু অযোধ্যাত।
বোলাঁ আনন্দেৰে, বোলাঁ উচ্চস্বৰে
জয় সীতা, জয় ৰাম, জয় সীতা-ৰাম।

(প্ৰজা নিমাত)

বোলাঁ প্ৰজাগণ,
জয় সীতা ৰাম।
[ ৩৯ ]

(প্ৰজা নিৰ্মাত)

শুনা প্ৰজাগণ,
নকৰিবাঁ নিজে সৰ্ব্বনাশ;
বোলাঁ, জয় সীতা-ৰাম।
প্ৰজাগণ—
জন্ম শ্ৰীৰামচন্দ্ৰৰ জয়।
জয় ৰঘুপতিৰ জয়।
বাল্মিকি—
নহয় কেৱল শ্ৰীৰামৰ জয়,
বোলাঁ, সীতা-ৰাম জয়।
প্ৰজাগণ— জয় ৰঘুপতিৰ জয়।
বশিষ্ঠ— (বাল্মিকিক) ঋষিবৰ, প্ৰজাই মনৰ মলিনতা দূৰ কৰিব পৰা নাই। (ৰামক) ৰাম, জানকীক অনুৰোধ কৰাঁ, এবেলি কওক

তেওঁ পতিব্ৰতা বুলি।

প্ৰজাগণ— হয়, হয়।
ৰাম— সীতা।
সীতা— নাথ।
ৰাম—  প্ৰিয়ে, প্ৰজাৰ তুষ্টিৰ হেতু
দেখুৱাঁ এবাৰ,
অনলো শীতল বুলি
সতীৰ গৰীমা দ্বীপ্ত প্ৰভাবে তোমাৰ।
সীতা— একেটা সন্দেহৰ বাবে কিমান পৰীক্ষা দিম প্ৰভু। ময়ো ৰঘুপতিৰহে ধৰিণী।
লৱ,কুশ— অসম্ভব, অসম্ভব। (সীতাক) আই ঘূৰি যাও ব’লা। (বাল্মিকিক) আহক পিতা।
[ ৪০ ]
লক্ষ্মণ—  শুনা প্ৰজাগণ
লক্ষ্মণ নহয় ৰাম স্নেহৰ আধাৰ
দয়াবান, ক্ষমাবান প্ৰজানুৰঞ্জন।
বোলাঁ, শীঘ্ৰে, জয় সীতা-ৰাম।

(প্ৰজা নিমাত)

লক্ষ্মণ— কি! কি!!   (ধনুবাণ ল’ব খোজে)
সীতা— শান্ত হোৱাঁ লক্ষ্মণ, মই নিজেই পৰীক্ষা দিম। মাতৃ বসুমতি, মই কাতৰে মাতিছো, দেখা দিয়া আই।

( দূৰত মৃদু সঙ্গীত বাজি উঠে )

বাল্মিকি—  সৰ্ব্বনাশ, সৰ্ব্বনাশ হ’ল উপস্থিত।
এতিয়াও ৰোধিব পাৰিবা।
বোলাঁ প্ৰজাগণ, বোলাঁ জয় সীতা-ৰাম
বোলাঁ, বোলাঁ, বোলাঁ⸻

(সঙ্গীত ক্ৰমে ডাঙৰ হয়; মাটি ফাটি বসুমতী ওলায়)

বসুমতী— আহা সীতা।
সীতা— নাথ, প্ৰাণেশ্বৰ—বিদায়।

(সীতা বসুমতীৰ সৈতে পাতাল সোমায়; সভা চঞ্চল হয়।)

ৰাম— সীতা, সীতা, সীতা, লক্ষ্মণ, লক্ষ্মণ –(অচেতন হয়।)

—যবনিকা—

এই লেখা বৰ্তমান পাবলিক ডমেইনৰ আওতালৈ আহিছে বুলি অনুমান কৰা হৈছে কাৰণ ইয়াৰ উৎসস্থল ভাৰত আৰু ভাৰতীয় কপিৰাইট আইন, ১৯৫৭ অনুসৰি লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ পাৰ হ’লে কপিৰাইট উকলি যায়। অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব।

বি:দ্ৰ: এই লেখা/ৰচনা/গ্ৰন্থৰ লেখকৰ মৃত্যুবৰ্ষ কোনো তথ্যসূত্ৰৰ দ্বাৰা প্ৰতিষ্ঠিত নহয়। ভৱিষ্যতে কোনো তথ্যসূত্ৰৰ দ্বাৰা লেখকৰ মৃত্যুবৰ্ষ সংক্ৰান্তীয় তথ্য প্ৰকাশ হ’লে এই লেখকৰ ৰচনাৰ প্ৰকৃত কপিৰাইট অৱস্থা পৰীক্ষা কৰা সম্ভৱ হ’ব। নতুন তথ্য অনুসৰি এই গ্ৰন্থৰ কপিৰাইট অৱস্থা ভবিষ্যতে বিচাৰ কৰি সেই অনুযায়ী ব্যৱস্থা লোৱা হ’ব।