গোৱা আজি গীত সকলো ভুলোৱা
স্মৃতিৰ ৰেখাকো মোহাৰি পেলোৱা
তেনেটি সুৰতে মনৰ যাতনা
পাহৰো তিলেক মান।
নিবেদিতা—
|
সেয়া, তুমি দেখোন আকৌ চকুপানী টুকিছা? আজিৰপৰা মই নেগাওঁ আৰু এই গীতটো—ক’লেও নেগাওঁ।
|
সীতা—
|
মোৰ চকুত কিবা এটা পৰিল, সেইবাবেহে চকুপানী ওলাইছে।
|
নিবেদিতা—
|
নহয় দেবি, মই বুজিছো।
|
সীতা—
|
মোক দেবী নুবুলিবাঁ নিবেদিতা। মই দুৰ্ভাগিনী, মোক দেবী বুলিব নেপায়।
|
নিবেদিতা—
|
পিতাই তোমাক দেবী বুলিবলৈ কৈছে আৰু ময়ো তোমাক বৰ ভাল পাওঁ সেই বাবেহে দেবী বোলো।
|
দূৰত বাল্মিকি—
|
নিবেদিতা, দেবি জানকি।
|
( নিবেদিতা আৰু সীতাৰ প্ৰস্থান )