এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬
[৩য় অ ৪ৰ্থ দৃ
সীতা
(লক্ষ্মণৰ প্ৰবেশ)
| লক্ষ্মণ— | দেৱ, দাসৰ প্ৰণতি গ্ৰহণ কৰক। |
(সীতাৰ প্ৰবেশ)
| সীতা— | পিতা? |
| বাল্মিকি— | দেবি, লক্ষ্মণ উপস্থিত। |
| লক্ষ্মণ— | মাতৃ মোৰ,
নিৰ্লজ্জ্য লক্ষ্মণে কৰে প্ৰণতি পাৱত। |
| সীতা— | লক্ষ্মণ। |
| লক্ষ্মণ— | দেবি। |
| সীতা— | মাতৃ কৌশল্যাৰ মঙ্গলনে? |
| লক্ষ্মণ— | হয় দেবি। |
| সীতা— | ভগ্নী উৰ্মিলাৰ? |
| লক্ষ্মণ— | কুশলে আছে। |
| সীতা— | ভৰত, শত্ৰুঘ্ন? |
| লক্ষ্মণ— | তেওঁলোকৰো মঙ্গল দেবি। |
| সীতা— | ( বাল্মিকিক ) পিতা— |
| বাল্মিকি— | ( হাঁহি ) দেবি, অভিমান এৰাঁ, শ্ৰীৰামৰ কুশল সোধাঁ। |
| সীতা— | ৰঘুপতিৰ মঙ্গলনে? |
| লক্ষ্মণ— | হয় দেবি, শ্ৰীৰাম মঙ্গলে আছে
জানকীৰ ধ্যান প্ৰেৰণাত। |
| বাল্মিক— | সীতা তুমি প্ৰস্তুত হোৱাঁগৈ।লক্ষ্মণ মোৰ কাষতে থাওক। যোৱাঁ দেবি। |
| সীতা— | ভাল দেৱ। (প্ৰস্থান ) |