বাল্মিকি—
|
বাল্মিকিৰ কল্পনাৰ শ্ৰীৰাম সীতাৰ জীৱনত এক নৱ আধ্যায়ৰ প্ৰাৰম্ভন। প্ৰজা হিতকামী, ত্যাগী, শ্ৰীৰামচন্দ্ৰ, নেজানা তুমি, নিয়তিয়ে তোমাৰ জীৱনৰ ৰথ-চক্ৰ ঘুৰাইছেনে নাই বাল্মিকিৰ কল্পনাই তোমাৰ জীৱনৰ ঘটনাৱলী নিয়ন্ত্ৰিত কৰিছে। শুনা ৰাম, —
- অযোধ্যাৰ প্ৰজাবৃন্দে নিবিচাৰে সীতা বিসৰ্জ্জন।
- অদৃশ্য শকতি আহি কল্পনা ৰূপেৰে
- বাল্মিকিৰ চলালে লেখনী,
- কল্পনা উজ্জ্বল কৰি
- দিলে দেখা নাৰী মুৰুতিয়ে
- সেই ৰূপ, সতী জানকীৰ।
- লেখনীয়ে বিস্তৃতি বঢ়াই
- অলৌকিক বিভূতি চৰাই
- সীতাক সাজিলে দেবী, গৰীয়সী আদৰ্শ ৰমণী।
- সীতা মোৰ, দেবী মোৰ, কল্পনা-সুতাক
- স্থাপন কৰাৰ হেতু
- জগতৰ আদৰ্শ স্থানত,
- বাল্মিকিৰ প্ৰয়োজন সীতা-নিৰ্ব্বাসন,
- প্ৰজা হেতু, ৰাম হেতু, হেতু মাত্ৰ লঙ্কা-অধীশ্বৰ।
|