এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০
[৩য় অ ১ম দৃ
সীতা
বাল্মিকি— | তোমালোকে এতিয়া বুজিব নেলাগে। বিবিধৰ ভেদ-বিকাৰ-হীন অভেদ মূৰ্ত্তি, তোমালোকে উপলব্ধি কৰিব নোৱাৰিবা। |
লৱ— | এই খিনি যে সমুলি বুজিব নোৱাৰিলো। আপুনি নেলাগে বুলিছে বেতিৰা নোসোধো বাৰু। এটা কথা কওক পিতা, এই কেউজন ৰাম একেজন নে কেবাজনো? |
বাল্মিকি— | জানিলে একেজনকে ভিন্ন ৰূপত আৰু বিভিন্ন ৰূপকো একেজনতে চাব পাৰি। যি যেনেকৈ চায়, এই কথা, তাৰ ওপৰত নিৰ্ভৰ কৰে বাচা। |
কুশ— | মই হলে একোকে বুজ নেপালো। কিন্তু পিতা, এই পালক ৰামক যদি লগ পাওঁ, সীতাক বনবাস দিয়াৰ বাবে মই ভালকৈ চিনাকি দিম। |
লৱ— | পিতা, কুশই মোৰো মনৰ কথা কৈছে। ৰজা ৰামক ময়ো নেৰো, দণ্ড দিম। |
বাল্মিকি— | তোমালোকৰ কথা শুনিছো মই। এতিয়া দুয়ো যোৱা, দেবীক এবাৰ দৰ্শন দি যাবলৈ কোৱাঁগৈ। |
দুয়ো—— | ভাল দেৱ। (লৱ কুশৰ প্ৰস্থান) |
বাল্মিকি— | বাল্মিকিৰ কল্পনাই ৰাখিছে বিধান
অবিলম্বে পূৰ্ণ হ’ব অভীষ্ট মনৰ। |
(সীতাৰ প্ৰবেশ )
সীতা— | পিতা? |
বাল্মিকি— | দেবি, মই চিত্ৰকূটলৈ যাওঁ। তোমালোকে নিৰ্ভয়েৰে, আনন্দ মনেৰে থাকিবা। |